অন্যযুগ/


ভৱপ্ৰজ্ঞা

প্ৰয়াগ শইকীয়া


Cadaver is a teacher

প্ৰণাম তেওঁলোকক যি মৃত্যুৰ পাছতো পায় গুৰুৰ স্থান

সদা উজ্জ্বল
প্ৰভাময় প্ৰজ্ঞাৰ আধাৰ
প্ৰাণহীন শৰীৰৰো যাৰ
নহয় অসাৰ

মাটি
জুই
নীৰৱতাৰ মিনাৰ
নহয় শেষ আস্থান
শেষ আস্থান যত শুকুলাবেশী বিদ্যাৰ্থী আৰু বিদ্বান

ভৱসাগৰৰ নাৱৰীয়া
আকাশত অৰুণজ্যোতি
আত্মাত তোমাৰ ভৱজ্যোতি
বৰিবানে এই নৱজ্যোতি

সিদ্ধান্ত অৱশ্যে একান্ত তোমাৰ
মনত ৰাখিবা সৎ আৰু সাহসীজনহে
নৱ প্ৰজ্ঞাৰ দধীচি হব পাৰে


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ