মৃগাংক জ্যোতি বৰুৱা
ভাৰতৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে তেওঁৰ বহুপঠিত গ্ৰন্থ Wings of
Fire-ত উল্লেখ কৰা এফাঁকি কবিতাই আজিও আমাক অনুপ্ৰাণিত কৰে—
“Donot
worry and fret, fainthearted
The
chances have just begun
For
the best jobs haven’t been started
The
best work has not been done.”
এই
কথাবোৰ মনত পৰাৰ লগে লগে এটা গভীৰ উপলব্ধি জাগে— এখন ৰাষ্ট্ৰৰ বিকাশৰ প্ৰধান ভিত্তি
হৈছে মানৱ সম্পদ, আৰু সেই মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰধান আহিলা হৈছে শিক্ষা৷ কিন্তু
আজিৰ ভাৰতীয় শিক্ষা ব্যৱস্থা এই মহান লক্ষ্য পূৰণত ব্যৰ্থ হৈছে৷ উপযুক্ত আৰু দক্ষ
মানৱ সম্পদ গঢ়ি তোলাত ই বহু দূৰত ৰৈ গৈছে৷ মানুহ ৰাষ্ট্ৰৰ সম্পদ হোৱাতকৈ বোজাত পৰিণত
হৈছে আৰু দেশৰ বিকাশ বাধাগ্ৰস্ত কৰিছে৷ ইয়াৰ মূল কাৰণ হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ
ঐতিহাসিকভাৱে মুখস্থ বিদ্যাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা৷
এতিয়া
সময় আহিছে এই ব্যৱস্থাক ৰূপান্তৰ ঘটোৱাৰ— গৱেষণা আৰু উদ্ভাৱনৰ দিশলৈ লৈ যোৱাৰ৷ যিয়ে
আমাৰ দেশ ভাৰতবৰ্ষক ২০৪৭ চনত, স্বাধীনতাৰ এশ বছৰ পূৰ্ণ হোৱাৰ সময়তে এখন বিকশিত ৰাষ্ট্ৰত
পৰিণত কৰিব৷ ইয়াৰ বাবে প্ৰয়োজন নতুন চিন্তা, নতুন ধাৰণা আৰু এক গতিশীল মানসিকতা৷
এই প্ৰসংগত মনত পৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সেই অমৰ ফাঁকি—
“নতুন
প্ৰাণৰ ন চকুযুৰি দীপিতি ঢালি
দে
তাত, পুৰণি পৃথিৱী ন কৈ চাই লওঁ
হে
বীণ এষাৰি মাত৷”
ভাৰতৰ
দৰে বৈচিত্ৰ্যময় আৰু বহু অৰ্থ-সামাজিক সমস্যাত জৰ্জৰিত দেশত মুখস্থ বিদ্যাক সম্পূৰ্ণৰূপে
পৰিত্যাগ কৰি উদ্ভাৱনী আৰু গৱেষণা-কেন্দ্ৰিক শিক্ষালৈ উন্নীত হোৱাটো সহজ নহয়; কিন্তু
অসম্ভৱো নহয়৷ ৰাধাকৃষ্ণণ আয়োগ, কোঠাৰী আয়োগৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰাষ্ট্ৰীয়
শিক্ষানীতি ২০২০-লৈকে সকলো শিক্ষা আয়োগে মুখস্থ বিদ্যাক বাদ দি এক বাস্তৱমুখী আৰু
ফলদায়ক শিক্ষা ব্যৱস্থাৰ কথা কৈ আহিছে৷ কিন্তু এই কথাবোৰ যেন গালো-বালো খোলাকটি তালত
পৰিণত হৈ আহিছে৷ তথাপি আমি আশাবাদী প্ৰাণী৷ আকৌ আশা দেখিছোঁ, দেখিছোঁ নতুন কিৰণ৷
এই
ৰূপান্তৰ প্ৰকৃততে এক জটিল, দীৰ্ঘম্যাদী আৰু বহুস্তৰীয় প্ৰক্ৰিয়া৷ যীশু খ্ৰীষ্টৰ
জন্মৰ চাৰিশ বছৰৰ আগতেই দাৰ্শনিক ছক্ৰেটিছে এথেন্সক এখন পূৰ্ণাঙ্গ ৰাষ্ট্ৰ নিৰ্মাণৰ
সপোন দেখিছিল৷ তেওঁৰ মতে ইয়াৰ প্ৰধান চৰ্ত আছিল—এথেন্সৰ প্ৰত্যেক নাগৰিকে চিন্তা কৰিবলৈ
শিকা৷ আমাৰ বিদ্যালয়বোৰত মুখস্থ কৰিবলৈ শিকোৱাতকৈ শিকাব লাগে চিন্তা কৰিবলৈ৷ ছাত্ৰ-ছাত্ৰীসকলে
“কেনেকৈ”, “কিয়”, “কি” আদি প্ৰশ্নৰে চাৰিওফালৰ প্ৰাকৃতিক আৰু সামাজিক পৰিঘটনাবোৰৰ
অনুসন্ধান কৰিব লাগে—যিয়ে তেওঁলোকক উদ্ভাৱন আৰু গৱেষণাৰ বাট কাটি দিব৷
ইয়াৰ
বাবে অতি জৰুৰী হৈ পৰিছে পৰীক্ষা পদ্ধতিৰ সংশোধন আৰু পৰীক্ষাৰ চাপৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক
মুক্ত কৰা৷ বিদ্যালয়ৰ পৰীক্ষা, ব’ৰ্ড পৰীক্ষা, নেট আদি প্ৰতিযোগিতামূলক পৰীক্ষাবোৰে
এতিয়াও মূলতঃ স্মৃতিশক্তিহে পৰীক্ষা কৰে৷ আনকি শিক্ষক নিযুক্তি পৰীক্ষাবোৰতো মুখস্থ
বিদ্যাৰেই মূল্যায়ন হয়৷ প্ৰশ্ন হৈছে—যদি পৰীক্ষাবোৰত স্মৃতিশক্তিহে পৰীক্ষা কৰা হয়,
তেন্তে মুখস্থ বিদ্যাৰ এই ফান্দৰ পৰা কেনেকৈ মুক্ত হ’ব? সেয়ে প্ৰয়োজন পৰীক্ষা ব্যৱস্থা
সংশোধন কৰা, প্ৰশ্নবোৰ দক্ষতা-ভিত্তিক কৰা আৰু মূল্যায়ন পদ্ধতি সলনি কৰা৷ বিভিন্ন
আৰ্হি নিৰ্মাণ, প্ৰকল্প আদি নিয়মিতভাৱে চলাব লাগে আৰু ছাত্ৰ-ছাত্ৰীক এইক্ষেত্ৰত উৎসাহিত
কৰিব লাগে৷
ৰাষ্ট্ৰসংঘৰ
শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ এক প্ৰতিবেদনত উল্লেখ আছে যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে
শ্ৰেণীকোঠাৰ সময়ৰ প্ৰায় ৮০ শতাংশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ব্যয় কৰে, যাৰ ফলত সৃজনশীলতা
আৰু দক্ষতা বিকাশৰ সুযোগ সীমিত হয়৷ শিক্ষকসকলেও প্ৰায় ৭০ শতাংশ সময় পৰম্পৰাগত বক্তৃতা
আৰু মুখস্থ পদ্ধতিত ব্যয় কৰে৷ ইয়াৰ ফলত ছাত্ৰসকলে “আদৰ্শ উত্তৰ”ৰ বাহিৰে চিন্তা কৰিবলৈ
ভয় কৰে, সৃজনশীলতা বাধাগ্ৰস্ত হয় আৰু মানসিক চাপ বৃদ্ধি পায়৷
হাতে-কামে
শিক্ষাৰ গুৰুত্ব অপৰিসীম৷ কিতাপৰ মাজতে ছাত্ৰ-ছাত্ৰীক আৱদ্ধ নাৰাখি হাতে-কামে কৰি শিক্ষা
লোৱাৰ সুবিধা দিব লাগে৷ হাতে-কামে লোৱা শিক্ষাই বিষয়বস্তু গভীৰভাৱে বুজাত সহায় কৰে
আৰু উদ্ভাৱনী শক্তিৰ বিকাশ ঘটায়৷ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ অটল টিংকাৰিং পৰীক্ষাগাৰ
আৰু বিজ্ঞানী, পৰিৱেশবিদ তথা শিক্ষাবিদ ছুনাম ৱাংচুকৰ শিক্ষাপদ্ধতিয়ে এইক্ষেত্ৰত আশাৰ
কিৰণ লৈ আহিছে৷ প্ৰয়োজন কেৱল ইয়াৰ ব্যাপক সম্প্ৰসাৰণৰ৷
হাতে-কামে
শিক্ষা ল’বলৈ বিদ্যালয়বোৰত উপযুক্ত আন্তঃগাঁথনিৰ প্ৰয়োজন৷ প্ৰত্যেক বিদ্যালয়ত উন্নত
পৰীক্ষাগাৰ থাকিব লাগে, য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজে হাতে-কামে বিজ্ঞানৰ পৰীক্ষা কৰি
শিকিব পাৰে৷ নহ’লে বিজ্ঞানৰ ধাৰণাসমূহ বিমূৰ্ত হৈ থাকিব আৰু ছাত্ৰ-ছাত্ৰীয়ে নুবুজাকৈ
মুখস্থ কৰিবলৈ বাধ্য হ’ব৷
অতি
প্ৰয়োজন দক্ষ আৰু অনুপ্ৰাণিত শিক্ষকৰ৷ এইক্ষেত্ৰত মেধাৱীসকলক উপযুক্ত পদ্ধতিৰে নিৰ্বাচন
কৰা প্ৰয়োজন৷ বহু শিক্ষক নিজেই মুখস্থ পদ্ধতিত অভ্যস্ত৷ তেওঁলোকক ইয়াৰ পৰা মুক্ত
কৰি সমালোচনামূলক আৰু দক্ষতা-ভিত্তিক শিক্ষা দিবলৈ উচ্চ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন৷
প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজস্ব প্ৰতিভা, সক্ষমতা আৰু সম্ভাৱনা লৈ আহে৷ প্ৰাথমিক পৰ্যায়তে
সেই প্ৰতিভা চিনাক্ত কৰি সেই দিশত উৎসাহিত কৰা পৰিৱেশ সকলো বিদ্যালয়ত থকাটো অত্যাৱশ্যক৷
আমাৰ
দেশৰ অৰ্থ-সামাজিক পৰিৱেশ এনে যে নতুন শিক্ষা ব্যৱস্থা প্ৰয়োগ কৰা সহজ নহয়৷ অৰ্ধশিক্ষিত
বা অশিক্ষিত অভিভাৱকৰ পৰা বাধা আহিব পাৰে৷ শিক্ষাক্ষেত্ৰত ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক
পৰিৱেশে মুখস্থ বিদ্যাক গ্ৰহণ কৰি আহিছে৷ সেয়ে মানসিকতা সলনি কৰাৰ প্ৰয়োজন৷ আটাইতকৈ
গুৰুত্বপূৰ্ণ কথাটো হৈছে শিক্ষাক্ষেত্ৰত ৰাষ্ট্ৰৰ বিনিয়োগ বৃদ্ধি কৰা৷ বহুক্ষেত্ৰত
চৰকাৰী ব্যয় সংকোচন কৰা দেখা যায়৷ আনহাতে শিক্ষা খণ্ড সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ
হাতত এৰি দিলে এই মহান লক্ষ্য পূৰণত ব্যৰ্থ হোৱাৰ সম্ভাৱনা আছে৷
যদি
শিক্ষক প্ৰশিক্ষণ ব্যাপকভাৱে উন্নত কৰা হয়, পৰীক্ষা পদ্ধতি নিৰ্দিষ্ট দিশত সংশোধন
কৰা হয়, মূল্যায়ন ব্যৱস্থা সঁচাকৈয়ে সলনি হয়, উদ্ভাৱনৰ বাবে যথেষ্ট বিনিয়োগ আৰু
উৎসাহ দিয়া হয় আৰু অভিভাৱক তথা সমাজৰ মানসিকতা সলনি হয়—তেন্তে সাহিত্যৰথী লক্ষ্মীনাথ
বেজবৰুৱাদেৱৰ ভাষাতে ক’ব পাৰি—
“বাজক
দবা, বাজক শংখ, বাজক মৃদংগ খোল
ভাৰতবৰ্ষই
উন্নতিৰ পথত জয় ভাৰত বোল৷”
***
ডিব্ৰুগড়
বিশ্ববিদ্যালয়
স্নাতক
প্ৰথম ষাণ্মাসিক, জৈৱপ্ৰযুক্তি আৰু জৈৱতথ্যবিজ্ঞান
