অন্যযুগ/


ইচ্ছাবৰ্ণনা

 প্ৰদীপ শইকীয়া

 

আউজনী গাৰু

মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন

 

ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড

             আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়ত তিনিটা দিন

ইচ্ছা ২ ৷ মহেঞ্জোদাৰো ভীমবেটকা ৰাখি গঢ়ীত

              আলেঙে আলেঙে কাৰোবাক বিচৰাৰ

ইচ্ছা ৩  ৷ চেন্নাই গোৱালিয়ৰ পাটনা সংগ্ৰহালয়ত লীণ যোৱাৰ

ইচ্ছা ৪ ৷ ল্যুভৰ যাদুঘৰত অন্য চকু আঁকি তিনি নিশা উজাগৰ

ইচ্ছা ৫ ৷ অজন্তাত দুদিন ইলোৰাত এদিন 

              চাৰিটা সিংহৰ নাচ  ঘূৰি ঘূৰি  চোৱাৰ

ইচ্ছা ৬ ৷ উদয়গিৰি খণ্ডগিৰি মামাল্লাপুৰম্

        এলিফেণ্টা কেভত দুদিন দুনিশা ৷ প্ৰাণভৰি  অৰ্দ্ধনাৰীশ্বৰ

ইচ্ছা ৭ ৷ ভেনগঘ থিয়োৰ সমাধিত বৰ্ষাৰ বগা দুপৰীয়া

ইচ্ছা ৮ ৷ চে ৰায় ডয়ৰ হাবিয়নি নখন্দা মৈদামত এটা পূৰ্ণিমা

ইচ্ছা ৯ ৷ সাৰনাথ স্তূপৰ নিৰ্জনতাত বুৰ যাবলৈ যিমান সময়

ইচ্ছা ১০ ৷ সাতশ বছৰে নাচি থকা বিশাল নটৰাজ

              শদিয়াৰ সৰ্পস্তম্ভটোৰ কাষত মনেমনে থকাৰ

ইচ্ছা ১১ ৷ নালন্দাৰ পোৰাধান আধাজ্বলা পৃষ্ঠা এবাৰ চুবলৈ

ইচ্ছা ১২ ৷ হাম্পীত নিশা খপি অনাই বনাই ৰথ-ৰথী চাবলৈ

ইচ্ছা ১৩ ৷ ৰাজপুতনাৰ প্ৰাচীন দুৰ্গবোৰত ৰাতি ৰাতি ঘূৰিবলৈ

                কপিলী-ধনশিৰীৰ পোত যোৱা,

                খানি উলিওৱাখিনিক বুকুত লবলৈ

ইচ্ছা ১৪ ৷ মদন-কামদেৱ বামুণী পাহাৰ

                শ্ৰীসূৰ্য দেওপৰ্বতৰ ঐশ্বৰ্য উকহে গিলাদি গিলিবলৈ

ইচ্ছা ১৫ ৷ গুপ্ত বৃন্দাবন ৰাধাকুণ্ড বৰ্ষাণা বৃষভানুৰ

                 বিৰাট হাউলি প্ৰকাণ্ড কুঁৱাটো আকৌ চাবলৈ

ইচ্ছা ১৬ ৷ হাতীপাল নাহোতেই হাৰূপেশ্বৰৰ গড়দৌলত 

            সোমাবলৈ 

        গংগা-যমুনাৰ আঙুলিৰ ভংগিমা চাবলৈ

        লুইতৰ পানীয়ে সদায়ে পঢ়িথকা শিলালিপি চুই চুই

        উশাহ লবলৈ

ইচ্ছা ১৭ ৷ উমাটুমনিৰ শিলত চুমাখাই উজাই গৈ

        মালিনীথান বগাই লিকাবালিত জীৱাশ্ম তুলিবলৈ

ইচ্ছা ১৮ ৷ মাটিৰ তলত ক্ৰন্দনৰত সকলো ধ্বংসাৱশেষ

               অসহায় ভাস্কৰ্যৰ বাবে কোনও নেদেখাকৈ

               নিৰলে কান্দিবলৈ

ইচ্ছা ১৯ ৷ কিতাপবোৰ নিবিকিবা, ভালকৈ ৰাখিবা বুলি

           মাক-পুতেকক কবলৈ

 

ইচ্ছা অন্তিম ৷ হানি-খুচি জ্বলাই নিদিবা ৷ কলমটো বুকুত থৈ সমাধিকে দিবা ৷ চকুযুৰি মেলি ৰাখিবা

        জগতখন বৰ ধুনীয়া ৷ মানুহ তাতোকৈও

 

(ৰাঘ-বৰালীক উপায় নাপালে চেঙেলীকে দিবা৷ নহলে পেঞ্চন নেচেল ) ৷ ইতি স্বাক্ষৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ