অন্যযুগ/


অনুবাদ কবিতা

মূল: ফৰাচী, ঝাক প্ৰেভেৰ (Jacques Prevert)
অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ

(কবি পৰিচিতি:  ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভেৰৰ জন্ম হয় ১৯০০ চনৰ ৪ ফেব্ৰুৱাৰি‍ত। ভিক্টৰ য়ুগোৰ পাছতেই অত্যন্ত জনপ্ৰিয় কবি হিচাপে বিবে‍চিত প্ৰেভেৰে কুৰি শতিকাৰ ত্ৰিছৰ দশকতেই কাব্যচৰ্চাৰ পাতনি মেলে। অৱশ্যে, ১৯৪৬ চনত প্ৰকাশ পোৱা প্ৰথমখন কাব্যগ্ৰন্থ 'Paroles'-ৰ পাছতহে তেওঁৰ খ্যাতি চাৰিওফালে বিয়পি পৰে। প্ৰেভেৰৰ সৰহ সংখ্যক কবিতাটেই পেৰিছ মহানগৰৰ অথবা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱা দেখা যায়। তেওঁ এজন চিত্ৰনাট্যকাৰো আছিল। ১৯৭৭ চনত এই মহান কবিগৰাকীৰ দেহাৱসান ঘটে।

গ্ৰীষ্ম’ ( Summer, La Belle Saison) শীৰ্ষক কবিতাটি A S Kline-ৰ মূল ফৰাচীৰ পৰা অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ ‘Selected French Poems from the early to mid 20th Century’-ৰ পৰা লোৱা হৈছে। কবিতাটিত এগৰাকী ষোড়শী গাভৰুৰ  জীৱনৰ কৰুণ গাথা সুন্দৰ ৰূপত অংকিত হৈছে। আনহাতে, ‘প্ৰথম দিন’ (First Day, Premier jour) শীৰ্ষক কবিতাটি Alastair Campbell-ৰ মূল ফৰাচীৰ পৰা অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ Poems of Jacques Prevert’-ৰ পৰা সংগ্ৰহ কৰা হৈছে। উল্লিখিত কবিতাটো জীৱন আৰু মৃত্যুৰ ৰহস্য, আনন্দ আৰু নাটকীয় ধাৰণাৰে সংপৃক্ত।)

 

১.   গ্ৰীষ্ম 
 
বিভ্ৰান্ত, স্তম্ভিত
একাকী আৰু নিৰন্ন
 
এজনী ষোল বছৰীয়া গাভৰু
স্থি‍ৰ হৈ থিয় দি আছে
 
ফাঁচি বজাৰত
আগষ্টৰ পোন্ধৰ তাৰিখে
 
দুপৰীয়া।  
 
 
২. প্ৰথম দিন  
 
এখনি শুভ্ৰ চাদৰ
জপাৰ ভিতৰত
ৰঙা চাদৰ 
এখনি শেতেলিত
 
এটি শিশু মাতৃগৰ্ভত
মাতৃৰ প্ৰসৱ যন্ত্ৰণা
 
পিতৃ কুটীৰৰ আগচালিত
কুটীৰটো এখনি মহানগৰত
মহানগৰীত নিশা
 
মৃত্যুৱে উচুপি উঠে
আৰু অকালনৰ জীৱনতো।

 

ঠিকনা : 
অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট-৭৮৫০১৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ