
খৰস্ৰোতা
মূল (নেপালী) : শিৱকুমাৰ ৰাই
অনুবাদ: জয়ন্ত কৃষ্ণ শৰ্মা৷
সাহিত্য অকাদেমি, নতুন দিল্লী, ২০১৮
কথাসৰিৎসাগৰ (তিনিটা
খণ্ড)
মূল (সংস্কৃত): সোমদেৱ ভট্ট
অসমীয়া অনুবাদ: ড° থানেশ্বৰ শৰ্মা
চন্দ্ৰ প্ৰকাশ, গুৱাহাটী—
১, ২০১৪
ভাৰতীয় সাহিত্যৰ যি প্ৰাচীন ঐতিহ্য তাৰে এটা বিশিষ্ট স্তম্ভ হৈছে সোমদেৱ ভট্ট বিৰচিত ‘কথাসৰিৎসাগৰ’৷ সোমদেৱ ভট্ট আছিল কাশ্মিৰী পণ্ডিত৷ তেওঁ কাশ্মীৰৰ ৰজা অনন্তৰ ৰাণী সূৰ্যমতীৰ মনোৰঞ্জনৰ উদ্দেশ্যে ১০৬৩-১০৮ৰ-ৰ ভিতৰত এই প্ৰকাণ্ড গ্ৰন্থখন ৰচনা কৰে৷ সোমদেৱৰ পূৰ্বেই গুণাঢ্য নামৰ পণ্ডিতে ‘বৃহৎকথা’ (যিখন পুথি আজিলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ হয়তো ইতিহাসৰ বিভিন্ন ঘটনাপ্ৰৱাহত পুথিখন নষ্ট হৈ গৈছে) নামৰ এখন বিপুলায়তন গ্ৰন্থ ৰচনা কৰিছিল৷ সেই বৃহৎকথাৰে মৰ্মক আধাৰ হিচাপে লৈ এই গ্ৰন্থখন ৰচনা কৰা হৈছে৷ তিনিটা খণ্ডত বিভক্ত কৰি এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে প্ৰখ্যাত সংস্কৃত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক থানেশ্বৰ শৰ্মাই৷ ‘কথাসৰিৎসাগৰ’-ক প্ৰকৃততেই কথা-সাহিত্যৰ এখন পাৰাপাৰ সাগৰ বুলিব পাৰি৷ প্ৰাচীন সংস্কৃত সাহিত্যৰ যি আদৰ্শ তাৰ পৰিধিৰ মাজতে থাকি গগনচুম্বী কল্পনাৰে আধ্যাত্মিক আৰু নৈতিক চৰিত্ৰৰ সকলো বিশেষত্ব অক্ষুণ্ণ ৰাখিও ৰজোগুণী লোকৰ তাড়না চৰিতাৰ্থ কৰিব পৰাকৈ কথাসৰিৎসাগৰ সুলিখিত— এক কথাত সুকথিত৷
ৰথীন্দ্ৰনাথ গোস্বামী
আঁক-বাক, গুৱাহাটী– ৩, ২০১৩
‘চিচিং’ এটা অকণমানি কঁঠালগুটীয়া নিগনি৷ চিচিং দেখাতহে সৰু আৰু চঞ্চল, তাৰ জীৱনটো পিছে বিচিত্ৰ অভিজ্ঞতাৰে ভৰা৷ শিশু আলোচনী ‘মৌচাক’-ৰ পাতত ৰথীন্দ্ৰনাথ গোস্বামীয়ে ধাৰাবাহিকভাৱে লিখিছিল চিচিঙৰ কাহিনী৷ প্ৰকৃতিৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অস্তিত্ববোৰৰ মাজত লুকাই থকা সত্য, সৌন্দৰ্য আৰু সম্ভাৱনাবোৰ লক্ষ্য কৰিব নজনা কাৰণেই বহু মানুহ জগতৰ সত্য উপলব্ধি কৰিবলৈ সক্ষম নহয়গৈ৷ মেট্ৰ’-গ’ল্ডৱিন্ মেয়াৰৰ প্ৰখ্যাত ধাৰাবাহিক চলচ্চিত্ৰ ‘টম এণ্ড জেৰী’ৰ জেৰী নামৰ টিমক নিগনি পোৱালিটোৰ দৰেই চিচিং৷ পিছে চিচিং অসমীয়া নিগনি৷ দুঃসাহস, বুদ্ধিদীপ্ততা, পৰোপকাৰ, চতুৰালি, সূক্ষ্মতৰ দৃষ্টিকোণেৰে সম্মুখৰ পৰিস্থিতিক অধ্যয়ন কৰি সেইমতে সিদ্ধান্ত ল’ব পৰা গুণ আদিত চিচিং জেৰীতকৈ বিশাল ব্যক্তিত্ব আৰু অৱয়ৱৰ চৰিত্ৰ৷ আমাৰ ল’ৰা-ছোৱালীহঁতে এইখন কিতাপ পঢ়িবলৈ পালে অনিন্দ্যসুন্দৰ পৃথিৱীখন চাবলৈ শিকাৰ লগতে পঢ়াৰ আনন্দও লাভ কৰিব৷

পানীৰ দুৱাৰ
খঞ্জনা শৰ্মা
পূৰ্বায়ন, গুৱাহাটী– ১, ২০১৯
শেহতীয়াকৈ
আত্মপ্ৰকাশ কৰা যিকেইজন অসমীয়া কবিৰ কবিতাই পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে
তেওঁলোকৰ মাজৰে এটা উল্লেখযোগ্য নাম খঞ্জনা শৰ্মা৷ সমসাময়িক অসমীয়া কাব্যভাষাৰ
পৰম্পৰাৰ মাজতে থাকিও কবিগৰাকীয়ে যত্ন কৰিছে নিজাকৈ এটা ভাষিক বাট বিচাৰিবলৈ৷ তাকে
কৰোঁতে তেওঁ প্ৰকৃতিৰ অংশ হিচাপে নিজকে উপলব্ধি কৰিও নৈসৰ্গিক প্ৰকৃতিৰ মাজত খণ্ড
খণ্ড ৰূপত বাৰম্বাৰ অৱগাহন কৰিছে আৰু ইন্দ্ৰিয়গোচৰ বাস্তৱতাৰ অতীত জগত এখনৰ সত্য
স্বৰূপ উপলব্ধি কৰিছে৷ প্ৰকৃতিৰ যোগেদি জগতৰ বিভিন্ন অংগ-অনুষঙ্গৰ মাজত লুকাই থকা
সত্য আৰু সৌন্দৰ্যৰ চিৰন্তন অস্তিত্বক উপলব্ধি কৰিছে কবিয়ে৷ পঠনযোগ্যতাৰ ফালৰ পৰা
তেওঁৰ কবিতা সাৱলীল আৰু সৰস৷ আটাইতকৈ ডাঙৰ কথা, খঞ্জনা শৰ্মাৰ দৃষ্টিভঙ্গীত নিৰাশাৰ স্থান নাই৷ মানুহৰ সম্ভাৱনাৰ প্ৰতি কবি শ্ৰদ্ধাশীল আৰু
আস্থাৱান৷ কাব্যতত্ত্বৰ দিশৰ পৰাও তেওঁ সূক্ষ্ম সূক্ষ্ম নতুনত্ব কিছুমানৰ ইঙ্গিত
বহন কৰিছে৷ চিত্ৰকল্প ৰচনাত আৰু প্ৰতীক ব্যৱহাৰত তেওঁ সততে লোক পৰম্পৰা আৰু
পুৰাকাহিনীৰ ওপৰত নিৰ্ভৰ কৰা দেখা গৈছে৷ অৱশ্যে তেওঁ দেখুউৱা ইতিবাচক ইঙ্গিতসমূহ
স্পষ্ট হ’বলৈ তেওঁৰ অন্ততঃ দ্বিতীয়খন কবিতাপুথিলৈ অপেক্ষা
কৰিব লাগিব৷

প্ৰদীপ তলৰ অন্ধকাৰ
ৰাজীৱ বৰুৱা
জাগৰণ সাহিত্য প্ৰকাশন, গুৱাহাটী– ১, ২০২০
অসমীয়া চুটিগল্পৰ সম্ভৱতঃ আটাইতকৈ বৃহৎ কলেৱৰৰ ব্যক্তিগত সংকলনখন হৈছে ৰাজীৱ বৰুৱাৰ ‘প্ৰদীপ তলৰ অন্ধকাৰ’৷ দীৰ্ঘদিন ধৰি অসমীয়া কাকত-আলোচনীত ৰাজীৱ বৰুৱাৰ গল্প প্ৰকাশ পাই আহিছে৷ সেই গল্পসমূহৰে দুকুৰি গল্পক লৈ এই সংকলন৷ সৰ্বমুঠ ছাৰে সাতশ পৃষ্ঠাৰ এই বৃহৎ সংকলনখনৰ অন্যতম বিশেষত্ব হৈছে সুন্দৰ ছপা-বন্ধাৰ কাম৷ সাধাৰণতে অসমীয়া গ্ৰন্থৰ ছপা-বন্ধাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে যদিও ৰাজীৱ বৰুৱাৰ এইখন গ্ৰন্থই তাতে নতুন মাত্ৰা আৰোপ কৰিছে৷ মানুহৰ চাৰিওফালে তেওঁৰ সংবেদনাক কেন্দ্ৰ কৰি গা কৰি উঠা দেখ-নেদেখ জগত এখন ৰাজীৱ বৰুৱাৰ গল্পৰ আধাৰ৷ সূক্ষ্ম আনুভূতিক অভিঘাত একোটাই তেওঁৰ অভ্যন্তৰত গল্প একোটাৰ বিস্ফোৰণ ঘটায়৷ সমাজৰ সাধাৰণতে গুৰুত্বহীন যেন লগা অংশটোৱে ৰাজীৱ বৰুৱাৰ মননত গুৰুত্ব লাভ কৰিছে আৰু সেই অংশটোৰ কাৰণে তেওঁৰ অন্তৰ্জগতত ৰিণি ৰিণি ক্ৰন্দন-ধ্বনি সৃষ্টি হৈছে৷ গল্প সংকলনখনৰ এটা বিশেষত্ব হৈছে প্ৰতিটো গল্পতে ব্যৱহৃত জটিল অথবা অপৰিচিত শব্দমালাৰ অৰ্থপঞ্জী সংযোগ কৰাটো৷ এই কামটোৱে গল্পৰ ভাষিক নিৰ্মাণৰ বেলিকা গল্পকাৰজনৰ সচেতনতাৰ প্ৰতীতি দাঙি ধৰিছে৷
ছন্দসুধা গোস্বামী
আৰু শিল্পীসুধা গোস্বামী
আঁক-বাক, গুৱাহাটী– ৩, ২০১৩
অসমীয়া
শিশু-সাহিত্যৰ জগতত শিশুৱে লিখা সাহিত্যৰ সংখ্যা প্ৰায় নগণ্য৷ কিন্তু আমাৰে
চুবুৰীয়া ৰাষ্ট্ৰ চীনত শিশুৱে ৰচনা কৰা সাহিত্যৰ এক প্ৰকাৰ বিপ্লৱেই সংঘটিত হৈছে৷
১৯৮৪ চনত তেতিয়াৰ পেইচিং (বৰ্তমানৰ বেইজিং) চহৰৰ সান্ধ্য
দৈনিক, মহিলা ফেডাৰেশ্যন আৰু শিক্ষা বিভাগ আদিয়ে একত্ৰিতভাৱে
চহৰখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ৰচনা প্ৰতিযোগিতা পাতিছিল৷ প্ৰতিযোগিতাৰ বিষয়
আছিল ‘মোৰ মা আৰু মোৰ দেউতা’৷ সৰ্বমুঠ
তিনি লাখ আশী হাজাৰজন প্ৰতিযোগীয়ে সেই প্ৰতিযোগিতাত ভাগ লৈছিল৷ সেই প্ৰতিযোগিতাৰে
শ্ৰেষ্ঠ বুলি বিবেচিত মুঠ ঊনত্ৰিছখন
ৰচনাৰ সংকলন এইখন কিতাপ৷ মূল কিতাপখন প্ৰকাশ কৰিছিল চীন আন্তৰ্জাতিক গ্ৰন্থ
বাণিজ্য কৰ্পৰেশ্যনে। নাম আছিল মা আৰু দেউতা। কিতাপখনৰ আৱেদন অসামান্য কিয়নো লেখকসকলে ইয়াত অকৃত্ৰিমভাৱে নিজৰ
পিতৃ-মাতৃক উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিছে৷ একে সময়তে আমাৰ কাৰণে অপৰিচিত ধৰণৰ এক
বাক্ভঙ্গীও ৰচনাসমূহত লক্ষ্য কৰা যায়৷ সি হৈছে সমাজতান্ত্ৰিক আদৰ্শৰে পৰিচালিত
দেশ এখনৰ শিশুসকলক অনুপ্ৰাণিত কৰিবলৈ পৰোক্ষভাৱে আৰোপিত দৃষ্টিকোণ৷ আধুনিক চীনৰ
শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা আদিৰ ধাৰণা প্ৰকাশ পোৱাৰ উপৰি এই
কিতাপখনৰ ৰচনাসমূহত বাৰে বাৰে প্ৰতিবিম্বিত হৈছে চিৰন্তন সন্তানৰ দৃষ্টি চিৰন্তন
পিতৃ-মাতৃৰ প্ৰতীতি৷ অসমীয়া অনূদিত শিশু-সাহিত্যৰ মাজত এইখন এখন অমূল্য কিতাপ৷
— সম্পাদনা কক্ষ, অন্যযুগ