অন্যযুগ/


নম্ৰতা আৰু বন্ধুভাবাপন্নতা

 প্ৰাঞ্জল বেজবৰা

 

আমি দৈনন্দিন জীৱনত অনেক মানুহৰ লগত সম্পৰ্ক কৰিবলগীয়া হয়। এই সম্পৰ্কবোৰৰ যোগেদি সম্পন্ন হোৱা কাৰ্য অথবা যোগাযোগবোৰৰ সফলতা বা বিফলতাৰ ক্ষেত্ৰত নম্ৰতা আৰু বন্ধুভাবাপন্নতাৰ ভূমিকা উল্লেখযোগ্য। আমাৰ বহুতেই ঈশ্বপৰ সাধুত বেলি আৰু বতাহৰ কাহিনীটো পঢ়িছে। সাধুটোত বেলি আৰু বতাহ দুয়ো নিজৰ নিজৰ শক্তি সম্পৰ্কে তৰ্কত অৱতীৰ্ণ হৈছে। দুয়ো দাবী কৰিছে যে ইজন সিজনতকৈ বেছি শক্তিমান। বতাহে বেলিক কৈছে “মই যে অধিক বলী তাক প্রমাণ কৰি দেখুৱাম। সৌ যে ৰাস্তাত খোজ কাঢ়ি যোৱা মানুহজনে পিন্ধি থকা কোটটো মই তোমাতকৈ সোনকালে সোলকাই দিব পাৰিম”। 

বেলিয়ে বতাহৰ কথাত সন্মত জনাই নিজে ডাৱৰৰ আৰত লুকাই পৰিল। বতাহ বলিবলৈ ধৰিলে আৰু লাহে লাহে বতাহে ধুমুহাৰ ৰূপ ল’লে। কিন্তু বতাহ যিমানেই জোৰত বলিছে, মানুহজনে তেওঁৰ কোটটোৰ সকলো বুটাম মাৰি দেহত সাবটি ধৰিছে। শেষত বতাহ শান্ত হৈছে আৰু মানুহজনৰ কোট খোলোৱাৰ চেষ্টা বাদ দিছে। তেতিয়া ডাৱৰৰ মাজৰ পৰা বেলি ওলাই আহি কোট পিন্ধা মানুহজনৰ ফালে মিচিকিয়াই হাঁহিছে। ক্ষন্তেক পাছতে দেখা গ’ল যে মানুহজনে কপালৰ ঘাম মচিছে আৰু কোটটো খুলি হাতত লৈছে। তেতিয়া বেলিয়ে বতাহক কৈছে যে খং আৰু শক্তি  প্ৰয়োগতকৈ নম্ৰতা আৰু বন্ধুভাবাপন্নতা সদায়ে বলৱান। 

যি মানুহে বুজি পায় যে ‘এটোপাল মৌৱে এক গেলন তিতা পানীতকৈ অধিক মাখিক আকৰ্ষণ কৰে’ (a drop of honey catches more flies than a gallon of gall), তেওঁ দৈনন্দিন জীৱনত সকলো সম্পৰ্ক তথা কাৰ্যতে নম্ৰতা আৰু বন্ধুভাবাপন্নতা প্ৰদৰ্শন কৰে। এই প্ৰসংগত আমাৰ নিজৰ এটি অভিজ্ঞতা উল্লেখ কৰিব বিচাৰিছোঁ৷ আজিৰ পৰা চাৰি বছৰ আগতে মোৰ মাত্ৰ ৫ মাহ পুৰণি ‘হোন্দা চিটি’ গাড়ীখন তৃতীয় বাৰৰ বাবে ছাৰ্ভিচিঙলৈ নিব লগা হৈছিল; মই ভাবিলোঁ ছাৰ্ভিচ মেনেজাৰজনৰ লগত কথা পাতি, যুক্তি প্ৰদৰ্শন কৰি বা গালি পাৰিনো কি লাভ হ’ব? সেয়ে পোনে পোনে ডিলাৰ এজেঞ্চিটোৰ মালিকৰ অফিচলৈ গ’লো। অলপ সময় অপেক্ষাৰ পাছত মালিকে অফিচলৈ মাতিলে। মই অফিচত সোমায়ে নিজৰ পৰিচয় দি জনালোঁ যে মোৰ কেইবাজনো বন্ধুৱে আপোনাৰ শ্ব’ৰূমৰ উচ্চ প্ৰশংসা কৰাত ৫ মাহ পূৰ্বে ইয়াৰ পৰা ‘হোন্দা চিটি’ এখন কিনিলোঁ। মোক বন্ধুসকলে আপোনাৰ ৱৰ্কশ্বপৰ উচ্চমানৰ সেৱাৰ কথাও জনাইছিল। মোৰ কথা শুনি মালিকে মিচিকিয়াই হাঁহিলে। ইয়াৰ পাছত লাহেকৈ ৱৰ্কশ্বপত হোৱা মোৰ অভিজ্ঞতাৰ কথা কলোঁ। লগতে কলোঁ যে আপোনাৰ এজেঞ্চিৰ সুনাম নষ্ট কৰিব পৰা যিকোনো ঘটনা বা পৰিস্থিতিৰ বিষয়ে আপুনি জনাটো ভাল বুলি ভাবিহে আপোনাক কথাটো জনালোঁ। 

ডিলাৰৰ মালিকে মোক কথাখিনি জনোৱাৰ বাবে ধন্যবাদ দিলে আৰু মোৰ গাড়ীখনৰ সমস্যাটো সম্পূৰ্ণ সমাধান কৰাৰ নিশ্চিতি প্ৰদান কৰিলে। লগতে মোৰ গাড়ীখন ‘ৰিপেয়াৰ’ কৰাৰ সময়ত মোক চলাবৰ বাবে ৱৰ্কশ্বপৰ ফালৰ পৰা এখন গাড়ীও দিলে। বহু শতিকাৰ আগতে ঈশ্বপে সাধুৰ মাজেদি প্ৰদৰ্শন কৰা মানব আচৰণ আজিও সত্য। বেলিয়ে বতাহতকৈ সোনকালে মানুহজনৰ কোটটো খোলাব পাৰে; নম্ৰতা, বন্ধুভাবাপন্নতা আৰু প্ৰশংসাই খং আৰু ভীতি প্রদৰ্শনতকৈ সোনকালে মানুহৰ মন সলনি কৰি দিব পাৰে।

 ***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ