অন্যযুগ/


এজৰা পাউণ্ড আৰু এলিয়ট : এক মণিকাঞ্চন সংযোগ

ড° দীপমণি দাস


যুগে যুগে মনীষীৰ জন্ম হয় আৰু নিজৰ বুদ্ধিমত্তাৰে আমাক দিগদৰ্শন কৰায়। কিছুমান ধন্য হয় আন মনীষীৰ সান্নিধ্যত।ইংৰাজী সাহিত্যৰ বিংশ শতাব্দীৰ তেনে দুজনা প্ৰতিথযশা মনীষীৰ সম্পৰ্কৰ বিষয়ে ইয়াত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে। এজৰা পাউণ্ড আৰু টি. এছ. এলিয়ট এনে দুজন কবি যাৰ পাৰস্পৰিক বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মাজতে এজৰা পাউণ্ডে গুৰু বা উপদেশকৰ ভূমিকা লৈছিল ১৯২২ চনত বিংশ শতাব্দীৰ পুৰোধা কবি টি. এছ. এলিয়টৰ দ্বাৰা ৰচিত ইংৰাজী সাহিত্যৰ মাইলৰ খুটিস্বৰূপ দ্যা ৱেষ্টলেণ্ড কবিতাটো প্ৰকাশ কৰাৰ ক্ষেত্ৰত। আজি শতবৰ্ষ উদযাপনৰ মংগলময় সময়ত এই চমু লেখাৰে টি. এছ. এলিয়টলৈ আমাৰ প্ৰণিপাত জনাইছোঁ

এজৰা পাউণ্ড আছিল চিত্ৰকল্পবাদী (ইমেজিষ্ট্)-সকলৰ মূখ্য প্ৰবক্তা। ভাষাৰ সংক্ষিপ্ততা আৰু বিশুদ্ধতা আৰু অৰ্থৰ ঘনত্ব আৰু তীব্ৰতা বজাই ৰাখিবলৈ এজৰা পাউণ্ডে অহোপুৰুষাৰ্থো কৰিছিল। পাউণ্ডৰ প্ৰভাৱৰ বিষয়ত টি. এছ. এলিয়টে উনুকিয়াইছিল যে পাউণ্ডে কবিসকলক সৃষ্টি কৰা নাছিল, সৃষ্টি কৰিছিল এটি পৰিৱেশ য'ৰ পৰা নতুন কবিগোষ্ঠীয়ে আৰু নতুন ঐতিহ্য সৃষ্টিৰ বাট বিচাৰি পাইছিল। বিশেষকৈ ইংৰাজী আৰু আমেৰিকান কবিসকলৰ মাজত যুটীয়াকৈ আৰু প্ৰতিযোগিতামূলক সাহিত্যচৰ্চা চলিছিল- এজনৰ দ্বাৰা আন এজন বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। এই ক্ষেত্ৰত এজৰা পাউণ্ড আৰু টি. এছ. এলিয়টৰ নাম ল'ব পাৰোঁ। 'ট্ৰেডিশ্বন এণ্ড ইণ্ডিভিজুৱেল টেলেণ্ট' শীৰ্ষক সমালোচনাধৰ্মী লেখাটোত সন্নিবিষ্ট কৰা 'কবিয়ে আহৰণ কৰিব লগা ঐতিহ্য চেতনাৰ ধাৰণা আৰু ঐতিহাসিক চেতনাৰ ধাৰণা' পাউণ্ডৰ প্ৰভাৱত টি. এছ. এলিয়টৰ মনত সৃষ্টি হোৱা বুলি ভবা হয়। পাউণ্ড আৰু টি. এছ. এলিয়টৰ যুটি  বিংশ শতাব্দীৰ ইংৰাজী সাহিত্যত যথেষ্ট সমাদৃত আৰু আদৰ্শবান যুটি। যিকোনো মহৎ কাৰ্য নতুবা ঐতিহ্যৰ প্ৰাসংগিকতাই আমাক উত্তৰণৰ বাটত সমল জগায়।  সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত এজৰা পাউণ্ড আৰু টি. এছ. এলিয়টৰ এই যুটি আমাৰ কাৰণে আজি দ্যা ৱেষ্টলেণ্ডৰ শতবাৰ্ষিকীৰ সময়ত স্মৰণ কৰাৰ বাবেই যে আমাৰ বাবে প্ৰয়োজনীয় এনে নহয়, এই মহৎ যুটি সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰণাটোক গতিশীলতা প্ৰদান কৰিব পৰাকৈ সদায়েই আমাৰ কাম্য আৰু অনুকৰণীয়।

কোৱা বাহুল্য যে অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক খিয়লা-খিয়লি  আৰু টনা-আঁজোৰাৰ এটা অবাঞ্ছনীয় পৰিৱেশে আমাক সকলোকে লক্ষ্যস্থলীত উপনীত হোৱাৰ পৰা বঞ্চিত কৰি ৰাখে। ফলত বহু প্ৰতিভা অবিকশিত হৈ ৰৈ যায়। সাহিত্য হৈছে জাতিৰ সম্পদ। সাহিত্য বস্তুনিষ্ঠ, ব্যক্তিগত নহয়। সেয়ে যিকোনো ভাষাৰে সাহিত্যৰ আকাশত এনে যুটিৰ মণিকাঞ্চন সংযোগ অনাগত দিনতো সদায়েই বাঞ্ছনীয় য'ত ইতিবাচক দৃষ্টিভংগী হ'ব পাৰে আমাৰ মনৰ উত্তৰণৰ একো একোখন পৰিশীলিত ছবি। দুয়োগৰাকী মনীষীৰ এজনৰ ওপৰত আনজনৰ প্ৰভাৱ আৰু সাহিত্যৰ উত্তৰণৰ বিষয়হে আমাৰ কেন্দ্ৰীয় আলোচনা- তথাপি ৱেষ্টলেণ্ড বিষয়ক দুই এটা সূচনা/ সমালোচনামূলক বক্তব্য আগ বঢ়োৱাৰ প্ৰয়াস কৰা হৈছে।

 টি. এছ. এলিয়টে ১৯১৫ চনৰ পৰা ১৯২২ চনলৈ এজৰা পাউণ্ডৰ সান্নিধ্য লাভ কৰিছিল আৰু 'লাভ ছং অব জে. আলফ্ৰেড্ প্ৰুফৰ্ক' পাউণ্ডৰ প্ৰচেষ্টাতে প্ৰকাশ পাইছিল। দ্যা ৱেষ্টলেণ্ড প্ৰকাশ হৈছিল ১৯২২ চনত 'দ্যা ক্ৰাইটেৰিয়ন' আলোচনীত অক্টোবৰ মাহত আৰু 'দায়েল' নামৰ আলোচনীত সেই বছৰৰে নৱেম্বৰ মাহত। এলিয়টে ৱেষ্টলেণ্ডৰ আৰম্ভণি কৰিছিল মাৰগেটত আৰু সমাপ্তি ঘটাইছিল চুইজাৰলেণ্ডৰ লাউচেনত আৰু লগে লগেই সেই পাণ্ডুলিপি পঠিয়াই দিছিল পাউণ্ডলৈ। আৰু পাউণ্ডে ইলিয়টক পতিয়ন নিয়ালে যে ৱেষ্টলেণ্ডৰ 'এপিটাফ' হিচাপে কনৰাডৰ 'হাৰ্ট অব ডাৰ্কনেছ'ৰ উদ্ধৃতি দিব নালাগে আৰু 'জিৰ'নশ্যন'ত 'প্ৰিলিউড' হিচাপে  ৱেষ্টলেণ্ড ব্যৱহাৰ কৰিব নালাগে। 'ডেথ বাই ৱাটাৰ' অধ্যায়টো ৰাখিব লাগে ইয়াৰ আধআংশমান বাদ দিয়াৰ পাছতহে। লগে লগে ফ্ৰেগমেণ্টেশ্যনৰ কনচেপ্টৰ অৱতাৰণা হ'ল। সেই কাটি পেলোৱা অংশখিনিত পোপৰ বিষয়ত পেষ্টিছ (pastiche ) আছিল আৰু যাৰ অকস্মিক ছেদনৰ ফলত কবিতাটো দুৰ্বোধ্য হৈ পৰিল। জ'ন প্ৰেছ নামৰ এজন সমালোচকে দাবী কৰে যে এলিয়টে পাউণ্ডৰ সম্পাদিত পৰামৰ্শসমূহ গ্ৰহণ নকৰাহলে ৱেষ্টলেণ্ড কবিতাটো আৰু অধিক ভাবসংহতি প্ৰকাশক হৈ উঠিলহেঁতেন।

এলিয়টে কৈছিল যে নিজৰ সেই জংকপংক কবিতা  (Chaotic poem)-টোৰ পাণ্ডুলিপি এজৰা পাউণ্ডৰ হাতলৈ তেওঁ পঠিয়াই দিছিল আৰু পাউণ্ডে তাৰ আধামান কাটি-কুটি সম্পাদনা কৰি ঘূৰাই পঠিয়াইছিল যাৰ ফলত ইংৰাজী সাহিত্যত ১৯ পৃষ্ঠাৰ সৰ্বকালৰ দীঘল কবিতা ৰূপে সি প্ৰকাশ লাভ কৰে। বিশেষজ্ঞসকলৰ মতে পাউণ্ডৰ সম্পাদিত কথাখিনিয়ে বিশেষ পঠনৰ সমল যোগাব পাৰে। সমালোচক ৰ'জাৰ ফ্ৰাইৰ মতে ৱেষ্টলেণ্ডত টিপ্পনীসমূহ অন্তৰ্ভুক্ত নকৰিলে কবিতাটো অধিক দুৰ্বোধ্য হোৱাৰ অৱকাশ আছিল কিন্তু এলিয়টে ১৯৫৬ চনত প্ৰকাশিত লেখা - 'ফ্ৰণ্টিয়াৰ্ছ অব ক্ৰিটিচিজম' (The Frontiers of Criticism)-ত লিখিছে - যে কবিতাটোত সংযোগ কৰা টিপ্পনীসমূহে পঢ়ুৱৈৰ বাবে সহায়ক হিচাপে কোনো কাম কৰিব নোৱাৰিলে, বৰং বাধাৰ প্ৰাচীৰহে হ'ল। এই সকলোবোৰ কথাই ন ন দিশ উন্মোচিত কৰিব পাৰে আৰু ৱেষ্টলেণ্ডক পঠনীয় কৰি ৰাখিব পাৰে।

এজৰা পাউণ্ডে এটা ৰসাল আৰু বুদ্ধিদীপ্ত কবিতা লিখিছে তেওঁৰ ভূমিকাক বিষয় হিচাপে লৈ- জন্মদাত্ৰীৰ দৰে ৱেষ্টলেণ্ডৰ জন্মৰ ক্ষেত্ৰত। পাউণ্ডে লিখিছে যে 'চিজাৰিয়ান অপাৰেছন'ৰ জৰিয়তে ৱেষ্টলেণ্ডৰ জন্ম দিয়া হৈছিল। কবিতাটোৰ কিয়দংশ -

Sage Homme

These are the poems of Eliot

By the Uranium Muse begot;

A man their mother was,

A Muse their sire.

How did the printed infancies result of

From Nupitals thus doubly difficult?

If you must needs enquire

Know diligent Reader

that on each ocassion

Ezra performed the Caesarian operation.

T.S Eliot-The Man and His Work (Allen Tate ed.) কিতাপখনত টি. এছ. এলিয়টৰ মৃত্যুৰ পাছত তেওঁক উদ্দেশ্যি লিখা ব্যক্তিগত ভাবনাৰে সিক্ত চিঠিখন তুলি দিয়া হ'ল যিয়ে এজৰা পাউণ্ড  আৰু টি. এছ. এলিয়টৰ সম্পৰ্কক আন এক মাত্ৰাকৈ কৰিব পাৰিব -


টি.এছ.ই লৈ (For T.S.E)

তেওঁৰ বীক্ষা আছিল ঠিক ডাণ্টেৰ বীক্ষাৰ দৰেই- অথচ যাক সঠিক সন্মান যঁচা হোৱা নাই- মই যিখিনি দিব পাৰিছোঁ, তেওঁ যোগ্য আচলতে তাতোকৈ বহু বেছিৰ।

ৱেষ্টমিনিছটাৰ এবি/ জিৰগিঅ' চিনি ফাউণ্ডেশ্বনৰ সহযোগত ভেনিচত অনুষ্ঠিতব্য এইবেলি ডাণ্টেৰ স্মৃতি বিষয়ক সভাত তেওঁক লগ পাম বুলি ভাবিছিলোঁ। কিন্তু তেওঁৰ মাটিতেই শিখা এটি জ্বলি উঠিল- পোহৰ কি বুজি পালোঁ

সোঁৱৰণি? নিশ্চিতভাৱেই কোনো গৱেষণাৰ থেচিচ লিখাজনে সন্তুষ্টি পাওক এই কথা আৱিষ্কাৰ কৰি যে মই ধৰাসায়ী টি এছ. এলিয়টক লৈ এক্সিডেউলৰ পৰা ১৯২০ নে ১৯২১ চনত ৰাওনা হৈছিলোঁ- এদিনৰ বাট (খোজ)- বাৰ্তালাপ? সাহিত্য বিষয়ক?  ...মোৰ স'তে জ'কছ ক'বলৈ এতিয়ানো কোন আছে?

মই টমাচ ষ্টাৰ্নছ এলিয়টৰ বিষয়ে লিখিব লাগে? নে মোৰ বন্ধু 'পছাম'ৰ (Possum)  কথা ? তেওঁ স্বৰ্গত বাস কৰক। মই মাথো পুনৰাই ক'ব পাৰো- ৫০ বছৰৰ ছিৰিয়াছভাৱে তেখেতৰ কবিতা পঢ়োঁ আহা!

                                                                                                                   এজৰা পাউণ্ড (E.P)

আমাৰো একাষাৰ-

সংক্ষিপ্ততা আৰু বিশুদ্ধতা সুপৰিবাহীজনে বন্ধুবিয়োগৰ বিলাপ গাথাত হাতী মাৰি ভুৰুকাত ভৰাই কৈ গৈছে বন্ধুক জীয়াই ৰখাৰ মন্ত্ৰ, তেখেতৰ কবিতা পঢ়িলে বন্ধুজন জীয়াই থাকিব, জীয়াই থাকিব তেওঁলোকৰ সম্পৰ্ক, জীৱন, দৰ্শন, জীৱন-দৰ্শন। গৱেষণাই আৱিষ্কাৰ কৰি যাব আঁৰৰ কথাবোৰ- সাহিত্যৰ- জীৱনৰ কথাবোৰ। শব্দই শব্দই সহমৰ্মিতা এজৰা পাউণ্ডৰ বন্ধু টি.এছ. এলিয়টৰ প্ৰতি!

আমাৰ এই লেখাটোৱে কোনো কাৰণতে স্বয়ংসম্পূৰ্ণতা দাবী নকৰে। আমাৰ এই লেখা দ্যা ৱেষ্টলেণ্ডৰ এই মংগলময় সময়ত বহু সীমাৱদ্ধতাৰ আঁৰত টি. এছ. এলিয়ট আৰু এজৰা পাউণ্ড যুটিলৈ শ্ৰদ্ধাৰ এক প্ৰতীকহে ।

**

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ