অন্যযুগ/


ছন পৰা মাটি‍

মূল কবিতা :   The Waste Land 
কবি : টি.এছ. এলিয়ট
অনুবাদ : ° দীপশিখা ভাগৱতী
সলিল সমাধি (Death by Water)

সেই ফণিছিয়াৰ নাৱিক ফেলবচ্ , এক মৃত পক্ষ,

বিস্মৰণত জাহ যোৱা পানীচিলনীৰ ক্ৰন্দন, ওফন্দি অহা গভীৰ সমুদ্ৰ

আৰু লাভ আৰু লোকচানৰ অংক৷

সমুদ্ৰগৰ্ভৰ এক প্ৰৱাহে

গুণগুণনিৰ মাজেৰে বুটলি লৈছিল তেওঁৰ হাড়৷ উত্থান আৰু পতন গাথাৰ মাজেৰে

তেঁও অতিক্ৰম কৰিছিল আত্মযৌন আৰু আয়ুস

চাকনৈয়াত ডুব মাৰি৷

ম্লেচ্ছাচাৰী বা ইহুদী

যিয়েই আৱৰ্তিত কৰা সেই চকৰি আৰু প্ৰতিবাতমুখী দৃষ্টি

ফেলবচক স্বীকাৰ কৰা,  এসময়ত তোমাৰ দৰেই সুন্দৰ আৰু ওখ আছিল যি৷

__________

কি কলে মোক বজ্ৰ নিৰ্ঘোষে (What the Thunder Said)

চুঙাচাকিৰ শেষ জোনৰ পাছত
উপবনৰ হিমশীতল নৈঃশব্দ্যৰ পাছত
শৈলনগৰীৰ যন্ত্ৰণা
আৰ্তনাদ আৰু ক্ৰন্দনৰ পাছত
প্ৰাসাদ পোতাশাল আৰু
বিস্তৃত অদ্ৰিবন্দৰত বসন্তৰ বজ্ৰনিনাদৰ প্ৰতিধ্বনিৰ শেষত
স্পন্দিতজন এতিয়া মৃত
আমি, যিসকল জীয়াই আছিলোঁ এতিয়া মৃত্যুমুখী
ক্ষুদ্ৰ তিতিক্ষাৰ সতে
জলহীন সময় মাথোঁ শিলাময়
শিল আৰু প্ৰাণহীনতা আৰু বালিময় বাট
নীড়হীন পৰ্বতৰ শৈলকঠিন বুকুত সৰ্পিল বাটৰ বিলাস
আমি জিৰালোঁহেঁতেন সেই নীৰজ ভূমিৰ ছাঁত
প্ৰাণ ভৰাই পান কৰিলোঁহেঁতেন স্ফটিক নিৰাকাৰ
কিন্তু শিলৰ বুকুৱে পথিকক জিৰণি নিদিয়ে কাহানিও
শুকাই অহা ভাগৰৰ নৈ
শুকান বালিত পোত যোৱা দুভৰিৰ হাহাকাৰ
যদি থাকিলহেঁতেন সলিলাধাৰ সেই বিৰস কাঠিন্যৰ মৰুভূত
ক্ষয়িষ্ণু দাঁতেৰে নিৰ্জল মৃত মহীধৰ
ইয়াত কোনো হব নোৱাৰে আনুভূমিক, অনুদৈৰ্ঘ্যি‍ক নাইবা উপৱিষ্ট
আনকি পৰ্বতৰ বন্দৰত নাই নিঃশব্দ গুঞ্জন, নাই তাত সময় নিৰ্জন
অনুৰ্বৰ ধ্বনিৰ শুষ্ক গৰ্জন
বোকামাটিৰ অস্থিৰ ঘৰবোৰৰ পৰা দুৱাৰেদি সৰকি অহা জটিল, উপহাসভৰা মুখ
 
যদি তাত পানী থাকিলহেঁতেন পানী
শিলৰ সলনি
নতুবা শিল আৰু সৰসী
শিলৰ কঠিন বুকুত এক বসন্ত আৰু জলাশয়
সুগভীৰ নীৰজ গীতি
জিলিপোক নহয়
শুকান ঘাঁহৰ আকুতি
শিলক ধুৱাই নিয়া জ্বলজ ধ্বনি
সৰলৰ সেউজীয়া ছাঁত
গীত জোৰা তপস্বী পখী
তোমাৰ কাষে কাষে খোজ দিয়া কোন সেই তৃতীয়জন?
মোৰ গণনাত মাথোঁ তুমি আৰু মই
কিন্তু যেতিয়াই এঢাপ আগুৱাই চাওঁ সেই শুভ্ৰ বাটলৈ
তাত প্ৰতিনিয়ত দেখা পাওঁ তোমাৰ কাষত
অন্য এক অস্তিত্বৰ ছাঁ
বাধাহীন পৰলা পৰিচ্ছদেৰে আবৃত, আচ্ছাদিত
তেওঁ এক পুৰুষ নে নাৰী, মই নাজানো
কিন্তু কোন সেয়া তোমাৰ অন্য পাৰ্শ্চিকত
বতাহত উথলি পৰিছে কিহৰ কোলাহল
মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি
আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে
অনন্ত সমভূমি জুৰি গুণগুণনি
দ্ব্যৰ্থহীন দিগন্তেৰে বলয়াবৃত
পৰ্বত শিখৰৰ মহানগৰ
ভাঙে, আকৌ গঢ়ি উঠে আৰু বিষ্ফোৰণ হয় বেঙুনীয়া বতাহত
অধোমুখী স্তম্ভ
জেৰুজালেম, এথেঞ্চ্, আলেকজেন্দ্ৰিয়া
ভিয়েনা লণ্ড
মায়াঘন
এগৰাকী নাৰীয়ে আঁটি আঁটি বান্ধিছিল তেওঁৰ মেঘবৰ্ণ চুলি
আৰু সেই তাঁৰবোৰত আনমনা বেহেলাৰ অনুচ্চ ধ্বনি
শিশুমুখীয়া বাদুলীবোৰে সুহুৰিয়াইছিল
বেঙুনীয়া পোহৰত
আৰু সিহঁতৰ পাখীৰ উন্মাদ কোলাহল
নৈশবৰণ দেৱালবোৰত অধোমুখী খোজ
বতাহত ওলমি থকা বিশৃঙ্খল স্তম্ভ
স্মৃতিময় টিলিঙাবোৰ কোবাই
শূন্য পানীঘৰা আৰু পৰিশ্ৰান্ত কুঁৱাবোৰৰ পৰা
ভাহি আহিছিল নিৰ্ঘণ্টৰ আলিংগনৰত সংগীতৰ কণ্ঠ
পৰ্বতৰ মাজৰ এই অৱক্ষয়ী সুৰুঙা
ঢিমিকি ঢিমিকি জ্বলা জোনৰ পোহৰত ঘাঁহবোৰে গীত জুৰিছে
বাগৰি পৰা সমাধিত
কণমানি গীৰ্জাঘৰৰ কাষৰ
পৰাস্ত প্ৰাৰ্থনাগৃহত, মাথোঁ বতাহৰ ঘৰ৷
ইয়াত খিৰিকী নাই আৰু দুৱাৰবোৰ দুলি আছে
শুষ্ক অস্থিয়েতো কাকোৱেই আঘাত নকৰে৷
গছৰ মুধচত মাথোঁ এটা বনকুকুৰাৰ ডাক
এচেৰেঙা বিজুলীৰ উজ্জ্বল চমকত৷

গঙ্গা নিমজ্জিত হৈছিল আৰু শ্ৰান্ত পাতবোৰে
বৃষ্টিলৈ অপেক্ষা কৰিছিল, অন্ধকাৰ মেঘবোৰ যেতিয়া একত্ৰিত হৈছিল
দূৰৈৰ, বহু দূৰৈৰ হিমালয়ৰ শিখৰত৷
সংকুচিত হৈছিল অৰণ্যভূমি, কুঁজা হৈ পৰিছিল নৈঃশব্দ্যত৷

 

তাৰ পাছত কলে মোক বজ্ৰনিৰ্ঘোষে

  

দত্ত   : কি দিলোঁ আমি
হে বন্ধু, মোৰ হৃদয় তেজে জোকাৰি গৈছে
এটা মূহূৰ্তৰ সমৰ্পণৰ সেই জঘন্য সাহস
যাক সতৰ্কতাৰ এক পৰমায়ুৱে সংকুচিত কৰিব নোৱাৰে৷
এইখিনিৰে, আৰু মাথোঁ এইখিনিৰেই আমাৰ অস্তিত্ব
যাক আমাৰ মৃত্যুলেখত বিচাৰি পাব নোৱাৰি
নাইবা সেই বদান্য উৰ্ণনাভে
আৱৰি ৰখা সোঁৱৰণি‍,
অথবা আমাৰ শূন্য কোঠালিত
এক নম্ৰ অধিবক্তাই ভাঙি পেলোৱা মোহৰত৷
 

দয়ধ্বম্   : দুৱাৰখনত মই
শুনিলোঁ চাবিপাতৰ একক আৱৰ্তন
আমি ভবাৰ দৰে, আত্মপোতাশালত বন্দী
প্ৰতিজনেই ভাবে এপাত সঁচাৰ কাঠিৰ কথা
নৈশপতনত প্ৰত্যেকেই দৃঢ় হয় এখন পোতাশালৰ বাবে
জাগ্ৰত হয় এক মূহূৰ্তৰ বাবে অশৰীৰী উৰাবাতৰি, ভগ্ন কৰিওলেনাছ্ ৩৷

দম্যত  :
সমুদ্ৰযাত্ৰা আৰু বঠা মৰাত সুদক্ষ সেই হাতখনলৈ
নাওখনে হৃষ্টচিত্তে সঁহাৰি দিছিল
শান্ত আছিল সাগৰ, তোমাৰ হৃদয়েও
সঁহাৰি জনাব লাগিছিল  পৰমানন্দেৰে
যেতিয়া নিমন্ত্ৰিত হৈছিলা
নিয়ন্ত্ৰণমুখী হাত দুখনলৈ,
সেই আজ্ঞাবাহীক পৰাভূত কৰি ৷
পশ্চাতত এক অনাৰ্দ্ৰ পৰিকল্পনা লৈ
মাছ মাৰিবৰ বাবে মই সমুদ্ৰতীৰত বহিছিলোঁ৷
মই অন্ততঃ মোৰ মাটিখিনি বিন্যাসবদ্ধ কৰি থব লাগিছিল নেকি?
ভাঙি পৰিছে লণ্ডন ব্ৰিজ, ভাঙি পৰিছে ক্ৰমাৎ
তাৰ পাছত সেই পৰিশ্ৰান্ত অগনিত তেওঁ নিজকে সঁপি দিছিল
কেতিয়া হম মই এটি কণমানি পখী, পখী,  পখী
একুইটেনৰ সেই ৰাজকোঁৱৰ, যাৰ মহল খহি পৰিছিল
মোৰ বিধ্বস্ততাৰ বিপৰীতে এই ভগ্নস্তুপক মই তীৰস্থ কৰিছিলোঁ
কিয় তেনেহলে ঈল খাপ খাব নোৱাৰে তোমাৰ সতে?
আকৌ উন্মাদ হৈ পৰিছে হায়ৰনিম 
দত্ত, দয়ধ্বম্ দম্যত৷
শান্তি: শান্তি: শান্তি:

____________

টোকা :

) দত্ত : দ্য ৱেষ্টল্যেণ্ডৰ এই শেষ চৰণটোত এলিয়টে ভাৰতীয় দৰ্শনৰ উদ্ধৃতি দিছে, যেনেকৈ তেখেতে তৃতীয় চৰণ  The Fire Sermon (অগ্নি শৰণ)-ত বৌদ্ধ দৰ্শনৰ উদ্ধৃতি দিছিল৷ দত্ত-ৰ অৰ্থ হৈছে দিয়া, দান কৰা। এই প্ৰসঙ্গটো বৃহদাৰণ্যক উপনিষদৰ পঞ্চম অধ্যায়ৰ অন্তৰ্গত৷ বজ্ৰৰ কল্পকথাৰ আখ্যানো এই উপনিষদতৰ একেটা অধ্যায়তে পোৱা যায়৷

২) দয়ধ্বম্ : ইয়াৰ অৰ্থ হৈছে সহানুভূতি দেখুওৱা, দয়া কৰা৷ বৃহদাৰণ্যক উপনিষদৰ পঞ্চম অধ্যায়ৰ ভিতৰুৱা।

৩) কৰিওলেনাছ্ : ইতিহাসে বৰ্ণনা কৰা অনুসৰি কৰিওলেনাছ্ আছিল এজন অতি পৰাক্ৰমী ৰোমান যোদ্ধা৷ শ্বেক্সপীয়েৰে তেখেতৰ সুবিখ্যাত ট্ৰেজেডী হেমলেট’-ত কৰিওলেনাছক অন্তৰ্ভুক্ত কৰিছিল৷ দ্য ৱেষ্টল্যেণ্ড-ৰ পাছত ৰচনা কৰা বহু কবিতাত আৰু গদ্যত এলিয়টে কৰিওলেনাছৰ উদ্ধৃতি দিছে৷ হোৱাট দ্য থাণ্ডাৰ ছেইড’-ৰ অন্তিম ভাগত আৱেগিকভাৱে‍ দুৰ্বল কৰিওলেনাছক নিঃসংগ আৰু আৱেগিক সংঘাতৰ বলি আধুনিক মানুহৰ প্ৰতীকৰ ৰূপত উপস্থাপন কৰা হৈছে৷  ইয়াত এলিয়টে শ্বেক্সপীয়েৰৰ কৰিওলেনাছক প্ৰত্যক্ষভাৱে প্ৰতিষ্ঠা কৰা নাই, বৰঞ্চ মানৱীয় সহানুভূতি আৰু ভালপোৱাই কেনেকৈ ভগ্ন জীৱনক পুনৰুজ্জীৱিত কৰিব পাৰে, তাৰ এটা উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিছে৷

৪) দম্যত : দম্যত-ই বিস্তৃত পৰিসৰত নিয়ন্ত্ৰণ বা ইন্দ্ৰিয়-সংযম বুজায়৷ বৃহদাৰণ্যক উপিনষদৰ উপৰি উক্ত অধ্যায়ৰে প্ৰসঙ্গ।

দত্ত, দয়ধ্বম্, দম্যত আৰু হিমালয় পৰ্বতৰ উদ্ধৃতিৰে কবিয়ে সনাতন ভাৰতীয় দৰ্শনত আশাবাদৰ যি ধাৰা, তাক পাশ্চাত্য কবিতাৰ পৃথিৱীত পুনৰ্নিৰ্মাণ কৰিছে। উদাত্ত সাহিত্যিক শৈলীৰ সমস্ত অভিজাত বাগধাৰাৰে  য়ুৰোপীয় সমাজৰ যুদ্ধোত্তৰকালীন মনস্তাত্ত্বিক  শ্মশানযাত্ৰাৰ স্বৰূপটোক যি কবিতাই আধুনিক মানৱ সভ্যতাৰ দস্তাবেজৰূপে প্ৰতিষ্ঠা কৰিলে সিয়েই হৈছে টি.এচ. এলিয়টৰ মহাকাব্যিক সৃষ্টি ‘The Waste Land’,  ছন পৰা মাটি৷ মৃত্যুযাত্ৰা আৰু জন্মযন্ত্ৰণাক সমান মৰ্যাদাৰে উদ্‌যাপন কৰা এই মহাকাব্য মাত্ৰ য়ুৰোপৰেই নহয়, সমস্ত গোলকৰ চিৰন্তন মানসিক যাত্ৰাৰ অতুলনীয় গাথা৷ প্ৰথম বিশ্বযুদ্ধৰ পাছৰ, আধুনিক য়ুৰোপৰ নগৰকেন্দ্ৰিক সভ্যতাৰ, লণ্ডন কফি হাউছৰ মাই লৰ্ডছ এণ্ড মাই লেডীজৰ (Social Butterfly) মিলনসাৰ সংঘৰ প্ৰসাধনী আভিজাত্যৰ আঁৰৰ নিঃসংগতা, একাকিত্ব আৰু ছিন্নমূল জীৱনৰ চিত্ৰ The Waste Land, আৰু ইয়াৰ তৃতীয় তথা আলোচ্য এই অন্তিম চৰণত অনাদি অনন্ত প্ৰসাৰী ভাৰতীয় দৰ্শনৰ সূক্ষ্ম আভিজাত্যক এলিয়টে ধৰ্মীয় ভাবধাৰাৰ বহু ঊৰ্ধ্বত, এক বিশ্বজনীন জীৱন দৰ্শনৰ ৰূপত প্ৰতিষ্ঠা কৰিছে৷ দ্য ৱেষ্টল্যেণ্ড’-ৰ আঁহে আঁহে বিৰাজমান সমস্ত নিৰাশা তথা নিহিলিজ্‌মৰ অন্তত এলিয়টে হিমালয়ৰ শিখৰত জমা হোৱা ডাৱৰৰ জৰিয়তে, বৃষ্টিৰ অপেক্ষাৰ মেটাফৰৰ জৰিয়তে, উপনিষদত বৰ্ণিত দান, সহানুভূতি তথা আত্মনিয়ন্ত্ৰণৰ জীৱনমুখী দৰ্শনৰ জৰিয়তে জীৱনক সুশৃংখল কৰাৰ যি মন্ত্ৰ, তাকেই ব্যাখ্যা কৰিছে ‘‘কি ক'লে মোক বজ্ৰ নিৰ্ঘোষে’’-ত৷

৫) হায়ৰনিম :  থমাছ কিডৰ দ্য স্পেনিছ ট্ৰেজেডী’-ত বৰ্ণিত এটা মুখ্য চৰিত্ৰ হায়ৰনিম’, তেওঁ স্পেইনৰ এজন মাৰ্শ্বাল আছিল৷ এলিয়টৰ পৌৰাণিক আখ্যানপ্ৰীতি তেখেতৰ লিখনিত সুস্পষ্ট৷ দ্য স্পেনিছ ট্ৰেজেডী’-ত বৰ্ণনা কৰা অনুসৰি হায়ৰনিমৱে তেওঁৰ সন্তান হৰাশ্বিওৰ হত্যাৰ প্ৰতিশোধৰ পৰিকল্পনা কৰিছিল৷ ইয়াত এলিয়টে হায়ৰনিমৰ সেই সন্দিগ্ধ উন্মাদনাক কবিৰ বা আধুনিক মানুহৰ অনিশ্চয়তাৰে ভৰা মানসিক সাম্যাৱস্থাক প্ৰতিফলিত কৰিবলৈকে ব্যৱহাৰ কৰিছে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ