অন্যযুগ/


আৰ্থাৰ মিলাৰ আৰু ডে’থ অৱ এ ছে’লছমেন : এক চমু আলোকপাত

 মৌচুম বৰুৱা

 

বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অনীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই অৰিহণা আগবঢ়োৱা আনজন স্বনামধন্য নাট্যকাৰ হৈছে আথাৰ্ৰ মিলাৰ৷ মিলাৰৰ নাটকসমূহত সমাজৰ কিছুমান সমস্যা সহৃদয়তাৰে উপস্থাপন কৰা হৈছে৷ এইফালৰ পৰা তেওঁক হেনৰিক ইবছেন বা জৰ্জ বাৰ্নাৰ্ড শ্বৰ উত্তৰসূৰী বুলিও কব পৰা যায়৷ কিন্তু মিলাৰে সামাজিক সমস্যাসমূহ উপস্থাপনৰ বাবে ইবছেন, শ্ব আদিৰ দৰে এমিল জোলাৰ প্ৰকৃতিবাদী বা স্বভাৱবাদী চিন্তাধাৰাৰ সহায় লোৱা নাই৷ বৰঞ্চ তেওঁৰ নাটকবোৰৰ প্ৰকাশভঙ্গী বহু পৰিমাণে অভিব্যক্তিবাদীহে৷ ফলস্বৰূপে মিলাৰৰ নাটকসমূহে পাঠক তথা দৰ্শকক নতুন ধৰণেৰে কোনো এটা সামাজিক সমস্যাক লক্ষ্য কৰিবলৈ অথবা বিশ্লেষণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়৷

১৯১৫ চনৰ ১৭ অক্টোবৰত জন্ম গ্ৰহণ কৰা মিলাৰৰ মৃত্যু হয় ২০০৫ চনৰ ১০ ফেব্ৰুৱাৰিত৷ সুদীৰ্ঘ নব্বৈ বছৰীয়া জীৱনকালত তেওঁ ‘‘দ্য মেন হু হেড অল দ্য লাক’’, ‘‘অল মাই ছনছ্’’, ‘‘দ্য ক্ৰুছিবল’’, ‘‘এ ভিউ ফ্ৰম দ্য ব্ৰীজ’’, ‘‘আফটাৰ দ্য ফল্’’ আদি বহুকেইখন জনপ্ৰিয় তথা সফল নাটক ৰচনা কৰিলেও তেওঁৰ ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনে বহুতো দিশৰ পৰাই শ্ৰেষ্ঠত্বৰ দাবী কৰে৷

        ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনত পুঁজিপতি আমেৰিকান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ ফলত কিদৰে এচাম মানুহক ঐশ্বৰ্যশালী হৈ উঠাৰ বিপৰীতে জীৱন স্বপ্নত স্বপ্নাতুৰ এচাম মানুহৰ স্বপ্নভঙ্গ ঘটিছে তাকেই দেখুওৱা হৈছে৷ নাটকখনত উইলি লমেন নামৰ এজন সাধাৰণ ছে’লছমেনৰ স্বপ্নভঙ্গৰ বেদনা আৰু শেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰাৰ কথাকেই কোৱা হৈছে৷ লমেনৰ আত্মহত্যাৰ বাবে প্ৰকৃততে কোন দায়ী? এই প্ৰশ্নটোৰ ওপৰতেই নাট্যকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ এতিয়া নাটকখনৰ সম্পৰ্কে এক চমু আলোচনা কৰা যাওক৷

        আথাৰ্ৰ মিলাৰৰ ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখন আমেৰিকান নাটকসমূহৰ ভিতৰত শ্ৰেষ্ঠ ট্ৰেজেডি হিচাপে গণ্য কৰা হয়৷ অৱশ্যে নাটকখনৰ ক্ষেত্ৰত সমালোচকসকলৰ মাজত বহুতো বিতৰ্কৰ সূত্ৰপাত হৈছে৷ নাটকখনৰ নায়ক উইলি লমেন এটা কোম্পানিৰ সামগ্ৰীবোৰৰ ভ্ৰাম্যমাণ বিক্ৰেতা৷ তেওঁ আমেৰিকাৰ বিভিন্ন চহৰত গাড়ীৰে কোম্পানিৰ বস্তুবোৰ বিক্ৰী কৰি ফুৰে৷ তেওঁৰ দুজন পুত্ৰ আৰু এগৰাকী সৰলমনা পত্নী আছে৷ উইলিয়ে দুই পুত্ৰ - বিফ আৰু হেপ্পীৰ ভিতৰত বৰপুত্ৰ বিফক অধিক মৰম কৰিছিল৷ সেয়ে নাটকখনৰ আৰম্ভনিতেই ষাঠীৰ দেওনা পাৰ কৰা উইলিয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিছে আৰু চৈধ্য বছৰৰ আগতে বিফে স্কুলত ফূটবল খেলি কেনেকৈ সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই কথা তেওঁৰ মনলৈ আহিছে৷ কিন্তু এদিন বিফে দেউতাকক এখন হোটেলত এগৰাকী নাৰীৰ লগত আৱিষ্কাৰ কৰে৷ ইয়াতেই ক্ষুণ্ণ হৈ বিফ ঘৰৰ পৰা ওলাই যায় আৰু বহু বছৰ বাহিৰত থাকিও একো কৰিব নোৱাৰি তেওঁ ঘৰলৈ উভতি আহিছে৷ উইলিৰ এতিয়াও বিশ্বাস আছে যে বিফে এদিন নহয় এদিন কিবা এটা ভাল সংস্থাপন লাভ কৰিবই৷ কাৰণ দেউতাকৰ দৃষ্টিত তেওঁৰ এক মোহনীয় ব্যক্তিত্ব আৰু সামৰ্থ্য আছে৷

আনহাতে বিফে দেউতাকৰ আগত কয় যে তেওঁ পাছদিনা বিল অলিভাৰ নামৰ ধনী মানুহ এজনক লগ কৰি তেওঁৰ অফিচত চাকৰি বিচাৰিবগৈ৷ এই কথাত আনন্দিত হৈ উইলিয়েও সিদ্ধান্ত লয় যে তেৱোঁ মালিক হৱাৰ্ড ৱেগনাৰক লগ ধৰি ভ্ৰাম্যমাণ বিক্ৰেতাৰ পৰিৱৰ্তে নিউয়ৰ্কতেই স্থায়ীভাৱে নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব৷ কিন্তু পাছদিনা যেতিয়া উইলিয়ে ৱেগনাৰৰ আগত তেওঁক নিউয়ৰ্কতেই নিযুক্তি দিবলৈ অনুৰোধ কৰে তেতিয়া ৱেগনাৰে উইলিক নিউয়ৰ্কতো বাদেই তেওঁ বুঢ়া হৈ অহা বাবে তেওঁৰ প্ৰয়োজন নাই বুলি নিৰ্মমভাৱে চাকৰিৰ পৰা বৰ্খাস্তহে কৰে৷ ইফালে বিফো বিল অলিভাৰৰ ওচৰত বিমুখ হবলগীয়া হয়৷ এই কথাত উইলিয়ে মনত বৰ আঘাত পালে আৰু দুখ মনেৰে ঘৰলৈ উভতি আহে৷

ঘৰলৈ উভতি আহি উইলিয়ে ঘৰৰ পিছফালে তেওঁৰ মৃত ভাতৃ বেনৰ সৈতে কল্পনাতেই কথা পাতি কিবা শস্যৰ গুটি সিঁচি থাকে৷ জীৱনকালত বেন বৰ ধনী আছিল৷ মৃত বেনৰ সৈতে কল্পনাত কথা হৈ থাকোঁতেই উইলিৰ মনলৈ আত্মহত্যাৰ কথা আহে৷ তেওঁ ভাবিলে যে তেওঁৰ মৃত্যু হলে বীমাৰ বিছ হাজাৰ ডলাৰ বিফৰ হাতলৈ আহিব আৰু ইয়েই বিফৰ জীৱনলৈ এক নতুন উদ্যমো আনি দিব পাৰিব৷ এই কথা ভাবিয়েই উইলিয়ে শেষত আত্মহত্যা কৰে৷ অতি সংক্ষেপে নাটকখনৰ কাহিনীভাগ এয়াই৷ এনেকৈয়ে বস্তুবাদী আমেৰিকাৰ সমাজত জীৱন স্বপ্নত আতুৰ এজন সাধাৰণ বিক্ৰেতাই সমাজত নিজৰ অস্তিত্ব তথা সন্তানৰ অস্তিত্বৰ সন্ধান কৰি শেষত স্ব-ইচ্ছাৰে মৃত্যুকেই সাৱটি ব লগা হৈছে৷

আগতেই কোৱা হৈছে যে, ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখন এখন বহুচৰ্চিত আৰু বিতৰ্কিত নাটক৷ নাটকখনৰ প্ৰসঙ্গত সমালোচকসকলৰ বিতৰ্কৰ প্ৰধান বিষয় হৈছে নাটকখন প্ৰকৃততে ট্ৰেজেডি হয় নে নহয়? বহু সমালোচকে নাটকখন এখন সামাজিক ট্ৰেজেডি বুলি মন্তব্য কৰিছে৷ আন এচামৰ মতে, ‘‘ডেথ অৱ এ ছেলছমেন’’ এখন আৱেগিক নাটক (Sentimental play)-হে৷ কিছুমান সমালোচকে আকৌ নাটকখনক মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰচাৰমূলক নাটক (Propaganda play) বুলিহে অভিহিত কৰিছে৷ আনকি নাটকখন প্ৰকাশ হোৱাৰ পাছত আমেৰিকান চৰকাৰেও মিলাৰক সাম্যবাদী বুলি অভিহিত কৰি তেওঁৰ ওপৰত বহুতো বাধা-নিষেধ আৰোপ কৰিছিল৷ কিন্তু মিলাৰক সাম্যবাদী বুলি এচামে কব বিচাৰিলেও ই একেবাৰে শুদ্ধ নহয়৷ কিয়নো সমাজৰ শ্ৰেণী দ্বন্দ্বক প্ৰকাশ কৰিলেই এজন লেখকক সাম্যবাদী বুলিব নোৱাৰি৷ সাম্যবাদী চিন্তাধাৰাৰ কিছু প্ৰভাৱ তেওঁৰ ওপৰত পৰিছিল যদিও মিলাৰ প্ৰকৃততে এজন বাস্তৱবাদী তথা মানৱতাবাদী লেখকহে৷

        সি যি কি নহওক, ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখন ট্ৰেজেডি হয় নে নহয়; এই কথাষাৰ বিচাৰ কৰিলে দেখা যায় যে এৰিষ্টটলীয়ান দৃষ্টিভঙ্গীৰ পৰা চাবলৈ গলে নাটকখন ট্ৰেজেডি নহয়৷ কাৰণ এৰিষ্টটলৰ সংজ্ঞা মতে, নাটকখন গহীন আৰু নায়কজন উচ্চ বংশজাত নহয়৷ কিন্তু ইবছেনীয়ান ট্ৰেজেডিৰ দৃষ্টিকোণৰ পৰা ‘‘ডেথ অৱ এ ছেলছমেন’’ এখন সফল ট্ৰেজেডি৷ নৰৱেৰ নাট্যকাৰ ইবছেনে প্ৰাচীন গ্ৰীক আৰু ছেক্সপীয়েৰীয়ান ট্ৰেজেডিৰ বিৰোধিতা কৰি সাধাৰণ শ্ৰেণীৰ মানুহৰ দুখ-দুৰ্দশাক নাটকৰ মাধ্যমেৰে সবল ৰূপত প্ৰকাশ কৰিছিল৷ ইবছেনৰ পাছত জৰ্জ বাৰ্ণাড শ্ব’, জন গলছৱৰ্থি আদি নাট্যকাৰেও সমাজৰ সাধাৰণ মানুহৰ দুখ-দুৰ্দশা, সমস্যাক কেন্দ্ৰ কৰি নাটক ৰচনা কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ আৰ্থাৰ মিলাৰো এইসকল নাট্যকাৰৰে উত্তৰসূৰী৷ সেয়ে ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনৰ পাতনিত তেওঁ কৈছে - ‘I believe that the common man are apt a subject for tragedy in the highest sense as kings were’৷ মুঠতে আধুনিক দৃষ্টিকোণৰ পৰা মিলাৰৰ ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনক এখন পূৰ্ণাঙ্গ ট্ৰেজেডি বুলিব পাৰি৷

        দৰাচলতে ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখন এখন সামাজিক ট্ৰেজেডি৷ ইয়াত নায়ক উইলি এজন মাত্ৰ ব্যক্তি নহয়, নাইবা তেওঁ জীৱনৰ বেদনা আৰু হতাশগ্ৰস্ততাক তেওঁৰ ব্যক্তিগত বুলি নোৱাৰি৷ নাটকখন উইলি হৈছে পুঁজিবাদী সমাজৰ বিত্তবান শ্ৰেণীটোৰ ভোগলিপ্সাত জীৱনৰ ৰং হেৰুৱাই পেলোৱা সাধাৰণ শ্ৰেণীটোৰ প্ৰতিনিধি স্বৰূপহে৷ এটা কোম্পানীৰ ভ্ৰাম্যমাণ বিক্ৰেতা হিচাপে কোম্পানীটোৰ পণ্যসামগ্ৰী ত্ৰিছ বছৰতকৈও অধিক কাল বিভিন্ন স্থানত বিক্ৰী কৰাৰ পাছত যেতিয়া তেওঁ বিভিন্ন স্থানলৈ গৈ বস্তু বিক্ৰী কৰিব নোৱৰা হৈ পৰিল, তেতিয়া তেওঁ কোম্পানীটোৰ বাবে অলাগতিয়াল হৈ পৰিল আৰু তেওঁক মালিকে চাকৰিৰ পৰা খেদি পঠিয়ালে৷ ইয়াত দেখা গল যে কিদৰে পুঁজিপতি শ্ৰেণীটোৱে প্ৰয়োজন থকা সময়লৈকে মানুহক ব্যৱহাৰ কৰি পাছত তেওঁৰ প্ৰতি ন্যূনতম মানৱতাকণো প্ৰদৰ্শন নকৰাকৈ আঁতৰাই পঠিয়াব পাৰে৷ ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনত পুঁজিপতি সমাজ ব্যৱস্থাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ এই মৰ্মবেদনাই স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷

        কিন্তু, এইখিনিতে এটা কথা উল্লেখযোগ্য যে উইলি নিজেও তেওঁৰ শোকাৱহ পৰিণতিৰ বাবে দায়ী বুলি কোৱাৰ থল আছে৷ কিয়নো উইলিয়েও নিজৰ ভিতৰত থকা দুৰ্বলতাবোৰ জানিছিল যদিও সেইবোৰ অতিক্ৰম কৰিবলৈ যত্ন কৰাৰ পৰিৱৰ্তে ঢাকি ৰাখিবলৈহে যত্ন কৰিছিল৷ তেওঁ জানিছিল যে  ভ্ৰাম্যমাণ বিক্ৰেতা হিচাপে তেওঁ মানুহৰ মাজত মুঠেই জনপ্ৰিয় নাছিল৷ তথাপি তেওঁ নিজকেই এজন সফল বিক্ৰেতা বুলি ধৰি লৈছিল৷ মুঠতে উইলিয়ে নিজৰ মাজতেই এখন ভ্ৰান্ত জগত সৃষ্টি কৰি তাত তেওঁ নিজকেই এজন নায়ক হিচাপে কল্পনা কৰিছিল৷ ফলত তেওঁ ৰূঢ় বাস্তৱ অৱস্থাটোৰ প্ৰতি ইচ্ছাকৃতভাৱেই চকু মুদি থকাৰ দৰে হৈছিল৷ উইলিৰ এনে মানসিকতাই আনকি তেওঁৰ পুত্ৰদ্বয়ৰ ওপৰতো কু-প্ৰভাৱ পেলাইছিল৷ গতিকে উইলিৰ বাস্তৱক উপেক্ষা কৰি স্বপ্নৰ জগত এখনত বিচৰণ কৰাৰ পলায়নবাদী মানসিকতাক তেওঁৰ ট্ৰেজেডিৰ এটা কাৰণ বুলিব পাৰি৷ কিন্তু এইখিনিতে আন এটা কথাও আহি পৰে৷ আমেৰিকাৰ দৰে এখন পুঁজিবাদী দেশৰ ধনী শ্ৰেণীৰ চূড়ান্ত অৰ্থলিপ্সা আৰু ভোগলিপ্সাৰ মাজত উইলিৰ দৰে এজন সাধাৰণ বিক্ৰেতাৰ বাবে বাস্তৱৰ পৰা পলায়ন কৰি নিজৰ মাজতেই এখন ভুৱা জগত সৃষ্টি কৰি তাত বিচৰণ কৰাৰ বাদে আত্মপ্ৰশান্তিৰ আন কিবা মাধ্যম আছে জানো? সেয়ে তেওঁ অতীত আৰু স্বপ্নময়তাৰ মাজতেই জীয়াই থাকিবলৈ যত্ন কৰিছিল৷ কাৰণ মানুহক নিঃসংগতা আৰু হতাশাৰ পৰা মাত্ৰ অতীতৰ মধুৰ স্মৃতি আৰু ভবিষ্যতৰ স্বপ্নইহে সকাহ দিব পাৰে৷ উইলিয়েও তাকেই কৰিছিল৷ প্ৰকৃততে সূক্ষ্মভাৱে চাবলৈ গলে আমেৰিকান সমাজ ব্যৱস্থাইহে উইলিক তেনে হবলৈ বাধ্য কৰাইছিল৷ সেয়ে নাটকখনৰ শেষত উইলিৰ অন্ত্যোষ্টি ক্ৰিয়াৰ সময়ত উইলিৰ বন্ধু চাৰ্লিয়ে কৈছে - ‘Nobody dost blame this man. You don't understand, Willy was a Salesman. And for a salesman, there is no rock bottom to the life... Nobody dost blame this man. A salesman is got to dream boy. It comes with the territory.’’

চাৰ্লিৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে উইলিৰ দৰে এজন সাধাৰণ বিক্ৰেতাই স্বপ্নময় ধূসৰ জগত এখনত বাস কৰাটো একো আচৰিত কথা নহয় আৰু ইয়াৰ বাবে তেওঁক কোনেও দোষো দিব নোৱাৰে৷

আথাৰ্ৰ মিলাৰৰ ‘‘ডেথ অৱ এ ছেলছমেন’’ নাটকখনৰ এই চমু আলোচনাৰ পৰা দেখা গল যে নাটকখনত নাট্যকাৰে আধুনিক যান্ত্ৰিক সভ্যতাৰ বিকাশ তথা তাৰ লগে লগে গা কৰি উঠা পুঁজিবাদী সমাজ ব্যৱস্থাই কেনেকৈ সাধাৰণ মানুহৰ সুখ-শান্তিক মষিমূৰ কৰি নিছে তাকেই প্ৰকাশ কৰিছে৷ আজি আমিও যন্ত্ৰসভ্যতাৰ বিকাশৰ লগে লগে উইলিৰ দৰে পৰিচয়হীনতাত ভুগি হতাশ হৈ আহিব লগা হোৱা নাই জানো? এনে এক বিশ্বজনীন আৱেদন থকা বাবেই নাটকখনক বিশ্ব সাহিত্যৰেই এক শ্ৰেষ্ঠ সৃষ্টি বুলি কব পৰা যায় আৰু নাটকখনৰ নাট্যকাৰ আথাৰ্ৰ মিলাৰো নাটকৰ মাধ্যমেৰে এনে এক বিশ্বজনীন আৱেদন সৃষ্টি কৰিব পৰা বাবে চিৰদিন অমৰ হৈ ৰব৷

(লেখক বিভাগীয় প্ৰধান, ইংৰাজী বিভাগ, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়)


যোগাযোগৰ ঠিকনা :
জ্যোতিবন
ৰূপনগৰ, দূৰদৰ্শন কেন্দ্ৰৰ সমীপত
ডিব্ৰুগড় - ৭৮৬০০৩
ভ্ৰাম্যভাষ - ৯৯৫৪৪৮০০৫৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ