অন্যযুগ/


নেহাঁহিবি মোক সোঁচৰিব তোক

মঞ্জিত হাজৰিকা


কঁঠাল গছত উঠি মলুৱাই
পকা কঁঠাল খাই,
গোটেই গাতে লাগিল এঠা
এৰুৱাৰ উপায় নাই।।


এৰুৱাব নোৱাৰি কঁঠাল এঠা
মলুৱা জXপিয়াই ফুৰে,
তাকে দেখি কেৰ্কেটুৱাই
ধেক‌্ ধেকাই হাঁহে।।


খঙত মলুৱাই কেৰ্কেটুৱাক
খেদা মাৰি মাৰি যায়,
বাঁহত উঠি কেৰ্কেটুৱাই
নেগুৰ জোঁকাৰি চাই।।


মলুৱাই বোলে নেৰিছোঁ তোক
এসেকা নিদিয়াকৈ,
এই বুলি বাঁহৰ জোপাতে
মলুৱা উঠিলগৈ।।


কথা বিষম দেখি কেৰ্কেটুৱাই
মাৰিলে দীঘল জাঁপ
ধৰিব নোৱাৰি বাঁহৰ এচাৰিত
পৰি পালে সন্তাপ।।


হাঁহি হাঁহি মলুৱাই বোলে
এতিয়া কেনে মজা,
মোৰ নিচিনাকৈ তোৰ গাতো
লাগিল কঁঠালৰ এঠা।।


ঘটনাৰপৰা কেৰ্কেটুৱাই
বুজিলে এটি কথা,
মলুৱাক দেখি হঁহাৰ বাবেই
তাৰো হ'ল একে দশা।।


ঠিকনা : 
ৰজাবাৰী গাঁও
উজনী ৰজাবাৰী
যোৰহাটউজনী ৰজাবাৰী,
6000709096,
monjitmonjit444@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ