অন্যযুগ/


জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২)

ড° চুলতান আলী আহমেদ


ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ হ’ল টি এছ এলিয়টৰ ‘দ ৱেষ্টলেণ্ড’ (The Wasteland) জে’মছ জয়চৰ ‘য়ুলিছিছ’ (Ulysses) আৰু ভাৰ্জিনিয়া উল্‌ফৰ (Jacob's Room)৷ ইংৰাজী সাহিত্যত আধুনিকতাবাদী ধাৰা বা আন্দোলনক সৱলভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই তিনিখন কিতাপৰ ভূমিকা সৰ্বাধিক৷

আমাৰ এই চমু লেখাটোত আমি আন দুখন কিতাপৰ প্ৰসংগ এৰি মাথোন জে’মচ জয়েচৰ ‘য়ুলিছিছ’ৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছোঁ৷ জয়চৰ প্ৰথমখন উপন্যাস ‘এ প’ৰ্টেইট অব দ আৰ্টিষ্ট এজ এ ইয়ং ম্যান’ (The Portrait of the Artist as a Young Man)-ৰ তুলনাত ‘য়ুলিছিছ’ এখন অতি জটিল উপন্যাস৷ দৰাচলতে ক’বলৈ গ’লে ইংৰাজী ভাষাৰ সৰ্বাধিক জটিল উপন্যাসৰ নাম ল’বলগীয়া হ’লে হয়তো প্ৰথমতেই জে’মছ জয়ছৰ ‘য়ুলিছিছ’ৰ নাম ল’ব লাগিব৷ এলিয়টৰ ‘দ ৱেষ্টলেণ্ড’ কবিতাটোক যেনেদৰে এটা অত্যন্ত দুৰ্বোধ্য আৰু জটিল কবিতা বুলি ভবা হয় ঠিক তেনেদৰে ‘য়ুলিছিছ’ উপন্যাসখনো অতি জটিল আৰু দুৰ্বোধ্য৷ উপন্যাস ৰচনাৰ প্ৰচলিত বিষয়বস্তু আৰু কলাকৌশলৰ পৰিবৰ্তে¸ সম্পূৰ্ণ নতুন বিষয়বস্তু, কলাকৌশল আৰু ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰতো অভিনৱ সম্পৰীক্ষাই এই কিতাপখনক পঢ়ুৱৈৰ বাবে দুৰ্বোধ্য আৰু জটিল কৰি পেলাইছে৷ এলিয়টৰ ‘দ ৱেষ্টলেণ্ড’ত পৰোক্ষ উল্লেখ বা উদ্‌ঘাত (allusions)-ৰ ব্যৱহাৰে পঢ়ুৱৈক আহুকালত পেলায়– কিয়নো পৃথিৱীৰ বিভিন্ন দেশৰ ‘মিথ’ (myth) আৰু বিভিন্ন গ্ৰন্থ বা চৰিত্ৰৰ প্ৰসংগ কবিতাটোলৈ যি ধৰণে আনিছে সেই বিষয়বোৰৰ বিষয়ে পঢ়ুৱৈয়ে নজনাকৈ এই কবিতাটোৰ পৰিপূৰ্ণ আস্বাদ গ্ৰহণ কৰাত কিছু অসুবিধা দেখা দিয়ে৷ এলিয়টে নিজেই কৈছিল যে আধুনিক যুগটো এটা জটিল (complex) যুগ আৰু এই যুগৰ জটিলতাক সাহিত্যৰ মাজলৈ নিবলৈ হ’লে আধুনিক কবিতাও জটিল বা দুৰ্বোধ্য (difficult) হ’ব লাগিব আৰু তাৰ প্ৰমাণ তেওঁ দাঙি ধৰিছে ‘দ ৱেষ্টলেণ্ড’ত৷ জে’মছ জয়চে স্বঘোষিতভাৱে নিজকে জটিল লেখক হিচাপে প্ৰক্ষেপ কৰা নাই যদিও তেওঁৰ প্ৰথমখন উপন্যাসত ‘‘কলা’’ বা সাহিত্য সম্পৰ্কে তেওঁৰ কিছু দৃষ্টিভংগী প্ৰকাশ কৰিছে৷ সমালোচকসকলৰ মতে তেওঁৰ ‘য়ুলিছিছ’ উপন্যাসখনত সেই দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে৷

‘‘কলা’’ বা ‘সাহিত্য’’ সম্পৰ্কে জে’মছ জয়চৰ দৃষ্টিভংগী কি সেইটো উল্লেখ কৰাৰ আগতে জয়চৰ জীৱন আৰু সামাজিক পটভূমি (social background) সম্পৰ্কে কিছু কথা উল্লেখ কৰিব লাগিব– কিয়নো জয়চৰ কলাত্মক দৃষ্টিভংগীৰ সৈতে তেওঁৰ সামাজিক পটভূমিৰ এটা ঘনিষ্ঠ যোগসূত্ৰ আছে৷

জে’মছ জয়চ আছিল জন্মগতভাৱে আইৰিশ্ব– তেওঁৰ লেখকসত্ত্বাৰ অনুধাৱনৰ ক্ষেত্ৰত তেওঁৰ এই আইৰিশ্ব পৰিচয়টোও এটা গুৰুত্বপূৰ্ণ বিষয়৷ জে’মছ জয়চক তেওঁৰ পিতৃ-মাতৃয়ে এগৰাকী টিপিকেল আইৰিশ্ব নাগৰিক হিচাপে গঢ়ি তুলিব বিচাৰিছিল যিজন নাগৰিকৰ জীৱনত আয়াৰলেণ্ডত প্ৰাধান্য থকা ৰোমান কেথলিক ধৰ্ম আৰু আয়াৰলেণ্ডৰ ৰাজনীতিৰ সৰ্বাত্মক প্ৰভাৱ থাকিব৷ সেই উদ্দেশ্যেই জয়চক সৰুৰে পৰা ধৰ্মীয় শিক্ষা দিয়া হৈছিল৷ কিন্তু জয়চে পিতৃ-মাতৃৰ দ্বাৰা নিৰ্ধাৰিত সেই পথ সচেতনভাৱে পৰিত্যাগ কৰে আৰু নিজকে আইৰিশ্ব ৰাজনীতি আৰু আইৰিশ্ব ধৰ্মৰ বেষ্টনীৰ পৰা উলিয়াই আনে যাতে সম্পূৰ্ণ স্বাধীন সত্ত্বাৰে তেওঁ এজন কলাকাৰৰ জীৱন-যাপন কৰিব পাৰে৷ তেওঁৰ আত্মজীৱনীমূলক উপন্যাস ‘এ পৰ্টেইট অব দ আৰ্টিষ্ট এজ এ ইয়ং মেন’’ত জে’মছ জয়চৰ এই মানসিক সংঘাত আৰু সংগ্ৰামৰ কাহিনী বিবৃত হৈছে৷ এইখন উপন্যাসৰ শেষত ন্যায়ক ষ্টিফেনে আয়াৰলেণ্ড ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে কাৰণ তেওঁ নিজৰ বাবে মনে বিচৰা এটা বৃত্তি বিচাৰি পাইছে– সেয়া হৈছে কলাকাৰৰ বৃত্তি৷ আৰু সেই কলাকাৰ (artist)-ৰ জীৱন-যাপন কৰাৰ উদ্দেশ্যে তেওঁ নিজ মাতৃভূমি আয়াৰলেণ্ড চিৰকালৰ বাবে এৰি থৈ আহে আৰু ইউৰোপৰ বিভিন্ন চহৰত এক ‘নিৰ্বাসিত (exile) জীৱন-যাপন কৰে৷ সেয়েহে, জে’মছ জয়চৰ লেখক সত্ত্বাত তেওঁৰ জন্মগত আইৰিশ্ব পৰিচয় আৰু সেই পৰিচয়ক সচেতনভাৱে পৰিহাৰ কৰাৰ প্ৰয়াসৰ মাজত বিৰাজমান tension এটা সদাসক্ৰিয় হৈ থকা বুলি ক’ব লাগিব৷ আয়াৰলেণ্ডৰ পৰা আঁতৰি আহিলেও তেওঁৰ সাহিত্যকৰ্মত কিন্তু ঘূৰি ঘূৰি আকৌ সেই আয়াৰলেণ্ড আহি উপস্থিত হৈছে৷ আনকি ‘য়ুলিছিছ’ উপন্যাসখন ডাবলিন চহৰৰ পটভূমিত লিখা হৈছে যদিও এই উপন্যাসখনৰ অধিকাংশ লিখিত হৈছিল ছুইজাৰলেণ্ডৰ জুৰিখ চহৰত৷ অৱশ্যে সমালোচক আৰ্নল্ড কেটল (Arnold Kettle)-ৰ মতে উপন্যাসখনৰ পটভূমি ডাবলিন চহৰ হ’লেও এইখন ডাবলিন চহৰৰ বিষয়ে লিখা উপন্যাস নহয় যিদৰে হোমাৰৰ ‘অ’ডিছী’ মহাকাব্যখন অ‘ডিছিউছে ভ্ৰমণ কৰা ঠাইবোৰৰ বিষয়ে নহয়৷ উপন্যাসখন কোনোবা নহয় কোনোবা ঠাইৰ পটভূমিত প্ৰতিস্থাপিত হ’বই লাগিব– গতিকে জয়চে ডাবলিন চহৰৰ পৰিৱৰ্তে পেৰিছ বা জুৰিখ চহৰক কিয় পটভূমি নকৰিলে সেইটোও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ আয়াৰলেণ্ডৰ পৰা আঁতৰি এক নিৰ্বাসিত জীৱন-যাপন কৰিলেও জয়চৰ চেতন-অৱচেতন মনত আয়াৰলেণ্ড বা ডাবলিনৰ উপস্থিতি অস্বীকাৰ কৰিব নোৱাৰি৷ ‘য়ুলিছিছ’ উপন্যাসখনতো সেই সময়ৰ ডাবলিনৰ বহু মানুহ আৰু সৰু-সুৰা ঘটনাৰ বিষয়ে উল্লেখ আছে যিবোৰৰ বিষয়ে জয়চে জানিছিল কিন্তু যিসকলৰ বিষয় আনে নাজানে৷ উপন্যাসখন আনৰ বাবে দুৰ্বোধ্য হোৱাৰ ইও এক কাৰণ৷

জে’মছ জয়চৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে তেওঁ সচেতনভাৱে নিজৰ জীৱনটো লেখা-মেলাৰ নামত উছৰ্গা কৰিছিল৷ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত সচেতনভাৱে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁ এজন কলাকাৰ (artist)-ৰ জীৱন-যাপন কৰিব৷ সেইসূত্ৰে তেওঁ আছিল এগৰাকী বৃত্তিয়াল লেখক (professional writer)৷ লিখা-মেলাৰ বাহিৰে তেওঁৰ আন কোনো নিয়মীয়া চাকৰি বা ব্যৱসায় নাছিল৷ কিন্তু আচৰিত আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে বৃত্তিয়াল বা পেছাদাৰী লেখক হোৱা সত্তেও তেওঁৰ অৰ্থলালসা নাছিল৷ পত্নী আৰু দুটি শিশুৰ লালন-পালনৰ দায়িত্ব তেওঁৰ ওপৰত আছিল– তৎসত্ত্বেও তেওঁ কেতিয়াও সেই সময়ৰ জনপ্ৰিয় ৰুচি বা ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি সাহিত্য ৰচনা নকৰিছিল– যিটো কাম কৰিলে তেওঁ আৰ্থিকভাৱে লাভৱান হ’লহেঁতেন৷ অৰ্থাৎ সস্তীয়া জনপ্ৰিয়তা তেওঁৰ অভীপ্সিত লক্ষ্য নাছিল৷ জীৱিকা নিৰ্বাহৰ বাবে তেওঁ কঠোৰ সংগ্ৰামৰ জীৱন অতিবাহিত কৰিছিল ইউৰোপৰ বিভিন্ন চহৰত৷ অনুবাদ কাৰ্য, গ্ৰন্থ সমালোচনা আছিল তেওঁৰ উপাৰ্জনৰ পথ৷ কেতিয়াবা কেতিয়াবা প্ৰাইভেট টিউশ্যন কৰিছিল৷ তেওঁৰ নিজৰ লেখাবোৰত থকা মৌলিকত্ব, বাস্তৱবাদ আৰু ৰোমান্তিকতাবিৰোধী দৃষ্টিভংগীৰ বাবে সেইবোৰৰ প্ৰকাশক বিচাৰি তেওঁ হাবাথুৰি খাবলগীয়া হৈছিল– তথাপি সস্তীয়া জনপ্ৰিয় ধাৰাত উটি যাবলৈ তেওঁ অস্বীকাৰ কৰিছিল৷ জে’মছ জয়চৰ কলাকাৰ জীৱন বা লেখক সত্ত্বাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ দিশ৷ আৰু এই গুৰুত্বপূৰ্ণ দিশটোক আওকাণ কৰি তেওঁৰ সাহিত্যকৰ্মৰ অনুধাৱন বা মূল্যায়ন কৰাটো সমীচিন নহ’ব৷ ওপৰৰ কথাখিনিৰ পৰা যিটো কথা অনিবাৰ্যভাৱে ওলাই আহে সেইটো হ’ল জে’মছ জয়চে এইটো উদ্দেশ্য লৈ উপন্যাস লিখা নাছিল যে বহু মানুহে তেওঁৰ উপন্যাস পঢ়িব আৰু পঢ়ি ভাল পাব৷ তেওঁ জনপ্ৰিয় ৰুচি বা ধাৰা পৰিহাৰ কৰিছিল বুলি ইতিমধ্যেই উল্লেখ কৰা হৈছে৷ তেনেহ’লে প্ৰশ্ন হয়– তেওঁ কি উদ্দেশ্য লৈ লিখিছিল ? কি উদ্দেশ্য লৈ তেওঁ এক কষ্টকৰ ক্লেশময় কলাকাৰৰ জীৱন-যাপন কৰিছিল?

এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পোৱা যায় তেওঁৰ ‘‘এ পৰ্টেইট অব দ আৰ্টিষ্ট এজ এ ইয়ং মেন’’ত৷ এইখন আত্মজীৱনীমূলক উপন্যাসৰ শেষত নায়ক ষ্টিফেনে এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা তেওঁৰ ডায়েৰীত লিপিবদ্ধ কৰিছে : “Welcome, O life! I go to encounter for the millionth time the reality of experience and to forge in the smithy of my soul the uncreated conscience of my race” [অসমীয়া অনুবাদ : স্বাগতম, হে জীৱন! মই অভিজ্ঞতাৰ বাস্তৱতাৰ সৈতে শত-সহস্ৰবাৰ মুখামুখি হ’বলৈ আৰু মোৰ আত্মাৰ কমাৰশালত মোৰ জাতিৰ বিৱেকক গঢ়ি-পিটি তুলিবলৈ আগ বাঢ়িছোঁ যি বিৱেক এতিয়াও সৃষ্টি হোৱা নাই৷’’] অৰ্থাৎ বাস্তৱ অভিজ্ঞতাৰ বিচাৰ-বিশ্লেষণৰ মাজেৰে ‘‘বিৱেক’’ (conscience) সৃষ্টি কৰাটোকে জয়চে তেওঁৰ লেখক-জীৱনৰ প্ৰকৃত লক্ষ্য বুলি ঘোষণা কৰিছল৷ গতিকে দেখা যায় যে লেখক হিচাপে জে’মছ জয়চ আছিল এক উচ্চ নৈতিক প্ৰমূল্যৰ প্ৰতিভূ– মানুহৰ বিৱেক সৃষ্টি কৰাই হৈছে তেওঁৰ চৰম লক্ষ্য। সেইবাবে এইটো বুজাত নিষ্চয় অসুবিধা নাই যে তেওঁ কিয় সস্তীয়া জনপ্ৰিয়তাত উটি-ভাহি যাবলৈ অনিচ্ছুক আছিল৷

ইয়াৰ পিছত আহিব মূল প্ৰশ্নটো– জয়চৰ কলাত্মক দৃষ্টিভংগীৰ মৰ্মবস্তু কি? এই কথাটো অনুধাৱনৰ বাবেও তেওঁৰ প্ৰথমখন উপন্যাসলৈ উভতি যাব লাগিব৷ উক্ত উপন্যাসখনত নায়ক ষ্টিফেন ডিডেলাছে আন এটা চৰিত্ৰৰ সৈতে হোৱা কথোপকথনৰ মাজেৰে ‘‘কলা’’ (art) সম্পৰ্কে তেওঁৰ ভাবনা ব্যক্ত কৰিছে৷ ইয়াত জয়চে কৈছে যে মানুহৰ জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতাৰ বিষয়ে ভালদৰে জানি-বুজি লৈ সেইবোৰৰ মাজৰ পৰা সৌন্দৰ্যৰ চিত্ৰকল্প বিচাৰি উলিয়াই আনি তাক প্ৰকাশ কৰা কামটোৱেই হৈছে ‘‘কলা’’৷ জয়চে এইক্ষেত্ৰত ভাল আৰু বেয়া অভিজ্ঞতাৰ কোনো শ্ৰেণী বিভাজন কৰা নাই৷ জীৱনৰ বেদনাদায়ক বা কুৎসিৎ অভিজ্ঞতা এটাৰ মাজতো সৌন্দৰ্যৰ চিত্ৰকল্প উদ্‌ঘাটন কৰাটোৱেই শিল্প বা কলা৷ দ্বিতীয় যিটো কথা জয়চে কৈছে সেয়া হ’ল যে কলাৰ মাজেৰে যেতিয়া এই সৌন্দৰ্যৰ চিত্ৰকল্প প্ৰকাশিত হয় তেতিয়া সেই সৌন্দৰ্যই কোনো শাৰীৰিক অনুভূতি বা চলনশীল আৱেগ সৃষ্টি নকৰে৷ অৰ্থাৎ প্ৰকৃত কলাত্মক সৌন্দৰ্যই মানুহৰ শৰীৰৰ ওপৰত কোনো অভিঘাত সৃষ্টি নকৰে৷ প্ৰকৃত কলাই যিটো সৃষ্টি কৰে বা জাগ্ৰত কৰে সেয়া হ’ল– এবিধ ‘‘নান্দনিক সন্তুলন’’ (aesthetic stasis)৷ এয়া হ’ল এক কৰুণা আৰু ভয়মিশ্ৰিত এক অনুভূতি যিটো কলাৰ মাজেৰে জাগ্ৰত হয়, প্ৰলম্বিত হয় আৰু শেষত বিলুপ্ত হয়৷ এই ‘‘নান্দনিক সন্তুলন’’ সৃষ্টি কৰাই শিল্প কৰ্মৰ মূল লক্ষ্য– কোনো চঞ্চল আবেগ বা দৈহিক সুৰ-সুৰণি সৃষ্টি কৰাটো প্ৰকৃত শিল্প কৰ্মৰ লক্ষ্য নহয়৷

জে’মছ জয়চৰ এই শৈল্পিক দৃষ্টিকোণ সন্মুখত ৰাখি তেওঁৰ বিখ্যাত উপন্যাস ‘য়ুলিছিছ’ৰ আলোচনা কৰা উচিত৷ উপন্যাসখন ১৯২২ চনত প্ৰকাশ হোৱাৰ পিছতেই ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাজ্যত এইখনক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ অশ্লীলতাৰ অভিযোগত এই উপন্যাসখন বহু বছৰলৈ নিষিদ্ধ হৈ থাকিল৷ জে’মছ জয়চৰ শৈল্পিক দৃষ্টিভংগীয়ে যেতিয়া জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতাৰ নান্দনিক উপস্থাপনক সাঙুৰি লৈছে তেতিয়া স্বাভাৱিকতে জয়চৰ মনোজগতত শ্লীলতা-অশ্লীলতাৰ কোনো পাৰ্থক্য নাছিল৷ জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতাৰ মাজতেই তেওঁ সৌন্দৰ্যৰ অন্বেষণ কৰিছে৷

‘য়ুলিছিছ’ উপন্যাসখনত হোমাৰৰ মহাকাব্য ‘অ’ডিছী’ৰ বাহ্যিক কাঠামো (framework) ব্যৱহাৰ কৰা হৈছে৷ হ’মাৰৰ মহাকাব্য ‘অ’ডিছী’ৰ নায়ক অ’ডিছিউছক ৰোমানসকলে য়ুলিছিছ বুলি অভিহিত কৰিছিল৷ সেইসূত্ৰে উপন্যাসখনৰ নাম ‘য়ুলিছিছ’– এয়া যেন আঢ়ৈ হাজাৰ বছৰৰ আগেয়ে হ’মাৰে লিখা মহাকাব্যখনৰ আধুনিক যুগত আধুনিক পৰিৱেশত কৰা এক পুনৰ্নিমাণ৷ হ’মাৰৰ মূল মহাকাব্যখনত থকা প্ৰতিটো চৰিত্ৰ আৰু প্ৰতিটো উপকাহিনী (episode)-ৰ একো একোটা সমান্তৰাল আধুনিক প্ৰতিৰূপ জয়চৰ উপন্যাসখনত দেখুওৱা হৈছে৷ কিন্তু হোমাৰৰ মহাকাব্যত এক দীঘলীয়া সময়ৰ ঘটনাক সাঙুৰি লোৱাৰ বিপৰীতে জয়চৰ এই আধুনিকতাবাদী উপন্যাসখনত মাত্ৰ এদিনৰ ঘটনা বিবৃত কৰা হৈছে– দিনটো হ’ল ১৯০৪ চনৰ ১৬ জুন৷ উপন্যাসৰ মূল চৰিত্ৰকেইটাই সেই এটা দিনত ৰাতিপুৱাৰ পৰা মাজনিশালৈকে কি কি কাম কৰিলে সেই বিবৰণৰ ফাকে ফাকে লেখকে পশ্চাদৱলোকন (flashback) পদ্ধতি আৰু চেতনাস্ৰোত (stream of consciousness) কৌশল প্ৰয়োগ কৰি এক বিশাল আধুনিক মহাকাব্যৰ সৃষ্টি কৰিছে৷

উপন্যাসখনৰ মূল চৰিত্ৰ তিনিটা– ষ্টিফেন ডিডেলাছ, লিঅ’প’ল্ড ব্লুম আৰু তেওঁৰ পত্নী মলী ব্লুম৷ ষ্টিফেন চৰিত্ৰটো আত্মজীৱনীমূলক– জে’মছ জয়চ নিজেই৷ তেওঁৰ ‘এ পৰ্টেইট’ উপন্যাসৰো মূল চৰিত্ৰ ষ্টিফেন৷ ‘য়ুলিছিছ’ উপন্যাসখনত ষ্টিফেন ডিডেলাছ হ’ল হ’মাৰৰ ‘অ’ডিছী’ মহাকাব্যৰ ‘‘টেলিমেকাছ’’ নামৰ চৰিত্ৰটোৰ প্ৰতিৰূপ৷ টেলিমেকাছ আছিল অ’ডিছিউছৰ পুত্ৰ– পিতৃৰ অন্বেষণত নিয়োজিত এক পুত্ৰ৷ জয়েচৰ উপন্যাসখনত অ’ডিছিউছৰ প্ৰতিৰূপ হ’ল লিঅ’প’ল্ড ব্লুম নামৰ চৰিত্ৰটো৷ তেওঁ এগৰাকী ইহুদী ব্যক্তি– তেওঁৰ জীৱিকা হ’ল বিজ্ঞাপনৰ প্ৰচাৰ কাৰ্য৷ লিঅ’প’ল্ড ব্লুমৰ পত্নী মলী ব্লুম হৈছে হোমাৰৰ মহাকাব্যত থকা অ’ডিছিউছৰ পত্নী পেনিল’পি (Penelope)-ৰ প্ৰতিৰূপ৷ হ’মাৰৰ মহাকাব্যত ট্ৰজান যুদ্ধৰ পিছত অ’ডিছিউছৰ দীঘলীয়া কষ্টকৰ গৃহাভিমুখী যাত্ৰাৰ ঘটনাৱলীৰ সমান্তৰাল ঘটনা হিচাপে জয়চৰ উপন্যাসৰ এটা দিনৰ ঘটনাৱলীক উপস্থাপন কৰা হৈছে৷

উপন্যাসখনৰ বৃত্তান্তৰ সূত্ৰপাত হৈছে ১৯০৪ চনৰ ১৬ জুনৰ ৰাতিপুৱা ৮ বজাত ডাবলিন চহৰৰ মাটেল’ টাৱাৰ (Martello Tower) নামৰ ঘৰটোত য’ত ষ্টিফেনে তেওঁৰ দুজন বন্ধুৰ সৈতে বসবাস কৰে৷ তেওঁলোক দিনটোৰ কামৰ বাবে সাজু হয় আৰু ওলাই যায়৷ ষ্টিফেনে মিষ্টাৰ ডিজী নামৰ এগৰাকী ইহুদীবিৰোধী প্ৰধান শিক্ষকৰ পৰা তেওঁৰ প্ৰাপ্য দৰমহাখিনি গ্ৰহণ কৰে৷ মিষ্টাৰ ডিজীয়ে ষ্টিফেনক বাতৰি কাকতত প্ৰকাশৰ বাবে এখন চিঠিও দি দিয়ে৷ ষ্টিফেনে দৰমহাখিনি লৈ সাগৰৰ পাৰত ফুৰিবলৈ যায় আৰু নিজৰ চিন্তাত মগ্ন হৈ থাকে৷

ইপিনে সেই একেটা পুৱাতেই ব্লুমে পত্নী মলীৰ বাবে পুৱাৰ জলপান আৰু চিঠিপত্ৰবোৰ লৈ আহে৷ মলী তেতিয়াও বিছনাতে থাকে– আবেলি চাৰি বজাত তেওঁক বয়লান নামৰ মানুহ এজনে দেখা কৰিবলৈ অহাৰ কথা৷ ব্লুম ডাকঘৰলৈ যায় আৰু এগৰাকী মহিলাৰ পৰা এখন চিঠি লাভ কৰে যিগৰাকী মহিলাৰ সৈতে তেওঁ অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে৷ তাৰ পৰা তেওঁ পত্নী মলীৰ বাবে এটা লোশ্বন বিচাৰি এজন ফাৰ্মাচিষ্টৰ ওচৰলৈ যায়৷ দিনৰ এঘাৰ বজাত ব্লুমে পেডি ডিগনাম নামৰ এজন মানুহৰ অন্তিম সংস্কাৰত উপস্থিত থাকে৷

ইয়াৰ পিছত ব্লুম এখন বাতৰিকাকতৰ কাৰ্য্যালয়লৈ যায়৷ উদ্দেশ্য এটা বিজ্ঞাপন ছপোৱা সম্পৰ্কে দৰ-দাম কৰা৷ কিন্তু দৰ-দাম সহজতে নিমিলে৷ বাতৰি কাকতৰ কৰ্তৃপক্ষ আৰু ব্লুমৰ মালিকৰ মাজত কোনো সিদ্ধান্ত নোহোৱাত ব্লুম ওলাই গুচি যায়৷ আনহাতে, মিষ্টাৰ ডিজীৰ চিঠিখন প্ৰকাশ কৰাৰ বাবে ষ্টিফেনো আহে সেই একে বাতৰি কাকতৰ কাৰ্য্যালয়লৈ৷ সম্পাদকে চিঠিখন প্ৰকাশ কৰিবলৈ সন্মত হয়৷

ইফালে লিঅ’পল্ড ব্লুমে ডাবলিন চহৰৰ মাজেৰে খোজকাঢ়ি ঘূৰি ফুৰোঁতে মিছেছ বীন নামৰ মহিলাৰ সৈতে কথা পাতে আৰু তেওঁৰ পৰা জানিব পাৰে যে মীনা পুৰেফয় নামৰ মহিলাগৰাকী সূতিকা গৃহত আছে সন্তান জন্ম দিবলৈ৷ ব্লুমে এখন পানশালাত সোমায় আৰু মদ্যপান কৰে৷ তাৰ পাছত তেওঁ নেশ্বনেল লাইব্ৰেৰী অভিমুখে যাত্ৰা কৰে আৰু বয়লান নামৰ মানুহজনক দেখা পায় আৰু তেওঁক লৈ নেশ্বনেল মিউজিয়ামত সোমাই পৰে৷

ইফালে নেশ্বনেল লাইব্ৰেৰীত ষ্টিফেনে তেওঁৰ কবি-সাহিত্যিক বন্ধুসকলৰ সৈতে শ্যেক্‌ছপীয়েৰ আৰু হেমলেট সম্পৰ্কে তেওঁৰ তত্ত্ব আলোচনা কৰে৷ এই সময়তে ব্লুম আহি উপস্থিত হয় আৰু বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ হৈছে নে নাই চাব বিচাৰে৷ ইয়াৰ পাছত ষ্টিফেন আৰু তেওঁৰ এজন বন্ধু একেলগে মদ্যপান কৰিবলৈ ওলাই যায় আৰু ব্লুমেও তাৰ পৰা বিদায় লয়৷

ছাইমন আৰু মেট লেনেহান লগালগি হয় অৰমণ্ড হোটেলৰ বাৰত আৰু তাতে বয়লান আহিও উপস্থিত হয়৷ লিঅ’পল্ডে আগতেই বয়লানৰ গাড়ী দেখা পায় আৰু গাড়ীখনক অনুসৰণ কৰি হোটেললৈ আহে আৰু ৰিচি গল্ডিঙৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে৷ বয়লানে লেনেহানৰ সৈতে একে লগে হোটেলৰ পৰা গুচি যায় আৰু মলীক লগ ধৰিবলৈ আগবাঢ়ে৷ ইয়াৰ পাছত ব্লুম আন এখন ডাঙৰ পানশালালৈ যায় আৰু তাত নিজৰ ইহুদী পৰিচয়ৰ বাবে উপলুঙাৰ সন্মুখীন হয়৷ যদিও তেওঁ প্ৰত্যুত্তৰ দিব বিচাৰে কিন্তু তেওঁক পানশালাৰ পৰা জোৰ কৰি উলিয়াই দিয়া হয়৷

ইয়াৰ পাছত ব্লুমে কিছু সময় সাগৰৰ পাৰত সময় কটাই মীনাৰ খবৰ ল’বলৈ নেশ্বনেল মেটাৰনিটী হস্পিটেললৈ যায়৷ তেওঁ তালৈ গৈ ষ্টিফেনক লগ পায়৷ কেইজনমান বন্ধুৰ সৈতে ষ্টিফেন কিছু পৰমাণে মাতাল হৈ আছিল৷ ব্লুমেও সিহঁতৰ সৈতে যোগ দিয়ে আৰু এখন পানশালাত সোমায়৷ পানশালা বন্ধ হোৱাৰ পাছত ষ্টিফেন আৰু তেওঁৰ এজন বন্ধু এখন বেশ্যালয়লৈ যায়৷ ব্লুমেও গৈ ষ্টিফেনক তাতে দেখা পায়৷ তেতিয়া ষ্টিফেনৰ মদৰ নিচা বেছি হৈ আহিছে আৰু অঘটন ঘটাবলৈ আৰম্ভ কৰিছে৷ গতিকে বেশ্যালয়ৰ গৰাকিনীয়ে ষ্টিফেনক পুলিচৰ ভয় দেখুৱাই খেদি পঠিয়ায়৷ বাহিৰলৈ ওলাই আহি ষ্টিফেনে এজন বৃটিছ সৈন্যৰ লগত কাজিয়াত লিপ্ত হয়৷ সৈনিকজনে ষ্টিফেনক গোৰ মাৰি মাটিত পেলাই দিয়ে৷ ব্লুমে ষ্টিফেনক এজন টেক্সীচালকৰ ঘৰলৈ নি আশ্ৰয় দিয়ে আৰু আহাৰৰ যোগান ধৰে৷ তাৰ পাছত মাজনিশা দুয়ো ব্লুমৰ ঘৰলৈ উভতে৷ তাতে ব্লুমে দুয়োৰে বাবে গৰম কোকো প্ৰস্তুত কৰে আৰু দুয়ো কথা পাতে৷ ব্লুমে ষ্টিফেনক ৰাতিটো ব্লুমৰ ঘৰতে কটাবলৈ কয় যদিও ষ্টিফেন ৰাতি নাথাকিল৷ ষ্টিফেনক বিদায় দি ব্লুমে পত্নী মলীৰ সৈতে বিছনালৈ যায় আৰু পত্নী মলীক দিনটোৰ সকলো কথা বিৱৰি কয়৷ সংক্ষেপে এয়েই হৈছে জে’মছ জয়চৰ ‘য়ুলিছিছ’ উপন্যাসৰ সাৰাংশ৷

ওপৰৰ বিৱৰণখিনি অনুধাৱন কৰিলে দেখা যায় যে উপন্যাসখনত লেখকে প্ৰাচীন মহাকাব্যিক জীৱনধাৰাৰ সৈতে আধুনিক মানুহৰ জীৱনধাৰাৰ এটা বৈপৰীত্য (contrast) দাঙি ধৰিবলৈ বিচাৰিছে৷ এই বৈপৰীত্য মাথোন প্ৰাচীন আৰু আধুনিকতাৰ বৈপৰীত্য নহয়– এই বৈপৰীত্য এক বীৰোচিত, মহৎ আৰু একনিষ্ঠ আদৰ্শবাদিতাৰ সৈতে এক তুচ্চ, অসংলগ্ন, বিচ্ছিন্ন আৰু অৱনমিত বৰ্তমানৰ বৈপৰীত্য৷ লেখকে বিংশ শতাব্দীৰ ছিন্নমূল, নিঃসংগ আৰু বিচ্ছিন্ন মানুহৰ জীৱনযাত্ৰাক পৰীক্ষা কৰিছে এক প্ৰাচীন মহাকাব্যিক যুগৰ ঘটনা আৰু চৰিত্ৰসমূহৰ lense-ৰ পোহৰত আৰু তাকে কৰিবলৈ যাওঁতে আধুনিক জীৱনৰ তুচ্চ প্ৰাত্যহিকতা এক নতুন তাৎপৰ্যৰে উদ্ভাসিত হৈছে৷

প্ৰখ্যাত ইংৰাজ সমালোচক আৰ্নল্ড কেটল (Arnold Kettle)-ৰ মতে জয়চৰ উপন্যাসখন কিছু পৰিমাণে অতীত আৰু বৰ্তমানৰ এক বৈপৰীত্যৰ চিত্ৰণ হ’লেও উপন্যাসখনৰ তাৎপৰ্য তাতকৈ অধিক৷ তেওঁৰ মতে, হ’মাৰৰ মহাকাব্যৰ যিটো ‘কাঠামো’ (framework) জয়চে তেওঁৰ উপন্যাসৰ গাঁথনি হিচাপে ব্যৱহাৰ কৰিছে সেইটো আচলতে এক আদিৰূপ (archetype)-ৰ প্ৰতীক৷ সাৰ্বজনীন মানৱীয় অভিজ্ঞতাত দেখা পোৱা কিছুমান আৰ্হি বা Pattern-ৰ প্ৰতীকী প্ৰকাশ ঘটিছে হ’মাৰৰ মহাকাব্যত আৰু সেই একে আৰ্হি পৌনঃপুনিকভাৱে সকলো যুগতে বেলেগ বেলেগ ৰূপত প্ৰকাশ পাই আহিছে৷ জে’মছ জয়চে সেই আদিৰূপটোকে ব্যৱহাৰ কৰি আধুনিক জীৱনযাত্ৰাক তেওঁৰ দৃষ্টিকোণৰ পৰা ব্যাখ্যা (interpret) কৰিব বিচাৰিছে এই উপন্যাসখনত৷

আৰ্নল্ড কেটলে এইখন উপন্যাসৰ বিষয়ে আন এটা তাৎপৰ্যপূৰ্ণ কথা কৈছে৷ ‘য়ুলিছিছ’ উপন্যাসখনৰ বিষয়ে সাধাৰণতে বৰ গুৰুগম্ভীৰ ধৰণে ছিৰিয়াছ কথা আলোচনা কৰা হয়– কিন্তু তেওঁৰ মতে এইখন আচলতে এখন খুহুতীয়া উপন্যাস৷ হেনৰী ফিল্ডিঙে তেওঁৰ উপন্যাস ‘যোচেফ এন্দ্ৰিউজ’ (Joseph Andrews)-ৰ বিষয় কোৱা a comic epic poem in prose কথাষাৰ জে’মছ জয়চৰ ‘য়ুলিছিছ’ৰ ক্ষেত্ৰতো এশ শতাংশই প্ৰযোজ্য৷ কিন্তু আৰ্নল্ডে লগতে এইটোও কৈছে যে জয়চৰ উপন্যাসখন এক¸ অনন্য সৃষ্টি আৰু ইংৰাজী উপন্যাসৰ পৰম্পৰাত এইখন উপন্যাসৰ সৃষ্টিক এক বৈপ্লৱিক ঘটনা বুলি অভিহিত কৰিব লাগিব৷


ঠিকনা : 

সহকাৰী অধ্যাপক, ইংৰাজী বিভাগ

বি এইচ কলেজ, হাউলী

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ