অন্যযুগ/


‘বাঘৰাণী খইৰী’

বাঘিনীৰ সত্য জীৱন কাহিনী
বাঘৰাণী খইৰী
মূল : অখিল মোহন পট্টনায়ক

অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম


শিম্‌লিপাল।

উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ এক ঘূৰণীয়া পাহাৰীয়া অঞ্চল। ক্ষেত্রফল প্রায় তিনিহাজাৰ বৰ্গ কিলমিটাৰ। এই অৰণ্যাঞ্চল শালগছেৰে ভৰা। কোনো ঠাইত ঘন, কোনো ঠাইত সেৰেঙা। আকৌ কোনো ঠাইত যদি বেছ শকত আৰু ওখ, কোনো ঠাইত সৰু আৰু নিশকতীয়া। শালগছৰ অৰণ্যৰ মাজে মাজে মিলিজুলি আছে একো-একোজোপা শিমলুগছ। ফুল ফুলাৰ বতৰত শিমলুৰ টিক্‌টিকীয়া ৰঙা ফুলবোৰে মেলি থোৱা ছাতিৰ দৰে শিম্‌লিপাল অৰণ্যৰ ঠায়ে ঠায়ে ছানি ধৰে। এই অৰণ্যখনৰ প্রকৃত নাম আছিল শিমলু পাহাৰ। কালক্রমে মানুহৰ মুখ বাগৰি হলগৈ শিম্‌লিপাল। 

এই অৰণ্যৰ উৰ্বৰ মাটি আৰু নৈ-নলাৰ বছৰজোৰা পানীৰ বাবে গছ, জীৱ-জন্তু আদিৰ জীৱন বিকাশ বেছ সহজ। ইয়াত যিদৰে বহু প্রকাৰৰ গছ-গছনি, জোপোহা, লতা আদি দেখা যায়। ঠিক সেইদৰে অনেক প্রকাৰৰ পশু-পক্ষী, সাপ-গুঁই আদিও দেখা যায়। সেইবোৰৰ প্ৰকাৰ গণি গণি শেষ কৰিব নোৱাৰি। ঘূৰি-পকি চালে এনে লাগিব যেন প্রকৃতিয়ে সমস্ত শোভা-সম্পদ অকৃপণভাৱে শিম্লিপালতে উজাৰি দিছে। আমাৰ মানুহবোৰৰ দৰেই প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চলিছে এক নিৰৱচ্ছিন্ন নীৰৱ প্রতিযোগিতা। পুৰণা বুঢ়া গছক একো একোজাক প্রচণ্ড ধুমুহা আহি মাটিত শুৱাই দিয়ে। নহলে নতুন নতুন গছ বাঢ়িব কেনেকৈ ? নহলে শিম্‌লিপালোতো বুঢ়া হৈ যাব! কিন্তু প্রকৃতি জানো কৰবাত কেতিয়াবা বুঢ়া হয়? গছৰ গাত লতা বগাই গৈ গছৰ ডিঙি চেপি মাৰি নিজে বাঢ়ে। ডাঙৰ চৰায়ে আহি সৰু চৰাইৰ কণী চুৰ কৰি নিয়ে। এই ঠাই ঢেঁকীয়াপতীয়া বাঘ আৰু হাতীৰ চোং। হাতীৰ পোৱালিক হাতীৰ দলে খুব সতর্কভাৱে‍ চাৰিওফালৰ পৰা আৱৰি ৰাখি আগুৱাই নিয়ে।

কিন্তু ঢেঁকীয়াপতীয়া বাঘ চোপ লৈ থাকে। কুমলীয়া হাতীপোৱালিৰ মাংস তাৰ অতি প্রিয়। এদিন নহয়, দুদিন নহয় একেৰাহে চাৰি-পাঁচদিন ধৰি সি হাতীৰ দলটোৰ পিছ লয়। আৰু সামান্য সুৰুঙা পালেই বিজুলীবেগে হাতীৰ দলটোৰ মাজত সোমাই পৰি হাতীপোৱালিৰ পি‍ছঠেঙৰ ৰক্তবাহী ধমনী একোডাল একে কামোৰে ছি‍ঙি দৌৰ মাৰে।

হাতীবোৰে মৰা পোৱালিটো এৰি থৈ গুচি গলে বাঘে তাৰ ভোজ খাবলৈ আহে। এই প্রতিযোগিতা প্রতিনিয়ত চলে। 

শিম্‌লিপালৰ কঁকালৰ টঙালিৰ দৰে পাহাৰী নৈ খইৰী শিলে শিলে নাচি নাচি বৈ গৈছে। এই নদীৰ পাৰতে আমাৰ খইৰীক পোৱা গৈছিল বাবেই তাইৰ নাম খইৰী। প্রথমে যিদিনা এই ঢেঁকীয়াপতীয়া বাঘৰ পোৱালিটো পোৱা গৈছিল, তাইৰ ওজন আছিল ছয় কিল’ দুশ গ্রাম আৰু তাইৰ নাকৰ আগৰ পৰা নেজৰ আগলৈকে দীঘলে আছিল মাত্র আঠাশী চেণ্টি‍মিটাৰ। যেন মৰমলগা অকণমানি বাঘিনীজনীহে।

তাই কিন্তু এতিয়া আৰু কণমানিজনী হৈ থকা নাই। তাই তিনি বছৰ পূর্ণ কৰিলে। বর্তমান তাই দীঘে দুশ বাসত্তৰ চেণ্টি‍মিটাৰ, ওজন দুশ কিল’গ্রাম আৰু একানব্বৈ চেণ্টি‍মিটাৰ ওখ। সাধাৰণ বাঘিনী এজনীতকৈ যথেষ্ট ডাঙৰ। সেই অহাৰ দিনাৰ পৰা আজিলৈকে প্রতিদিনে তাইৰ সম্পর্কে সকলো কথা আৰু তাইৰ গতি-বিধিৰ সকলো সূক্ষ্ম পর্যবেক্ষণ টুকি ৰখা হৈছে। এই বছৰকেইটাৰ ভিতৰত খইৰীয়ে আমাক বাঘৰ বিষয়ে বহু গুৰুত্বপূর্ণ তথ্য যোগান ধৰিছে। যি পূর্বৰে পৰা চলি অহা বাঘ সম্পর্কীয় বহুতো অন্ধবিশ্বাস আৰু ভ্রমাত্মক তথ্যক ভুল প্রমাণিত কৰে।

খইৰীৰ আকাৰ সম্পর্কে যিবোৰ তথ্যভিত্তিক ৰেখাচিত্র প্রস্তুত কৰা হৈছে, সেইবোৰৰ ভিত্তিত পি‍ছুৱাই গৈ অনুমান কৰিব পৰা যায় যে তাইৰ জন্মৰ তাৰিখ পাঁচ আগষ্ট, উনৈছ শ চৌসত্তৰ চন। তাই বোধকৰোঁ মাকৰ একমাত্র সন্তান আছিল। নহ’লে তাই কিজানি ইমান ডাঙৰ আৰু গধুৰ নহ’লহেঁতেন। কিন্তু আমাৰ ওচৰলৈ প্রায় দুমাহৰ পাছত আহোঁতে লেৰেলি-শুকাই তাই একেবাৰে খীণ-মীন আছিল। পাছত গম পাইছিলোঁ যে বেচেৰীজনীৰ পেটৰ ভিতৰত পেলু হৈছিল। তাই কিজানি মাকৰ ওচৰতে থাকি মানুহৰ যত্ন নোপোৱা হ’লে বাচি নাথাকিলেহেঁতেন। এই কৃমিৰ আজাৰৰ বাবে বহুতো বাঘপোৱালি জন্মৰ তিনি চাৰিমাহৰ ভিতৰতে মৰে। ডাঙৰ বাঘৰ পেটৰ ভিতৰত ঘূৰণীয়া কৃমি থাকিলে বাঘটোৱে খোৱা জীৱজন্তুৰ হজম নোহোৱা হাড় আৰু খহটা নোমত লাগি কৃমিবোৰ মলদ্বাৰেদি বাহিৰ হৈ যায়। কিন্তু কেৱল মাকৰ গাখীৰ আৰু কোমল মাংস খোৱা সৰু সৰু বাঘ পোৱালিৰ পেটৰ পৰা এইদৰে কৃমিবোৰ বাহিৰ হ’ব নোৱাৰে।

খইৰী আমাৰ লগতে থাকিছিল আৰু আমি যলৈকে যাওঁ, আমাৰ লগত তায়ো জীপত যায়। ৰাস্তাৰে গৈ থাকোতে বগলী একোটা মাৰি যদি জীপৰ পাছফালে থকা বস্তু-বাহনিৰ লগত ৰাখোঁ, তেনেহলে তিনিমহীয়া খইৰীয়ে গোন্ধ শুঙি শুঙি সেইটো বিচাৰি আনে আৰু লুকুৱাই থোৱা বস্তু উলিয়াব পাৰিলোঁ বুলি তাই তাইৰ মানৱী-মাতৃৰ ওচৰলৈ গৈ দুটামান খৰ-বাগৰ মাৰি বাহাদুৰি দেখুৱায়। চাহ কৰিবলৈ বুলি আমূল স্প্ৰে গুলিবলৈ ললে কৰবাৰ পৰা আহি কাপটো লৈ যায়। গৰুৰ গাখীৰ উতলাই আলমাৰিৰ ওপৰৰ খাপত ৰাখিলে নাকটো দাঙি বতাহ শুঙি শুঙি কুঁ-কুঁৱাই তাই তাইৰ মানৱী-মাতৃক সেই গাখীৰ বিচাৰি কিমান যে খোচামতি নকৰে! আমাৰ ব্রেকফাষ্ট টেবুলৰ ওপৰত উঠি ইমানবোৰ খোৱাবস্তু থকা সত্ত্বে‍ও তাই কণীৰ পোচৰ কুহুমটো চেলেকি থৈ গুচি যায়৷

মাজে মাজে আমি শিম্‌লিপাল, ন-অনা বা চহলা ডাকবলাত থাকোঁ। কেতিয়াবা বান্দৰ পালে মাৰি ৰাখোঁ। কাৰণ আজিলৈকে আমাৰ খইৰীয়ে যিমানবিধ মাংস খাইছে, তাৰ ভিতৰত বান্দৰৰ মাংসই তাইৰ প্রিয়। খইৰী থকা কোঠাৰ পৰা তিনি চাৰিটা কোঠাৰ দূৰত্বত সেই মাংস লুকুৱাই ৰাখোঁ। কিন্তু তাইৰ পৰা জানো লুকুৱাই ৰখাটো সম্ভৱ? চাই থাকোঁতেই গোন্ধ লৈ লৈ গৈ কপাট খুলি ঠেং একোটা মুখেৰে কামুৰি লৈ আনি বাহিৰত মহাস্ফূর্তিত দেও দি ফুৰে। আকৌ একোবাৰ মাংসৰ টুকুৰা বাহিৰৰ জোপোহাৰ আঁৰত লুকুৱাই আমাৰ পোহনীয়া কুকুৰ ব্লেকিৰ লগত পূৰাদমে খেলাত লাগি পৰে। আকৌ কেতিয়াবা মন গ’লে খইৰী তাইৰ গুপ্ত স্থানলৈ চকুৰ পচাৰতে দৌৰি গৈ জোপোহাৰ আঁৰত লুকুৱাই থোৱা মাংসৰ টুকুৰা উলিয়াই টানি আনে। মাংসৰ গোন্ধত ব্লেকিৰো মুখৰ পৰা টোপ টোপকৈ লোভৰ পানী পৰে। খইৰীয়ে তাইকো অৱশ্যে ভাগ দিয়ে। আনকি একামোৰ-দুকামোৰ নিজে খাই বাকী ব্লেকিৰ মুখতে দিয়ে। তাৰ পাছত এই দৌৰি গৈ গছত উঠিলে, জোপোহাৰ ওপৰতে এই জাঁপ মাৰিলে, এই এইখিনিত লুকালে, এই সৌখিনিত এটা কিবা এটা খেদিলে তাইৰ ল’ৰামতীয়া খেলত তাই পুনৰ বিভোৰ।

অভিজ্ঞ বনবিষয়া শ্ৰীযুত চর্তুবেদীয়ে তেখেতৰ বাঘ সম্পর্কীয় কিতাপ এখনত লিখিছে যে বাঘৰ কাণৰ তীক্ষ্ণতা যদি সাত হয়, তেনেহ’লে চকু আৰু নাকৰ তীক্ষ্ণতা ক্রমে পাঁচ আৰু তিনি হয়। তেওঁ এই কথাত লিখিছে যে বাঘৰ ঘ্রাণশক্তি যদি কুকুৰৰ সমান তীক্ষ্ণ হ’লহেঁতেন, তেনেহ’লে এই দুনীয়াত জাকে জাকে কেৱল বাঘেই দেখা গ’লহেঁতেন। মহাৰাষ্ট্রৰ মেলঘাট ব্যাঘ্ৰ যোজনাৰ এখন পত্রিকাত তেওঁ লিখিছে যে বাঘৰ চকু আৰু কাণৰ শক্তি যদি এশ বুলি ধৰা যায়, নাকৰ শক্তি মাত্র ত্রিছ। আজিলৈকে বাঘ সম্পর্কীয় প্রায় সমস্ত লেখাই এই একে কথাকে কয়। কিন্তু কণমানিজনী হৈ থকাৰে পৰা মোৰ খইৰীয়ে প্রমাণ কৰি আহিছে যে তাইৰ ঘ্রাণশক্তি দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিতকৈ অনেক বেছি।

আমি এবাৰ বিশ্ববিখ্যাত পক্ষীবিদ চালিম আলিক আনিবৰ বাবে টাটানগৰলৈ‍ গৈছোঁ। আমাৰ লগতে খইৰীও ওলাল। টাটানগৰত থাকোঁতে কৌতুক কৰি ৰং চাবলৈ তাইৰ মাকে মিছাকৈয়ে মাতিলে— “ব্লেকি, ব্লেকি! খইৰীৰ লগত খেলিবি আহ। লগে লগে খইৰী খাটৰ তলৰ পৰা ওলাই আহি ঘৰৰ বাহিৰে-ভিতৰে ব্লেকিক বিচাৰিবলৈ ধৰিলে। তাইৰ প্রিয় বন্ধুক বিচাৰি নাপাই তাই পুনৰ মন মাৰি খাটৰ তলত শুই থাকিলগৈ।

তাৰ পাছৰদিনা আমি টাটানগৰৰ পৰা উভতি অহাৰ সময়ত ব্লেকিক চৌহদৰ ভিতৰৰ আম গছ এজোপাত বান্ধি ৰখা হৈছিল। বিগত নিশাত ব্লেকিয়ে এটা পোৱালি জন্ম দিছিল আৰু তাই কাকো পোৱালিৰ ওচৰ চাপিবলৈ দিয়া নাছিল। দূৰৰ পৰা আমাৰ গাড়ীৰ শব্দ শুনি ব্লেকিয়ে খুব জোৰেৰে ভুকিবলৈ ধৰিলে। জীপৰ পৰা নামি আমি ব্লেকিৰ ওচৰলৈ গ’লোঁ। তাই আমাক দেখি কুঁ-কুঁৱাই অনেক কাকূতি-মিনতি কৰি ভৰি সাবটি ধৰিলে। তাইক লগত লৈ নগ’লে প্রতিবাৰেই এনেদৰে নালিচ কৰাটো তাইৰ অভ্যাস। মই ক’লোঁ, “আমাৰ লগত যোৱা হ’লে ৰাষ্টাতে তোৰ মজা বাহিৰ হ’লহেঁতেন। চাওঁ, দেখুৱা তোৰ কেঁচুৱাটো। দেখুৱা কেনেকুৱা হৈছে।” ব্লেকিয়ে কত পোৱালি দেখুৱাব, কেৱল চেইনডালৰ পৰা মুকলি হ’বলৈ আঁজোৰ-পিজোৰ লগাবলৈ ধৰিলে। মই যেতিয়াই তাই ডিঙিৰ চেইনডাল খুলি দিলোঁ, একে কোবেই দৌৰি গৈ খইৰীৰ ওচৰ। এদিনীয়া কণমান পোৱালিটো আমাৰ কাষত এৰি ব্লেকি আৰু খইৰীয়ে বগৰা-বগৰি, জঁপিওৱা-জঁপি, দৌৰা-দৌৰি, লুকা-ভাকু খেলিবলৈ ধৰিলে আৰু সিহঁতৰ হৈ-হাল্লাত বঙলা তল-ওপৰ! 

এসময়ত মই গৈ ব্লেকিক মাতি আনি তাইৰ পোৱালিটোক তাইৰ কোলাত দিলোঁ। ইফালে মোৰ পাছে পাছে আহিছে খইৰী। তাই ওচৰলৈ আহিব বুলি ব্লেকিয়ে পোৱালিটো আৱৰি ধৰি বাঘিনীক ঘেং কৰি এক ধমক দিলে। খইৰীয়ে দুহাত দূৰৈত দীঘল দি পৰি তেনেকৈয়ে বহি ৰল। সেই সময়ত খইৰীৰ ওজন ত্রিছ কিল’গ্রাম, ব্লেকিৰ ওজনৰ আঢ়ৈ গুণ। কিন্তু বাঘিনীৰ চকুত অপাৰ কৌতূহল, কি এনে অমূল্য নিধি ব্লেকিয়ে পাইছে যে ওচৰ চাপিবলৈকে নিদিয়ে? কিছু সময়ৰ পাছত খইৰী তাৰ পৰা উঠি আহি অন্যফালে গুচি গল।

তাৰ পাছদিনা ব্লেকিক যচ্ছিপুৰত এৰি খইৰীক লগত লৈ আমি গুচি গলোঁ চহলা জংগললৈ। তাত আমাৰ থকাৰ ব্যৱস্থা হল মাটি আৰু খেৰ-বাঁহৰ সৰু জুপুৰী ঘৰ এটাত। তাৰ শোৱাকোঠাটো আছিল দীঘলে-বহলে মাত্র ছয়হাতকৈ। গোটা বাঁহৰ দৰে কাঠৰ এখন চাং, তাতে খেৰেৰে মোটাকৈ তুলি বনাই বিছনাচাদৰ হিচাপে সঞ্চি পৰা হৈছে। চহলাৰ শীত সিম্‌সিমীয়া। অৰণ্যত আন্ধাৰ নামে সোনকালে। সামান্য আন্ধাৰ নামোতেই খইৰী ওচৰৰ জংঘলৰ পৰা উভতি আহি তাইৰ ৰাত্ৰিভোজন সমাপ্ত কৰি চাঙত উঠিল আৰু আটাইতকৈ কোমল আৰু উমাল ঠাই এটুকুৰা বাছি‍ লৈ শুই পৰিল। তাই বাগৰি বাগৰি গোটেই ৰাতি শোৱে। দুজন ডাঙৰ মানুহৰ শোৱাৰ ঠাই তাইকে লাগে। কেতিয়াবা মোৰ গাত ভৰি, নহলে তাইৰ মাকৰ ওপৰত হাত। কিন্তু সেই শীতত খইৰীৰ কাষত শুলে গাত গৰম পানীৰ বেগ লোৱাৰ দৰে উম লাগে। খইৰীৰ দেহৰ উত্তাপ আমাৰ দেহতকৈ চাৰি ডিগ্ৰী বেছি যে!

ঘোৰ জংঘল, নিঃশব্দ সিম্‌সিমীয়া শীতৰ ৰাতি। কেতিয়াবা টোপনি ভাঙি গলে কাষৰ জংগলৰ পৰা ভাহি আহে ফুটুকী হৰিণ, শিং থকা ডাঙৰ হৰিণা, শবৰ বন ছাগলীৰ মাত, নহলে হাতীৰ কাঁ-উ-তকৈ মতা দীঘল গর্জন। প্রায় সদায়ে সেই নিস্তব্ধ ৰাতি কাষৰ গছবোৰত নিউ-নিউকৈ ফেঁচাই মাতে৷

পূব আকাশত ফেঁহুজালি দিয়াৰ আগতে আমাৰ জুপুৰীৰ সন্মুখৰ গছৰ কোনোবা এটা ডালত মতা দয়াল চৰায়ে তাৰ গানেৰে হাবিখন মুখৰিত কৰি তুলিলে। দয়াল চৰাইৰ গান আৰম্ভ হোৱাৰ আগতেই আমাৰ এলার্ম ঘড়ীৰ ঘণ্টা বাজিছিল। চাহ খাই হাতত বাইনকুলাৰ লৈ চালিম আলি চাহাব বহু বিচিত্র চৰাই অনুসন্ধান কৰিবলৈ বাহিৰলৈ ওলাই গল। খইৰীও উঠিল দোকমোকালিতে। কিন্তু বিছনাতে সাৰে থাকি তাই এলেহুৱাৰ দৰে বহুত সময় বাগৰি থাকিল

মাজতে এবাৰ যচ্ছিপুৰলৈ গৈ ব্লেকি আৰু তাইৰ পুতেকক লৈ আনিলোগৈ। সেইদিনা ৰাতি ব্লেকি অহাৰ পাছত খইৰী নামি আহি এবাৰ ব্লেকি আৰু পুতেকক চাই পুনৰ উভতি গল তাইৰ উমাল চাঙত শুবলৈ। ব্লেকিয়ে তাইৰ পুতেকক লৈ জুহালৰ চৌকাৰ কাষত শুলে। তাৰ পাছদিনা দোকমোকালিতে এলার্ম ঘণ্টা বজাৰ আগতেই খইৰী চাঙৰ পৰা চুপ্‌চাপ্‌ নামি গল। ব্লেকিৰ গব্‌গব্‌ মাত শুনি মই লেমৰ ফিটাডাল বঢ়াই দি পাকঘৰলৈ চালোঁ। চৌকাৰ জুই ইতিমধ্যে নুমাল। ব্লেকিয়ে চৌকাৰ এটা খুঁটিত তাইৰ পুতেকক সাবটি উম দিছে। তাৰ কাষতে গা-ঘেলাই বহি ৰৈছে খইৰী। তাইৰ আগঠেং আৰু পি‍ছঠেঙৰ তলুৱা ব্লেকিৰ বিছনাত এই লাগে কি নালাগে। মুখত ওম তৎসম এটা শব্দ নাই। তাই অপলক দৃষ্টিৰে একাগ্র ভাবেৰে কোনো এটা বস্তুক চাই ৰল যিটো খইৰীৰ জাতিগত ধৰ্মৰ এটা নৈষ্ঠিক প্রমাণ। ব্লেকিয়ে ধীৰে ধীৰে ৰৈ ৰৈ গোঁ-গোঁৱাইছে; যেন কৈছে, যিমান বন্ধু হ’লেও খইৰীয়ে যেন তাইৰ পুতেকৰ গাত হাত নলগায়। কিন্তু খইৰীৰ চকুত কৌতূহল, “কোন সেইটো ব্লেকিৰ কোলাত?” তাই চকুত অনুনয়, “দেচোন, মোকো অকণমান লবলৈ দেনা।

লেমটো লৈ মই ভিতৰলৈ গলোঁ আৰু ব্লেকিক আদৰেৰে ক’লোঁ, “দে আকৌ, খইৰীকো এবাৰ অকণমান ল’বলৈ দে।” দুয়োৰে চকু মোৰ ওপৰত। ব্লেকি সামান্য ইতস্ততঃ, দিব নে নিদিয়ে। আৰু বাঘিনীৰ চকু খুব আশা ভৰা। মোৰো মনটো অলপ শংকিত, পোৱালিটো খইৰীৰ হাতত দিলে কিবা কৰে যদি! যি নহওঁক, মন টান কৰি ব্লেকিৰ কোলাৰ পৰা তাই পুতেকক নি যেতিয়াই খইৰীৰ কাষত তুলি ধৰিলোঁ, লগে লগে দুই আগহাতেৰে তাই পোৱালিটো থপিয়াই ল’লে। কুকুৰ পোৱালিটোৰ বয়স মাত্র চাৰিদিন, চকু মেলাই নাই। খইৰীয়ে পোৱালিটো ইফালে-সিফালে ঘূৰাই চালে, অলপমান শুঙি চালে, তাৰ পাছত পোৱালিটোৰ গাটো লাহে লাহে চেলেকিলে। নিজৰ আপোন মানুহক গোন্ধৰ দ্বাৰা বেলেগ বেলেগকৈ চিনি পাবলৈ তীব্র ঘ্রাণশক্তি থকা প্রায় সকলো জন্তুৱে এইদৰেই চেলেকে। কিন্তু খইৰীয়ে তাইৰ হাতোৰাৰ গোটেইবোৰ নখ সুমুৱাই ৰাখিছিল, নহ’লে সামান্য নখ লাগিলেও চাৰিদিনীয়া পোৱালিটোৰ দেহ ফালি দুফাল হ’লহেঁতেন। ব্লেকিয়ে চুপে-চাপে মোৰ ফালে চালে। খইৰীৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস ধীৰে ধীৰে আৰু দৃঢ় হ’বলৈ ধৰিলে।

পোৱালিটোৰ কুঁ-কাঁ একো নাই। খইৰীৰ খুব সৰু সৰু গুটি থকা জিভাৰে চেলেকোঁতে তাৰ কিজানি আৰাম লাগিছিল। খইৰীয়ে তাইৰ আগ দাঁতেৰে কুকুৰ পোৱালিটোৰ সোঁ কাণত লাহেকৈ কামুৰিলে। আকৌ আৰু অকণমান জোৰেৰে চাপ দিয়াত পোৱালিটো কাঁউ-কাঁউ কৰি উঠিল। লগে লগেই খইৰীয়ে কাণ কামুৰিবলৈ এৰি দি তাৰ গোটেই গাটো আকৌ এবাৰ ভালকৈ চেলেকি দিলে। এনেকৈ কিছু সময় খইৰীয়ে খেলিলে। ব্লেকিয়ে বোধকৰোঁ বুজি পালে, তাই তেনেকৈয়ে চাই থাকিল। তাইৰ চকুত বিৰক্তি বা সন্দেহ আৰু নাছিল।

কিছু সময়ৰ পাছত খইৰীৰ ওচৰৰ পৰা পোৱালিটো লৈ আনি তাৰ মাকৰ কাষত দিলোঁ। পোৱালিটোৱে গাখীৰ খাবলৈ ধৰিলে। খইৰী তাৰ পৰা উঠি গল৷


বাৰাণ্ডাত ৰদ পৰোঁতে মই কুকুৰ পোৱালিটো গাদীৰ সৈতে আনি ৰাখিলোঁ। ব্লেকিয়ে তাৰ পোৱালিটোক লৈ ৰদ পুৱাবলৈ ধৰিলে। কিছু সময়ৰ পাছত খইৰী তাত ওলালহি আৰু মাকৰ কোলাৰ পৰা পোৱালিটো লৈ গল। ব্লেকিয়ে বাধা নিদিলে। বোধকৰোঁ মনে মনে সুখী হল যে তাইৰ পুতেকে ভাল সংগ পাইছে। খইৰীয়েও ইয়াৰ পাছৰে পৰা ব্লেকিৰ পুতেকৰ লগতেই বেছি সময় খেলিবলৈ ধৰিলে।  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ