অন্যযুগ/


সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী

আহা আহা মইনাহঁত
খেল এটা খেলোঁ, মই সোধাটোক
আমি সাঁথৰ বোলোঁ৷
হাবিত কাহে ওলাই নাহে
কোৱাচান কি?
কুঠাৰ বুলি ক’ব পাৰিলে
কোচত ল’ম তুলি৷
 
আৰু এটা সাঁথৰ আছ
জানানে তোমালোকে?
মাক জতুলি-পুতুলি
পুতেকক চোকাটেকলা বোলে৷
কণমইনাই তপৰাই ক’লে
তোমালোকে কোৱা, মোৰ
কাম নাইকিয়া, উত্তৰটো মইহে ক’ম
বুলি জলকীয়া৷
 
বাৰু বাৰু কোৱাচোন
মাত আছে, মানুহ নাই
বস্তুটো কি?
ৰোডিঅ’ বুলি তুমি বাৰু
পাহৰি গ’লা নেকি?
 
বাঃ বাঃ কি যে মজা
আৰু এটা কোৱা
মাত নাই, মানুহ আছে
নাম এটা দিয়া৷
ইস্  ৰাম, ভয় লাগে
ক’বলৈ মৰিশালি
থাকক আজি ইমানতে
সাঁথৰৰ মিতিৰালি৷
------------------------ 

 
ঠিকনা:
অত্ৰেয়ী গোস্বামী
তিতাবৰ,যাৰহাট
মাবাইলঃ ৯১০১৫৩৫৭৭৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ