অন্যযুগ/


নিউৰ’টেকন’ল’জি

  ভাৰত বৰুৱা

 

আজিৰ যুগটো এনে হৈ পৰিছে যে প্ৰায় সকলো মানুহেই সকলো সময়তেই কিবা নহয় কিবা এবিধ ইলেক্ট্ৰনিক সঁজুলিৰ লগত কিবা নহয় কিবা প্ৰকাৰে যুক্ত হৈ আছে। ৰাতিপুৱা শুই উঠাৰ বাবে ব্যৱহাৰ কৰা মবাইল ফনৰ এলাৰ্মৰ পৰা আৰম্ভ কৰি, ইফালে সিফালে যোৱাৰ বাবে গ্লবেল পজিশ্বনিং ছিষ্টেমৰ ওপৰত নিৰ্ভৰশীলতা, ৰন্ধনৰ বাবে য়ুটিউবৰ ৰন্ধন প্ৰকৰণ, গান শুনা, পলকতে দেশ-বিদেশৰ বাতৰি শুনা আৰু চোৱা, খেলা-ধূলাৰ সংবাদ লোৱা, অন-লাইন বজাৰ-সমাৰ কৰা; বাইলৰ জৰিয়তে দিনটোৰ, সপ্তাহটোৰ, মাহটোৰ, অথবা বছৰটোৰ আলেখ-লেখ ৰখা, পলকতে দূৰত থকা বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ খবৰ লোৱা, লিখিত সংবাদ, স্বৰ-সংবাদ অথৱা ভিডিঅসংবাদ প্ৰেৰণ কৰা, বিভিন্ন বিষয়ৰ শিক্ষাদান, আনহে নালাগে কোনো কোনো জীৱিকাৰ ক্ষেত্ৰত ঘৰতে বহি কাৰ্যালয়ৰ সকলো কাম-কাজ সামৰিব পাৰি। এই সকলোবোৰ সুবিধা বিগত কেইটামান দশকত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভাৱনীয় উন্নতিৰ বাবেই সম্ভৱ হৈ উঠিছে।


উল্লিখিত কোনো এটা উদাহৰণেই কাৰো বাবে নতুন বা অজানা নহয়। পিছে আমি যদি কেই দশকমান পিছুৱাই যাওঁ, ওপৰৰ প্ৰায় সকলোখিনিয়েই কাল্পনিক যেনেই লাগিলহেঁতেন। এতিয়া কথা হৈছে ইয়াৰ পৰা আগলৈ আমি আৰু কি আশা কৰিব পাৰোঁ? আমি যদি ভাৰতীয় অলৌকিক কাহিনীবোৰলৈ কিছু সময়ৰ বাবে ঘূৰি যাওঁ কিছুমান কথাৰ বা ঘটনাৰ গভীৰতাৰ উৱাদিহ পোৱা যেন কঠিন। ধৰ্মীয় আৰু ঈশ্বৰত্বৰ আলোচনা অথবা খতিয়ান দূৰত ৰাখি দুটামান অলৌকিক দিশ উল্লেখ কৰিব বিচাৰিছোঁ। যেনে- ধৰক নাৰদ মুনি, তেওঁ হেনো ত্ৰিকালজ্ঞ আছিল। মানে তেওঁ অতীতত কি ঘটিছিল, বৰ্তমানে কি ঘটি আছে আৰু ভৱিষ্যতে কি ঘটিব সকলো জানিছিল। বৈষ্ণৱ লোকাচাৰত নাৰদক বিষ্ণুৰ পৰম ভক্ত হিচাপে অংকিত কৰা হয়। ইয়াৰ লগতে তেওঁক মহাজ্ঞানী আৰু দুতলীয়া বুলিও দৰ্শোৱা হৈছে। জগতৰ চুকে-কোণে কি ঘটিছে তাৰ জ্ঞান থকাৰ সুযোগ লৈ তেওঁ দেৱতা আৰু অসুৰকুলৰ মাজত কন্দল লগোৱাৰো নজিৰ আছে। তেওঁ হেনো ত্ৰিকালজ্ঞ হবলৈ বৰ পাইছিল। কিন্তু প্ৰকৃততে কেনেকৈ, অথবা কি ধৰণৰ মানসিক শক্তিৰ দ্বাৰা ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ আভাস পাইছিল তাৰ কোনো বিশদ বৰ্ণনা পোৱা নাযায়। সেইদৰে ত্ৰেতা যুগত বিষ্ণুৰ অৱতাৰ ৰূপে শ্ৰীৰামচন্দ্ৰই যেতিয়া বালীক বধ কৰে, শেষ বাক্য হিচাপে শ্ৰীৰামে বালীক প্ৰতিশ্ৰুতি দিয়ে যে দ্বাপৰ যুগত বালীৰ পুনৰ জন্ম হব জৰা নামৰ এজন ব্যাধ হিচাপে। এই দ্বাপৰ যুগতেই বিষ্ণুৰ পাছৰ অৱতাৰ কৃষ্ণক জৰাই দূৰৰ পৰা শৰবিদ্ধ কৰি নিহত কৰিব, শ্ৰীৰামে বালীক হত্যা কৰাৰ প্ৰতিশোধ লব। আনহাতে, মহাভাৰতৰ ৰচক বেদব্যাসে কুৰুক্ষেত্ৰৰ যুদ্ধৰ ঠিক আগে আগে কুৰুৰাজ ধৃতৰাষ্ট্ৰৰ সাৰথি সঞ্জয়ক দিব্যদৃষ্টি প্ৰদান কৰিছিল যাতে সঞ্জয়ে হস্তিনাপুৰৰ ৰাজপ্ৰসাদৰ পৰাই সমৰক্ষেত্ৰৰ বাৰ্তা দি থাকিব পাৰে। শ্ৰীকৃষ্ণই বলৰামৰ লগত মথুৰালৈ যোৱাৰ পথত ত্ৰিবক্ৰা নামৰ এগৰাকী কুঁজী মহিলাক লগ পাইছিল। শ্ৰীকৃষ্ণৰ হাতৰ পৰশ পাই সেই কুঁজীৰ শৰীৰৰ বক্ৰতা দূৰ হৈছিল। এনে ধৰণৰ আৰু বহুতো উদাহৰণ আমাৰ মহাকাব্যত আছে। কেনেদৰে এজনৰ মানসিক শক্তি আন এজনৰ মগজুলৈ প্ৰেৰণ কৰিব পৰা যায়, কেনেদৰে ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ জ্ঞান থকা বা ত্ৰিকালজ্ঞ হব পৰাতো সম্ভৱ তাৰ কোনো যুক্তি সংগত ব্যাখ্যা পোৱা নাযায়।


সেইবোৰ অতীতৰ কথা৷ এতিয়া আহোঁ বৰ্তমান আৰু ভৱিষ্যতৰ কথালৈ। আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত আমি বাৰু এনে এক ভৱিষ্যতৰ কল্পনা কৰিব পাৰোঁনে যত আমি সদায় ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক সঁজুলিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ হাত  বা হাতৰ আঙুলি ব্যৱহাৰ নকৰি, কেৱল ইয়াৰ বিষয়ে চিন্তা কৰি সেইবোৰক নিয়ন্ত্ৰণ কৰিব  পাৰোঁ। এনে এখন পৃথিৱীৰ কথা ভাবিব পাৰোঁনে, ত কাৰোবাক এক লিখিত সংবাদ পঠোৱাৰ পৰিৱৰ্তেএটা চিন্তাপ্ৰেৰণ কৰিব পাৰোঁ। হয় বিজ্ঞানীসকলে এনে এক প্ৰযুক্তিৰ বিকাশৰ ওপৰত ইতিমধ্যেই কাম কৰি আছে। ইয়কেই থুলমূলকৈ কোৱা হয় নিউৰটেকনজি। এই নিউৰটেকনজিৰ ক্ষেত্ৰখন এতিয়াও ইয়াৰ শিশু অৱস্থাতেই আছে, পিছে এদিন এইটো সম্ভৱ হৈ উঠাতো নুই কৰিব নোৱাৰি। ইলন মাস্কে ভবাৰ দৰে এদিন মানৱতা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত এক ডাঙৰ আপোচ হোৱাৰ সম্ভাৱনা। লগতে এনে এটা দিনও আহিব পাৰে যিদিনা আপুনি এটা মগজুৰ ইমপ্লাণ্ট কিনি সেইটো চাৰ্জাৰীৰ জৰিয়তে নিজৰ মগজুত লগাই লৈ আটাইতকৈ গুণী বিজ্ঞানীজনকো হয়তো চেৰ পেলাব পাৰিব। এই নিউৰটেকনজিৰ আৰম্ভণি কেনেকৈ হৈছে সেয়া নিশ্চয়  ধৰিবই পাৰিছে, পিছে ইয়াৰ শেষ ক, বা ইয়াৰ পৰা মানৱ সমাজৰ নৈতিক স্খলন হোৱাৰ সম্ভাৱনা আছে নেকি সেইয়া এতিয়াও গমিব পৰা হোৱা নাই। এই নিউৰটেকনজিত মানুহৰ মগজু কম্পিউটাৰৰ সৈতে সংযোগ ঘটাই ওপৰত উল্লেখ কৰাৰ দৰে এক মগজুৰ পৰা আন মগজুলৈ চিন্তা প্ৰেৰণ কৰা, মগজুৰ দ্বাৰা ইলেক্ট্ৰনিক  সঁজুলি যেনে মবাইল ফ, বাহন আদি নিয়ন্ত্ৰণ কৰাৰ ওপৰত গৱেষণা চলি আছে।


১৯৯০-ৰ শেষৰ পৰাই ইয়াৰ ওপৰত অলপ-অচৰপ গৱেষণা চলি আহিছে। নিউৰটেকনজি হৈছে এক আকৰ্ষণীয় তথা বিতৰ্কিত ক্ষেত্ৰ। ইয়াৰ মূল লক্ষ্য হৈছে মানুহৰ মগজুক তাঁৰৰ জৰিয়তে পোনপটীয়াকৈ যন্ত্ৰৰ লগত সংযোগ কৰা। অদূৰ ভৱিষ্যতে আমি সঁচাকৈয়ে এনে ব্ৰেইন-মেশ্বিন প্ৰণালীৰ সততে  উপস্থিতি  দেখিবলৈ পাম। নিউৰটেকনজি হৈছে এনে এটা গোট যত পদ্ধতি আৰু সঁজুলিৰ সংযোজন কৰি যন্ত্ৰৰ কাৰিকৰী উপাদানবোৰ আৰু মগজুৰ স্নায়ুতন্ত্ৰৰ পোনপটীয়া সংযোগ বুজায়। এই কাৰিকৰী উপাদানবোৰ হৈছে ইলেক্ট্ৰড, কম্পিউটাৰ, অথবা কৃত্ৰিম বুদ্ধিমত্বাযুক্ত প্ৰস্থেট বা ইমপ্লাণ্ট। এই উপাদান বোৰে মগজুৰ পৰা সংকেত ৰেকৰ্ড কৰে আৰু সেইবোৰক কাৰিকৰী নিয়ন্ত্ৰণ আদেশলৈ অনুবাদকৰে। নিউৰটেকনজি আৰু মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ (Brain-Computer Interface, BCI, বিচিআই) কৰা প্ৰক্ৰিয়াটো একেবাৰে নতুন নহয় যদিও এই দুই প্ৰযুক্তিৰ দ্বাৰা ভৱিষ্যতে মানৱ সমাজৰ বহু দিশৰ উন্নতি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পিছে লগতে কিছু নৈতিক প্ৰশ্নও আহি পৰে। নিউৰটেকনজি হৈছে এনে এক যোগাৰ যাৰ সহায়ত মগজুৰ প্ৰতিচ্ছবি লব পাৰি বা নিউৰণবোৰক উদ্দীপিত কৰিব পাৰি। ২০১৮ চনত বিচিআইয়ে  চলোৱা এক গৱেষণাত অংশগ্ৰহণকাৰীসকলৰ মগজু ইলেক্ট্ৰডৰ সহায়ত এণ্ড্ৰইড টেবলেটত সংযোগ কৰা হৈছিল আৰু তেওঁলোকে হাতৰ ব্যৱহাৰ নকৰাকৈ  টাইপ কৰাৱেব অনুসন্ধান কৰা, ইমেইল প্ৰেৰণ কৰা, ইউটিউব ভিডিঅচোৱা, আৰু  বতৰ পৰীক্ষা কৰা আদি কামবোৰ মগজুৰ দ্বাৰা কৰিবলৈ সম্ভৱ হৈছিল। এই গৱেষণাৰ পৰা এটা কথা নিশ্চিত হৈছিল যে বিচিআই নিউৰটেকনজিৰ এক উপসংহতি। নিউৰটেকনজিৰ আন আন উপসংহতি সমূহ হৈছে নিউৰফাৰমাকজীনিউৰডোলেশ্বন, নিউৰইনফৰমেটিকছ, নিউৰইমেজিং আৰু সাৰস্বত মূল্যায়ন।


আমি এতিয়াও আন কাৰোবাক চিন্তাপ্ৰেৰণ কৰিবলৈ সক্ষম হোৱাৰ পৰা কেইবা দশক দূৰত আছোঁ। তথাপি নিউৰটেকনজিয়ে বহু উন্নতি সাধিছে আৰু তাৰেই ফলস্বৰূপে উন্নত কাম যেনে মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠৰ দ্বাৰা ৰটিক বাহু নিয়ন্ত্ৰণ কৰা বা কম্পিউটাৰক নিয়ন্ত্ৰণ কৰা ইত্যাদি কাম সফলভাৱে কৰিব পৰা গৈছে। ১৯৯০ দশকৰ শেষৰ ফালৰ পৰাই চলা এনেধৰণৰ মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠৰ গৱেষণাৰ পৰা এটা দিশত  আটাইতকৈ গুৰুত্বপূৰ্ণ বিকাশ হৈছে, আৰু সেয়া হল মানুহৰ মগজুৰ বিষয়ে বিস্তৰ খুটি-নাটি জানিব পৰাটো। হিউমেন জিনম প্ৰজেক্টৰ দৰে এই প্ৰজেক্টৰ নাম দিয়া হৈছিল হিউমেন কনেক্টাম প্ৰজেক্টঅৰ্থাত মানৱ সংযোজক প্ৰকল্প। মগজুত ইলেক্ট্ৰডৰ সংযোগ কৰি অধ্যয়ন কৰাৰ ফলত মগজুৱে  কেনেদৰে কাম কৰে, মগজুৰ বিকাৰ কিয় হয়, অনুন্নত মগজু কি দৰে উন্নত কৰিব পাৰি ইত্যাদি প্ৰশ্নবোৰৰ অলপ হলেও উত্তৰ বিচাৰিবলৈ সক্ষম হৈছে নিউৰ’-বিজ্ঞানী সকল। মগজুৰ স্কেনিং প্ৰযুক্তিয়ে মগজুৰ মানচিত্ৰতৈয়াৰ কৰি তন্ন তন্নকৈ মগজুৰ প্ৰতিটো চুক-কোণৰ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। মগজুৰ বিষয়ে আমাৰ বুজাবুজি উন্নত হোৱাৰ লগে লগে, বিজ্ঞানী সকলে বহুলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ এই ইলেক্ট্ৰড জাতীয় সঁজুলিবোৰ ব্যৱহাৰ কৰাৰ অধিক উপায় বিচাৰিবলৈ ললে।  আনহে নালাগে এই পদ্ধতি অৱলম্বন কৰি বহু সময়ত ষ্ট্ৰোক হোৱা ব্যক্তিসকলৰ বাবে পুনৰ্সংস্থাপন উন্নত কৰিবলৈ সক্ষম হৈছে, শ্ৰৱণ শক্তি হ্ৰাস হোৱা সকলৰ শ্ৰৱণ শক্তি বঢ়োৱাৰ উপায় বিচাৰিব পৰা হ, দৃষ্টি শক্তি হেৰুৱা সকলৰ বাবে দৃষ্টি শক্তি পুনৰুদ্ধাৰৰ উপায় উলিয়াব পৰা হ, আৰু আনকি পক্ষাঘাতগ্ৰস্ত লোকসকলকো পুনৰ খোজ কাঢ়িবলৈ সুবিধা কৰিব পৰা হৈছে। এই সকলোবোৰ এতিয়াও ১০০% শুদ্ধ ভাবে কৰিব পৰা হোৱা নাই যদিও এই দিশবোৰৰ উন্নতি অতিকেই প্ৰশংশনীয়।  ইলেক্ট্ৰনিক্সৰ জটিলতা যিমানেই উন্নতি হৈ থাকিব নিঃসন্দেহে মানৱ সমাজে জীৱনৰ মানদণ্ড সিমানেই  বেছি উন্নত কৰিবলৈ সক্ষম হব।

 

 ইলেক্ট্ৰনিক্স ব্যৱহাৰ কৰি মগজুলৈ পোনপটীয়াকৈ স্নায়ু-উদ্দীপনা প্ৰেৰণ কৰাত সামৰ্থ্য হোৱাৰে পৰা মানুহৰ শিকণ ক্ষমতা, স্মৃতিশক্তি, মনোযোগ, আৰু সিদ্ধান্ত লোৱা শক্তি ইত্যাদিৰ বৃদ্ধিৰ অহৰহ প্ৰচেষ্টা বিজ্ঞানী সকলে চলাই আহিছে আৰু এই দিশবোৰত বহু পৰিমাণে সফলো হোৱা দেখা গৈছে। এনে ধৰণৰ অগ্ৰগতি ফলত হয়তো কোনোবা দিনা নিউৰটেকনজিয়েই মানুহৰ মগজুত অতিমানৱীয় শক্তি উৎপন্ন কৰিব পৰা হব। এইটোও হয়তো সম্ভৱ যে ভৱিষ্যতে আমি নিউৰটেকনজি ব্যৱহাৰ কৰি পঢ়াৰ অক্ষমতাৰ দৰে জ্ঞানীয় বিকাৰবোৰৰো চিকিৎসা কৰিবলৈ সক্ষম হ, আৰু কিছুমান সঁজুলি ইতিমধ্যে ডিচলেক্সিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এক নিউৰ’-বিজ্ঞানৰ গৱেষণাত অংশগ্ৰহণকাৰীসকলক কেইবাটাও বাক্য পঢ়িবলৈ কোৱা হৈছিল ইলেক্ট্ৰনিক  ডিভাইচ পিন্ধি আৰু নিপিন্ধাকৈ।  দেখা গল যে অংশগ্ৰহণকাৰীসকলে ডিভাইচ পিন্ধি নোলোৱাৰ তুলনাত ডিভাইচ পিন্ধি লোৱাৰ সময়ত পঢ়াৰ গতি যথেষ্ট উন্নত কৰিবলৈ সক্ষম হৈছে। ডিচলেক্সিয়াত ভুগা, মানে পঢ়া আৰু বুজাক লৈ যুঁজ দিব লগা সকলৰ বাবে এই ডিভাইচটোৱে তেওঁলোকৰ নতুন তথ্য শিকাৰ পদ্ধতি সলনি কৰিব পাৰে। তাৰোপৰি স্বাভাৱিক মগজুৰ সকলৰ বাবেও শিকাৰ ধৰণ উন্নত কৰিবলৈ ব্যৱহাৰ কৰিৰ পৰা যাব এই  নিউৰটেকনজি। লগতে  শিকা আৰু মনত ৰখাৰ ক্ষমতাৰ উন্নতিৰ বাবে ব্যৱহাৰ উপযোগীকৈ নিউৰপ্ৰস্থেটিক ওপৰত গুৰুত্বৰ গৱেষণা চলি আছে। নিউৰপ্ৰস্থেটিক বোৰৰ জৰিয়তে ক্ষতিগ্ৰস্ত হোৱা বা অনুন্নত মগজু বা ক্ষতিগ্ৰস্ত শৰীৰৰ অংশবোৰ কৃত্ৰিমভাৱে পুনৰুদ্ধাৰ কৰিব পৰাৰ আশা দেখিবলৈ পোৱা গৈছে। ইয়াৰে কিছুমান ডিভাইচৰ সহায়ত মেমৰি অথবা স্মৰণশক্তি উন্নত কৰাৰ আৰু পঢ়া-শুনা বা কোনো বিশেষ কামত মনোযোগ বঢ়োৱাৰ সম্ভাৱনা দেখা গৈছে।   আশ্চৰ্যজনকভাৱে, গৱেষকসকলে মগজুৰ হিপ্পোকেম্পাছক (মগজুৰ স্মৃতিৰ সৈতে সম্পৰ্কিত অংশটো) উদ্দীপিত কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত নতুন জ্ঞানে দুটা জীৱৰ মাজত স্মৃতি স্থানান্তৰ কৰিব পৰাৰ বিপুল সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। লগতে নিউৰটেকনজিৰ সহায়ত মানুহৰ আচৰণক পোনপটীয়াকৈ প্ৰভাৱিত কৰা সম্ভৱ হব পাৰে। অৰ্থাৎ, কাৰোবাৰ মনোভাৱ সলনি কৰা সম্ভৱ হব পাৰে। এজন ব্যক্তিৰ সিদ্ধান্ত লোৱাৰ ওপৰত আন এজন ব্যক্তিৰ বা মেশ্বিনৰ নিয়ন্ত্ৰণ থকাটো অতি শক্তিশালী পদক্ষেপ, আৰু নিউৰটেকনজিৰ শৈশৱকালতেই আমি এনেধৰণৰ সঁজুলি বিকশিত কৰাৰ সময়ত ইয়াৰ নৈতিক দিশটোও বিবেচনা কৰি চোৱাটো অতিকেই প্ৰয়োজনীয়।  মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ বা বিচিআই ব্যৱহাৰৰ কৰি কোনোবা দিনা মানৱে হয়তো অপ্টিক স্নায়ুত সামান্য জোৰ দিয়েই পোহৰৰ সম্পূৰ্ণ নতুন তৰংগদৈৰ্ঘ্য চাক্ষুস কৰিব পৰা হব। হয়তো এনেকুৱা এটা দিনও আহিব যে মানৱে ইচ্ছাকৃতভাৱে দৰ্শন ইন্দ্ৰিয়ক ইনফ্ৰাৰেডমোডলৈ সলনি কৰি  নিশাৰ ভাগতো নিখুঁতভাৱে দেখিবলৈ সক্ষম হব অথবা শ্ৰৱণ স্নায়ুৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰি অন্য ডিভাইচ নোহোৱাকৈয়েই মগজুলৈ সংগীত প্ৰেৰণ কৰিব পৰা হব। বৰ্তমানে নিউৰটেকনজি কেৱল গৱেষণা আৰু চিকিৎসা বিদ্যাতহে মূলতে ব্যৱহাৰ কৰা হৈছে, যেনে ছিজাৰ ধৰা পেলোৱা বা পীড়া উপশম কৰা। পাৰকিঞ্চন ৰোগত ভুগা সকলক ডীপ ব্ৰেইন ছিমোলেশ্বননামৰ প্ৰযুক্তি ব্যৱহাৰ কৰি অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে মগজুত ইলেক্ট্ৰড ইমপ্লান্ট কৰি ডপামিন নামৰ ৰসায়ন প্ৰস্তুত কৰা মগজুৰ সেই বিশেষ  অংশটো উদ্দীপিত কৰিব পৰা যায়। এই পদ্ধতিৰে পাৰকিঞ্চন ৰোগৰ মূল কাৰকবোৰ আতঁৰাব পৰা যায়। প্ৰস্থেটিক বাহু ব্যৱহাৰ কৰাটোও নিউৰটেকনজিৰ এক উল্লেখযোগ্য দিশ। এই ক্ষেত্ৰত সদ্যহতে বিকাশ হোৱা ৰটিক প্ৰস্থেটিক বোৰে প্ৰকৃত বাহুৰ আৰু আঙুলিৰ হাব-ভাব অনুসৰণ কৰিব পৰা হৈছে, যিটোক কোৱা হয় ইলেক্ট্ৰমায়গ্ৰাফী। মগজুৰ মটৰ নিয়ন্ত্ৰণ অংশত ইলেক্ট্ৰড ইমপ্লান্ট কৰি  প্ৰস্থেটিক বাহুবোৰক আৰু বেছি সক্ষম কৰিব পৰা গৈছে। এনেদৰে বিকাশ কৰা ৰটিক প্ৰস্থেটিক বোৰৰ ভিতৰত কিছুমান তেনেই সাধাৰণ যিবোৰক কিবা এট খামুচি ধৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু কিছুমান বহু জটিল, যিবোৰক পূৰ্ণবিকশিত আঙুলিও বুলিব পাৰি, কিয়নো এইবোৰক ইলেক্ট্ৰড ইমপ্লান্টৰ জৰিয়তে মগজুৰ পৰা পোনপটীয়া কৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কমাত থকা ৰোগী সকলৰ বাবে বৰ্হিজগতৰ লগত ভাবৰ আদান-প্ৰদান অতি প্ৰয়োজনীয়, সাম্প্ৰতিক সময়লৈকে এই আদান-প্ৰদান কেৱল সামান্য চকুৰ টিপ মৰা বা চকুৰ সামান্য গতি-বিধি লক্ষ্য কৰাৰ বাহিৰে কোনো উপায় নাছিল। পিছে নিউৰটেকনজিৰ জটিল বিচিআই ৰ জৰিয়তে এই কমাৰ ৰোগী সকলে আগতকৈ সহজে আৰু খোলোচাকৈ ভাবৰ আদান-প্ৰদান কৰিবলৈ সক্ষম হৈছে, মগজুৰে নিয়ন্ত্ৰণ কৰা কিবৰ্ডৰ জৰিয়তে অথবা মগজুৰ ইলেক্ট্ৰড ইমপ্লান্টৰ জৰিয়তে হয়বা নহয়বুলি চিন্তা কৰি হয়বা নহয়বুলি গোহৰি দিব পৰা হৈছে। যি কি নহওঁক, ভাবৰ আদান-প্ৰদান সকলো মানুহৰ মানসিক স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়, নিউৰটেকনজিৰ জটিল বিচিআই পদ্ধতিয়ে এই ৰোগী সকলক তেওঁলোকৰ মগজুৰ বতৰা আনৰ লগত আদান-প্ৰদান কৰাৰ সুযোগ দি তেওঁলোকৰ মানসিক স্বাস্থ্যৰ উন্নতি কৰাত বিস্তৰ পৰিমাণৰ সহায় কৰিছে।

   

গতিকে নিউৰটেকনজিৰ উপকাৰ সুদূৰ প্ৰসাৰী। কিয়নো এই পদ্ধতিয়ে আমাৰ মগজুক যন্ত্ৰ বা কম্পিউটাৰ লগত ঐকৱদ্ধ কৰি মানৱী জীৱন উন্নত কৰাৰ বহু সফল উদাহৰণ ইতিমধ্যেই চাক্ষুস হৈছে। একে সময়তেই কেইবাটাও নৈতিক প্ৰশ্নৰ উদয় হৈছেযেনে মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ বা বিচিআই ৰ ব্যৱহাৰে আমাক কম-মানৱীয়কৰিছে নে বেছি-যান্ত্ৰিককৰিছে? বিচিআই য়ে মানৱ জাতিৰ ক্ৰমবিকাশত বাধাৰ সৃষ্টি কৰিব নেকি? মানৱীয়তা কৃত্ৰিম বুদ্ধিমত্তাৰ লগত নিমজ্জিত হৈ যাব নেকি? এই যন্ত্ৰবোৰে বা পদ্ধতিবোৰে মানৱী জীৱনৰ নানান সমস্যা সমাধান কৰে ঠিকেই, কিন্তু একে সময়তে বহু সংশয়ৰো কাৰণ হব পাৰে। গতিকে এই প্ৰশ্নবোৰৰ এতিয়াই কৰি তাৰ সমাধানোবোৰো অলপ হলেও বিচাৰিবৰ হ, নহলে পিছলৈ গৈ মানৱীয় দায়বদ্ধতাৰ আদালতত যাব লগাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই নিউৰটেকনজিৰ দ্বাৰা মানুহৰ চিন্তাধাৰাক হেক কৰা বা প্ৰভাৱান্বিত কৰা সম্ভৱ হব নেকি? আকৌ যিবোৰ মানুহৰ মগজুত ইমপ্লাণ্ট থকিব তেওঁলোকৰ বাবে এটা মাষ্টাৰ কন্ট্ৰল চুইচথকাটো প্ৰয়োজন হব নেকি, যাতে তেওঁলোকে প্ৰয়োজন সাপেক্ষে সেইটো বন্ধ কৰি থব পাৰে? অথবা এই প্ৰযুক্তি কি ইমানেই জটিল হৈ পৰিব যে এই ইমপ্লাণ্ট এবাৰ অন কৰিলে আৰু অফ কৰিব পৰা নাযাব? সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ নৈতিক প্ৰশ্ন হৈছে যে উপভোক্তা বিচিআই ৰ ক্ষেত্ৰত আমি কি বাণিজ্যিক প্ৰতিষ্ঠানবোৰক বিশ্বাসত লব পাৰিমনে? যদি কোনো এটা নিউৰটেকনজিৰ ইমপ্লাণ্টক এক বাণিজ্যিক প্ৰতিষ্ঠানে বিজ্ঞাপনৰ আৰ্হি হিচাবে ব্যৱহাৰ কৰে, তেন্তে কি ধৰণৰ নৈতিক প্ৰশ্ন উঠিব পাৰে? বাণিজ্যিক প্ৰতিষ্ঠানেবোৰে বিজ্ঞাপনৰ মায়াজালেৰে আপোনাৰ সপোন ৰাজ্যখনকো কি প্ৰভাৱিত কৰিবআপোনাৰ মগজুক কি বিজ্ঞাপন চাবলৈ বাধ্য কৰা হ? গতিকে নিউৰটেকনজিৰ শৈশৱকালতেই এইটো নিশ্চত কৰি লব লাগিব যে ইয়াৰ প্ৰয়োগ কেৱল আৰু কেৱল মানৱ জাতিৰ মংগলৰ বাবেহে ব্যৱহাৰ কৰা হয়। ইতিমধ্যে হলিউডৰ কেইবা খনো বোলছবিত এই নিউৰটেকনজিৰ ধাৰণা প্ৰদৰ্শিত হৈছে, উদাহৰণ স্বৰূপে ব্লেড ৰানাৰ বোলছবিত এক মানৱ সদৃশ ৰটৰ মগজুত এজন মানুহৰ স্মৃতি ইমপ্লাণ্ট কৰাৰ লগে লগে ৰটটোৱে সেই মানুহজন হৈ পৰিছিল। আমাৰ মহাকাব্যত ৰাৱণৰ আদেশত মাৰিছে হৰিণৰ ৰূপ লোৱা বা কংসৰ আদেশত পুতনা ৰাক্ষসীয়ে সুন্দৰী মহিলাৰ ৰূপ লোৱা তেনে ধৰণৰেই কথা আছিল নেকি? তেনেদৰে মেত্ৰিক্স নামৰ বোলছবিত নিও নামৰ চৰিত্ৰটোৰ মগজুত মাৰ্টিয়েল আৰ্ট বিদ্যাটো আপলড কৰি দিয়া হৈছিল আৰু লগে লগে তেওঁ সেই বিদ্যা জনা হৈ পৰিছিল। সময় লাগিব যদিও, এই  নিউৰটেকনজি মবাইল ফনৰ দৰে মানৱ জীৱনত দৈনন্দিন বস্তু হবলৈ যে গৈ আছে সেইয়া খুবেই পৰিষ্কাৰ আৰু ই যে এক গুৰুত্বপূৰ্ণ স্থান লব তাত কোনো সন্দেহ নাই।


তথ্যসুত্ৰঃ ১) Front. Syst. Neurosci., 13 December 2017


লেখকৰ ঠিকনা:

Bharat Baruah, Ph. D. Associate Professor Department of Chemistry and Biochemistry Kennesaw State University 370 Paulding Avenue, MD#1203 Kennesaw, GA 30144 Office SL4015, Lab SL4045 Phone 470-578-2654, Fax: 470-578-9137 E-mail: bbaruah@kennesaw.edu

http://facultyweb.kennesaw.edu/bbaruah/ https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ