অন্যযুগ/


শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ আৰু আমাৰ কৰণীয়

 ৰঞ্জুমণি মহন্ত

নেলচন মাণ্ডেলাই কৈছিল – “There can be no keener revelation of a society’s soul than the way in which it treats it’s children.” এখন সমাজে ইয়াৰ শিশুসকলক কৰা ব্যৱহাৰতেই সমাজখনৰ আত্মা প্ৰকাশ পায়৷ আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক৷ গতিকে, তেওঁলোকক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হলে, শিশু অৱস্থাৰেপৰাই তেওঁলোকৰ সঠিক শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিজন শিশুৱে যাতে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা নহয়, তাৰ প্ৰতি বিশেষ চকু ৰখা অতি প্ৰয়োজনীয়৷ কিন্তু দুখৰ বিষয়, গড় হিচাপত ভাৰতৰ প্ৰতি ১০ জন শ্ৰমিকৰ মাজত এজনকৈ শিশু শ্ৰমিক (৫ ৰ পৰা ১৮ বছৰৰ ভিতৰত)৷ সমগ্ৰ বিশ্বতে নিয়োজিত হৈ থকা প্ৰায় ১৫২ মিলিয়ন শিশু শ্ৰমিকৰ ভিতৰত অকল ভাৰততে আছে প্ৰায় ১০.১ মিলিয়ন শিশু শ্ৰমিক৷ পিতৃ-মাতৃৰ নিৰক্ষৰতা, কৰ্মহীনতা অথবা অন্যান্য কাৰণত চৰম দাৰিদ্ৰ্যত ভোগা এইসকল শিশু পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি খাদ্য মোকলাবৰ বাবে বাধ্য হৈ শ্ৰম কৰিবলৈ ওলাই যাব লগা হৈছে৷ ফলস্বৰূপে এইসকল শিশু শিক্ষা লাভৰ পৰা বঞ্চিত হৈ ৰৈছে৷ কেৱল সেয়াই নহয়, কোমল বয়সতে দৈহিক শ্ৰম কৰিব লগা হোৱাৰ বাবে এই শিশুসকলৰ শাৰিৰীক-মানসিকভাৱেও ক্ষতিগ্ৰস্ত হৈছে৷ কৰ্মক্ষেত্ৰত সংঘটিত হোৱা নানা দুৰ্ঘটনা, অমানুষিক শ্ৰম, পুষ্টিহীন খাদ্য, ক্ষতিকাৰক ৰসায়ণিক পদাৰ্থৰ সংস্পৰ্শ আদিয়ে বহু শিশু শ্ৰমিকৰ স্বাস্থ্যৰ দীৰ্ঘম্যাদী ক্ষতি সাধন কৰিছে৷ পিতৃ-মাতৃৰ আদৰ-আশ্বাসৰ মাজত খেলা-ধুলা কৰি সময় পাৰ কৰিব লগা বয়সতে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা কঠোৰ পৰিস্থিতি, ৰুঢ় ব্যৱহাৰ, লঘু দোষত ভূগিব লগা হোৱা গুৰু শাস্তি আদিয়ে তেওঁলোকৰ মানসিকতাতো যথেষ্ট কুপ্ৰভাৱ পেলায়৷ ফলস্বৰূপে তেওঁলোকৰ মাজত উদ্বিগ্নতা, অপৰাধপ্ৰৱণতা, হতাশা আদিয়ে গা কৰি উঠে৷

ভাৰতীয় সংবিধানৰ ২৪ নং অনুচ্ছেদ ১৪ বছৰ বয়সৰ তলৰ শিশুক দীৰ্ঘম্যাদী শাৰীৰিক আৰু মানসিক ক্ষতিসাধন হব পৰা যিকোনো বিপজ্জনক উদ্যোগত নিয়োগ কৰাত বাধা প্ৰদান কৰাৰ উপৰি কাৰখানা আইন-১৯৪৮-ত ১৪ বছৰ বয়সৰ তলৰ শিশু, খনি আইন-১৯৫২-ত ১৮ বছৰ বয়সৰ তলৰ শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাটো নিষিদ্ধ কৰা হৈছে যদিও আইনকেইখনে সম্পূৰ্ণভাৱে শিশুশ্ৰম ৰোধ কৰা সফল হোৱা নাছিল৷ কোনবিলাক কৰ্মক্ষেত্ৰত শিশুক শ্ৰম কৰাৰ পৰা বাৰণ কৰা হ, কোনবিলাকত শিশুৱে শ্ৰম কৰিব পাৰিব, শিশুৱে কাম কৰিব পৰা ক্ষেত্ৰসমূহৰ কাম কৰাৰ পৰিৱেশ (working condition) কেনে হ আদি বিষয়বোৰ সম্পৰ্কত কোনোখন আইনতে স্পষ্ট নিৰ্দেশনা নাছিল৷ গতিকে এই সকলো বিষয় সামৰি কেন্দ্ৰীয় চৰকাৰে ১৯৮৬ চনত শিশুশ্ৰম নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন-১৯৮৬প্ৰণয়ন কৰে আৰু ২০১৬ চনত এই আইনখনৰ ৩(ক) দফাটো সন্নিৱিষ্ট কৰাৰ উপৰি, , ১৪, ১৮ নং দফা আৰু আইনখনৰ শিৰোনামটো সংশোধন কৰি শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ)আইন-১৯৮৬কৰা হয়৷ এই আইন অনুসৰি শিশুসকলক শিশু’ (১৪ বছৰ বয়সৰ তলৰ) আৰু কিশোৰ’(১৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ) এই দুটা ভাগত ভাগ কৰিছে৷ তাৰে ভিতৰত ১৪ বছৰ বয়সৰ তলৰ শিশুসকলক নিজৰ পৰিয়ালৰ ব্যৱসায় আৰু চিনেমা, দূৰদৰ্শনৰ অনুষ্ঠান, ৰেডিঅৰ অনুষ্ঠান, নাটক আদিত শিশু শিল্পী হিচাপে কাম কৰাৰ বাহিৰে আন সকলো ধৰণৰ কামত নিয়োগ কৰাৰ পৰা আইনখনে বাৰণ কৰিছে আৰু এই সমূহ কামতো নিয়োগ কৰিব পাৰিব কেৱল স্কুল ছুটিৰ পাছত নাইবা স্কুল বন্ধ থকাৰ সময়তহে৷ উল্লেখ কৰি অহা প্ৰদৰ্শনসমূহৰ বাহিৰে আন কিবা কলা প্ৰদৰ্শন কৰিব খুজিলে, চৰকাৰৰ পৰা বিশেষ অনুমতি লৈহে কৰিব পাৰিব৷ মন কৰিবলগীয়া কথা যে চাৰ্কাছত খেল দেখুওৱা নাইবা পইচা ঘটিবৰ বাবে ৰাষ্টাই-ঘাটে খেল দেখুওৱা আদি কাম কৰাৰ পৰা আইনখনে শিশুসকলক স্পষ্টভাৱে নিষেধ কৰিছে৷ আনহাতে, ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰসকলৰ ক্ষেত্ৰতো পৰিয়ালৰ ব্যৱসায় আৰু চিনেমা, দূৰদৰ্শনৰ অনুষ্ঠান, ৰেডিঅৰ অনুষ্ঠান, নাটক আদিত শিল্পী হিচাপে কাম কৰাৰ বাহিৰে আন সকলো ধৰণৰ বিপজ্জনক কাম’-ত (উদাহৰণস্বৰূপে, খনি, দাহ্য পদাৰ্থ অথবা বিস্ফোৰক ব্যৱহাৰ হোৱা কাৰখানা, আতছবাজীৰ কাৰখানা, কছাইখানা, ফুড প্ৰচেছিং উদ্যোগ আদি বহুতো) নিয়োগ কৰাৰ পৰা আইনখনে বাৰণ কৰিছে৷ উল্লেখযোগ্য যে শিশু আৰু কিশোৰ- দু্য়ো ক্ষেত্ৰতে আইনখনে আৰোপ কৰা নিষেধসমূহ উলংঘন হলে ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস আৰু / অথবা ২০,০০০(বিছ হাজাৰ)-ৰ পৰা ৫০,০০০(পঞ্চাছ হাজাৰ) পৰ্যন্ত জৰিমণা হব পাৰে৷ যদি কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশু সন্তানক স্কুললৈ যাবলৈ নিদি বলপূৰ্বকভাৱে পৰিয়ালৰ ব্যৱসায়ত, চিনেমা-চিৰিয়েলত শিশু শিল্পী হিচাপে অথবা আন কিবা শিশুৰ বাবে নিষিদ্ধ কামত নিয়োগ কৰে, তেন্তে তেনে পিতৃ-মাতৃৰ বিৰুদ্ধেও শাস্তিৰ ব্যৱস্থা আইনখনত আছে৷

আইনে বিপজ্জনকবুলি চিহ্নিত নকৰা ক্ষেত্ৰসমূহত কিশোৰ শ্ৰমিকসকলক নিয়োগ কৰাত আইনগত বাধা নাই যদিও এই ক্ষেত্ৰত নিয়োগকৰ্তাসকলে পালন কৰিব লগা কিছুমান কৰ্তব্য আইনখনে স্থিৰ কৰি দিছে৷ প্ৰথমেই, শ্ৰম পৰিদৰ্শকে বিচাৰিলেই দিব পৰাকৈ এখন ৰেজিষ্টাৰ ৰাখিব লাগিব, ত কিশোৰ শ্ৰমিকজনৰ জন্মৰ তাৰিখ, কামৰ সময়, জিৰণিৰ সময়, কামৰ ধৰণ আদিৰ বিষয়ে বিশদভাৱে লিখা থাকিব লাগিব৷ দ্বিতীয়তে, কিশোৰ শ্ৰমিকসকলক উন্নত মানৰ নিৰাপত্তা প্ৰদান কৰিব লাগিব৷ কৰ্মক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন, স্বাস্থ্যসন্মত হোৱাৰ লগতে পৰিষ্কাৰ খোৱাপানী, শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ আদিৰ সুব্যৱস্থা ৰখাটো বাধ্যতামূলক৷ আইনে আৰোপ কৰা এইসমূহ কৰ্তব্য পালন নকৰিলে নিয়োগকৰ্তাজনৰ এমাহ কাৰাবাস আৰু / অথবা ১০০০ টকা পৰ্যন্ত জৰিমনা হব পাৰে৷

শিশুশ্ৰম ৰোধ কৰিবৰ বাবে এখন কটকটীয়া আইন থকা সত্ত্বেও আমাৰ সমাজৰ পৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো হৈ উঠা নাই৷ ক্ষেত্ৰবিশেষে এতিয়াও আমাৰ সমাজত শিশু শ্ৰমিক নিয়োগ কৰা দেখা যায়৷ হটেল, ৰেষ্টুৰেণ্ট আদিৰ কথা বাদেই, বহু উচ্চশিক্ষিত পৰিয়ালতো এতিয়াও ঘৰুৱা বনকৰা’, কেঁচুৱা ৰখা আদি কামৰ বাবে শিশুশ্ৰমিক নিয়োগ কাৰ্য চলিয়েই আছে৷ এনেদৰে হলে, শিক্ষাৰ পৰা বঞ্চিত হব লগা হোৱা এইসকল শিশুৱে প্ৰাপ্তবয়স্ক হোৱাৰ পাছতো, কাহানিও দাৰিদ্ৰৰ বৃত্তৰ পৰা নিজকে বাহিৰলৈ আনিবলৈ সক্ষম নহব৷ ফলত আমাৰ সমাজৰ সৰ্বাংগীন উন্নতি বাধাপ্ৰাপ্ত হব৷

শিশুশ্ৰম সম্পূৰ্ণভাৱে ৰোধ কৰিবলৈ হলে সমাজৰ প্ৰতিজন নাগৰিক সচেতন হোৱাই নহয়, সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত শিশুশ্ৰমৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰিব লাগিব৷ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ মাজত এই আইন, তাৰ উলংঘনৰ ফলত হব লগা শাস্তি, আদিৰ বিষয়ে প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ শিশু সন্তানক স্কুললৈ পঠিয়াবলৈ উৎসাহিত কৰা প্ৰয়োজন৷ নিজৰ চৌপাশে শিশুশ্ৰমিক নিয়োগ কৰাৰ দৰে কাৰ্য দেখিলে, তাৰ বিৰুদ্ধে সকলোৱে মাত মতা দৰকাৰ আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত মঞ্চত অভিযোগ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰা অনুচিত৷ তেনে অভিযোগ দাখিল কৰিবৰ বাবে সংশ্লিষ্ট থানাত এজাহাৰ দিব পাৰে, “চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেশ্বন হেল্পলাইন”-ত ১০৯৮ নম্বৰলৈ(Toll Free) ন কৰি অভিযোগ দাখিল কৰিব পাৰে, প্ৰতিখন ৰাজ্যতে এই আইনৰ অধীনত নিযুক্তি দিয়া ষ্টেট কমিশ্বনাৰলৈ ফন কৰি অভিযোগ দিব পাৰে, লেবাৰ কমিশ্বনাৰলৈ অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰে, নাইবা PENCIL ৰ্টেলৰ শিশু শ্ৰম শাখাত আভিযোগ দাখিল কৰিব পাৰে৷ অন্যথা, কেইবাটাও শিশুক পঢ়া-শুনাৰ খৰচ যোগোৱাৰ সক্ষমতা থকা বহু উচ্চবিত্ত, উচ্চশিক্ষিত তথা উচ্চপদৱীসম্পন্ন দানৱে কোমলমতীয়া শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে শ্ৰম আদায় কৰাই নহয়, উতলাপানী ঢালি শাস্তি প্ৰদান কৰাৰ দৰে ঘটনা ঘটিয়েই থাকিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ