অন্যযুগ/


আধুনিকতাৰ যুগস্ৰষ্টা কবি টি এছ এলিয়ট

ৰুদ্ৰ সিংহ মটক


ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে শ্বেক্সপীয়েৰৰ নাটক আৰু ছনেটৰ লগতে কীটছ্, শ্বেলী, ৱৰ্ডচৱৰ্থ, ব্ৰাউনিঙ, য়েটছ্, এলিয়টৰ যুগমীয়া সৃষ্টিৰাজীৰ সংস্পৰ্শলৈ অহাৰ সৌভাগ্য হৈছিল। নতুনৰ আৱাহনী শুনা যৌৱনোচ্ছ্বল এই সোণালী সময়ছোৱাতে আমি কবিতা নামৰ সৃষ্টিশীল শিল্পৰূপৰ প্ৰেমত পৰিছিলোঁ। বিশেষকৈ ইংৰাজী সাহিত্য বিভাগৰ মূৰব্বী অধ্যাপক বিভূতি ভূষণ চক্রৱৰ্তী ছাৰৰ উছাহ-প্ৰেৰণাৰে উদ্বোধিত হৈ দুই চাৰিটা ইংৰাজী কবিতাও লেখিছিলো। কিন্তু ডাঙৰ কথাটো হল আমি পাঠ্যক্রমত বিশেষভাৱে পঢ়িবলগা কবিসকলৰ ভিতৰত টি. এছ. এলিয়টৰ শব্দ-প্ৰযুক্তি, কল্পনাৰ চমক, ভাৱৰ মহত্ত্ব, চিত্রকল্পৰ অভিনবত্ব আৰু ছন্দবৈচিত্র্যই আমাক যেন আনসকল কবিতকৈ বহু বেছিকৈ আকৰ্ষিত কৰিছিল। হয়তো সেইবাবেই পিবয়সতো ইলিয়ট আমাৰ বহল অধ্যয়ন, গভীৰ অনুসন্ধিৎসা আৰু চৰ্চা-আলোচনাৰ মস্তকমণিস্বৰূপ হৈ হৃদয়ৰ গভীৰত যেন থিতাপি লৈ বহিল আমৃত্যু-আজীৱন। 

এলিয়টে কুৰি শতিকাৰ ইংৰাজী কাব্যশিল্পক যি মহাকাব্যিক আয়তন, অভিনৱত্ব আৰু আৱেদনেৰে সমৃদ্ধ কৰি গ, সিয়ে তেওঁক কালজয়ী সাহিত্যত শ্বেক্সপীয়েৰ আৰু ৱৰ্ডছৱৰ্থৰ পিছতে এখন নিগাজি আসনত অধিষ্ঠিত কৰি গৈছে। বিংশ শতাব্দীৰ ঔদ্যোগিক সভ্যতাজাত জীৱনৰ শুষ্কতা আৰু অৱসাদ, দ্বিধা আৰু সংশয়, অপ্ৰেম আৰু যৌনতা, ক্লান্তি আৰু নৈৰাশ্য, পাপ আৰু নৈতিকতাহীনতাৰ চিৰাচৰিত দ্বন্দ্ব-সংকটকো আধুনিক কাব্যভাৱনাৰ বিৰল অথচ বৰ্ণিল বিষয়ৰূপে শিল্পমণ্ডিত ফৰ্মত চিত্রিত কৰি ইলিয়টে অসাধাৰণ মননশীলতা আৰু অসামান্য কল্পদৃষ্টিৰ পৰিচয় দি গৈছে। যুগচেতনাৰ সাৰ্থক প্রতিফলন হৈয়ো যুগাতিক্ৰমণৰ অন্তৰ্নিহিত কালিকা শক্তিৰে উদ্ভাসিত এখন নিজস্ব কাব্যজগত নিৰ্মাণ কৰিবলৈ সফলকাম হোৱা বাবেই ইলিয়ট হৈ পৰিল কালহীন, যুগদ্ৰষ্টা কবি এইখিনিতে উল্লেখ কৰাটো প্ৰাসংগিক হব যে আমাৰ অসমীয়া সাহিত্য জগতৰ পুৰোধা কবি নৱকান্ত বৰুৱা আৰু অজিত বৰুৱাৰ কাব্যসৃষ্টি আৰু কাব্যদৰ্শনতো ইলিয়টৰ প্রভাৱ অপৰিসীম।  

১৮৮৮ চনৰ ২৬ ছেপ্টেম্বৰত এলিয়টৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেণ্ট্ লুই চহৰত। তেওঁৰ পিতৃ আছিল এগৰাকী উদ্যোগপতি আৰু মাতৃ হল কবি। তেওঁৰ ককাক আছিল এজন শিক্ষানুৰাগী, উন্নতমনা লোক আৰু বিখ্যাত ৱাছিংটন বিশ্ববিদ্যালয়ৰ অগ্ৰগণী প্রতিষ্ঠাতা। ১৯১৫ চনত ইলিয়ট ইংলণ্ডলৈ আহে আৰু ইংৰাজ নাগৰিকত্ব গ্ৰহণ কৰে। হাভাৰ্ড, দ্য ডৰবন বিশ্ববিদ্যালয় আৰু অক্সফর্ডৰ শৈক্ষিক কালছোৱাতে তেওঁ  ইংৰাজী, জাৰ্মান, ফ্ৰাঞ্চ আৰু প্রাচ্যৰ ধ্ৰুপদী সংস্কৃত সাহিত্যৰ বাছকবনীয়া গ্ৰন্থবোৰ মনপুতি অধ্যয়ন কৰি আত্মবোধ আৰু শিল্পজিজ্ঞাসাৰ জোনাকী ভেটিটো ধীৰে ধীৰে মজবুত কৰি তুলিছিল। পালৈ শিক্ষকতা, বেংকৰ ব্যস্ততাভৰা কষ্টকৰ চাকৰি, প্ৰকাশন প্রতিষ্ঠানৰ ব্যৱসায়িক বিচিত্র অভিজ্ঞতাৰাজিয়ে অনুভূতিপ্ৰৱণ এলিয়টৰ কাব্যিক অন্তৰ্দৃষ্টি আৰু হৃদয়াবেগ বাস্তৱানুগ, গভীৰ আৰু সমুজ্জ্বল কৰি তুলিছিল। এলিয়টৰ অন্যতম পৰিচয় হৈ পৰিছিল সততে আন কোনো কবিৰ লগত ৰিজাব নোৱৰা তেওঁৰ বিস্ময়কৰ কবিপ্ৰতিভা। নিজৰ সৃষ্টিকর্ম সন্দৰ্ভত তেওঁ এনেদৰে মন্তব্য কৰিছে -” লণ্ডনত মোৰ সুনাম গঢ়ি উঠিছে চুটি চুটি শাৰীৰে ৰচনা কৰা অৰ্থ- ঘন কবিতাবোৰ, আৰু বছৰত দুইৰপৰা তিনিটা কবিতাহে প্ৰকাশ কৰাৰ মাজেদি। মোৰ মূল লক্ষ্য আছিল এইবোৰ হব লাগিব নিটোল (perfect), যেন প্ৰতিটোৱেই জীৱন্ত হৈ উঠা এটা এটা ঘটনা৷” ভাৱগত ঔদাৰ্যৰ (subtlety) তে উচ্চস্তৰীয় ভাষিক বাগ্মিতা আৰু বিৰল শিল্পচাতুর্যৰ মুগ্ধ মণিকাঞ্চনে উপভোগ্য কৰি তোলে তেওঁৰ নজহা-নপমা, অতুলন সৃষ্টিকৰ্মৰ অনিৰ্বচনীয় কাব্যপাঠ ” strength beyond hope and despair /climbing the third stair.”

এলিয়টৰ কাব্যদৰ্শন আছিল তেওঁৰ পূর্বসুৰী কবিসকলৰ পৰা পূৰামাত্ৰাই পৃথক আৰু স্বতন্ত্র। সেইবুলি ঐতিহ্যৰ প্ৰভাৱৰপৰা তেওঁৰ কাব্যধাৰা মুক্ত আছিল বুলিব নোৱাৰি। এলিয়টে তেনে হোৱাটো বিচৰাও নাছিল। ট্ৰেডিশ্যন এণ্ড ইনডিভিজুৱেল টেলেণ্ট্” ৰচনাত ইলিয়টে কৈছে যে ঐতিহ্য বা পৰম্পৰাৰ সুস্থ প্ৰমূল্যকো সযতনে আদৰি আনি চলমান বৰ্তমানৰ বাস্তৱবোধৰ ৰক্তফল্গুধাৰাত জীণ নিয়াই লব পৰাটো এজন মহৎ লেখকৰ প্ৰতিভাৰ পৰিচায়ক। এলিয়টৰ জীৱন দৰ্শনত যেনেদৰে জৰ্জ ছাণ্টায়ন আৰু আৰভিং বেবিটৰ দৰে চিন্তাবিদৰ প্ৰভাৱ পৰিছিল, সেইদৰে তেওঁৰ আগবয়সৰ কাব্যসৃষ্টিত টমাছ্ হাৰ্ডি আৰু এডৱাৰ্ড থমাছ্, চেজুন আৰু অৱেন আদি বাস্তৱবাদী কবিসকলৰ প্রভাৱ আছিল অনিবার্য। আনহাতে লাফৰ্গ, ৰাঁবো, ভাৰলেইন, কৰবিয়েৰ আদি ফৰাচী স্ৰষ্টাসকলৰ প্ৰতিবাদী কবিতাই এলিয়টৰ কাব্যদৃষ্টি অধিকতৰ সংহত, ব্যাপক আৰু অন্তৰ্ভেদী হোৱাত ইতিবাচক প্ৰভাৱ পেলাইছিল। লাভ্ ছং অব্ জে আলফ্ৰেড প্ৰুফ্ৰক” , “ৰ্ট্রেট অব্ এ লেডী”, “প্ৰিলিউডছ্প্ৰভৃতি কবিতাৰ অন্তৰ্নিহিত চিম্ফনীত এনে প্ৰভাৱ সুস্পষ্ট। 

নিজৰ কবিসত্তা আৰু কাব্যসৃষ্টিত আৰ্থাৰ ছিমঞ্চ্ ৰচিত সাহিত্যত প্ৰতীকবাদকিতাপখনৰ প্ৰভাৱ সম্পর্কে এলিয়টে এনেদৰে কৈছে -”১৯০৮ চনতে মই এই গ্ৰন্থ নপঢ়াহলে, কাহানিও মই হয়তো লাফৰ্গ আৰু ৰাবোঁৰ নামেই নুশুনিলোহেঁতেন। আনকি ভাৰলেইনৰ কবিতাও হয়তো মোৰ কাহানিও পঢ়া নহলহেঁতেন। ভাৰলেইনৰ কবিতা নপঢ়া হলে মই চাগৈ কৰবিয়েৰকো নাজানিলোহেঁতেন। ছিমঞ্চৰ কিতাপখন এনে এখন কিতাপ যি মোক আৰু মোৰ কবিতাক গভীৰভাৱে প্ৰভাৱিত কৰিছে৷” লেও স্বীকাৰ কৰিব লাগিব, অভিজ্ঞতাৰ জুই-নিয়াৰিত ভাঙি-পিতি তাম বা পিতলকো সোণলৈ পৰিৰ্তিত কৰিব পৰা অপৰিমেয় শক্তি আছিল এলিয়টৰ ধাতৱ আৱেগ আৰু কল্পনাত। আন উৎসৰপৰা সযতনে গ্ৰহণ কৰা ভাৱগত সমল বা উপাদানবোৰকো কবি এলিয়টে আৰু বেছি ভালকৈ, অন্তত: সম্পূৰ্ণ বেলেগ ৰূপত উপস্থাপনকৰি পাঠকচিত্ত মুগ্ধ-উদ্বেলিত কৰিব পাৰিছিল। বাৰ্ট্ৰাণ্ড্ ৰাছেল, ৰবাৰ্ট লয়েল, জেমছ জয়ছ্’, ভাৰ্জিনিয়া উলফ্, এজৰা পাউণ্ডৰ দৰে বৰেণ্য বিজ্ঞানী, কবি, সাহিত্যিকৰ বিৰল সান্নিধ্যই  তেওঁৰ জীৱন এষণা, প্রজ্ঞা-অভিজ্ঞতাক দান কৰিছিল এক নতুন দীপ্তি আৰু আয়তন। 

১৯১৭চন। প্ৰথম বিশ্বযুদ্ধই জীৱনৰ ডাল-পাত ফুল-ফল আৰু আশাৰ চাৰুলিয়া শিপা ছিঙি মানুহৰ মন আৰু আত্মা কোঙা হোৱাকৈ থানবান কৰি গৈছে। এনে ৰিক্ত সময়ছোৱাতে এলিয়টৰ প্ৰুফ্ৰৰ্ক এণ্ড্ আডাৰ অৱছাৰভেশ্যনছ্কাব্যগ্ৰন্থ প্রকাশ পায়। এই গ্ৰন্থই পোন প্ৰথম বাৰৰ বাবে আধুনিক কবিতাৰ শিথিল গতানুগতিক ধাৰাৰপৰা আঁতৰি আহি এক নতুন বৈপ্লৱিক পৰিৰ্তনৰ সূচনা কৰে।  লাভ ছং অব্ জে আলফ্রেড  প্ৰুফ্ৰুৰ্ককবিতাটিৰ প্রুফ্ৰৰ্ক আধুনিক সমাজৰ দ্বিধাগ্রস্ত প্রেমিকৰ সাৰ্থক প্ৰতীক। তেওঁ যেন ৰিক্ত পৃথিৱীৰ এজন নি:সঙ্গ যাত্রী। কুঁৱলী আৰু মনোদ্বন্দ্বই তেওঁক কেতিয়াও বাট এৰি দিয়া নাই। প্রেয়সীৰ বুকুৰ কাষ চাপি কাহানিও তেওঁ নিজৰ প্রেম নিৱেদন কৰিব নোৱাৰিলে ফী চামুচেৰ জুখি জীৱনৰ সোণালী লগ্নবোৰ পাৰ কৰি “I grow old, I grow old” বুলি যন্ত্রণাত হামৰাও কাঢ়িলেও প্ৰেমিকৰ মন আকাশৰপৰা দুখৰ ডাৱৰ যেন কোনোদিন নাতৰে —”I have heard the mermaids singing  each to each/ I do not  think they will sing to me.“ এই কবিতাটো দৰাচলতে প্ৰুফ্ৰকৰ আশা-ৰঙা  প্ৰেমৰ গীত নহয় ; ই প্ৰেমহীন ছিম্ফনিহীন অসহায় প্ৰেমিকৰ বিফলতাভৰা জীৱনৰ বিষাদঘন, কৰুণ-কাতৰ স্বীকাৰোক্তি —”I am no prophet and here is no great matter/I have seen the moment of my greatness flicker/I have seen the eternal Footman hold my coat and snicker.”

১৯২০ চনত প্ৰকাশিত পয়েমচ্ ১৯২০কাব্য সংকলনৰ সবাতোকৈ তাৎপৰ্যমণ্ডিত কবিতাটো হজিৰনশ্যন্দৰাচলতে এলিয়টে এই কবিতাটো তেওঁৰ ৱেষ্টলেণ্ডৰ মুখবন্ধ হিচাপেহে ৰচনা কৰিছিল। জিৰনশ্যন্ যেন জীয়াই থাকিও মৃত। তেওঁৰ বুকুৰ। বৰষুণ আৰু যৌৱনৰ স্বপ্নবোৰ খৰাঙে কুটি কুটি খাইছে। তেওঁ যাপন কৰিবলগা হৈছে সেউজহীন, উত্তাপহীন এক দুৰ্বহ জীৱন, নিশাৰ আহাৰৰ পিছৰ নিদ্রাৰ দৰে খুবেই যান্ত্রিক আৰু অগতানুগতিক। জিৰনশ্যনৰ জীৱনহীনতাৰ সংকট কোনো ব্যক্তি বিশেষৰ নহয়, সমস্ত মানৱ জাতিৰ সংকট  “ I have lost my passion. Why should I keep it? Since what is kept must be adulterated?”  জিৰনশ্যনৰ কণ্ঠস্বৰ দীপ্ত কিম্বা অৰ্থব্যঞ্জক নহয়, বাঁহীৰ বুকুৰ আশাবাদৰ ঘূৰণীয়া ৰিঙো নহয়, বৰং খেলি-মেলি ছন্দহীন তৰংগৰ ঘূর্ণিত অপসৃয়মান ঢৌৰ দৰে নিশ্চিদ্র, অতল আন্ধাৰত হেৰাব খোজা আত্মাৰ অস্ফুট ক্ৰন্দনধ্বনি—” The word within a word unable to speak a word /Swaddled with darkness.”  এয়া মাথো মূমুর্ষু জিৰনশ্যনৰ বিধ্বস্ত জীৱনৰে এন্ধাৰঘন, বিষণ্ণ চিত্রকল্প নহয়, কালৰাত্ৰি আদৰি অনা আমাৰ এই তথাকথিত সভ্যতাৰ সূৰ্যাস্তৰো যেন কাৰুণ্যভৰা মৰ্মৰ অভিব্যক্তি। 

দ ৱেষ্টলেণ্ড” এলিয়টৰ কবিপ্ৰতিভাৰ সৰ্বোৎকৃষ্ট চানেকি। ১৯২২ চনত ক্ৰাইটেৰিয়নআলোচনীত এই কবিতা প্ৰকাশ পায়। এই কবিতাটিতে এলিয়টৰ বহু পৰীক্ষিত নতুন কাব্যশৈলীৰ চৰম বিকাশ ঘটে। সমালোচক লুই উল্টাৰমেয়াৰে পাঁচোটা সৰ্গত বিভক্ত ৱেষ্টলেণ্ডক পাঁচোটা কবিতা বুলি নকৈ পাঁচোটা বেলেগ অথচ স্বতন্ত্র কবিতাৰ মহাকাব্যিক শিল্পৰূপ বুলি অভিহিত কৰিছিল। আধুনিক সভ্যতাৰ সংকট আৰু অন্তৰ্দ্বন্দ্বৰ ঘনীভূত ৰূপচিত্ৰ অংকন কৰিবলৈ এলিয়টে এই কবিতাত জেমচ জয়চেৰ মিথিকেল মেথডঅনুসৰণ কৰিছে। 

ৱেষ্টলেণ্ডৰ প্ৰথম তিনিটা অধ্যায় আগুৰি আছে নৈতিকতাৰ পতন আৰু মৃত্যুৰ ঘনীভূত ছায়া; ইয়াত নতুন জীৱনৰ কোনো আৱাহনী নাই। “He who was living is now dead/ We who were living are now dying.” আনকি বসন্তৰ আগমনতো মানুহৰ মনবোৰত আশাৰ কুঁহি অংকুৰিত নহয় ; বৰং ৰস-পিত নোপোৱা শিপাৰ দৰে হৃদয়ৰ সকলো শিপা যেন মৰহি শুকাই যায় “April is the cruelest month breeding lilacs out of the dead land,/mixing memory and desire, stirring dull roots with spring rain” গ্ৰীক পুৰাণৰ টাইৰেছিয়াছে এই বন্ধ্যা পৃথিৱীৰ বাসিন্দাসকলৰ নৈতিক স্খলন প্রত্যক্ষ কৰি ব্যথিত হৈছে। এয়া আমাৰ অনুৰ্বৰ আধুনিক জীৱন-প্ৰবাহৰ প্ৰতীকী চিত্র। দুখনকৈ বিশ্বযুদ্ধ উপৰ্যুপৰি বিধ্বস্ত কৰি গৈছে বিংশ শতাব্দীৰ সভ্যতা, সংস্কৃতি আৰু জীৱন। সততে নি:সঙ্গ, স্নায়ৱিক ৰোগাক্ৰান্ত কৰিঅলেনাছ্ ব্যাধিগ্ৰস্ত, নপুংসক সভ্যতাৰ ট্ৰেজিক সৃষ্টি।

ৱেষ্টলেণ্ডকবিতাৰ পঞ্চম সৰ্গত হোৱাট দ্ থানডাৰ ছেইড্ত তৎকালীন সমাজমানসৰ প্রকৃত চিত্র খোদিত হৈছে। এলিয়টে লিখিছে-

ইয়াত কোনো পানী নাই কেৱল পাথৰ

পাথৰ, আৰু কোনো পানী নাই, বালিময় পথ

পৰ্বতৰ মাজেৰে শুকান বতাহৰ দৰে ওপৰলৈ উঠে

                পানীশূন্য পাথৰৰ পৰ্বত

 পানী থাকিলে, আমি ৰলোঁ হয় আৰু খালোহেঁতেন

 পাথৰৰ মাজত কোনো ৰব নোৱাৰে কিম্বা পানী খাব 

  নোৱাৰে

 শুকান ঘাম, আৰু বালিত পোত গৈছে ভৰি

 পাথৰৰ মাজত যদি কেৱল পানী থাকিলহেঁতেন

 

 পোকে-খোৱা দাঁতেৰে মৃত পৰ্বতবোৰে থু পেলাবও নোৱাৰে

 ইয়াত কোনেও ৰব কিম্বা শুব অথবা বহি থাকিব নোৱাৰে

 পৰ্বতবোৰত আনকি কোনো নীৰৱতাও নাই

 কেৱল বৃষ্টিহীন অনুৰ্বৰ বজ্ৰপাত 

দ ৱেষ্টলেণ্ডৰ আঁহে আঁহে বিৰাজমান সমস্ত নিৰাশা তথা নিহিলিজমৰ অন্তত এলিয়টে হিমালয়ৰ শিখৰত জমা হোৱা ডাৱৰৰ জৰিয়তে বৃষ্টিৰ অপেক্ষাৰ মেটাফৰৰ জৰিয়তে উপনিষদত বৰ্ণিত দান, সহানুভূতি তথা আত্মনিয়ন্ত্রণৰ জীৱনমুখী দৰ্শনৰ জৰিয়তে জীৱনক সুশৃংলিত কৰাৰ যি মন্ত্র, তাকেই ব্যাখ্যা কৰিছে কি কলে মোক বজ্ৰ নিৰ্ঘোষে(ড০ দীপশিখা ভাগৱতী/অন্যযুগ, নবেম্বৰ, ২০২০) বিপৰীতধৰ্মী ভাৱৰ দ্বন্দ্ব-সংঘাতৰ মাজেদি মানুহৰ হৃদয়-মনন আন্দোলিত কৰিব পৰা অন্তৰ্ভেদী কোনো শক্তিশালী চৈতন্যৰ নৱজাগৰণ এইজন কবিৰ মূল লক্ষ্য। সেয়ে হয়তো আই. এ. ৰিচাৰ্ডছে (I A Richards) এলিয়টৰ কবিতাকে ভাৱৰ সংগীত (music of ideas) বুলি অভিহিত কৰিছে। 

তৎসত্ত্বেও এটা কথা পাহৰিলে ভুল কৰা হব যে ট্ৰেজিক দৃষ্টিকোণৰ উৰ্ধ্বতো আছে এলিয়টৰ কবিতাৰ অন্য এক তাৎপর্যপূর্ণ দিশ। সেয়া হল চৰম ভাঙোনৰ মাজতো পুনৰ্সৃষ্টিৰ নতুন প্রত্যয়। চিৰ জাগৰ স্বপ্নৰ আশ্চর্য চকু মেলা নৱদৃষ্টিতে লুকাই আছে সৃজনশীল কলা বা কবিতাৰ বাস্তবতা। এলিয়টে কৈছিল — ”কবিতাই আমাক আমাৰ পৃথিবীখন বা ইয়াৰ কিছুমান দিশ নতুন দৃষ্টিৰে চাবলৈ শিকায়। কবিতাই মাজে সময়ে আমাকে সোঁৱৰাই দিয়ে সেই গভীৰ নামহীন অনুভূতিৰাজিৰ উপস্থিতিৰ কথা যিবোৰৰ মাজলৈ আমি কাচিৎহে প্রৱেশ কৰোঁ।আত্মকেন্দ্রিকতাৰ ধূলি-ধোঁৱা-কুঁৱলীৰ উৰ্ধ্বলৈ গৈ সমস্ত ভয়-শংকা-দ্বিধা নেওচি প্ৰেম আৰু নৈতিকতাৰ আধ্যাত্মিক উপলব্ধিৰে, উৰ্বৰতাৰ সাধনাৰে বসন্তময় উদ্ভাসিত জীৱন-জিজ্ঞাসাৰ উজ্জ্বল ইংগিত ৱেষ্টলেণ্ডৰ শেষ সৰ্গত সুন্দৰভাৱে পৰিস্ফুট হৈছে—” Datta, Dayadhvam, Damyata/Shantih Shantih Shantih” .

এলিয়টৰ “Inferno” আখ্যায়িত, মডার্নিষ্টসকলৰ বাইবেলস্বৰূপ অভিনৱ আংগিকৰ এই জটিল-দীঘল বহুমাত্রিক কবিতাটিৰ অন্তৰ্নিহিত ভয়-সংশয়, আশা-নিৰাশা, অন্তৰ্দ্বন্দ্ব আৰু পৰিবৰ্তনৰ ভৱিষ্যদৃষ্টিৰ ইংগিতময়তাৰ অলেখ ছৱিৰে আজিও যুগসঙ্গত। প্রেয়াৰ  বিফৰ বাৰ্থৰ দৰে কালোত্তীর্ণ কবিতাৰ স্ৰষ্টা লুই মেকনিচেৰ ভাষাত দ ৱেষ্টলেণ্ড আছিল এনে এটা কবিতা, যি কবিতা আৰু জীৱনৰ প্ৰতি থকা আমাৰ ধ্যান-ধাৰণা সম্পূর্ণৰূপে সলনি কৰি দিলে। ...সম্ভৱত: ওঠৰ বছৰ বয়সতে আমি এনে অনেক ৰিক্ত ধৰণীৰ বিষয়ে জানিব পাৰিছিলোঁ, সেয়া যিমানেই অবচেতনভাৱে নহওক কিয়, যিমান জানিছিল আমাৰ আগৰ পুৰুষে, অথবা যিমান জনা উচিত আছিল এজন বয়:সন্ধি কালৰ ডেকাৰ বাবে, যিসকল লোকে কাহানিও নিজৰ জাগ্রত, চেতন মনেৰে তালৈ যোৱা নাছিল সেইসকল লোকেও প্ৰথম দৃষ্টিতে এনে ৰিক্ততাক সম্পূৰ্ণভাৱে বুজি উঠিছিল আৰু তাৰ পিছৰ প্ৰতিবাৰেই ইয়াৰ মুখামুখি হওঁতে তাৰ বাস্তৱ স্বৰূপটো উপলব্ধি কৰিব পাৰিছিল। (বিংশ শতাব্দীৰ সন্ধানত) 

 মেনকবিতাত ইলিয়টে চিত্রিত কৰিছে বিংশ শতাব্দীৰ অন্ত:সাৰশূন্য বেলুন সভ্যতা আৰু জীৱনহীন মানুহৰ মৰুযাত্ৰা We are the hollow men/We are the stuffed men/Leaning together/Headpiece filled with straw” .এই হ মেন আন কোনো নহয়, তেওঁ ৱেষ্টলেণ্ডৰে লক্ষ্যভ্ৰষ্ট যাত্রী। প্ৰেম আৰু প্রজ্ঞাহীনতাত ভিতৰি ভিতৰি আত্মিকভাৱে মৰি অহা মানুহৰ ক্রমবর্ধমান পৰিঘটনাই হয়তো এদিন জীবশ্রেষ্ঠ(!) মানুহৰ এই হাজাৰ বছৰীয়া সভ্যতাৰেই ট্রেজিক সমাধি ৰচিব। এনে এক নিৰ্মম সত্যই সংবেদী কবি এলিয়টক অহৰহ দগ্ধ-ব্যথিত কৰিছিল। সেয়েহে তেওঁ মুমুর্ষু সভ্যতাক সঁকিয়নি দিয়াৰ মানসেৰে লেখিছিল

 ”This is the way the world ends, 

 This is the way the world ends, 

 This is the way the world ends, 

 Not with a bang but with a whimper.”

কবি ইলিয়টৰ দ এশ্ব্ ৱেডনেছ ডেতেওঁৰ ধৰ্মীয় ভাবনাৰ উচ্চ স্তৰৰ গম্ভীৰ অভিব্যক্তি। জীৱন আৰু সংসাৰৰ দুখ-ক্লেশ, দ্বন্দ্ব-সংঘাতৰ পৰা বৰাগীৰ দৰে আঁতৰি থাকি নহয়, সেইবোৰ দুখ-যন্ত্ৰণাৰ দহন-পীড়ণৰ মাজেৰেহে মানুহৰ সুপ্ত আত্মশক্তি আৰু আত্মজ্ঞানৰ শোণিত-সূৰ্যোদয় হয়; মানৱীয় সত্ত্বাকে নৱোন্মেষ আৰু নৱজাগৰণ ঘটে। দ হ মেনৰ দৰে এশ্ব্ ৱেডনেছ ডেঅনুৰ্বৰতাৰ বিষাদ-ছায়াঘন ৰিক্ত কবিতা নহয় ফ্ৰাঞ্চিছ স্কাৰ্ফেৰ দৃষ্টিত ই হল উৰ্বৰতাকাংক্ষী এলিয়টৰ আধ্যাত্মিক তীৰ্থযাত্ৰাৰ গাম্ভীৰ্যভৰা প্ৰাৰ্থনাগীত। বিশিষ্ট সমালোচক ড০ হীৰেন গোহাঁইদেৱৰ মন্তব্য উল্লেখযোগ্য— ”এলিয়টৰ ধৰ্মবিশ্বাস বা গোড়ামি ভাল নোপোৱা মানুহেও তেওঁৰ কবিতা পঢ়ি মুগ্ধ হয়। কাৰণ তেওঁ বিশ্বাস-অবিশ্বাস, ধৰ্মীয় ধাৰণা আৰু টনটনীয়া বাস্তৱবুদ্ধিৰ মাজত  সদায় তেওঁৰ কাব্য স্পন্দিত কৰি ৰাখিছে।

 “ফৰ কোৱাৰ্টেটছ্” (১৯৪২) এলিয়টৰ কবিত্ব প্রতিভা আৰু আধ্যাত্মিক অভিজ্ঞতাৰ সোণালী ফচল। ইয়াত বাৰ্নাৰ্ড নৰ্টন”, “ইষ্ট ককাৰ”, “ড্ৰাই ছেলভেজেজ” আৰু লিটল্ গিডিং” শীর্ষক চাৰিটা কবিতা সন্নিবিষ্ট হৈছে। এই কবিতাসমূহত সাগৰতলিৰ পৰিশ্ৰুত সোঁতত দৰে অনুৰণিত হৈছে অন্তৰ্জীৱনৰ সুগভীৰ বৌদ্ধিক সুৰ। ভ্ৰান্তিহীন উদ্বিগ্নতাহীন এনে সাংগীতিক মুহূর্তবোৰেই হয়তো সমাহিত জীৱনৰ পৱিত্ৰতম প্ৰাৰ্থনাৰ প্ৰভাতী লগ্নযেতিয়া চেতন আৰু অবচেতন, সসীম আৰু অসীম সত্তাৰ মাজত অপূর্ব সেতুবন্ধন সম্ভৱ হৈ উঠেThe river is within us, the sea is all about us. জীৱনমুখী সেউজীয়া আবেগেৰে ধাবিত হৈ সংসাৰ-সমুদ্ৰৰ সমস্ত সুখ-দুখ হাঁহি-কান্দোন আঁকোৱালি লব পাৰিলেহে জীৱন-কলা বিকশিত আৰু অৰ্থমণ্ডিত হৈ উঠে। এলিয়টে মুক্তক ছন্দৰ (verse libre) বহুল প্রয়োগ কৰিলেও জেমছ জয়ছৰ দৰে মানৱ মনৰ চেতন-অবচেতন দুয়োখন জগতকে জোকাৰি দিব পৰাকৈ তেওঁৰ কাব্যভাষাৰ মজ্জাত আছে বিজুলী-শিল্পৰ অমোঘ যাদুযি নেকি প্ৰাণগঙ্গাৰ সুসুপ্ত প্ৰজ্ঞাফল্গুৰ পোহৰদ্বাৰ খুলি মানুহৰ কাণে-কাণে নৱজীৱনৰ অগ্নিমন্ত্র আওৰায়। ইনফাৰ্নো সদৃশ এন্ধাৰ পৃথিৱীৰ বাবে পোহৰৰ সন্ধানত প্ৰমিথিয়ুছৰ দৰে এলিয়টে স্বৰ্গযাত্ৰা কৰিব বিচৰা নাছিল। তেওঁ মানুহৰ মগজু আৰু হৃদয়ৰ অভ্যন্তৰতে আশা আৰু প্ৰেমৰ মৌ-কোঁহৰ মাজতে উদ্ভাসিত জীৱনপ্ৰজ্ঞা আৰু উৰ্বৰ সমাজবোধৰ সন্ধান কৰিছিল। ক্ৰান্তদৰ্শী এলিয়টৰ দৃষ্টিত হয়তো সেয়ে আছিল ৱেষ্টলেণ্ডৰূপী মুমূর্ষু সভ্যতাৰো পুনৰ্জীৱন লাভৰ পৰম পাৰ্থিৱ অথচ একমাত্র শাশ্বত পথ। 

এলিয়টৰ কাব্যদৰ্শনৰ আধ্যাত্মিকতাই ভাৰতাত্মা কবিগুৰু ৰবীন্দ্ৰনাথকো আন্দোলিত কৰিছিল। ৰবীন্দ্ৰনাথে এলিয়টক প্রথম লগ পায় ১৯১৩ চনত লণ্ডনত। ১৯৩৯ চনত ৰবীন্দ্ৰনাথে এলিয়টৰ দা ছং অব্ দা মেজাইঅনুবাদ কৰে তীৰ্থযাত্ৰীশিৰোনামেৰে। এই কবিতাটোৰ শেষ স্তৱকত এলিয়টে পুৰাতন বিধানবোৰৰ আঁৰত সামাজিক মৰ্ম কিম্বা বাস্তৱতাৰ কোনো ভিত্তিমূল বিচাৰি পোৱা নাই 

 আৰু কিন্তু স্বস্তি নাই সেই পুৰণি বিধি-বিধানবোৰত

 যাৰ মাজত আছে সকলো অনাত্মীয় আপোন 

দেৱ-দেৱী আঁকোৱালি  ধৰি

 আকৌ এবাৰ মৰিব পাৰিলেই মই বাচি যাওঁ ...

“Little Gidding” কবি এলিয়টৰ আন এটি উত্তম সৃষ্টি। ইয়াত মহাপুৰুষ কিম্বা ধৰ্মগ্ৰন্থ ৰচনা কৰা পুণ্যাত্মাসকলৰ বিষয়ে কবিয়ে কৈছে যে তেওঁলোক সকলোৰে বাণীবোৰৰ মৰ্মাৰ্থ একেই, মাথোঁ তেওঁলোকে বিশ্বমানক কবলগাখিনি একান্তই নিজা ভাষাত দাঙি ধৰে — “every man heard them speak in his own language.”  ইতিহাসো পুৰণি বা নতুন নহয় কাহানিও, মাথোঁ কালহীন সেই একেবোৰ মুহূর্তৰ নিৰৱচ্ছিন্ন প্ৰৱাহ। “A people without history/Is not redeemed from time, for history is a pattern/ Of timeless moments.” এইখিনিতে শুনিবলৈ আচৰিত যেন লগা কথা এষাৰ কৈ যোৱাটো ভাল হব যে লিটল গিডিং লিখাৰ পাছতে এলিয়টে ঘোষণা কৰিছিল যে তেওঁ এনে পৰ্যায়ৰ মহৎ কবিতা ভৱিষ্যতে ৰচনা কৰাৰ তেনে কোনো প্ৰয়াস নকৰে।

টি এছ এলিয়ট কেৱল যশস্বী কবিয়েই নাছিল, আছিল এজন বিদগ্ধ সমালোচক আৰু মনস্বী নাট্যকাৰো। সমালোচনামূলক গ্ৰন্থ হিচাপে তেওঁৰ ট্ৰেডিশ্যন এণ্ড ইনডিভিজুৱেল টেলেণ্ট্” , “অন পয়েট্ৰি এণ্ড পয়েটচ” , “দা ছেক্ৰেড উড্যিদৰে মহত্বপূৰ্ণ ৰচনা, সেইদৰে মাৰ্দাৰ ইন দ কেথেড্ৰেল”, “দ ককটেইল্ পাৰ্টি”, “ফেমিলি ৰিউনিয়ন” আদি নাটকো সমানেই তাৎপর্যমণ্ডিত। স্পেনিশ্ব্্ কবি লৰ্কা অথবা নেৰুডাৰ দৰে তেওঁ নিশ্চয় বিপ্লৱীকবি নাছিল। প্ৰগতিশীল বুলি অভিহিত মাৰ্ক্সবাদী বিশ্ববীক্ষাৰ প্ৰতিও কবিৰ বিশেষ কোনো আগ্ৰহ, সংশয় অথবা দুৰ্বলতা প্ৰকাশ পোৱা নাছিল। আনহাতে আধুনিকতাৰ বাৰ্তাবাহক সমাজবাদী বাস্তৱবোধৰ প্ৰতিফলনেৰে এখন নতুন পৰিৱৰ্তনশীল পৃথিৱীৰ সূৰ্যোদয়ৰ ছবি অঁকা অডেন, স্পেণ্ডাৰ, মেকনেইচ, য়েটছ্ আদি সমসাময়িক কবিসকলতকৈ এলিয়টৰ স্থান আছিল নিঃসন্দেহে বহু উৰ্ধ্বত। জটিল অন্তৰ্দ্বন্দ্বজাত হলেও তেওঁৰ কবিতা যান্ত্রিক নহয়, ক্লেশযুক্ত; শিলৰ দৰে নগ্ন যদিও কবৰৰ নিস্পন্দ শিলালিপি নহয়; সমুদ্রস্তনিত অনুভূতি আৰু অভিজ্ঞতাৰ জীৱন্ত শিল্পৰূপহে। আৰু সেয়ে বিপুল স্পন্দনশীল। তেওঁৰ ছন্দৰূপ অগতানুগতিক, যথাৰ্থতেই আধুনিক, নতুনত্বভৰা, অৰ্থবৈভৱযুক্ত; সাগৰ লহৰৰ দৰে বিশাল, অননুকৰণীয়। সেয়ে যুগৰ ভাবাত্মাক যুগোপযোগী চিত্রৰূপ দিও তেওঁ হলে যুগোত্তীৰ্ণ। এলিয়টৰ অমৰত্বৰ ৰক্তবীজ যে তেওঁৰ কাব্য-ভাৱনাৰ স্পন্দিত ধমনীতে প্ৰোত্থিত হৈ থাকিল। এজন দক্ষ আৰু দায়বদ্ধ চিকিৎসকৰ দৰে তেওঁ আনুবীক্ষণিক অন্তৰ্দৃষ্টিৰে নিজ হাতে গঢ়া কবিতাৰ পোহৰ-শ্লাইডত অহৰহ ডায়গনচিছ কৰিছিল সভ্যতাৰ আত্মাৰ অসুখ। বিংশ শতাব্দীৰ আশাহত মানুহৰ আত্মানুসন্ধান কৰিবলৈ গৈ, ৰোগগ্ৰস্ত সভ্যতাৰ পুনৰ্নিৰ্মাণৰ স্বপ্নদ্রষ্টা ইলিয়টে তীখা হেন মেদহীন আটিল ভাষাশাণিত ব্যঙ্গ  আৰু বক্ৰোক্তিৰে কবিতাৰ ভাবমণ্ডল তেওঁ যিদৰে বৰ্ণিল আৰু সমৃদ্ধ কৰি গ, বিশ্বৰ আধুনিক কাব্য সাহিত্যৰ বুৰঞ্জীত তাৰ তুলনা পাবলৈ নাই। এলিয়টৰ এশ্ব্ ৱেডনেছ ডেকবিতাটো সন্দৰ্ভত প্ৰথিতযশা সমালোচক ফ্ৰান্সিছ স্কার্ফে আগবঢ়োৱা অভিমতে হেজাৰ সংশয়দু:স্বপ্ন আৰু দ্ৰুত অৱক্ষয়ৰ অন্ধকাৰ মুহূর্তবোৰতো সামগ্রিকভাৱে কবিৰ সৃষ্টিৰাজিৰ মহত্ত্ব আৰু গৰিমাকে তুলি ধৰিছে — “যিসকল পাঠকে ধৰ্মীয় কবিতাক সততে অহেলা কৰে সেইসকলেও কবিতাটোৰ প্ৰতিটো শাৰীৰ নিৰ্মল পবিত্রতাৰ ভাৱ আৰু সমগ্র কবিতাটোৰ কষ্টোপাৰ্জিত, সাংগীতিক স্বত:স্ফুৰ্ততাৰ প্ৰভাৱত সন্মোহিত হবলৈ আৰু তাক প্ৰশংসা কৰিবলৈ বাধ্য।  

Suffer us not to mock ourselves with falsehood

Teach us to care and not to care

Teach us to sit still

Even among these rocks

Our peace in His will…                   

কবি এলিয়টৰ দৃষ্টিত জীৱন আৰু জগতৰ পৰিদৃশ্যমান কেৱল সুন্দৰ ৰূপটোৱেই নহয়; অন্তৰ্জগতৰ বিৰক্তি, ভয়াৱহতা, প্ৰচণ্ড আশা, আলোড়ন আৰু সংগ্ৰাম-ভাৱনা, জীৱনৰ অন্তহীন সম্ভাৱনা, বৈচিত্ৰ্য আৰু বিশালতাৰ উদ্ভাসো হব লাগিব মহৎ কবিতাৰ উদেশ্যে — ”But the essential advantage for a poet is not to have a beautiful world with which to deal : it is to be able to see beneath both beauty and ugliness; to see the boredom, and the horror, and the glory.”  ১৯৪৮ চনত এই বৰেণ্য কবিগৰাকীয়ে লাভ কৰিলে বিশ্বসাহিত্যৰ সৰ্বশ্ৰেষ্ঠ নবেল বঁটা। বিশ্বৰ কবিসমাজ, সমালোচক, সাহিত্যপ্ৰেমীৰ দৃষ্টিত এলিয়ট আজিও কবিৰ কবি- ‘the poet’s poet’. কবি হিচাপে তেওঁৰ সুগভীৰ, বিৰল বৌদ্ধিক অন্তৰ্দৃষ্টি আৰু অতুলনীয় বিশ্ববীক্ষাৰ বাবেই প্ৰথিতযশা সমালোচক জি এছ ফ্রেজাৰে এলিয়টক বিংশ শতিকাৰ সবাতোকৈ প্ৰভাৱশালী কবি বুলি অভিহিত কৰিছে৷

                      ০০০

সহায়ক গ্ৰন্থপ্ৰঞ্জী :

 ১) ইলিয়ট আৰু তেওঁৰ কবিতা /জীৱ হাজৰিকা। 

২) বিংশ শতাব্দীৰ সন্ধানত/ সম্পাদক হোমেন বৰগোহাঞি, ড০ প্ৰাণজিৎ বৰা 

৩) অন্যযুগ,নবেম্বৰ সংখ্যা/সম্পাদক ড০ মৃদুল শৰ্মা 

৪) ইণ্টাৰনেট https://www.britannica.com/biography<T-S-ElIOT

৫) নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য/ত্ৰৈলোক্য নাথ গোস্বামী 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ