অন্যযুগ/


ন’বেল বঁটা ২০২১

ড° ৰমেশ চন্দ্ৰ গোস্বামী


কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড নবেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি পাঁচটা বিভিন্ন বিষয়ত ১৯০১ চনৰ পৰা প্ৰতি বছৰে নবেল বঁটা প্ৰদান কৰি অহা হৈছে৷ বিষয়সমূহ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰতত্ব বা চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তি৷ পাছত ১৯৬৯ চনৰ পৰা সামান্য সুকীয়া নামেৰে একে ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু সমান মান্যতাৰে অন্যান্য বিষয়ৰ সৈতে একেলগে অৰ্থনীতি বিজ্ঞানতো বঁটাটো প্ৰদান কৰি অহা হৈছে৷

যোৱা অক্টোবৰ মাহত উক্ত বিষয়বোৰত নবেল বঁটা বিজয়ীসকলৰ নাম আৰু তেওঁলোকৰ কামৰ বিষয়ে ঘোষণা কৰা হৈছে৷

পদাৰ্থ বিজ্ঞান :

বঁটাটো আগবঢ়োৱা হৈছে তিনিগৰাকী বিজ্ঞানীলৈ৷ তেওঁলোক হৈছেছ্যুকু মানাবে (Syukuro Manabe), ক্লাউজ হাছেলমান (Klaus Hasselmann) আৰু ৰ্জো পৰিজি (Giorgio Parisi)

ছ্যুকু মানাবে , ক্লাউজ হাছেলমান আৰু ৰ্জো পৰিজি 

জন্মসূত্ৰে জাপানী, পাছলৈ আমেৰিকাৰ নাগৰিক মানাবেৰ জন্ম ১৯৩১ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে জাপানৰ ছিংগু নামৰ ঠাইত৷ ৯১ বছৰীয়া এইগৰাকী পদাৰ্থবিজ্ঞানী বৰ্তমান প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত জ্যেষ্ঠ বতৰবিজ্ঞানী হিচাপে কৰ্মৰত৷

মানাবেৰ লগত একে বছৰতে অৰ্থাৎ ১৯৩১ চনৰ ২৫ অক্টোবৰ তাৰিখে জাৰ্মানৰ হামবুৰ্গত জন্ম লাভ কৰা ক্লাউজ হাছেলমান বতৰবিজ্ঞানৰ মেক্স প্লাংক প্ৰতিষ্ঠানৰ (হামবুৰ্গ) প্ৰাক্তন সঞ্চালক; বৰ্তমান তেওঁ একে প্ৰতিষ্ঠানৰ এমেৰিটাছ প্ৰফেছৰ৷

ইটালী দেশীয় পদাৰ্থবিজ্ঞানী জৰ্জো পৰিজিৰ জন্ম ১৯৪৮ চনৰ আগষ্ট তাৰিখে ৰোম নগৰীত৷ ১৯৯২ চনলৈকে তেওঁ ৰোম বিশ্ববিদ্যালয়ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ পূৰ্ণাংগ অধ্যাপক আছিল৷ বৰ্তমান তাৰেই কোৱাণ্টাম তত্ত্বৰ অধ্যাপক৷

পদাৰ্থবিজ্ঞানী তিনিগৰাকীক এই সন্মান যঁচা হৈছে জটিল ভৌতিক তন্ত্ৰসমূহ বুজি পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যুগান্তকাৰী অৱদানৰ বাবে৷ (দ্ৰঃ একে লেখকৰে জলবায়ুৰ ভৌতিক আৰ্হি আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ভৱিষ্যদ্বাণীৰ স্বীকৃতি শীৰ্ষক লেখা, প্ৰান্তিক ১-১৫ নৱেম্বৰ ২০২১)৷

১৯৬০ ৰ দশকৰ পূৰ্বে পৃথিৱীৰ জলবায়ুৰ বিষয়ে মানুহৰ জ্ঞান আজিৰ তুলনাত বহু কম আছিল৷ মানাবেই আৰু হাছেলমানে তেনে জ্ঞানৰ বুনিয়াদ স্থাপন কৰাত আগভাগ লৈছিল৷ মানাবেই এটা গুৰুত্বপূৰ্ণ কথা প্ৰতিপন্ন কৰিছিল যে মানুহে বায়ুমণ্ডললৈ যিমান বেছি হাৰত কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে, ভূ-পৃষ্ঠৰ উষ্ণতা সিমানে বাঢ়ে৷ এনে উষ্ণতা বৃদ্ধি এতিয়া গোলকীয় হৈ পৰিছে৷ ইয়াৰ প্ৰভাৱ জলবায়ুৰ ভৌতিক আৰ্হি প্ৰস্তুত কৰাৰ বাটকটীয়া হাছেলমানে বতৰ আৰু জলবায়ুৰ সহ সম্বন্ধ সম্পৰ্কীয় এটা গাণিতিক আৰ্হি আৱিষ্কাৰ কৰিছিল৷ তেওঁ জলবায়ুৰ ওপৰত প্ৰাকৃতিক পৰিঘটনা আৰু মানৱৰ ক্ৰিয়া কলাপ দুয়োটাৰে প্ৰভাৱ পৰে বুলি ধৰা পেলোৱাৰ পদ্ধতিও আৱিষ্কাৰ কৰিছিল৷ তেওঁৰ আৰ্হি ব্যৱহাৰ কৰি বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমনৰ পৰিমাণ বৃদ্ধিয়ে যে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে সেই কথাটো প্ৰমাণ কৰিব পৰা গৈছিল৷

জৰ্জো পৰিজৰ গৱেষণালব্ধ আৱিষ্কাৰে জটিল ভৌতিকতন্ত্ৰসমূহৰ গাণিতিক তত্ত্ব প্ৰস্তুতকৰণত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ নবেল বঁটা কতৃৰ্পক্ষই উল্লেখ কৰা অনুসাৰে পৰিজিয়ে পাৰমাণৱিক স্কেলৰ পৰা গ্ৰহীয় স্কেললৈকে থকা ভৌতিক তন্ত্ৰসমূহত বিশৃংখলতা আৰু তাৰতম্যৰ মাজত ঘটা পাৰস্পৰিক ক্ৰিয়া আৱিষ্কাৰ কৰা কাৰণে এই বঁটা দিয়া হৈছে৷

ৰসায়ন বিজ্ঞান :

ৰসায়ন বিজ্ঞানৰ নবেল  বঁটাৰে সন্মানিত হৈছে ৰসায়ন বিজ্ঞানী বেঞ্জামিন লিষ্ট (Bengamian List) আৰু ডেভিড মেকমিলান (David W C Macomillan) উভয়ৰে জন্ম হয়৷ ১৯৬৮ চনত৷ বেঞ্জামিৰ জন্ম জাৰ্মানিৰ ফ্ৰেংকফুৰ্টত। তেওঁ কলেনফৰশ্চুঙত অৱস্থিত মেক্স প্লাংক ইনষ্টিটিউটৰ প্ৰফেছৰ৷ অৱশ্যে মেকমিলান হৈছে প্ৰিঞ্চটন বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ৷ তেওঁলোকৰ এই বঁটা প্ৰদান কৰিছে অপ্ৰতিসম জৈৱ অনুঘটন নামৰ এটা প্ৰক্ৰিয়া উদ্ভাৱন কৰা কাৰণে

বেঞ্জামিন লিষ্ট আৰু ডেভিড মেকমিলান 


শৰীৰতত্ত্ব বা চিকিৎসাবিজ্ঞান :

এই বিষয়তো দুগৰাকী বিজ্ঞানীয়ে বঁটা লাভ কৰিছে৷ তেওঁলোক ডেভিড জুলিয়াছ (David Julius) আৰু আৰ্ডেম পাটাপটিয়ান (Ardem Patapoution) আমেৰিকান শৰীৰতত্ত্ববিদ জুলিয়াছৰ জন্ম আমেৰিকাৰ নিউ য়ৰ্কত ১৯৫৫ চনত৷ তেওঁ বৰ্তমান কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰফেছৰ৷ আকৌ আমেৰিকাৰ আৰ্ণৱিক জীৱবিজ্ঞানী তথা স্নায়ু বিজ্ঞানী পাটা-পটিয়ানৰ জন্ম লেবালনৰ বেইৰুট চহৰত৷ ১৯৬৭ চনত৷ তেওঁলোক হৈছে৷ ডেভিড কাৰ্ড (Daved Card), জছুৱা এনগ্ৰিষ্ট (Joshua Angnist) আৰু গুইড ইমবেন্স (Guido Imbens)

ডেভিড কাৰ্ডৰ জন্ম কানাডাত ১৯৫৬ চনত৷ বৰ্তমান তেওঁ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ৷ এনগ্ৰিষ্টে ১৯৬০ চনত আমেৰিকা  যুক্তৰাষ্ট˜ৰ ওহিঅত জন্ম লাভ কৰে৷ তেওঁ কেম্ব্ৰিজৰ মাছাছুছেট্‌ছ ইনষ্টিটিউট অৱ্‌ টেক্‌নলজিৰ প্ৰফেছৰ৷ আনহাতে গুইড ইমবেন্সৰ জন্ম হয় নেদাৰলেণ্ডত, ১৯৬৩ চনত৷ ইমবেন্সে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ প্ৰফেছৰ পদৰ কাৰ্য নিৰ্বাহ কৰি আছে৷

কাৰ্ডে এই বঁটা লাভ কৰিছে৷ শ্ৰম অৰ্থনীতিলৈ পৰীক্ষাগত অৱদানৰ বাবে৷ আনহাতে এনগ্ৰিষ্ট আৰু ইমবেন্সক দিয়া হৈছে তেওঁলোকৰ কাৰ্য কাৰণাত্মক সম্পৰ্কৰ বিশ্লেষণলৈ পদ্ধতিগত অৱদানৰ বাবে৷


 ডেভিড জুলিয়াছ  আৰু আৰ্ডেম পাটাপটিয়ান 


সামৰণি :

বে বঁটাৰ প্ৰৱহমান চিত্ৰখনলৈ চকু গলে এনেহে লাগে যেন কৰবাত আমাৰ কিবা কেৰো সোমাই আছে৷ সেয়া যদি আমাৰ দেশৰ শিক্ষা পদ্ধতিতহে তেন্তে সি দাসত্বৰ নে বৌদ্ধিক নে আইন কিহবাত তাক প্ৰকৃত বুদ্ধিজীৱীয়ে অবিলম্বে বিশ্লেষণ কৰা উচিত৷ উপযুক্ত কতৃপক্ষই তাৰ সমুচিত প্ৰতিবিধানৰ ব্যৱস্থা কৰা দৰকাৰ৷ অন্যথা ভাৰতীয়সকলে প্ৰাচীন সোণালীত্বৰ বোকোচাত উঠি বুকু ফিন্দাই হাঁহিয়াতৰ পাত্ৰহে হব লাগিব বহুকাল৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ