চন্দ্ৰাৱলী বৰঠাকুৰ
“সমাজ, এক সংঘ ,এক সংগঠন
আৰু এনে আনুষ্ঠানিক সামাজিক সম্পৰ্ক সমূহৰ সমষ্টি, য’ত ব্যক্তিসকলে পৰস্পৰৰ সৈতে জড়িত হৈ একেলগে বাস কৰে” -গিডিংছ, ১৮৯৬
সমাজ দেখাত
এটা তেনেই সৰু শব্দ যদিও ইয়াত নিহিত আছে মানৱ জাতিৰ ক্ৰমবিকাশৰ ইতিহাস। এখন সমাজ, সমাজ হিচাপে ব্ৰতী থাকিবলৈ পৰিবৰ্তন অনিবাৰ্য। পৰিবৰ্তন আৰু নৱজাগৰণে
আচলতে সমাজক আগুৱাই লৈ যোৱাত সহায়হে কৰে। এই সমাজ বিকাশ তথা পৰিবৰ্তনৰ বাবে বহু
আশা তথা প্ৰত্যাশা লৈ বিশিষ্ট দাৰ্শনিক, চিন্তাবিদ, ৰুচ-আমেৰিকাৰ সমাজতত্ত্ববিদ পিটিৰিম এ. ছ’ৰ’কিন (Pitirim A. Sorokin) মন্তব্য কৰিছিল যে “সমাজ সদায় এক অবিৰত পৰিৱৰ্তনৰ
প্ৰক্ৰিয়াত থাকে”, যাৰ অৰ্থ হ’ল সমাজ কেতিয়াও স্থিৰ নহয়। সময়ৰ
লগে লগে মানুহৰ জীৱনধাৰা, মূল্যবোধ, সংস্কৃতি, প্ৰতিষ্ঠান আৰু সামাজিক সম্পৰ্ক
সলনি হৈ গৈ থাকে। এই অবিৰত পৰিৱৰ্তনেই সমাজৰ এক মূল বৈশিষ্ট্য। ইউৰোপৰ ফৰাচী বিপ্লৱ, উদ্যোগীকৰণ, নৱজাগৰণে প্ৰধানকৈ সমাজ পৰিবৰ্তনৰ
লগতে সমাজতত্ত্বৰ দৰে এক বহুমুখী বিষয়ৰ আৰম্ভণি কৰিছিল।
পৰিৱৰ্তন, সমাজৰ এক সৃষ্টিৰ উৎস। সময়ৰ লগে লগে সামাজিক পৰিৱৰ্তনৰ
বিভিন্ন স্তৰ দেখিবলৈ পোৱা যায়। ইয়াৰে কিছু ইতিবাচক, কিছু নেতিবাচক, আৰুএই দুয়োখিনিৰে গঠন হয় এক ঐক্যবদ্ধ সমাজ, যাৰ
মূলমন্ত্ৰ হৈছে ঐক্য, শৃংখলা তথা সামাজিক সংহতি। সামাজিক সংহতি সাধাৰণভাৱে ক’বলৈ গ’লে এক সামাজিক মিলাপ্ৰীতি আৰু পাৰম্পৰিক
বিশ্বাসেৰে গঠন কৰা মানুহৰ গোট যি সমাজ এখনক সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাত
সহায় কৰে। সমাজতত্ত্বৰ ভাষাত “সামাজিক সংহতি” ধাৰণাটো প্ৰথম আগবঢ়াইছিল Emile Durkheim ই
তেওঁৰ গ্ৰন্থ “The
Division of Labour in Society (1893)। এই সামাজিক একতাই সমাজৰ ঐক্য সংহতিৰ প্ৰতি অহা ভাবুকি আৰু সংঘৰ্ষৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তি প্ৰদান কৰে। ভাৰতৰ
স্বাধীনতা আন্দোলন তাৰেই এক উদাহৰণ। ভাৰতীয় সমাজতাত্ত্বিক চিন্তাবিদ জি.এছ ঘোৰে,
ৰাধাকমল মূখাৰ্জী,এম. এন. শ্ৰীনিৱাস আৰু বিভিন্নজনে এই
সামাজিক সংহতিৰ সম্পৰ্কে নিজৰ নিজৰ ভাৱ
প্ৰকাশ কৰে। ৰাধাকমল মুখাৰ্জীক সামাজিক সংহতি (Social Solidarity)-ৰ ধাৰণাৰ সৈতে আটাইতকৈ
ঘনিষ্ঠভাৱে জড়িত ভাৰতীয় সমাজতত্ত্ববিদ হিচাপে গণ্য কৰা হয়। কিয়নো তেওঁ সামূহিক
মূল্যবোধ (shared values), সহযোগিতা (cooperation), আৰু সামাজিক সম্প্ৰীতি (social
harmony)-ক সমাজৰ মূল ভেটি হিচাপে গুৰুত্ব দিছিল। অতীতৰ ভাৰতীয় বুৰঞ্জীত আমি বিভিন্ন সামাজিক সংগঠনৰ যেনে ৰাজা ৰামমোহন
ৰায়ৰ “ব্ৰাহ্ম সমাজ”, দয়ানন্দ সৰস্বতীৰ “আৰ্য সমাজ”, স্বামী বিবেকানন্দৰ “
ৰামকৃষ্ণ মিছন” বিষয়ে জানিবলৈ পাও যি
সামাজিক সংহতিক সবাতোকৈ
মহত্ব দিছিল।
শিক্ষা- দীক্ষা আৰু তথ্য-প্ৰযুক্তিৰে উন্নত আধুনিক সমাজত সামাজিক সংহতিৰ ধাৰণাটো যিমান বিশাল আৰু দৃঢ়ভাৱে
প্ৰচাৰ হ’ব লাগিছিল বিভিন্ন কাৰণত সেইয়া হৈ উঠা নাই। বহু বছৰৰ পৰা এক ঐক্যবদ্ধ
সমাজৰ পৰিৱৰ্তে দেখা পোৱা
গৈছে বিভিন্ন
বিভাজন তথা মানুহৰ কুবৃত্তিবোৰ অগ্ৰাধিকাৰ। সাম্প্ৰতিক
সময়ত মানুহৰ মাজত মানৱতাবোধ, নম্ৰতা, ধৈৰ্য, সহনশীলতা আদি সুগুণবোৰ এনেদৰে বিনাশ
ঘটিছে যে সামাজিক সংহতি ধাৰণাটো ক্ৰমাৎ অস্পষ্ট হৈ পৰিছে। মূল্যবৃদ্ধি আৰু আধুনিক সমাজৰ প্ৰদৰ্শনমুখিতাৰ লগতে দৰিদ্ৰতা, কৰ্মসংস্থাপনহীনতা আৰু আধুনিক জীৱনে আনি দিয়া হতাশাগ্ৰস্ততাৰ ফলত আত্মহননৰ দৰে
সামাজিক ব্যাধি, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ
জটিলতা দেখিবলৈ পোৱা যায়। নিজৰ
আপোনজনৰ জীৱন কাঢ়ি লোৱাটো এতিয়া যেন এক সাধাৰণ কথা হৈ পৰিছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ২৫
বছৰীয়া ৰিয়া তালুকদাৰৰ হত্যাৰ দৰে ঘৃণনীয় ঘটনাই
সমগ্ৰ অসম কপাঁই তুলিছে। ২০২৫ বৰ্ষত আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ৰাজা ৰঘুবংশীৰ যি চাঞ্চল্যকৰ ঘটনা সংঘটিত
হৈছিল তাৰ পাছত বিশ্বৰ মানুহৰ দৃষ্টিত হেয় হৈছিল শান্ত নিৰিবিলি মেঘালয়ৰ পৰিৱেশ।
ইয়াৰ উপৰিও এচিড আক্ৰমণ, ব্লেকমেইলিং ৰ ফলত আত্মহননৰ,
প্ৰতাৰণাৰ দৰে অপৰাধ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।
মানুহে মানুহৰ বিৰুদ্ধে কৰা হিংসাত্মক ঘটনা, কুবুদ্ধিয়ে মানৱজাতিৰ চিন্তা শক্তি ,ভাৱ ধাৰণাত বিসংগতি সৃষ্টি কৰিছে।
বিশ্ববিশ্ৰুত
তথা মানৱদৰদী শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱনৰ মূলমন্ত্ৰ
আছিল মানৱতাবোধ আৰু মানৱতাবাদ। মানৱীয় প্ৰেমেৰে এখন সুস্থ সমাজ গঠন কৰাৰ সপোন দেখিছিল তেওঁ। কিন্তু
বৰ্তমান সময়ত মানুহৰ প্ৰতি মানুহৰ মৰম প্ৰীতি ক্ৰমাৎ লুপ্ত হৈ পৰিছে। প্ৰেমৰ পৰিৱৰ্তে হিংসাত্মক কাহিনীয়ে একধৰণে ত্ৰাসৰ
সৃষ্টি কৰিছে। এখন ঐক্যবদ্ধ সমাজ সংগঠনৰ বাবে নিস্বাৰ্থভাৱে কাম কৰা
মানুহ সমাজত এতিয়াও আছে। কিন্তু বিভ্ৰম আৰু
বিভ্ৰান্তিৰ মাজতো সামাজিক সংহতিৰ ধাৰণাটো জীয়াই ৰখা আৰু বাস্তৱক্ষেত্ৰত প্ৰয়োগ
কৰাৰ বাবে সমাজ তথা চৰকাৰে যত্ন কৰিলেহে এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন সাকাৰ হ’ব।
ঠিকনা:
৫ম ষান্মাসিক, ৫বছৰীয়া সংহত পাঠ্যক্ৰম
সমাজতত্ত্ব
বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
