অন্যযুগ/


এই ভোগালীত

হৰেকৃষ্ণ ডেকা



শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে?
শস্য চপোৱা হল৷ গুটিধানবোৰ ভঁৰালত৷
আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে
চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী
নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷
বতাহৰ মুখত হাঁহি দিবলৈ মেজিটো জ্বলাই
হৈ-ধ্বনি দিয়াঁহি৷ দোকমোকালিৰ বেলিলৈ চাই কোৱাঁহি,
অহাবাৰো আমাৰ পথাৰ যেন ধানেৰে সোণালী কৰা৷

এই ভোগালীতে,
দিহিঙে-দিপাঙে
পথাৰে-পথাৰে
মেজিৰ সেক লৈ,
সেৱাটি জনাই,
গঞা-জ্ঞাতি এক হোৱাঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ