অন্যযুগ/


উচ্চশিক্ষানুষ্ঠানৰ মূল্যায়ন

  প্ৰাঞ্জল বেজবৰা

 

ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখত সততে আলোচিত এটা বিষয় হৈছে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ গুণমান। বিশ্বৰ প্ৰেক্ষাপটত আমাৰ শিক্ষানুষ্ঠানসমূহৰ মান নিম্ন পৰ্যায়ৰ বুলি সমালোচিত হৈ আহিছে। ২০২৩ চনৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ মান পৰ্যালোচনা এটাত দেখা গৈছে যে বিশ্বৰ প্ৰথম ১০০ খন মানবিশিষ্ট উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত ভাৰতৰ এখনো শিক্ষানুষ্ঠান নাই। আজিৰ পৰা ৮/১০ বছৰৰ আগলৈকেতো বিশ্বৰ প্ৰথম ২০০ খন মানবিশিষ্ট শিক্ষানুষ্ঠানৰ ভিতৰত ভাৰতৰ এখনো উচ্চ শিক্ষানুষ্ঠানে স্থান লাভ কৰা নাছিল। দেশৰ উচ্চ শিক্ষানুষ্ঠান তথা উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে শিক্ষানুষ্ঠানসসমূহক সচেতন কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে ১৯৯৪ চনত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council, চমুকৈ নাক) গঠন কৰে। নাকে গঠন হোৱাৰ ৪/৫ বছৰ পাছৰে পৰা দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰ্যায়ক্ৰমে ৫ বছৰৰ অন্তৰে অন্তৰে মূল্যায়ন কৰি আহিছে। কিন্তু পৰিতাপৰ কথা যে কিছুদিনৰ পূৰ্বে  সংসদত দাখিল কৰা এক তথ্য অনুসৰি দেশত এতিয়াও ৬৯৫ খন বিশ্ববিদ্যালয় আৰু ৩৪,৭৩৪ খন মহাবিদ্যালয়ে নাকৰ দ্বাৰা মূল্যায়ন নকৰোৱাকৈ আছে। 

নাকে উচ্চশিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰাৰ লগতে বিভিন্ন কৰ্মশালা, আলোচনা চক্র আদিৰ যোগেদি শিক্ষানুষ্ঠানসমূহক নাকৰ দ্বাৰা মূল্যায়ন কৰাৰ বাবে প্ৰণোদিত কৰে। নাকে তলত উল্লেখ কৰা সাতোটা প্ৰধান শিতানৰ বাবে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰে- 

১) শৈক্ষিক পাঠ্যক্ৰম সম্পৰ্কীয় দিশসমূহ

২) শিক্ষণ, শিকণ আৰু পৰীক্ষণ

৩) গৱেষণা, পেছাদাৰী পৰামৰ্শ আৰু বিস্তৃত সামাজিক কাম-কাজ

৪)  আন্তঃগাঁঠনি আৰু শিকণ সামগ্ৰী

৫)  ছাত্ৰ-ছাত্ৰীৰ প্ৰাসংগিক সা-সুবিধা আৰু অগ্ৰগতি

৬) প্ৰশাসন, নেতৃত্ব আৰু ব্যৱস্থাপনা

৭) উদ্ভাৱনা আৰু উত্তম আচৰণ 

মূল্যায়নৰ কাৰণে প্ৰত্যেকটো শিতাত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে বেলেগে বেলেগে নম্বৰ নিৰ্ধাৰণ কৰা আছে। শিতানবিলাকত সুকীয়া সুকীয়াকৈ নম্বৰ নিৰ্ধাৰণ কৰিলেও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় দুয়োবিধ শিক্ষানুষ্ঠানকে মুঠ ১০০০ নম্বৰৰ ভিতৰত মূল্যায়ন কৰা হয়। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে ধাৰ্য কৰা নম্বৰৰ ভিন্নতা কেৱল প্রথম তিনিটা শিতানতহে আছে, বাকী পিছৰ চাৰিটা শিতানত ধাৰ্য কৰা নম্বৰ দুয়োবিধ শিক্ষানুষ্ঠানৰ বাবে সমান। উল্লেখযোগ্য যে মুঠ ১০০০ নম্বৰৰ ভিতৰত প্ৰথম তিনিটা শিতানতে ৬০০ নম্বৰ ধাৰ্য কৰা হৈছে। 

নাকৰ উচ্চ শিক্ষানুষ্ঠানৰ মূল্যায়ন প্ৰক্ৰিয়াটো চাৰি খলপীয়া। প্ৰথমতে শিক্ষানুষ্ঠান একোখনে ইয়াৰ আভ্যন্তৰীণ গুণমান মূল্যায়নৰ বাবে প্ৰয়োজনীয় মূল তথ্যসমূহ জনাই নাকলৈ মূল্যায়ন কৰিবলৈ আৱেদন জনাব লাগে। নাকে সেই আৱেদন গ্রহণ কৰাৰ পাছত এক নিৰ্দিষ্ট প্ৰপত্ৰত শিক্ষানুষ্ঠানখনৰ আত্ম-অধ্যয়নৰ বিশদ প্রতিৱেদন অনলাইন যোগে নাকৰ প্ৰধান কাৰ্যালয়লৈ পঠিয়াব লাগে। এই আত্ম-অধ্যয়নৰ প্রতিৱেদনখনৰ পৰাই চুড়ান্ত গ্ৰেডৰ ৭০ শতাংশ বিৱেচনা কৰা হয়৷ তৃতীয় পৰ্যায়ত এক সুকীয়া বিশেষজ্ঞ এজেঞ্চিৰ দ্বাৰা আত্ম-অধ্যয়ন প্ৰতিৱেদনৰ তথ্যসমূহৰ পৰীক্ষণ তথা সত্যতা নিৰূপণ কৰা হয়। শেষত নাকৰ দ্বাৰা অনুমোদিত উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষক-প্ৰশাসকৰ সমপৰ্যায়ৰ ব্যক্তিৰে গঠিত এটি দলে শিক্ষানুষ্ঠানখনৰ চৌহদ পৰিদৰ্শন কৰি অনলাইন যোগে দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰে। চুড়ান্ত গ্ৰেডৰ ৩০ শতাংশ নম্বৰ এই পৰিদৰ্শনৰ প্ৰতিৱেদনৰ পৰা নিৰ্ণয় কৰা হয়। 

এই চাৰি খলপীয়া মূল্যায়ন প্ৰক্ৰিয়া নিৰপেক্ষতা আৰু দক্ষতাৰে পৰিচালনা কৰি নাকে আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুণমান বৃদ্ধি কৰিবলৈ সক্ষম হব বুলি ভবা হৈছিল। কিন্তু সাম্প্ৰতিক কালত নাকৰ মূল্যায়ন আৰু প্ৰত্যায়ন ব্যৱস্থাত দুৰ্নীতি, অনিয়মৰ প্ৰশ্ন উঠিছে। কেন্দ্ৰীয় চৰকাৰৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলৰ (চমুকৈ কেগ) কাৰ্যালয়ে কৰা এক পৰীক্ষাত নাকৰ মূল্যায়ন প্রক্ৰিয়াত অনেক বিসংগতি ধৰা পৰিছে। কেগে দেশৰ ১৩৩ খন উচ্চশিক্ষানুষ্ঠানৰ নাকৰ মূল্যায়নৰ পৰীক্ষা কৰি ৪১ খন শিক্ষানুষ্ঠানক নাকে প্ৰদান কৰা গ্ৰেড বিসংগতিপূৰ্ণ বুলি কৈছে। কেগৰ প্ৰতিৱেদনত উল্লেখ কৰা বিসংগতিৰ এটা উদাহৰণ যেনে, ন্ধ্ৰ প্ৰদেশৰ এখন মহাবিদ্যালয়ত পিয়েৰ টিমেপৰিদৰ্শন কৰি দেখিছে যে পেলনীয়া জাবৰ-জোঁথৰবোৰ মুকলি ঠাইত জ্বলাই দিয়ে, যাৰ ফলত চৌপাৰ বায়ু প্ৰদুষিত হয়; কিন্তু পিয়েৰ টিমেসেই শিক্ষানুষ্ঠানক গ্ৰীন প্ৰেক্টিচৰ শিতানত সৰ্বোচ্চ নম্বৰ প্ৰদান কৰিছে। সেইদৰে মুম্বাইৰ এখন মহাবিদ্যালয়ক লিখিত প্ৰতিৱেদনত পিয়েৰ টিমে’ প্লাষ্টিকমুক্ত চৌহদৰ বাবে উচ্চ প্ৰশংসা কৰিছে, কিন্তু গ্ৰীণ প্ৰেক্টিচৰ শিতানত ৪ ৰ ভিতৰত মাত্ৰ ১ নম্বৰ দিছে। কেগৰ প্ৰতিৱেদনত এনে ধৰণৰ অনেক বিসংগতিৰ উদাহৰণ আছে। এইবোৰ দেখিশুনি আমি কবলৈ কুণ্ঠাবোধ কৰা নাই যে বৰ্তমান নাকৰ মূল্যায়নে বিশ্বাসযোগ্যতা হেৰুৱাইছে। 

কিছুদিনৰ আগতে টাইমছ্ অব্‌ ইণ্ডিয়াকাকতত প্ৰকাশ পোৱা এক প্ৰতিৱেদনত নাকৰ মূল্যায়ন আৰু গ্ৰেডিঙৰ বিসংগতিৰ কেতবোৰ ভয়ানক তথ্য পোহৰলৈ আহিছে৷ ভাৰত চৰকাৰৰ ২০২২ চনৰ এন.আই.আৰ্.এফৰ ৰেংকিং অনুসৰি বাঙ্গালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট্‌ অব্‌ ছায়েঞ্চ’ দেশৰ ভিতৰত এক নম্বৰ উচ্চশিক্ষাৰ অনুষ্ঠান। নাকেও এই অনুষ্ঠানক ৩.৬৭ গ্ৰেড পইণ্ট আৰু A++ গ্ৰেড প্ৰদান কৰিছিল। কিন্তু কিছুদিনৰ আগতে এই নাকেই ভুৱনেশ্বৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ক ৩.৮৮ গ্ৰেড পইণ্ট প্ৰদান কৰিছে। কেৱল এইখন বিশ্ববিদ্যালয়েই নহয়, ব্যক্তিগত খণ্ডৰ মুঠ ৭ খন উচ্চ শিক্ষানুষ্ঠানক নাকে ইণ্ডিয়ান ইনষ্টিটিউট্‌ অব্‌ ছায়েঞ্চ’তকৈ অধিক, অৰ্থাৎ ৩.৬৭ তকৈ বেছি গ্ৰেড পইণ্ট প্ৰদান কৰিছে। সেয়েহে টাইমছ্ অব্‌ ইণ্ডিয়াৰ উল্লিখিত প্রতিৱেদনে নাকৰ মূল্যায়ন ব্যৱস্থাটোলৈ সন্দেহৰ আঙুলি টোৱাঁইছে। 

নাকে উচ্চ শিক্ষানুষ্ঠানসমূহক প্রদান কৰা উচ্চতম গ্ৰেডটো হৈছে A++ । আজিৰ পৰা দুবছৰমান আগলৈকে দেশত A++ গ্ৰেড পোৱা শিক্ষানুষ্ঠান নাছিলেই বুলিব পাৰি। কিন্তু এতিয়া দেশত A++ গ্ৰেপোৱা উচ্চশিক্ষানুষ্ঠানৰ সংখ্যা অস্বাভাৱিকধৰণে বৃদ্ধি পাইছে। কম্বাটোৰৰ এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে নাকৰ আগৰ মূল্যায়নত 3 গ্ৰেড পাইছিল আৰু ৫ বছৰৰ পিছতে এইবাৰৰ মূল্যায়নত ৫টা গ্ৰেড আগুৱাই গৈ A++ গ্ৰেড লাভ কৰিছে। মাত্ৰ ৫ বছৰত এটা শিক্ষানুষ্ঠানে ইমান বেছি উন্নতি কৰাটো সম্ভৱনে? সেইদৰে বাঙ্গালোৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ে নাকৰ পৰা ৩.৮৩ গ্ৰেড পইণ্ট পাইছে; অথচ সেই শিক্ষানুষ্ঠানৰ এন. আই. আৰ্‌‌. এফৰ ৰেংক ১৭৫ৰ পৰা ২০০ৰ ভিতৰত। এই শিক্ষানুষ্ঠানে এন. আই. আৰ্‌. এফৰ ৰেংক অনুসৰি ১ নম্বৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট্‌ অব্‌ ছায়েঞ্চ’তকৈ অধিক গ্ৰেড পইণ্ট পোৱা কথাটো নিশ্চয় স্বাভাৱিক বুলি মানি লব নোৱাৰি। 

টাইমছ্ অব্‌ ইণ্ডিয়াকাকতৰ আন এক প্ৰতিৱেদনত প্ৰকাশ পোৱা এটি ভয়ঙ্কৰ তথ্য হৈছে যে বৰ্তমান সময়ত বহুতো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে নাকৰ ভাল গ্ৰেড পাবলৈ কনছালটেণ্টনিয়োগ কৰে। কনছালটেণ্টসকলেও মূল্যৰ (৫/৬ লাখ টকা) বিনিময়ত শিক্ষানুষ্ঠানসমূহক উন্নত গ্ৰেডৰ নিশ্চিতি প্ৰদান কৰে। এনে কৰাত আমাৰ অসম মুলুকতো উচ্চশিক্ষানুষ্ঠানসমূহ পিছ পৰি থকা নাই। অলপতে কেইবাখনো মহাবিদ্যালয়ে নাকৰ দ্বিতীয় সৰ্বোচ্চ গ্ৰেA+ পাবলৈ সক্ষম হৈছে৷ সেই মহাবিদ্যালয় কেইখনৰ ৫/৬ বছৰ আগতে হোৱা মূল্যায়নত B বা তাতকৈ তলৰ গ্ৰেডহে আছিল। উল্লেখযোগ্য যে ইয়াৰে এখন মহাবিদ্যালয়ৰ নাকৰ মূল্যায়নৰ ৰিজাল্ট ওলোৱাৰ লগে লগে সংশ্লিষ্ট বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউঞ্চিত মহাবিদ্যালয়খনক অভিনন্দন জনোৱা হয় আৰু সেই প্ৰসঙ্গত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনে কৈছিল, “কলেজখনে A+ গ্ৰেড নাপাব কিয়? তাত গাহৰি পুহিছে, পুখুৰীত মাছ পুহিছে, কেচুসাৰ তৈয়াৰ কৰিছে! তাত নাই কি?”। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই যেতিয়া গাহৰি, কেঁচুসাৰত উচ্চ শিক্ষানুষ্ঠানৰ উন্নত গুণমান দেখা পায়, তেনেহলে আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুণমান বৃদ্ধিৰ প্ৰচেষ্টাত কোনে নেতৃত্ব দিব?

যোৱা মাৰ্চ মাহৰ আৰম্ভণিতে নাকৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ ভূষণ পট্টবৰ্ধনে তেওঁৰ পদৰ পৰা ইস্তফা দিছে। পট্টবৰ্ধনে ২০২২ চনৰ ফেব্ৰুৱাৰি মাহত অধ্যক্ষৰ দায়িত্ব লৈছিল। তেওঁৰ ইস্তফা পত্ৰত উল্লেখ কৰিছে যে যোৱা এটা বছৰে তেওঁ নাকৰ মূল্যায়ন ব্যৱস্থাটোত চলি থকা দুৰ্নীতি, অনিয়ম, ন্যস্ত স্বাৰ্থ আদিৰ বিৰুদ্ধে যুঁজ দি মূল্যায়ন প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছ কৰিবলৈ সক্ষম নহতেওঁৰ প্ৰচেষ্টাত সংশ্লিষ্ট কতৃপক্ষৰ পৰা উপযুক্ত সঁহাৰি নাপোৱা বাবে অধ্যক্ষৰ পদৰ পৰা অব্যাহতি বিচৰা বুলি পত্ৰত উল্লেখ কৰিছে। এইদৰে বেজৰ নাকতে খৰে খালে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশত বিশ্বমানৰ উচ্চ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ পৰিকল্পনাই কেতিয়াবা বাস্তৱ ৰূপ লাভ কৰিবগৈনে?

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ