অন্যযুগ/


এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন

  ভাৰত বৰুৱা


 

উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্য পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই বায়ুমণ্ডলীয় পৰিস্থিতি আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল। সূৰ্য তাপ আৰু পোহৰে যিহেতু উদ্ভিদৰ ভিতৰভাগত হোৱা বহু ৰাসায়নিক কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় শক্তি প্ৰদান কৰে আৰু লগতে পাতৰ পৰা বাষ্পীভৱন বৃদ্ধি কৰে, সেয়ে বেছিভাগ উদ্ভিদৰ বাবে প্ৰচুৰ ৰদৰ প্ৰয়োজন হয়। পানীৰ বাষ্পৰ আৰু এক বিশেষ ভূমিকা হৈছে, বায়ুৰ মাজেৰে বিকিৰিত সূৰ্য ৰশ্মিৰ ৰাসায়নিকভাৱে সক্ৰিয় অংশক বাধা দি শস্যক ৰক্ষণাবেক্ষণ দিয়ে, গতিকে অধিক আৰ্দ্ৰতাসম্পন্ন অঞ্চলত শস্যৰ শ্ৰীবৃদ্ধি ভাল হয়। ফলৰ সূৰ্য-নিৰাময় এক ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়া, গতিকে  শস্যৰ গছবোৰ ফুলাৰ পৰা ফল পূৰঠ হোৱালৈকে ৰদ প্ৰচুৰ উপকাৰী। আনহাতে শাক-পাত জাতীয় শস্য, যেনে- পালেং, ব্ৰলি, আদিৰ বাবে অতিমাত্ৰাৰ সূৰ্য ৰশ্মি হানিকাৰকো হব পাৰে। ২০২২ চনৰ অক্টোবৰত য়ুনাইটেড নেশ্বনৰ ক্লাইমেট চেঞ্জ কনফাৰেঞ্চত (COP 27, 27th Conference of the Parties) বিশ্বৰ নেতাসকলে বিশ্বব্যাপি শক্তি-সংকটৰ সন্ধিক্ষণত, বৰ্ধিত ভোক আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাছে। শক্তি-সংকটৰ আৰু  ভোক নিৰাময়ৰ দ্বৈত সমস্যা সমাধানৰ ক্ষেত্ৰত এগ্ৰিভল্টেইক্সৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। নবীকৰণীয় শক্তি উৎপাদনৰ কৰা সৌৰফাৰ্ম আৰু কৃষি দুয়োটাকেই দক্ষতাৰে তথা লাভজনকভাৱে কৰাৰ বাবে বিস্তৰ পৰিমাণৰ ভূমিৰ দৰকাৰ হয়। সৌৰফাৰ্মৰ মালিক আৰু কৃষকে ইজনে সিজনৰ বিৰুদ্ধে ভূমিলৈ প্ৰতিদ্বন্দ্বিতা কৰাতকৈ অংশীদাৰী হিচাপে দুয়োটা উদ্যোগক আগবঢ়াই নিব পাৰিলে উল্লিখিত সমস্যাবোৰৰ ত্বৰান্বিত সমাধান পোৱা যাব।


 এগ্ৰিভল্টেইক্স কি ?

এগ্ৰিভল্টেইক্স কৃষি হৈছে সৌৰ পেনেলৰ তলত শস্যৰ খেতি কৰাৰ প্ৰথা। সাম্প্ৰতিক বৈজ্ঞানিক অধ্যয়নে দেখুৱায় যে এনেদৰে খেতি কৰিলে কিছুমান শস্য বিস্তৰভাৱে বিকশিত হয় আৰু লগতে ভূমিৰ ব্যৱহাৰ দুগুণ কৰি বিশ্বৰ বৰ্ধিত জনসংখ্যাক খাদ্য যোগান ধৰাত সহায়ক হব পাৰে আৰু লগতে ধাৰণক্ষম খাদ্য উৎপাদনৰ পথ সুচল হব পাৰে। 

১৯৮১ চনত এড’ল্ফয়েৎজবাৰ্গাৰ আৰু আৰ্মিন জাষ্ট্ৰোৱে এই এগ্ৰিভল্টেইক্স কৌশলটোৰ অনুধাৱন কৰিছিল। এগ্ৰিভল্টেইক্সে সৌৰ পেনেলৰ তলত শস্যৰ খেতি কৰা নতুবা অৰ্ধ-স্বচ্ছ সৌৰ পেনেলৰ দ্বাৰা নিৰ্মিত সেউজগৃহত শস্যৰ উৎপাদনক বুজায়।

দক্ষিণ কোৰিয়াৰ চননাম নেশ্বনেল য়ুনিভাৰ্ছিটিৰ গৱেষকসকলে ফটভল্টেইক পেনেলৰ তলত ব্ৰলি খেতি কৰি আহিছে। এই পেনেলবোৰ মাটিৰ পৰা ২-৩ মিটাৰ ওপৰত ৩০ ডিগ্ৰী কোণ কৰি বহুৱায়, যাতে শস্যৰ পুলিবোৰে ছাঁ লাভ কৰে। এই অধ্যয়নৰ পৰা দেখা গৈছে যে এনে ব্ৰলিৰ মান পৰম্পৰাগত ধৰণে উৎপন্ন কৰা ব্ৰলিতকৈ কম নহয় অথবা ইয়াৰ সোৱাদত কোনো বিশেষ পৰিৱৰ্তন হোৱা নাছিল। গৱেষকসকলে এইটোও দেখুৱাবলৈ সক্ষম হৈছে যে, উৎপাদিত ব্ৰলি পেনেলৰ ছাঁৰ বাবে গাঢ় সেউজীয়া ৰঙৰ হয়, যাৰ ফলত ই বহু সংখ্যক গ্ৰাহকৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰে। আনহাতে পূব-আফ্ৰিকাৰ কেনিয়াতো এগ্ৰিভল্টেইক্স প্ৰণালীয়ে কৃষকসকলক আগতে অব্যৱহৃত ভূমিৰ উপযুক্ত ব্যৱহাৰৰ সুযোগ আনি দিছে। কেনিয়াৰ এগ্ৰিভল্টেইক্স প্ৰকল্পত মাটিৰ পৰা কেইবামিটাৰ ওপৰত ৰখা সৌৰ পেনেলৰ ছাঁটোৱে পাছলিবোৰক তাপ, চাপ, আৰু পানীৰ ক্ষতিৰ পৰা সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰিছে। সাম্প্ৰতিক তথ্য অনুসৰি অৰ্ধ-স্বচ্ছ সৌৰ পেনেল থকা সেউজগৃহৰ কৃষিয়ে মুকলি পথাৰৰ খেতিতকৈ ১০ গুণ অধিক খাদ্য উৎপাদন কৰে, কিন্তু ইয়াৰ বাবে ১০ গুণ অধিক শক্তিৰও প্ৰয়োজন হব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাডৰ লংমণ্টত চহৰত ১.২ মেগাৱাটৰ এগ্ৰিভল্টেইক্স গৱেষণা কেন্দ্ৰত (জেকছ ছলাৰ গাৰ্ডেন), কৃষক আৰু বিজ্ঞানীসকলে সৌৰ পেনেলৰ আংশিক ছাঁত খেতি কৰিলে বিভিন্ন শস্যৰ উৎপাদনৰ খৰছ কিমান হয় সেয়া অধ্যয়ন কৰি আছে। জেকছ ছলাৰ গাৰ্ডেনে দুই একৰ ভূমিত কিছু বছৰ ধৰি এগ্ৰিভল্টেইক্স প্ৰণালীৰে শস্য উৎপাদন কৰি আহিছে। এই প্ৰক্ৰিয়াত ডেনভাৰ স্থিত স্প্ৰাউট চিটি ফাৰ্মছ, ৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি গৱেষণাগাৰ (National Renewable Energy Laboratory, NREL) আৰু এৰিজনা বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ লগত অংশীদাৰ হিচাপে গৱেষণাত সহযোগিতা কৰিছে আহিছে। বিশেষকৈ পাতজাতীয় শাক-পাচলি  সৌৰ পেনেলৰ ছাঁত লহপহকৈ বাঢ়ে আৰু অধিক সুস্বাদু হয়। স্প্ৰাউট চিটিয়ে একাধিক ফাৰ্ম ছাইটত কাম কৰে আৰু কৃষক বজাৰত আৰু এক সম্প্ৰদায় সমৰ্থিত কৃষি কাৰ্যসূচীৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰে। শক্তি বিভাগৰ ২০২১ চনৰ অনুমানৰ আধাৰত ২০৫০ চনৰ ভিতৰত সৌৰ পেনেলবোৰে ১১ নিযুত একৰ বা সংলগ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় আধা শতাংশ ভূমি এলেকা আৱৰিব বুলি অনুমান কৰা হৈছে। সচৰাচৰ দেখা যায় যে সৌৰ পেনেল বিকাশকাৰীসকলৰ কৃষিভূমি ওপৰত চকু থাকে, কিয়নো ই ইতিমধ্যে সমতল আৰু সাধাৰণতে ৰাস্তা আৰু ট্ৰেন্সমিশ্বন লাইনৰ ওচৰত থাকে। সৌৰ পেনেল বিকাশকাৰীসকলৰ বাবে পাহাৰ-পৰ্বত ভাঙি নতুন সমতল ভূমি তৈয়াৰ কৰা আৰু তালৈ ট্ৰেন্সমিশ্বন লাইনৰ সম্প্ৰসাৰ কৰা এক ব্যয়বহুল প্ৰক্ৰিয়া। আনহাতে এগ্ৰিভল্টেইক্স কৃষকসকলৰ বাবে এক বিত্তীয় আশীৰ্বাদও হব পাৰে যদি সৌৰ পেনেল বিকাশকাৰীসকলক কৃষিৰ ভূমি লীজত দিয়ে। কৃষকসকলে হয় সৌৰ পেনেলবোৰ প্ৰথমেই এক মূল্য দি কিনি গৰাকী হব পাৰে (যদিও বিনিয়োগৰ লভ্যাংশ পৰিশোধ কৰিবলৈ এক বা দুই দশক লাগিব), বা তেওঁলোকৰ ভূমি সৌৰ বিকাশকসকলক লীজত দিব পাৰে। ভূমি লীজত দিলে কৃষকসকলে প্ৰতি বছৰে প্ৰতি একৰত ১,০০০ ডলাৰৰ উপাৰ্জন কৰিব পাৰে। কৃষকৰ ভূমিত সৌৰপেনেল থাকিলে খেতি কৰা শস্যতকৈ প্ৰতি একৰত বহুত বেছি ধন উপাৰ্জনৰ কৰাৰ সম্ভানা থাকে। সৌৰশক্তি আৰু কৃষি দুয়োটাৰ বাবে ভূমিৰ সহ-বিকাশ ফলত এগ্ৰিভল্টেইক্সৰ বিশ্বব্যাপি স্থাপিত ক্ষমতা ২০১২ চনত ৫ মেগাৱাটৰ পৰা ২০২০ চনত প্ৰায়  ২৯০০ মেগাৱাটলৈ বৃদ্ধি পাইছে। এই বিকাশৰ এক সৰ্ববৃহৎ চালিকা শক্তি হৈছে অনা-কৃষিভূমিৰ নাটনি হোৱাৰ সময়ত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাত সহায়ক সৌৰ প্ৰকল্প নিৰ্মাণ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা। NREL-অৰ মতে, ২০৩০ চনৰ ভিতৰত, য়ুটিলিটি-স্কেল সৌৰফাৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ২ নিযুত একৰ ভূমি আৱৰি ৰাখিব। অৰিগেন ষ্টেট য়ুনিভাৰ্ছিটিৰ এক শেহতীয়া অধ্যয়নৰ পৰা এইটো অনুমান কৰা হৈছে যে মাত্ৰ ১ শতাংশ আমেৰিকান কৃষিভূমিক এগ্ৰিভল্টেইক্সলৈ ৰূপান্তৰ কৰিলেই দেশৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্য পূৰণ কৰাৰ লগতে পানী ৰাহি হব আৰু এক ধাৰণক্ষম, দীৰ্ঘম্যাদী খাদ্য প্ৰণালী সৃষ্টি হব। ইয়াৰ উপৰিও, এগ্ৰিভল্টেইক্সে একেধাৰে শস্য উৎপাদন, সৌৰ পেনেলৰ দক্ষতা আৰু লগতে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাও দেখা গৈছে।

কলৰাডৰ জেকছ ছলাৰ গাৰ্ডেনে নমষ্টে ছলাৰ (Namaste Solar) নামৰ এগ্ৰিভল্টেইক্স কম্পেনী এটাকেই কৃষিভূমি লীজত দি সৌৰ পেনেল স্থাপনৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যেই নমষ্টে ছলাৰে ১  মেগাৱাটৰ  লাৰ গাৰ্ডেন এখনৰ অভিযান্ত্ৰিক বিকাশ, ৰূপাঙ্কণ আৰু নিৰ্মাণৰ জৰিয়তে ফৰ্ট কলিঞ্চ চহৰক সৌৰ শক্তি যোগান ধৰি আহিছে।  জেকছ  লাৰ গাৰ্ডেনত নমষ্টে ছলাৰে ৩২৭৬ সৌৰ পেনেলেৰে ১.২ মেগাৱাটৰ সৌৰ প্ৰকল্প নিৰ্মাণ কৰি দিছে আৰু লগতে সংযোগ কৰিছে অভিযোজনযোগ্য সৌৰ ট্ৰেকাৰ।


এগ্ৰিভল্টেইক্সৰ প্ৰত্যাহ্বান

প্ৰথম প্ৰত্যাহ্বান : সাধাৰণতে সৌৰ পেনেলবোৰ মাটিৰ পৰা ২-ৰ পৰা ৩ ফুট ওখ হয়, এগ্ৰিভল্টেইক্স ব্যৱস্থাত সৌৰ পেনেলবোৰ অধিক উচ্চতাত স্থাপন কৰিব লাগে যাতে পৰ্যাপ্ত  সূৰ্য পোহৰ তলৰ গছ-গছনিত পৰেগৈ আৰু খেতিৰ সঁজুলিবোৰ সহজে অনা-নিয়া কৰিব পৰা যায়। জেকছ ছলাৰ গাৰ্ডেনৰ দৰে এগ্ৰিভল্টেইক্স ফাৰ্ম যদি গৱেষণাৰ স্থানো হয়, সৌৰ পেনেল আৰু সৌৰ ট্ৰেকাৰবোৰ বিভিন্ন উচ্চতাত স্থাপন কৰাৰ প্ৰয়োজনীয়তা আহি পৰে, যাতে গৱেষকসকলে পেনেলৰ বিভিন্ন উচ্চতাৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন মাইক্ৰক্লাইমেটবোৰৰ শস্যৰ উৎপাদনত কি অৱদান তাৰ বুজ লব পাৰে। জেকছ ছলাৰ গাৰ্ডেনত নমষ্টে ছলাৰে দুই-তৃতীয়াংশ ৬ ফুট ওখ আৰু এক-তৃতীয়াংশ ৮ ফুট ওখ সৌৰ পেনেলৰ সহজে আৰু দক্ষতাৰে স্থাপন কৰিবলৈ সক্ষম হৈছিল। নমষ্টে ছলাৰৰ স্মাৰ্ট বেকট্ৰেকিং পদ্ধতিৰ সৌৰ পেনেলে শাৰীবোৰত ছাঁ হ্ৰাস কৰে আৰু শক্তি উৎপাদন বৃদ্ধি কৰে। 

দ্বিতীয় প্ৰত্যাহ্বান : এগ্ৰিভল্টেইক্স যিহেতু দ্বৈত-ব্যৱহাৰ প্ৰকল্প, সৌৰ পেনেলবোৰ নিৰ্মাণ কৰাৰ সময়ত পেনেলৰ মজিয়াৰ মাটি অত্যাধিক সংহত কৰাৰ পৰা বিৰ থকাটো অতি জৰুৰী। কিয়নো পেনেলৰ মজিয়াৰ মাটিতেই বিভিন্ন প্ৰজাতিৰ শস্য ৰোপণ কৰা হয়। মাটি অত্যধিক সংহত কৰিলে কিছু প্ৰজাতিৰ শস্যৰ বিকাশত বাধাৰ সৃষ্টি হব পাৰে। তদুপৰি গধুৰ খেতিৰ সঁজুলিবোৰ অনা-নিয়া কৰিবৰ বাবে নিৰ্দিষ্ট লেতৃতীয় প্ৰত্যাহ্বান: সঁজুলি আৰু অসামৰিক লোকৰ সুৰক্ষা বজায় ৰখাটোও এগ্ৰিভনবোৰ সহজে চকুত পৰাকৈ চিনাক্ত কৰাৰ দৰকাৰ যাতে কৰ্মচাৰী আৰু উপ-ঠিকাদাৰবোৰ প্ৰতিপাল লোৱাৰ সময়ত এই লেতৃতীয় প্ৰত্যাহ্বান: সঁজুলি আৰু অসামৰিক লোকৰ সুৰক্ষা বজায় ৰখাটোও এগ্ৰিভনবোৰৰ ভিতৰতে থাকে। 

তৃতীয় প্ৰত্যাহ্বান : সঁজুলি আৰু অসামৰিক লোকৰ সুৰক্ষা বজাই ৰখাটোও এগ্ৰিভল্টেইক্স প্ৰকল্পৰ বাবে এক প্ৰত্যাহ্বান। যিহেতু কৃষকসকলে বা গৱেষকসকলে নিয়মীয়াকৈ সৌৰ পেনেলৰ তলত সক্ৰিয়ভাৱে অহা-যোৱা কৰি থাকিব, সকলো বৈদ্যুতিক পৰিবাহী তাঁৰ সঠিকভাৱে আবুৰ কৰি ৰখা অতিকে প্ৰয়োজন। সাধাৰণতে সৌৰ ফাৰ্মত বৈদ্যুতিক পৰিবাহী তাঁৰবোৰ মুকলিভাৱে ওলমি থাকে, কিয়নো তেনে ঠাই অন্য লোকৰ অহা-যোৱা নিষেধ। এগ্ৰিভল্টেইক্স প্ৰকল্পত সৌৰ পেনেলৰ তলেৰে কৃষকৰ পৰা আৰম্ভ কৰি গৱেষক বা অন্য  কৰ্মচাৰীৰো অবাধ বিচৰণ হয়। সকলোকে সুৰক্ষিত কৰাৰ বাবে বৈদ্যুতিক পৰিবাহী তাঁৰবোৰ শংকামুক্ত হব লাগে যাতে দীৰ্ঘম্যাদী দায়বদ্ধতা পৰিহাৰ কৰিব পাৰি।

 

এগ্ৰিভল্টেইক্সৰ লাভালাভ

সৌৰ ফটোভল্টেইক্স (পিভি) প্ৰযুক্তি নিম্ন-কাৰ্বনযুক্ত শক্তি উৎপাদনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। পিছে ব্যাপক হাৰত সৌৰ ফটোভল্টেইক্সৰ বিস্তাৰে প্ৰকৃতিৰ ধাৰণক্ষমতা লুপ্ত কৰাৰ ভীতিয়ে সামোজিক বিৰোধ সৃষ্টি কৰাৰ আশংকা নুই কৰিব নোৱাৰি। তদুপৰি সৌৰ ফটোভল্টেইক্সে কৃষি উপযোগী ভূমি ব্যৱহাৰ কৰি কৃষিৰ সৈতে প্ৰতিযোগিতা কৰাৰ সম্ভাৱনা খুবেই বাস্তৱ আৰু এই ভূমি আৱণ্টনক লৈ স্থানীয় উত্তেজনা সৃষ্টি হব পাৰে। পিছে এই এগ্ৰিভল্টেইক্স নামেৰে জনাজাত ৰণনীতিয়ে একে স্থানতে কৃষি উৎপাদনৰ সৈতে সৌৰ বিদ্যুৎ উৎপাদন পথ মুকলি কৰিছে। এয়া একেবাৰে নতুন প্ৰযুক্তি নহয় যদিও, বিগত দশকত ইয়াৰ ভৰপূৰ উন্নতি হৈছে। বহু কৃষকে পৰম্পৰাগত কৃষি পদ্ধতিৰে খেতি কৰা বাদ দি এগ্ৰিভল্টেইক্স প্ৰকল্প হাতত লৈছে। এনে কৰোঁতে  কৃষকে তেওঁলোকৰ কৃষিভূমি সৌৰ ফাৰ্ম ক’ম্পেনিক লীজত লবলৈ দিয়ে, যাতে শস্যৰ পথাৰতে সৌৰ-শক্তিৰো উৎপাদন কৰিব পাৰি। লগতে গৱেষণা কেন্দ্ৰকো এনে ধৰণে উৎপাদিত শস্যৰ গুণগত মান নিৰ্ধাৰণৰ সুযোগ দিয়া হয়। এৰিজনাৰ এটা গৱেষক দলৰ এক অধ্যয়নৰ মতে এগ্ৰিভল্টেইক্স প্ৰণালীৰে শুকান ভূমিত অন্যান্য লাভালাভৰ ভিতৰত শস্য উৎপাদন বৃদ্ধি কৰা দেখা যায়। এগ্ৰিভল্টেইক্স প্ৰণালীৰ খাদ্য, শক্তি আৰু পানীৰ প্ৰভাৱক এৰিজনাৰ পৰম্পৰাগত কৃষি প্ৰণালীৰ সৈতে তুলনা কৰা হৈছে। পৰম্পৰাগত পৰিৱেশৰ তুলনাত এগ্ৰিভল্টেইক্স প্ৰণালীত জালুক, হেলাপিন’, আৰু চেৰী বিলাহীৰ  উৎপাদন দুগুণ হয়। সৌৰ পেনেলত উদ্ভিদৰ বাষ্পীভূতকৰণৰ শীতল প্ৰভাৱৰ বাবে, বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো সামান্য উন্নতি হৈছিল। এগ্ৰিভল্টেইক্স প্ৰণালীয়ে একে স্থানত নিয়মীয়া পিভি প্ৰণালীৰ তুলনাত বাৰ্ষিক ভিত্তিত ১ শতাংশতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিছিল (গ্ৰীষ্মৰ মাহবোৰত ৩ শতাংশ বৃদ্ধি)। ইয়াৰ উপৰিও, এগ্ৰিভল্টেইক্স প্ৰণালীত কাৰ্বন-ডাই অক্সাইড গ্ৰহণ আৰু পানী ব্যৱহাৰৰ দক্ষতাও ৬৫ শতাংশ বৰ্ধিত হয়। 

ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে অহা ৩০ বছৰত বিশ্বব্যাপি জনসংখ্যা আনুমানিক ২ বিলিয়ন লোকলৈ বৃদ্ধি হ, আৰু আনহাতে গোলকীয় খাদ্য উৎপাদনক্ষম ভূমি স্থবিৰ। এগ্ৰিভল্টেইক্স হৈছে একমাত্ৰ নিৰ্ভৰযোগ্য আহিলা যাৰ সহায়ত স্থবিৰ ভূমিৰ ব্যৱহাৰ কৰি অধিক খাদ্য উৎপাদনৰ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তিৰ অধিক পৰিমাণে উৎপন্ন কৰিব পৰা যাব। আন্তৰ্জাতিক শক্তি সংস্থাৰ সদস্য দেশসমূহৰ ভিতৰত দক্ষিণ কোৰিয়াৰ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আটাইতকৈ কম।  এই দেশৰ কৃষি উপযোগী ভূমিও তেনেই নগণ্য আৰু ৭০% মাটি পাহাৰীয়া। সেয়েহে এগ্ৰিভল্টেইক্স প্ৰণালীয়ে কৃষি লগতে নৱীকৰণযোগ্য শক্তিৰ উৎপাদনৰ প্ৰথা অৱলম্বনে দেশখনক এই দুই ক্ষেত্ৰত স্বাৱলম্বী হব পৰাৰ সুযোগ দিছে। 

এক কথাত, এগ্ৰিভল্টেইক্সৰ সুদুৰপ্ৰসাৰী পাৰিপাৰ্শ্বিক প্ৰভাৱ আছে– এই পদ্ধতি সম্পূৰ্ণ বৈদ্যুতিক, নৱীকৰণযোগ্য সম্পদৰ ওপৰত চলে, আৰু ভৱিষ্যতে মানৱ সমাজক স্থিৰভাৱে খাদ্য যোগান ধৰাত সক্ষম।


তথ্যসুত্ৰ :

১) ৱৰ্ল্ড ইকমিক ফৰাম

২) ছলাৰ পাৱাৰ ৱৰ্ল্ড

3) এনাৰ্জি ইনভেশ্বন পলিছি এণ্ড টেকনজি

* * *

ঠিকনা :

Associate Professor

Department of Chemistry and Biochemistry

Kennesaw State University

370 Paulding Avenue, MD#1203

Kennesaw, GA 30144

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ