অন্যযুগ/


দ্য বে’ষ্টলেণ্ড আৰু য়ুলিছিছ্‌ : দুটি অসামান্য সাহিত্যকৃতি

 ১৯২২ চনত ইংৰাজী ভাষাৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু দুয়োখন গ্ৰন্থই বিগত এশ বছৰ ধৰি বিশ্বৰ সাহিত্য জগতত অতুলনীয় সাহিত্যকৃতি বুলি বিৱেচিত তথা সমাদৃত হৈ আহিছে৷

কুৰি শতিকাৰ যিকেইজন চিন্তাবিদ-দাৰ্শনিকে মানুহৰ চিন্তা-চেতনাক নতুন বিশ্লেষণাত্মক দৃষ্টিভঙ্গী এটাৰে লক্ষ্য আৰু ব্যাখ্যা কৰিছিল সেইসকলৰ ভিতৰত টি. এছ. এলিয়ট অন্যতম৷ ঘাইকৈ ইংৰাজী ভাষাৰ কবি আৰু সমালোচক বুলিয়ে খ্যাত এইজন ব্যক্তিৰ জীৱনৰ অন্যতম কৃতি হৈছে The Waste Land নামৰ কবিতাটো৷ কবিতাটোত আধুনিকতাৰ অভিশাপ আৰু মানৱ জাতিৰ অনিৰাপদ ভৱিষ্যত যে মানুহৰে অনৈতিক কাৰ্যকলাপৰ অৱশ্যম্ভাৱী ফল সেয়া ঘোষিত হৈছে৷ অৱশ্যে এনে ভাবনা তেওঁৰ কবিতাতে প্ৰথমে প্ৰকাশ হোৱা নাই৷

এলিয়টৰ কবিসত্তাক ঘাইকৈ নিয়ন্ত্ৰণ কৰি আছে ধৰ্ম আৰু নৈতিকতাৰ চিন্তাই৷ ইয়াক সাধাৰণভাৱেই আধুনিকতাৰ লক্ষণ বুলিব নোৱাৰি৷ কিন্তু এই কথাই শেষ সত্য হয়নে নহয় সেই চিন্তালৈ নোযোৱাকৈ কেৱল ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰকাশ দেখিয়েই এনে মন্তব্য কৰাটো পক্ষপাতদুষ্ট৷ এলিয়ট বিদ্যায়তনিক জীৱনত দৰ্শনৰ ছাত্ৰ আছিল, গতিকে যিকোনো প্ৰসঙ্গকে তেওঁ দৰ্শনৰ দৃষ্টিভঙ্গীৰে লক্ষ্য কৰাত একো অস্বাভাৱিকতা নাই৷ কাৰোবাৰ সৈতে থকাকোনোবা ৰমণীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক, সাধাৰণ নাৰীৰ নিৰুপায় গৰ্ভপাত, বাৰবনিতা আৰু তথাকথিত ৰাজন্য-পুত্ৰৰ প্ৰেমলীলা, চক্‌চকীয়া ডলাৰৰ জাপ দেখি মানুহে মানুহলৈ অনুভৱ কৰা আকৰ্ষণ, মাক-জীয়েকে একেলগে সমাজৰ ডাঙৰ মানুহৰ সন্তুষ্টিৰ বাবে চলোৱা দেহ-ব্যৱসায়, টেম্‌ছ্‌ নদীৰ প্ৰদূষণ আদি অনেক বিষয় তেওঁৰ এই The Waste Land ১৯২২ কবিতাটোতে পোৱা যায়৷

বিভিন্ন সমালোচক-গৱেষকে তেওঁৰ কবিতাৰ বিভিন্ন বিশেষত্ব আঙুলিয়াইছে যদিও তেনে দিশ ইমানেই বেছি বা এক প্ৰকাৰ মকৰাজাল তুল্য যে চমুকৈ কেৱল অতুলনীয় বৈচিত্ৰ্যৰ কথা ক’লেই সেই কথাৰ প্ৰমাণ ফুটি উঠে৷ এই বৈচিত্ৰ্য মানে কিন্তু কেৱল বিষয়গত নহয়; ভাৱ আৰু ৰূপগতও৷ ভাবৰ ক্ষেত্ৰত এনে ধাৰণাৰ অৱশ্যে দুটা মাত্ৰা আছে : এটা কৰ্মেন্দ্ৰিয়গোচৰ আৰু আনটো অগোচৰ৷ এই দ্বিমাত্ৰিক ভাবনা-জগতৰ উপলব্ধি বা আৱিষ্কাৰ কৰাত তেৱেঁই আগবঢ়োৱা অৱ্‌জেক্টিভ ক’ৰিলেটিভ্ তত্ত্বই আমাক সহায় কৰিব৷ এই তত্ত্বৰ আলোচনা পিছলৈ ৰখা হৈছে৷ ৰূপগত বৈচিত্ৰ্যকো অৱ্‌জেক্টিভ ক’ৰিলেটিভ ৰ সহায় নোলোৱাকৈ ব্যাখ্যা কৰিব নোৱাৰি৷ 

The Waste Land কবিতাটোক কেৱল এটা আধুনিক কবিতা বুলিলেই যথেষ্ট নহয়৷ কাৰণ ইয়াত বিচ্ছিন্নতা যিদৰে আছে সেইদৰেই আছে নাটকীয় একোক্তি, স্বগতোক্তি, শেহতীয়া সমালোচনা-তত্ত্বই কোৱা inter-textuality, unified sensibility, বিবিধ উদ্ধৃতি, কথকৰ সংশ্লেষণ, দাৰ্শনিক তত্ত্বৰ সংশ্লেষণ, ভাষিক সংমিশ্ৰণ আৰু  অনেক  auditory image তথা intellectual innocence৷

এইখিনিতে আধুনিকতাৰ বিশেষত্ব হিচাপে যি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হয় তাৰ সৈতে এলিয়টৰ অমিল কিছুমানো চকুত পৰে৷ এলিয়ট আধুনিক বিশ্ব সাহিত্যৰ এটা সবল ব্যক্তিত্ব বুলি স্বীকৃত হৈছে৷ সাম্প্ৰতিক কালৰ বহু আলোচকে তেওঁৰ জীৱন দৰ্শন আৰু সাহিত্য দৰ্শনত কেতবোৰ পৰস্পৰবিৰোধ আৰু সাম্ৰাজ্যবাদ তথা জাত্যাভিমান আৰু ধৰ্মাভিমান থকা বুলি প্ৰমাণ দাঙি ধৰিছে৷ এজ্ৰা পাউণ্ডৰ make it new আহ্বানৰ সুবিধা লৈ এলিয়টে অতি কম সময়ৰ ভিতৰতে আমেৰিকাৰ পৰা আহি ইংলেণ্ড তথা ইউৰোপতে বৌদ্ধিক খোপনি পুতিবলৈ সক্ষম হৈছিল আৰু তাকে কৰিবলৈ তেওঁ ভালেমান নতুন সাহিত্য বিষয়ক প্ৰবন্ধ লিখিছিল বুলিও অভিযোগ আছে৷ তেনে প্ৰবন্ধবোৰত সাহিত্যৰ কিছুমান ন ন তত্ত্ব প্ৰস্তাৱ কৰিছে যিবোৰ তেওঁৰ কবিতাতে দেখা নাযায়৷ কিন্তু তেওঁৰ সময়ৰ পাঠক-সমালোচকক তেওঁ তেনে তত্ত্বৰ যোগেদি তেওঁৰ সাহিত্য সম্পৰ্কে উচ্চ ধাৰণা পোষণ কৰিবলৈ পৰোক্ষভাৱে প্ৰণোদিত কৰিছিল বুলি কোৱা হয়৷ তদুপৰি আশ্বৰ্যকৰ কাব্যিক বিষয় বা কাৰিকৰী প্ৰয়োগ কৰি ও তেওঁ তেওঁৰ কবিতাৰ প্ৰতি সকলোকে আগ্ৰহী কৰি তুলিবলৈ যত্ন কৰিছিল৷ এনে কাৰণতে তেওঁক বহুতে প্ৰতি-আধুনিক বুলিও অভিযুক্ত কৰে৷  

আনহাতে তেওঁৰ মনত দৃঢ়ভাৱে প্ৰোত্থিত হৈ থকা ধৰ্মান্ধতা সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হয়৷ একে সময়তে তেওঁৰ অন্ধ আমেৰিকা-প্ৰীতি আৰু ইহুদী বিদ্বেষকো এনে সমালোচকসকলে  প্ৰতি-আধুনিক লক্ষণ বুলি কয়৷ এই কাৰণতে তেওঁক বহুতে হিটলাৰ আৰু নাৎসী আদৰ্শৰ ৰক্ষক বুলি দাবী কৰে৷ কিন্তু কবিতাৰ গঠনশৈলী আৰু তাত প্ৰকাশিত দৰ্শনৰ স্পষ্টতাৰ ক্ষেত্ৰত এলিয়টক চেৰাই যাব পৰা কবি সাম্প্ৰতিক কাললৈকে বৰ বেছি ওলোৱা বুলিব নোৱাৰি৷ আন কথাত ক’ব পাৰি যে এলিয়টৰ কোনোটো একক কবিতাতে ধৰ্মবিশ্বাস বা জাত্যাভিমানৰ কোনো স্পষ্ট প্ৰমাণ উলিয়াব নোৱাৰি৷ 

আকৌ, তেওঁৰ যি অব্‌জেক্টিভ্‌ ক’ৰিলেটিভ্ [objective correlative], য়ুনিফাইড্‌ ছেঞ্জিবিলিটি [unified sensibility], ডিচ্ছ’চিয়েশ্যন অব্‌ ছেঞ্জিবিলিটি [dissociation of sensibility] আদি সূত্ৰও বহু সময়ত তেওঁৰ নিজৰ কবিতাতে ৰক্ষিত নোহোৱা বুলিও অভিযোগ উঠে৷ তেনেকৈ তেৱেঁই কোৱা ইণ্টেলেক্সুৱেল ইন’চেঞ্চ [intellectual innocence]-অৰ ধাৰণাও তেওঁৰ কবিতাত সৰ্বব্যাপ্ত নহয়৷ এই আলোচকসকলে আৰু এটা দিশলৈ আঙুলি টোঁৱাই এলিয়টৰ কাব্য-কৃতিৰ ওজন আৰু কবি হিচাপে তেওঁৰ সততা সম্পৰ্কত প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ কবিতাত তেওঁৰ মতে ব্যক্তিত্বৰ প্ৰকাশ ঘটিব নালাগে, কবি-ব্যক্তিত্বৰ নিস্কাষণহে ঘটিব লাগে৷ এই ঘটনাটোক তেওঁ এটা ৰাসায়নিক বিক্ৰিয়াৰে তুলনা কৰি কৈছে যে এই কামটো এটা বৈজ্ঞানিক পৰীক্ষণৰ নিচিনা৷ অ’ক্সিজে’ন আৰু ছাল্‌ফাৰ ডায়’ক্সাইডক এডোখৰ প্লেটিনামৰ সংস্পৰ্শলৈ নিলে ছালফাৰাছ এচিডৰ সৃষ্টি হয় অথচ সেই এচিডত প্লেটিনামৰো কোনো অৱশেষ নাথাকে আৰু সমগ্ৰ বিক্ৰিয়াটোত প্লেটিনাম টুকুৰাৰ কোনো হৰণ-ভগনো নহয়৷ 

এলিয়টে কোৱা মতে কবিৰ ভূমিকা হ’ব লাগে সেই প্লেটিনামডোখৰৰ দৰে৷ এলিয়টৰ সমসাময়িক কালত বৈজ্ঞানিক পৰীক্ষণটো তেনেকৈ কৰা হৈছিল নে নাই সেয়াও সমালোচকসকলে চালি-জাৰি চাইছে আৰু কৈছে যে এনে বৈজ্ঞানিক বিশ্লেষণৰ যি ধাৰণা তেওঁ দাঙি ধৰিছিল সেয়া তেওঁৰ এটা চমকৰ বাহিৰে আন একো নহয়৷ কাৰণ হিচাপে এইসকল আলোচকে কৈছে যে প্ৰথমে সমালোচক হিচাপে আত্মপ্ৰকাশ কৰি এলিয়টে এনে কিছুমান কথা কৈছিল বা তত্ত্ব দাঙি ধৰিছিল যিবোৰে সেই সময়ৰ ইংৰাজী সাহিত্যৰ পাঠকক চমৎকৃত কৰিছিল৷ সেইজন আলোচকেই যেতিয়া নিজৰ কবিতা প্ৰকাশ কৰিছিল তেতিয়া পাঠকে তেওঁক সৰ্বশ্ৰেষ্ঠ কবিৰূপে গ্ৰহণ কৰিছিল৷ ১৯১৫ চনত ইংলেণ্ডলৈ আহি ১৯২২ চনত ইংৰাজ কবি হিচাপে বিশ্ববিয়পা ৰজনজনা খ্যাতি অৰ্জন কৰাৰ আঁৰত এনে চমকেই ক্ৰিয়া কৰিছিল বুলি এইসকল সমালোচকে যুক্তি দিছে৷ এনে যুক্তিবোৰৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিও ক’ব পাৰি যে অন্তঃসাৰশূন্য এজন ব্যক্তিয়ে কেৱল চমকেৰেই বিশ্ববিয়পা খ্যাতি লাভ কৰা বুলি উত্থাপিত মত বিনা দ্বিধাৰে মানি ল’ব নোৱাৰি৷

তথাপি, এলিয়টে পাঠক-সমালোচকক প্ৰতাৰণা কৰা বুলি উত্থাপিত অভিযোগত তেওঁক অভিযুক্ত কৰিও ক’ব পাৰি যে তেওঁ তেনেকুৱা কৰিব জানিছিল৷ আৰু এই কথাও সঁচা যে তেওঁ যদি এটা শূন্যতা হে আছিল তেন্তে তেওঁক স্বীকৃতি দিয়াসকলো নিশ্চয় শূন্যৰ বাহিৰে একো নহয়৷ কিন্তু তেওঁক এজন গিমিক কবি বুলি কোনেও উৰুৱাই দিব পৰা নাই৷ কাৰণ? তেওঁৰ দৰে কোনো কবিয়েই তেওঁৰ পাছৰ পৃথিৱীৰ প্ৰায় সকলো ভাষাৰ কবিক প্ৰভাৱান্বিত কৰিব পৰা নাই৷ জে. এল্‌ফ্ৰেড প্ৰুফ্ৰকৰ দৰে চৰিত্ৰৰ মাজত এলিয়টে আধুনিক মনস্তাত্ত্বিক ৰোগীক বিষয়ৰূপে লৈ যি অধ্যয়ন আগবঢ়াইছিল তেনে অধ্যয়ন এলিয়টৰ পাছৰ সময়ৰো বৰ বেছি সংখ্যক কবিয়ে কৰিব পৰা নাই৷ তেনেৈক এই The Waste Land কবিতাটোত থকা বিবিধ প্ৰসঙ্গক তেওঁ যিদৰে একেডাল সূতাৰে বান্ধিছে সেইডাল সূতাকো সম্ভৱতঃ আজিলৈকে আন কোনো কবিয়ে আৱিষ্কাৰ কৰিব পৰা নাই৷ হয়, এইটো কাৰণতে অধ্যয়নবিমুখ লোকৰ কাৰণে কবিতাটো এক প্ৰকাৰ জটিল৷

য়ুলিছিছ্‌ আইৰিশ্ব লেখক জে’মছ জয়ছৰ এক যুগজয়ী সৃষ্টি৷ যোৱা এশ বছৰত অধিকাংশ সাহিত্য সমালোচকৰা য়ুলিছিছক ইংৰাজী ভাষাত ৰচিত বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ উপন্যাসৰ স্বীকৃতি প্ৰদান কৰিছে৷

উপন্যাসখনৰ ঘটনাৱলী একেটা মাত্ৰ দিনৰ ঘটনা৷ ১৯০৪ চনৰ ১৬ জুন৷ এই সাধাৰণ একটি দিনে এক সাধাৰণ নাগৰিক লিঅ'প'ল্ড ব্লুম (Leopold Bloom) ডাবলিন নগৰীৰ এঠাইৰপৰা আন ঠাইলৈ বিভিন্ন কামত ঘূৰি ফুৰিছে৷ গ্ৰীক মহাকবি হোমাৰ ৰচিত মহাকাব্য অ’ডিছিৰ সৈতে উপন্যাসখনৰ ঘটনাপ্ৰৱাহৰ অনেক সাদৃশ্য আছে৷ অ’ডিছিৰ বীৰ য়ুলিছিছ্‌ৰ নামেৰেই উপন্যাসখনৰ নামকৰণো কৰা হৈছে৷ এখন উপন্যাসৰ খ্যাতি বা জনপ্ৰিয়তা কিমান হ’ব পাৰে সেয়া সাম্প্ৰতিক কালতো প্ৰতি বছৰে জে’মছ্‌ জয়ছৰ গুণমুগ্ধসকলে ১৬ জুন দিনটোক ব্লুম দিবস (Bloomsday) হিচাপে পালন কৰালৈ লক্ষ্য কৰিয়ে উপলব্ধি কৰিব পাৰি৷ কিন্তু উপন্যসখন সহজপাঠ্য বা সহজবোধ্য বুলি ক’ব নোৱাৰি৷ সেয়েহে বহুতে উপন্যাসখনৰ শ্ৰেষ্ঠতাক লৈ প্ৰশ্নও উত্থাপন কৰে – সুখপাঠ্য নহ’লে এক সাহিত্যকৃতিক শ্ৰেষ্ঠ বুলি ক’ব পাৰি জানো? 

ই খুব আকৰ্ষণীয় প্ৰশ্ন৷ এই প্ৰশ্নৰ উত্তৰ হিচাপে এষাৰ কথাকে ক’ব পাৰি– যদি উপন্যাসখন অৰ্থহীন, বিশেষত্বহীন কিম্বা চমৎকাৰিত্বপূৰ্ণ গিমিকহে তেন্তে কিয়নো তোমালোকে [সমালোচকসকলক উদ্দেশ্যি কোৱা হৈছে] সুদীৰ্ঘ  এশ বছৰ ধৰি উপন্যাসখনৰ পিছ এৰা নাই? যদি উপন্যাসখন গুৰুত্বহীন তেন্তে তাৰ চৰ্চা এৰি দিব লাগে৷

কিন্তু য়ুলিছিছ্‌ উপন্যাসখনৰ মোহ কোনেও এৰিব পৰা নাই৷ য়ুলিছিছ্‌ৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিবও পৰা নাই৷

য়ুলিছিছ্‌ তিনিটা খণ্ডত বিস্তৃত এখন বিপুলায়তন উপন্যাস৷ কোনো কোনো সংস্কৰণত কিতাপখন হাজাৰ পৃষ্ঠাতকৈও বিশাল৷ যোৱা এটা শতিকা ধৰি সাহিত্য সমালোচক আৰু বিশেষজ্ঞ পণ্ডিতসকলে উপন্যাসখনৰ নানান ব্যাখ্যা-বিশ্লেষণ আগ বঢ়াইছে৷ বিভিন্ন প্ৰতীক, লোকভাষাৰ প্ৰয়োগ, লোকজীৱনৰ বিভিন্ন প্ৰসঙ্গৰ উপমাসদৃশ ব্যৱহাৰ, কথকতাশৈলীৰ অনন্যপূৰ্ব আৱেদন তথা সামান্যকো অসামান্য কৰি তুলিব পৰা লেখকৰ দক্ষতাই আজিও সাহিত্যৰসিকক বিবুদ্ধিত পেলাই আহিছে, ন ন ৰসৰো উৎসৰ যোগান ধৰিছে৷ প্ৰকাশৰ সময়ৰেপৰাই উপন্যাসখনত বৰ্ণিত বিভিন্ন প্ৰসঙ্গই অনেক বিতৰ্কৰো সূচনা কৰিছে যিবোৰ বিতৰ্ক যোৱা এশ বছৰেও বিতৰ্ক হৈয়ে আছে৷

বিংশ শতাব্দীৰ আৰম্ভণিতে বিভিন্ন দাৰ্শনিক তত্ত্ব আৰু শিল্পকলাৰ জগতখনে উত্থাপন কৰা প্ৰশ্ন আৰু সম্ভাৱনাসমূহৰ আধাৰত আধুনিকতাবাদ বুলি যি তত্ত্বৰ জন্ম হৈছিল আৰু সাহিত্যজগতক প্ৰভাৱান্বিত কৰিছিল।, য়ুলিছিছ্‌ তাৰ অতি উৎকৃষ্ট নিদৰ্শন৷ মানৱ মনোজগতকেন্দ্ৰিক চেতনা প্ৰৱাহ কৌশলৰ কাৰণেও উপন্যাসখন অসাধাৰণ৷ একে কাৰণতে উপন্যাসখনে অৰ্জন কৰিছে জগতজোৰা খ্যাতিও৷ অভিনৱ কথনশৈলী, গদ্যৰ মাজত চলোৱা অভূতপূৰ্ব পৰীক্ষা-নিৰীক্ষা, দক্ষতাপূৰ্ণ চৰিত্ৰ চিত্ৰণ আৰু অসাধাৰণ ৰসবোধে উপন্যাসখনক একক আৰু অনন্য কৰি তুলিছে৷ 

এই ক্ষণত বিগত এটা শতিকা ধৰি জগতৰ সাহিত্যৰসিকক মুগ্ধ কৰি ৰখা এই দুয়োখন গ্ৰন্থৰ গ্ৰন্থকাৰদ্বয়ক স্মৰণ কৰি 'অন্যয়ুগ' পক্ষৰপৰা শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ। আগন্তুক বছৰটোত এই দুয়োজন ক্ষণজন্মা লেখকক উদ্‌যাপন কৰিবলৈ 'অন্যয়ুগে' বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ