অন্যযুগ/


নতুন শিক্ষা নীতিৰ আধাৰত বিজ্ঞান শিক্ষা আৰু ভাষা-ভীতি

 নিৰু দত্ত

 

মাতৃভাষাত এটি শিশুৱে শিক্ষা ললে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়।

 

থোৰতে ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ :


ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে৷ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসঙ্গিকতা ছপা আৰু বৈদ্যুতিন মাধ্যমত ইতিবাচক আৰু নেতিবাচক দুয়োটা ফাল যুক্তিৰে আলোচনা কৰা দেখা গৈছে৷

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০-অত সন্নিবিষ্ট বহু বিষয় অভিজ্ঞতাৰ আধাৰত উপস্থাপন কৰা হৈছে৷ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগ, ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি, তাৰ আধাৰত ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম, সংশোধিত ৰূপত Programme of action 1992, National Curriculum Framework 2005-অৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাৰ যি আমূল পৰৱৰ্তন সাধনৰ চেষ্টা কৰা হৈছিল তাৰ অভিজ্ঞতাৰ আধাৰতে এইবাৰৰ শিক্ষানীতি যুগুতোৱা হৈছে বুলি জনা গৈছে৷ ২০১৯ চনতে এই শিক্ষানীতিৰ খচৰাখন ড° কৃষ্ণস্বামী কস্তুৰীৰংগন কমিটিয়ে ৰাইজৰ মাজলৈ এৰি দি সকলোৰে মতামত আৰু পৰামৰ্শ বিচাৰিছিল৷

ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে যোৱা ২৯ জুলাই ইং ২০২০  তাৰিখৰ দিনা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ক অনুমোদন জনায়। কেবিনেটৰ উক্ত বৈঠকত মানৱ সংসাধন আৰু বিকাশ মন্ত্ৰালয়ৰ নাম সলাই শিক্ষা মন্ত্ৰালয় কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি যদি সকলো ঠিকে-ঠাকে থাকে তেন্তে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হব বুলি জানিব পৰা গৈছে। এটা দীঘলীয়া অন্তৰালৰ পাছত ব্যাপক সালসলনি ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰিব বিচাৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ এন. ডি. এ. চৰকাৰে। ISRO-ৰ প্ৰাক্তন বিজ্ঞানী কে. কস্তুৰীৰংগনৰ অধ্যক্ষতাত গঠিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-য়ে পুৰণি ১০+২ ব্যৱস্থাৰ পৰিৱৰ্তে ৫+৩+৩+৪ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ত প্ৰথম পাঁচ বছৰক ফাউণ্ডেচন স্তৰ বুলি কোৱা হৈছে৷ ৫+৩+৩+৪ তৰপীয়া বিদ্যালয় শিক্ষাৰ প্ৰৱৰ্তনে নতুন প্ৰজন্মলৈ অনেক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এই নীতিৰ অধীনত শিশুসকলক তিনি বছৰ বয়সতে বিদ্যালয়লৈ পঠাব পৰা ব্যৱস্থাৰ সুবিধা থকা বাবে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যাও বাঢ়িব বুলি আশা কৰা হৈছে৷ কিয়নো পূৰ্বৰ দৰে আজিৰ শিশুক ছয় বছৰ বয়সলৈকে ঘৰতে আৱদ্ধ কৰি ৰখাটো সম্ভৱ নহয়৷ আজিৰ শিশুৱে প্ৰায় তিনি বছৰ বয়সতে বিভিন্ন বিষয় আৰু দিশত পাৰ্গতালি দেখুৱাব পৰা হয়৷ সেয়ে তিনিবছৰ বয়সত প্ৰাক-প্ৰাথমিক শ্ৰেণীত নাম ভৰ্তি কৰাৰ সুযোগ পালে শিশুসকলৰ প্ৰতিভা বিকাশত সহায় হোৱাটো ধুৰূপ৷

প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম মানলৈ এই শিক্ষানীতিয়ে মাতৃভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ আমাৰ ৰাজ্য চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি তিৱা, বড়ো, মিছিং, কাৰ্বি, ডিমাচা আদি প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে ষষ্ঠ মানৰপৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী ভাষাত শিক্ষা দানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

  আমাৰ ৰাজ্যত বিজ্ঞান শিক্ষাৰ পৰিৱেশ :


এই পৃথিৱীত পৰম সত্য বুলি একো নাই৷ সত্যৰ অন্বেষণ কৰিবৰ বাবে বিজ্ঞানে যাত্ৰা আৰম্ভ কৰে৷ বিজ্ঞান মাথোঁ এটা পাঠ্যক্ৰমিক বিষয় নহয়৷ বিজ্ঞান এক প্ৰণালীৱদ্ধ অধ্যয়ন৷ বিজ্ঞানক যদিও অধ্যয়ন শব্দটোৰে সংজ্ঞাৱদ্ধ কৰা হৈছে ইয়াক শিকিবলৈ কেৱল অধ্যয়ন কৰিলেই নহব৷ আচলতে বিজ্ঞানৰ আৰম্ভণি ঘটে একোটা প্ৰশ্নৰে৷ মানুহৰ মনত উদ্ভৱ হোৱা একোটা প্ৰশ্নৰ সমাধান বিচাৰি পাবলৈ হলে নিৰ্দিষ্ট পদ্ধতিৰে পৰীক্ষা-সম্পৰীক্ষা কৰি তাৰ ফলাফলৰ ভিত্তিত যুক্তিসিদ্ধ সিদ্ধান্তত উপনীত হব পাৰিব লাগিব৷ মানুহে চৰ্মচক্ষুৰে দেখা জাগতিক প্ৰকৃতিৰ বস্তু অথবা পৰিঘটনাই মনত প্ৰশ্ন জগাই তোলে৷ কৰবাত পঢ়িবলৈ পাইছিলোঁ “বিজ্ঞান প্ৰকৃতিৰ বাস্তৱ কবিতা৷” মনৰ জিজ্ঞাসাৰ বাবে প্ৰশ্নৰ উপৰি প্ৰশ্নই আমনি কৰে আৰু ইয়াৰ নিৰসনৰ বাবে পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন আহি পৰে৷ প্ৰশ্নই জ্ঞানৰ পৰিধি বিস্তৃত কৰে৷ সেয়ে বিজ্ঞানে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব পাৰে৷ ইয়াৰ যোগেদি মানুহে ঘটনা-পৰিঘটনাৰ অন্তৰ্নিহিত সত্যৰ সৈতে মুখা-মুখি হব পৰা বাবেই বিজ্ঞান এক আকৰ্ষণীয় বিষয়৷

তেন্তে বিজ্ঞান বিষয়টো এতিয়াও দুৰ্বোধ্য হৈয়ে আছে কিয় ?  বিজ্ঞান আৰু গণিত বিষয় দুটা ছাত্ৰ-ছাত্ৰীসকলে কিয় ইমান বেয়া পায় ? এই বিষয় দুটা যেন ছাত্ৰ-ছাত্ৰীৰ বাবে এক ধৰণৰ ভয় আৰু আতংকৰ কাৰণ। বিজ্ঞান শাখা থকা অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত কৰবাত হয়তো দুই-এজন ছাত্ৰ আছে, ৰবাত নায়েই। অথচ শিক্ষকৰ নিযুক্তি হৈয়ে আছে। অসমৰ শিক্ষা বিভাগৰ সম্মুখত ই এক জ্বলন্ত সমস্যা। শিক্ষা জগতৰ এই ঘটনাটোৱে ইতিমধ্যে দেশৰ বৌদ্ধিক মহলকো চিন্তিত কৰি তুলিছে। দেশৰ বাবে, জাতিৰ বাবে অদূৰ ভৱিষ্যতৰ বাবে এয়া অশনি সংকেত। কিন্তু এই ক্ষেত্ৰত প্ৰকৃততে দোষ কাৰ? শিক্ষকসকলৰ নে ছাত্ৰৰ? বিফল কোন হৈছে? শিক্ষকসকল বিফল হৈছে নে ছাত্ৰ-ছাত্ৰীসকল বিফল হৈছে? এই সম্পৰ্কে আমাৰ দেশৰ মানৱ কম্পিউটাৰ শকুন্তলা দেৱীয়ে কয় যে গণিত আৰু বিজ্ঞান বিষয় দুটা যে ছাত্ৰ-ছাত্ৰীৰ মাজত অপ্ৰিয় হৈ পৰিছে তাৰ কাৰণে সম্পূৰ্ণভাৱে দায়ী হৈছে শিক্ষকসকল। তেওঁ কৈছে যে কোনো বিষয়েই ইমান কঠিন নহয় যে ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ আয়ত্ত কৰিব নোৱাৰিব। আচলতে শিক্ষকসকলে গণিত আৰু বিজ্ঞান বিষয় দুটাক যেনেদৰে মনোগ্ৰাহীকৈ সজোৱাত, উপস্থাপন আৰু বিপণন কৰাত বিফল হৈছে। গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে তেওঁলোকৰ বিষয় দুটাৰ শিক্ষা পদ্ধতিক মনোগ্ৰাহী, আকৰ্ষণীয় কৰি তুলিব পৰা নাই, যাৰ বাবে বিষয় দুটাৰ এই দুৰৱস্থা।

আমাৰ বিদ্যালয়বোৰত বিজ্ঞান শিক্ষা পৰম্পৰাগত Chalk and talk ধৰণৰ৷ মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান পুথিবোৰ ক্ৰিয়া-কলাপ ভিত্তিক৷ কিন্তু সেইবোৰ হাতে-কামে কৰি দেখুৱাবলৈ সকলো বিদ্যালয়ত পৰীক্ষাগাৰ নাথাকে৷ এইখিনিতে ইনষ্টাগ্ৰামত চলি ফুৰা এটা মিমলৈ মনত পৰিছে৷ তাত দেখুওৱা হৈছে - বোলে মেণ্ডেলিভে পিৰিয়ডিক টেবুলখন উদ্ভাৱন কৰিছিল মৌলবোৰৰ ধৰ্ম মুখস্থ কৰিবলগীয়া নহবলৈ, আমাক আকৌ শিক্ষকে পিৰিয়ডিক টেবুলখনকে মুখস্থ ৰাখিবলৈ কয়৷ বিজ্ঞানৰ মৌলিক ধাৰণাসমূহৰ প্ৰকৃত ব্যাখ্যা হৃদয়ংগম কৰিব নোৱাৰিলে বিষয়টোৰ মাজলৈ সোমাই যাবলৈ অসুবিধা হয়৷ এনেকৈ আধৰুৱা জ্ঞানেৰে পাঠ্যক্ৰমৰ শেষৰ পৰীক্ষাবোৰ দি ওপৰৰ ক্লাছলৈ উধাই যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে বিষয়টো বোজাস্বৰূপ হয়গৈ৷

এনেয়ে মৰিছো ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত।

বিষয়ৰ বিষ মাৰ যোৱাই নাই তাতে ভূতৰ ওপৰত দানহ পৰাদি ইংৰাজী ভাষাৰ বোজা ববলগীয়া হৈছে৷

   

    বিজ্ঞান শিক্ষাৰ বাবে ভাষা অন্তৰায় নেকি :


    কেবিনেটত গৃহীত হোৱা এটা সিদ্ধান্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় শিক্ষা বিভাগক ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নতুন শিক্ষানীতিৰ আলমত বিজ্ঞান আৰু গণিতৰ বাবে ইংৰাজী মাধ্যমত অধ্যয়ন কৰোৱাৰ নিৰ্দেশনা প্ৰদান কৰে। লগতে অসমীয়া আৰু ইংৰাজী ভাষাতে দুয়োটা বিষয়ৰ শিক্ষা অব্যাহত ৰখাৰো নিৰ্দেশ দিয়ে। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা সভাত শিক্ষা বিভাগৰ এই সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনা কৰে। এই বিষয়টোৱে ৰাজ্যজুৰি বিতৰ্কৰো সৃষ্টি কৰে৷ যিসকল শিক্ষকে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত এই বিষয় দুটা পঢ়ায় তাৰে অধিকাংশই চৰকাৰী নিৰ্দেশ যেনে তেনে মানিবই লাগিব বুলি মনে মনে আছে৷ দুই-একে নিজৰ প্ৰতিক্ৰিয়া দুৰ্বল কণ্ঠৰে ব্যক্ত কৰিছে যদিও সমাজলৈ যোৱা নাই৷ অথচ বৈদ্যুতিন মাধ্যমৰ টক শ্ববোৰত  এই বিষয়টো বৌদ্ধিক মহলত চৰ্চিত হৈছে যিসকলৰ কোনোৱে সেই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত পাৰস্পৰিক আদান-প্ৰদান কৰি নাপায়।

মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টিক আঁকোৱালি লৈছে৷ কিয়নো সৰুতেই ইংৰাজী মাধ্যমত পঢ়ি অহাসকলৰ বাবে উচ্চতৰ শ্ৰেণীত বিজ্ঞান আৰু গণিত বিষয় দুটি সহজ হৈ পৰে৷ উচ্চ পৰ্যায়ত বিষয় দুটিৰ ইংৰাজী ভাষাত পৰ্যাপ্ত কিতাপ-পত্ৰও পোৱা যায়৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী ভাষাত দখল নাই, অথবা ইংৰাজী ভাষা-ভীতি আছে তেওঁলোকৰ বাবে এই সিদ্ধান্তই নতুন বিপদ মাতি আনিব পাৰে৷

বিখ্যাত বিজ্ঞানী চি. ভি. ৰমনে কৈছিল, “We must teach science in the mother tongue. Otherwise, science will become a highbrow activity. It will not be an activity in which all people can participate.”

অৰ্থাৎ তেওঁ কৈছে, “আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে। নহলে বিজ্ঞান বিষয়টো কিছু মুষ্টিমেয় মানুহৰ কছৰতহে হৈ থাকিব যত সাধাৰণ মানুহে ভাগ লব নোৱাৰিব৷অসমৰ পাঠক সমাজৰ মাজত অতিকে সমাদৃত এখন বিখ্যাত গ্ৰন্থ বাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ বিজ্ঞানী ড৹ ৰুবুল মাউতৰ মোৰো এটা সপোন আছেএখন বহুল সমাদৃত গ্ৰন্থ৷ গ্ৰন্থখনিৰ পাতে পাতে প্ৰোথিত হৈ আছে লেখকে কিদৰে অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত অধ্যয়ন কৰি, অসমীয়া মাধ্যমৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শিক্ষা গ্ৰহণ কৰি বৰ্তমান সময়ত এজন বিশিষ্ট বিজ্ঞানী হিচাপে বিদেশত কৰ্মৰত হৈ আছে ৷ বিশিষ্ট বিজ্ঞান লেখক ড দীনেশ চন্দ্ৰ গোস্বামীয়েও প্ৰকাশ কৰিছে কিদৰে মাতৃভাষা শিক্ষাৰ যোগেদিহে বিজ্ঞান শিক্ষা শিশু অৱস্থাত প্ৰদান কৰাটো উচিত৷

যুগৰ লগত খাপ খাবলৈ হলে পৰিৱৰ্তনক আদৰি লবই লাগিব৷ ভাৰত চৰকাৰে শিক্ষাখণ্ডৰ বৃহৎ পৰিৱৰ্তনৰ জৰিয়তে দেশৰ সমৃদ্ধি ঘটাবলৈ অভিলাসী আঁচনি লৈছে৷  আন্তৰ্জাতিক যোগাযোগৰ ভাষা ইংৰাজীৰ মাধ্যমেৰে শিক্ষা লাভ কৰিবলৈ সহজ, কিয়নো এই ভাষাৰ পুথিৰ সংখ্যা সৰহ৷ চীন দেশে ইংৰাজী ভাষাক আঁকোৱালি নলৈ মাতৃভাষা মাণ্ডাৰিন ব্যৱহাৰ কৰে৷ তেওঁলোকে নিজৰ ভাষালৈ পৰ্যাপ্ত কিতাপ অনুবাদ কৰি টনকিয়াল ৰি লৈছে। আমাৰ ৰাজ্যত এনে এতিয়াও হোৱা নাই৷ বিদ্যালয়ত চলতি NCERT-ৰ মূল পুথিবোৰ ইংৰাজী ভাষাত পঢ়িবলৈ ভাল৷ তাৰ অসমীয়া অনুবাদ যথাযথ নহয়৷ বিজ্ঞানৰ প্ৰসংগ পুথি অসমীয়া ভাষাত নিচেই তাকৰীয়া৷ সেইদৰে বিজ্ঞান সাহিত্যৰ পুথিও সকলো শ্ৰেণীৰ লৰা-ছোৱালীৰ বোধগম্য হোৱাকৈ উপলব্ধ নহয়৷

ভাৰতৰ শিক্ষা পদ্ধতিয়ে শিক্ষকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ সেয়ে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে এদল উপযুক্ত আৰু পাৰদৰ্শী শিক্ষক গঢ় দিব লাগিব৷ ইয়াৰ বাবে অৱশ্যেই শিক্ষকৰ নিজা উপলব্ধি লাগিব৷

বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান, যোগাযোগ আৰু আন্তঃক্ৰিয়া, মানুহৰ জীৱন শৈলী, সামাজিক মতবাদ, সাংস্কৃতিক চিন্তাধাৰা, শৈক্ষিক বিস্তাৰ আদি ক্ষেত্ৰৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত শিক্ষকে বহুমুখী ভূমিকা পালন কৰিব লাগে যাতে, এই পৰিৱৰ্তনৰ লগত তেওঁ নিজকে খাপ খুৱাই লব পাৰে। ছাত্ৰ-ছাত্ৰীক বিজ্ঞান বিষয়ক প্ৰসংগ পুথি আৰু সেই বিষয়ৰ সাহিত্য পঠন, ক্ষেত্ৰ অধ্যয়ন, আলোচনা চক্ৰ আদিত অংশ গ্ৰহ কৰা অথবা উপভোগ কৰিবলৈ উৎসাহিত কৰিব লাগিব৷  দৃশ্য-শ্ৰাব্য সঁজুলিৰ ব্যৱহাৰে বিজ্ঞান বিষয়ৰ শিকন প্ৰণালী অধিক আকৰ্ষণীয় কৰাৰ থল আছে৷ প্ৰায়বোৰ বিদ্যালয়লৈ চৰকাৰে স্মাৰ্ট ব্যৱস্থা প্ৰণালী যোগান ধৰিছে।

আমাৰ আলোচনাৰ মূল বিষয় ইংৰাজী ভাষাৰে শিক্ষাদান৷ গতিকে শিক্ষকসকলৰ ইংৰাজী ভাষাত বাক্ পটুতা আৰু সেই ভাষাৰ শব্দভাণ্ডাৰত দখল থাকিব লাগিব৷ বিজ্ঞান বিষয়ক ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ যথেষ্ট কম৷ তাৰে ভিতৰতে বহুত শব্দ চলতি নহয় বাবে ছাত্ৰ-ছাত্ৰীৰ বোধৰ বাহিৰ হয়৷ সেয়ে চালুকীয়া অৱস্থাতে এই বিষয়টোৰ প্ৰতি আমাৰ চৰকাৰো দায়ৱদ্ধ হোৱাটো দৰকাৰ। প্ৰত্যন্ত অঞ্চলৰ বিদ্যালয়সমূহত বিভিন্ন ভাষিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ তেওঁলোকৰ বাবে অসমীয়া ভাষাটোও কঠিন ভাষা৷ ভাষাটোৰ যুক্তাক্ষৰ নজনাকৈয়ে বহু ছাত্ৰ-ছাত্ৰী মাধ্যমিক পৰ্যায় পায়গৈ৷ গতিকে তেনে পৰ্যায়ৰ শিকাৰুৰ প্ৰতিও নজৰ ৰাখি দায়ৱদ্ধতাৰে বিদেশী ভাষা এটাত বিজ্ঞানৰ দৰে বিষয়ৰ শিক্ষা প্ৰদানত শিক্ষকসকলে অসুবিধা পোৱাটো ধূৰূপ৷ চৰকাৰে উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা এদল শিক্ষকৰ সৃষ্টি কৰিব নোৱাৰিলে সিদ্ধান্তটোৰ উদ্দেশ্যই  পূৰ্ণতা নাপাব৷

সামৰণি :

নতুন  শিক্ষানীতি সময়ৰ প্ৰয়োজন৷ সময়ৰ লগত সলনি নহলে আমি পুৰণিখিনি খামুচি থাকি নিজেও পুৰণি হৈ যাম৷

--- 


ঠিকনা :

সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

সৰুপথাৰ-৭৮৫৬০১

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ