অন্যযুগ/


নৱীন কবিলৈ চিঠি

                                                             Letters to a Young Poet

মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে
এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ :
 ৰমানন্দন বৰা

অষ্টম চিঠি

বৰ্গবাই গাৰ্ড, ফ্লেডি, চুইডেন, ১২ আগষ্ট, ১৯০৪    

       তোমাৰ কামত অহা বিধৰ বৰ বিশেষ কথা ক’বলৈ আজি মোৰ বিশেষ নাই, মৰমৰ কাপ্পাছ৷ তুমি বহু মহৎ বিষণ্ণতা লাভ কৰিছা আৰু সেইবোৰ পাৰ হৈ গৈছে৷ তুমি কৈছা যে এইবোৰক অতিক্ৰম কৰাটো বৰ কষ্টকৰ আৰু তোমাক (ইহঁতে) বিধ্বস্ত কৰি গৈছে৷ কিন্তু অনুগ্ৰহ কৰি মন কৰিবা এই বিষাদ তোমাৰ সত্তাৰ ভিতৰেদি পাৰ হৈ গৈছেনে? তুমি বিষাদগ্ৰস্ত হৈ থাকোঁতে তোমাৰ মাজত কিবা পৰিৱৰ্তন হৈছেনে? তোমাৰ সত্তাৰ কোনোবাখিনিত কিবা পৰিৱৰ্তন হৈছেনে? কেৱল সেই বিষাদহে ভয়ংকৰ আৰু অপকাৰী যি মানুহলৈ অনিষ্টকাৰী কিবাকিবি কঢ়িয়াই আনে আৰু বুৰাই পেলায়৷ যেনেকৈ নৰীয়াৰ কথা ক’ব পাৰি, বৰ উপৰুৱাকৈ আহে, মূৰ্খামিৰে কৰা চিকিৎসাৰ ফলত কেৱল থিতাতে আঁতৰি যায় সামান্য বিৰতিৰ পাছত আকৌ বেছি তীব্ৰতাৰে ভয়ংকৰ হৈ দেখা দিয়ে, অৱজ্ঞা কৰিলে সি বাঢ়ি যায়, আৰু মৃত্যু ঘটায়৷ আমি আমাৰ জ্ঞানে ঢুকি পোৱাতকৈ অধিক নেদেখোঁ৷ তথাপি আমি বোধকৰোঁ  সৰগীয় কাম-কাজৰ উৰ্ধ্বত আমাৰ বিষাদক আনন্দতকৈ অধিক বিশ্বাসযোগ্যতাৰে সহ্য কৰা উচিত৷ কাৰণ এইকেইটা এনেকুৱা মুহূৰ্ত, য’ত আমাৰ ভিতৰলৈ নতুন কিবা এটা প্ৰৱেশ কৰে, অচিনাকি‍ কিবা এক লাজুক বিবুধিত পৰি আমাৰ অনুভূতি নীৰৱ হয়, আমাৰ ভিতৰৰ সকলো অসাৰ হয়, এটা নিস্তব্ধতা আহে, কোনেও নজনা নতুন কিবা এটা ইয়াৰ মাজত দেখা দিয়ে, সকলো শান্ত হয়৷

       মই ভাবোঁ যে আমাৰ প্ৰায় সকলো বিষাদ আচলতে পীড়াৰ মুহূৰ্ত, য’ত আমি নিজকে নিশ্চল যেন অনুভৱ কৰোঁ, কাৰণ আমি আমাৰ আচৰিত অনুভূতিবোৰ নুশুনা হওঁ৷ আমি সকলো অকলশৰীয়া হওঁ এই অপৰিচিত (alien) বস্তুটোৰ সৈতে যিটো আমাৰ সত্তাৰ ভিতৰলৈ প্ৰৱেশ কৰে৷ কাৰণ আমাৰ অন্তৰংগ আৰু অভ্যস্ত সকলো মুহূৰ্তকে আমাৰ পৰা আঁতৰাই নিয়া হয়, কাৰণ আমি এনে এটা পৰিৱৰ্তনৰ মধ্যস্থলত থাকোঁ যে আমি থিয় হৈ থাকিব নোৱাৰোঁ৷ এই কাৰণতে বিষাদো আঁতৰি যায়, ন ন বস্তু আমাৰ অন্তৰৰ ভিতৰত প্ৰৱেশ কৰে, তাৰো ভিতৰত আমাৰ ৰক্তকণিকাত সোমাই পৰে৷ এইটো কি আমি নাজানো৷ সহজতে আমি তাৎক্ষণিকভাৱে অনুভৱ কৰোঁ যে একো ঘটা নাই, দৰাচলতে আমি কিন্তু ঘৰলৈ আলহী আহিলে ঘৰখনত হোৱাৰ দৰেই সলনি হওঁ৷ কোন আহিছে আমি ক’ব নোৱাৰোঁ, সম্ভৱতঃ আমি নাজানিমো, কিন্তু বিভিন্ন ইংগিতে আমাক জনায় যে আমাৰ মাজলৈ ভৱিষ্যতটো সোমাই আহিছে, যিটোৱে নিজে অহাৰ যোগেদি আমাৰ মাজত আগতীয়া পৰিৱৰ্তনৰ সূচনা কৰিছে৷ সেই কাৰণে আমি বিষাদগ্ৰস্ত হওঁতে নিঃসঙ্গ আৰু মনোযোগী হোৱা অত্যন্ত প্ৰয়োজনীয়৷ কিয়নো দেখাত বৈচিত্ৰ্যহীন আৰু উকা যেন লগা এনে মুহূৰ্তবোৰত আমি যিমান অধিক শান্ত হ’ম, যিমান বেছি ধৈৰ্যশীল হ’ম, বিষাদত আমাৰ অন্তৰ যিমান মুক্ত কৰি ৰাখিম, যিমান গভীৰভাৱে, সিমানেই পোনপটীয়াকৈ আমাৰ মাজলৈ নতুনৰ প্ৰৱেশ ঘটে৷ আমি যিমানে ইয়াক নিজা আত্মসাৎ কৰিম, সিমানেই সি আমাৰ ‘ভৱিষ্যৎ’ হৈ উঠিব৷ যেতিয়া এদিন ই বাস্তৱায়িত হ’ব (ই আমাৰ মাজৰ পৰাই আনলৈ প্ৰসাৰিত হ’ব), তেতিয়া আমি অন্তৰাত্মাৰ সৈতে ইয়াৰ লগত অধিক সম্বন্ধিত হ’ম৷ এইটো প্ৰয়োজনীয়৷ এইটো এই কাৰণেই জৰুৰী যে অধিক বিকাশৰ মাজেদি ভৱিষ্যতৰ যিটো মুহূৰ্তৰ বাবে আমি আগবাঢ়ি গৈ আছোঁ, সেই মুহূৰ্তটো আমালৈ আহোঁতে আমাৰ কোনো অপৰিচিতবোধ নহ’ব৷ কাৰণ আমি আমাৰ মাজত তাক আগৰে পৰাই ধাৰণ কৰিছোঁ৷ ইতিমধ্যে মুহূৰ্তৰ এই গতি সন্দৰ্ভত আমাৰ বহু আলাপ-আলোচনা হৈছে৷ সেয়ে আমি অনুভৱ কৰিম যে মানুহে ভাগ্য বুলি কোৱা ভৱিষ্যতৰ এনে মুহূৰ্ত আন মানুহৰ বাবে বাহিৰৰ পৰা আহিছে আৰু আমাৰ বাবে আমাৰ ভিতৰৰ পৰা উদ্ভৱ হৈছে৷ বহু লোকে যিহেতু অদৃষ্টক নিজৰ মাজত ধাৰণ কৰিব পৰা নাছিল সেয়ে তেওঁলোকে আচৰিত ধৰণে বিভ্ৰান্তিকৰ ভয়ত আচ্ছন্ন হয়৷ তেওঁলোকে ভাবে এইটো তেওঁলোকলৈ সেই মুহূৰ্তত আহিছে, কাৰণ তেওঁলোকে শপত খাই ক’ব যে তেনেকুৱা একো পৰিৱৰ্তনৰ কোনো বাৰ্তা আগতে পোৱা নাই৷ যেনেকৈ সূৰ্যৰ গতি সম্পৰ্কত মানুহে বহু যুগ ভুলকৈ ভাবি আছিল ঠিক তেনেকৈ আমিও আমাৰ ভৱিষ্যতৰ গতিৰ বিষযে ভুলকৈ ভাবি থাকোঁ৷ মৰমৰ শ্ৰীমান কাপ্পাছ, ভৱিষ্যৎ স্থিৰ হৈ আছে, আমিহে মহাশূন্যত অসীমলৈ যাত্ৰা কৰি আছোঁ৷

       এইটো আমাৰ কাৰণে কঠিন নহ’বনো কিয়?

       পুনৰ নিঃসঙ্গতাৰ প্ৰসঙ্গলৈ আহেঁ৷ এইটো স্পষ্ট যে আমাৰ অন্তৰৰ একেবাৰে তলিত থকা এনে কিবা নহয় যে আমি  ইচ্ছা কৰি তাক এৰিব বা ধৰিব পাৰোঁ৷ আমি নিঃসঙ্গ৷ আমি নহওঁ বুলি নিজকে প্ৰৱঞ্চনা কৰিব পাৰোঁ, কিন্তু আমি সকলো নিঃসঙ্গ বোলা ধাৰণা এটাৰেই আমি যদি আৰম্ভ কৰোঁ, আমাৰ নিজকে আচৰিত যেন লাগিব কিয়নো আমাৰ দৃষ্টি যাৰ সৈতে অভ্যস্ত আছিল, সেই আটাইবোৰ আঁতৰি যায়— সমীপত একো নাই আটাইবোৰ দূৰলৈ অসীমলৈ আঁতৰি গৈছে৷ নিজৰ কোঠাৰ পৰা মানুহক যদি কোনো আগতীয়া প্ৰস্তুতি বা পৰিৱৰ্তনৰ আভাস অবিহনেই বৃহৎ পৰ্বতমালাৰ সুউচ্চ শিখৰলৈ নি থিয় কৰোৱা হয় ঠিক তেনে এটা অনুভৱে, অ-ভাৰসম নিৰাপত্তাহীন এটা অপ্ৰকাশ্য ভীতিগ্ৰস্ততাই তেওঁক গ্ৰাস কৰিব৷ তেওঁ নিজকে ভাবিব যেন পতিত হৈছে বা মহাশূন্যলৈ অতি তীব্ৰতাৰে নিক্ষিপ্ত হৈছে, অথবা তেওঁৰ শাৰীৰটো হাজাৰটা টুকুৰা হৈ বিস্ফোৰিত হৈছে৷ এই মগজু নামৰ দানৱটোৱে তাৰ ইন্দ্ৰিয়ৰ এই অৱস্থা বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ কি কি যে আৱিষ্কাৰ নকৰিব৷ যিজন নিঃসঙ্গ হৈছে, তেওঁৰ বাবে  সকলো দূৰত্ব, সকলো জোখ-মাপ সলনি হয়৷ তাৰে কিছুমান তাৎক্ষণিকভাৱে হয়, তাৰ পাছত পৰ্বতৰ সু-উচ্চ শৃংগত সেই মানুহজনৰ অসাধাৰণ কল্পনা, একাকিত্বৰ শিহৰণ সহ্যাতীতভাৱে বাঢ়ি আহে৷ এনে অনুভৱ কৰাটোও সকলোৰে বাবে দৰকাৰী৷ আমি আমাৰ অস্তিত্বক এনে ধৰণে বিস্তৃতি প্ৰদান কৰি অনুভৱ কৰিব লাগে যাতে নজনা-নুশুনা আটাইবিলাকো ইয়াত সমাহিত হ’ব পাৰে৷ ইয়াৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল সাহস— আশ্বৰ্যৰ চূড়ান্ত একক, অতিশয় বৰ্ণনাতীত কিবা এটা মুখামুখি হোৱাৰ সাহস৷  এই ক্ষেত্ৰত মানৱ জাতিৰ ভীৰুতাই জীৱনক অশেষ অন্তহীন ক্ষতি কৰিছে৷ আমি দৈনন্দিন ৰাজ্যত সন্মুখীন হোৱা অভিজ্ঞতাসমূহ যেনে দৃষ্টিভঙ্গী (visions), আধ্যাত্মিক জগত, মৃত্যু আদিক এনেদৰে জীৱনৰ পৰা আঁতৰাই পেলোৱা হৈছে যে ইন্দ্ৰিয়ৰ জৰিয়তে আমি যিবোৰক আয়ত্তলৈ আনিব পাৰিলোঁহেঁতেন সেইবোৰক প্ৰতিৰোধ কৰাৰ যুঁজত একেবাৰে শক্তিহীন আৰু অকামিলা হৈ উঠোঁ৷ ভগৱানৰ কথা নকলোঁৱেই বা৷ কিন্তু এই বৰ্ণনাতীত কিবাটোৱে ব্যক্তিৰ অস্তিত্বক তেনেই সীমাৱদ্ধ কৰি ৰাখিছে, ব্যক্তি আৰু ব্যক্তিৰ মাজৰ সম্বন্ধ সংকুচিত কৰিছে৷ যদিওবা ইয়াক অনন্ত সম্ভাৱনাৰ নদীৰ বুকুৰ পৰা তুলি নি পাৰৰ আবাদী মাটিত পুতি থ’লেও, তাৰ পৰা একো উৎপন্ন নহয়৷ ইয়াৰ বাবে মানুহৰ মানৱীয় সম্পৰ্কৰ পুনৰাবৃত্তিৰ ফলত হোৱা বৰ্ণনাতীতভাৱে বৈশিষ্ট্যহীন আৰু নতুনত্বহীন জড়তাই জগৰীয়া নহয় বৰং এটা নতুন অদৃশ্যমান অভিজ্ঞতাৰ সৈতে মোকাবিলা কৰিবলৈ যোগ্যতা সম্পৰ্কে লজ্জাবোধ এই ক্ষেত্ৰত প্ৰভাৱশীল৷ কিন্তু যিজন সকলোৰে বাবে প্ৰস্তুত, যি একোকে সাৰি যাবলৈ নিদিয়ে, আনকি পৰম ৰহস্যময় কিবা এটাকো তেওঁ নিজৰ সমস্ত অভিজ্ঞতাৰে সাঙুৰি এনে এটা সম্পৰ্ক জীয়াই ৰাখিব পাৰে৷ যদি আমি এজন মানুহৰ অস্তিত্বক এটা ডাঙৰ বা সৰু কোঠা হিচাপে গণ্য কৰোঁ তেনেহ’লে প্ৰায় সকলো মানুহে কোঠাটোৰ চুক এটা বা খিৰিকীৰ কাষৰ ঠাইকণ বা তেওঁ খোজকাঢ়ি থকা মজিয়াৰ ঠাইকণহে জানিবলৈ সক্ষম হ’ব৷ সেইখিনিত তেওঁলোকৰ এক নিৰাপত্তা থাকে৷ কিন্তু ভয়ংকৰ নিৰাপত্তাহীনতাটো হৈছে মানৱতা, যি পো-ৰ গল্পৰ কাৰাবন্দীবোৰক পোতাশালৰ পৰা বাহিৰলৈ আনি ৰাস্তাত আহাৰ খুৱাবলৈ বিচাৰে৷ আমি অৱশ্যে কাৰাবন্দী নহয়৷ আমাক ধৰিবলৈ কোনো ফান্দ বা বন্দীশাল সাজু কৰা নাই, আমাক আতংকিত কৰিবলৈও একো নাই৷ জীৱনত আমি যিবোৰ উপাদানৰ সৈতে ভালকৈ সম্পৰ্কিত হ’ব পাৰোঁ, আমাক সেইবোৰকে দিয়া হৈছে৷ হাজাৰ বছৰ ধৰি সমিলমিলেৰে এই গঢ় লৈছে৷ যদি আমি স্তব্ধ হওঁ, তেনেহ’লে সুখদায়ক অনুকৰণেৰে, আমি নিজকে আমাৰ চৌপাশৰ বস্তুবোৰৰ পৰা পৃথক কৰিব নোৱাৰোঁ৷ আৰু আমি চৌপাশৰ পৃথিৱীখনক অবিশ্বাসত লোৱাৰ কোনো যুক্তি নাই, কাৰণ এইখন আমাৰ বিৰোধী নহয়৷ যদিহে ইয়াত সন্ত্ৰাস আছে, সেইটো কেৱল আমাৰহে; যদি বিপদ আছে, আমাৰে বিপদ৷ সেয়ে সেইবিলাকক আমি ভাল পাবলৈ যত্ন কৰিব লাগে৷ যদি আমাৰ জীৱনটো আমি এই নীতিৰে পৰিচালনা কৰোঁ তেন্তে আমি কঠিন দিশেৰে চলিব পাৰিম৷ তেতিয়া আমি দেখিম আমাৰ বাবে আটাইতকৈ অপৰিচিত বস্তুবোৰো আমাৰ আটাইতকৈ বিশ্বাসী আৰু নিৰ্ভৰযোগ্য হৈ উঠিছে৷ মানুহৰ সৃষ্টিৰ আদিতে যিবোৰ পুৰাকথা আছিল, সেইবোৰ আমি কেনেকৈ পাহৰোঁ— ড্ৰেগনৰ পুৰাকথাবোৰ যি অৱশেষত এজনী ৰাজকুমাৰীলৈ ৰূপান্তৰিত হয়৷ আমাৰ জীৱনৰ ড্ৰেগনবোৰো আচলতে একোগৰাকী ৰাজকুমাৰী যি আমাক সুন্দৰ আৰু সাহসী ৰূপত চাবলৈ অপেক্ষা কৰি আছে৷ সম্ভৱ প্ৰতিটো ভয়ংকৰ বস্তুৰ ভিতৰত অসহায় কিবা এটা থাকে, যি আমাৰ সহায় ভিক্ষা  কৰে৷ 

       সেই বাবে শ্ৰীমান কাপ্পাছ, তোমাৰ সন্মুখলৈ ৰুক্ষ ৰূপত বিষাদ আগ বাঢ়ি আহে, যদি এক আমনি, ৰ’দ-ডাৱৰৰ ছাঁৰ দৰে বাহুৱেদি বা তোমাৰ সমগ্ৰতাৰ ওপৰেদিও পাৰ হৈ যায় ভয় নাখাবা৷ তুমি ভাবিব লাগিব যে তোমাৰ কিবা এটা হৈছে, জীৱনে তোমাক পাহৰি যোৱা নাই, জীৱনে তোমাক হাতত তুলি লৈছে, তোমাক কেতিয়াও তললৈ পৰি যাবলৈ নিদিয়ে৷ যিকোনো প্ৰতিকূলতা, দুখ-শোকক আমি জীৱনৰ পৰা কিয় দুৱাৰ বন্ধ কৰি আঁতৰাই ৰাখোঁ, সিহঁতে আমাক কি দিয়ে প্ৰকৃততে নজনাকৈয়ে? এইবোৰ কিয় আহে বা এইবোৰ আহিবইনে ভাবি তুমি নিজকে কিয় শাস্তি দিয়া? যিহেতু তুমি জানিছা যে এটা পৰিৱৰ্তনৰ মাজত তুমি আছা তাৰ বাহিৰে তুমি অন্য একো নিবিচাৰিবা৷ যদি অতিশয় কষ্টকৰ কিবা এটা অনুভৱ কৰাঁ তেন্তে জানিবা তোমাৰ সেই অসুস্থতাৰ অৰ্থ হ’ল তোমাৰ ভিতৰৰ কোনো এটা তাৎপৰ্য বাহিৰা অপকাৰী বস্তুবোৰৰ পৰা মুক্ত হৈছে৷ সেয়ে বিকাশৰ পথত এনে অসুস্থতাক আমি সদায় বৰণ কৰিব লাগে যাতে পূৰ্ণাঙ্গ ৰূপত প্ৰকাশ পাই পূৰ্বৰ সাঁচটো ভাঙিব পৰা যায়৷ শ্ৰীমান কাপ্পাছ, যদি এইবোৰ তোমাৰ মাজত সংঘটিত হৈছে তেন্তে তুমি এজন ৰোগীৰ দৰে ধৈৰ্যশীল আৰু আৰোগ্য হ’বলৈ ধৰা মানুহৰ দৰে দৃঢ়বিশ্বাসী হ’ব লাগিব৷ আশা কৰোঁ তোমাৰ মাজত এই দুয়োটাই আছে৷ তদুপৰি তুমিয়েই তোমাৰ চিকিৎসক৷ তুমি নিজকে পৰ্যবেক্ষণ কৰিব লাগিব, চোৱা-চিতা কৰিব লাগিব৷ যদি এনেকুৱা হয় যে চিকিৎসকে ৰোগটো ভাল কৰিব পৰা নাই, তেনেহ’লে ধৈৰ্য ধৰিব লাগিব৷ মনত ৰাখিবা তোমাৰ চিকিৎসক তুমিয়েই, এইটোৱেই আচল কথা৷

       নিজকে অতি বেছি পৰ্যবেক্ষণ কৰিও নাথাকিবা৷ খুব খৰটকীয়া সিদ্ধান্তও নল’বা৷ মাথোন যি হৈছে হ’বলৈ দিয়াঁ৷ নহ’লে বা তুমি অতীতক লৈ অনুশোচনা কৰিব লগা হ’ব পাৰে (অৱশ্যেই নৈতিকভাৱে) কাৰণ তোমাৰ মাজত এতিয়া যি ঘটিছে, সি তোমাৰ প্ৰকৃতিগতভাৱে সিদ্ধ৷ তোমাৰ শিশুকালৰ কিছুমান ভুল, কিছুমান আশা-আকাংক্ষাই এতিয়াও তোমাৰ মাজত কাম কৰি আছে, যিটো তোমাৰ মনত নাই, কিন্তু তাক বেয়া বুলি দোষ দিবও নোৱাৰা৷ এটি অসহায় অকলশৰীয়া ল’ৰাৰ সৰু কালছোৱাত বিভিন্ন প্ৰভাৱে ইমান বেছিকৈ ক্ৰিয়া কৰে, জীৱনৰ প্ৰকৃত বস্তুবোৰৰ পৰা ইমানকৈ আঁতৰি থাকিব লগা হয় যে কেতিয়ানো এটা পাপ সোমাই পৰে, গম ধৰা টান৷ নামৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগে, কোনো এটা বেয়া কামক এটা নাম দিয়াৰ বাবে জীৱনটোৱেই টুকুৰা-টুকুৰ হ’ব পাৰে৷ কাৰণ নামবিহীন আৰু সেই সময়ত জীৱনৰ বাবে অতি আৱশ্যকীয় ব্যক্তিগত কাৰ্যকো ই নিজৰ মাজত সুমুৱাই ল’ব পাৰে৷ তোমাৰ শক্তি ইমান বেছি ক্ষয় এই কাৰণেই হয় যে তুমি জয়লাভক প্ৰয়োজনাধিক মূল্য দিছা৷ তুমি ভবাৰ দৰে জয়  ‘মহৎ বস্তু’ নহয়৷ সেইটোৱেই আচল কথা যি সত্য আৰু প্ৰকৃত বস্তুটোক এই ভ্ৰান্তিৰ পৰা আঁতৰাই প্ৰতিষ্ঠা কৰিছে৷ তাৰ অবিহনে তোমাৰ জয় হ’ব এটা নৈতিক প্ৰতিক্ৰিয়া যাৰ কোনো বিশেষ গুৰুত্ব নাই৷ কিন্তু ই তোমাৰ জীৱনৰ এটা অংশ হিচাপে আহিছে, শ্ৰীমান কাপ্পাছ, তোমাৰ বহু আশাৰ ফলস্বৰূপে৷ তোমাৰ মনত পৰেনে, এই মহতৰ কাৰণে তোমাৰ শৈশৱৰ জীৱনটোৱে কেনে আকূতি কৰিছিল? মই ভাবোঁ এতিয়া এই ‘মহৎ’ এতিয়া ‘মহত্তৰ’-ৰ দিশত  ধাৱিত হৈছে৷ সেই কাৰণে এইটো বৰ কষ্টকৰ নহ’ব, একে কাৰণতে ইয়াৰ বিকাশো ৰুদ্ধ নহ’ব৷

       তোমাক ক’ব লগা আন এটা কথা হ’ল: তুমি  নাভাবিবা যে তোমাক কিবা এটা উপকাৰ কৰিব পৰা এই সহজ-সৰল কথাকেইটা কৈ থাকোঁতে তোমাক সান্ত্বনা দিয়া মানুহজন যন্ত্ৰণাবিদ্ধ হোৱা নাই৷ তেওঁৰ জীৱনতো এনে কষ্ট আৰু বিষাদ আছে যি তোমাতকৈও তীব্ৰ; নহ’লে তেওঁ এই শব্দবোৰ বিচাৰি নাপালেহেঁতেন৷

তোমাৰ 

ৰেইনাৰ মাৰিয়া ৰিল্কে

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ