ড° ইন্দ্ৰানীৰেখা শইকীয়া
দৃশ্য এক : এটা শিশুৱে পূৰ্ণ গতিত
দৌৰি আছে, আন এটাই তাক ধৰিবলৈ চেষ্টা কৰিছে, কোনোবা এজন আনজনৰ ওপৰত পৰি গৈছে, আৰু হঠাতে
চিঞৰ-বাখৰবোৰ আৰু অধিক তীব্ৰ হৈ পৰিছে৷
দৃশ্য দুই : খেলপথাৰত সৰু ল’ৰা-ছোৱালীৰ
এটা দল৷ হঠাৎ সিহতে তীব্ৰ গতিৰে দৌৰিছে, ঘাঁহনিত জপিয়াইছে, এজনক আনজনে বগৰাই পেলাইছে,
আৰু সকলোৱে আনন্দৰে চিঞৰিছে৷
দৃশ্য তিনি : এটা শিশুৱে সৰু খাল এটাৰ
ওপৰত থকা শেলাই লগা কাঠৰ কুণ্ডা এটাৰ ওপৰেৰে ভাৰসাম্য ৰক্ষা কৰি পাৰ হ’বলৈ চেষ্টা কৰিছে৷
দৃশ্য চাৰি : এটা ল’ৰাই গছ এজোপাৰ
একেবাৰে ওপৰৰ ডালটোলৈ বগাইছে৷
স্বাভাৱিকতেই সকলোৰে এনে দৃশ্য দেখিলে
ভয় লাগে আৰু বেছিভাগ অভিভাৱকৰ প্ৰথম প্ৰতিক্ৰিয়া হব : “বন্ধ কৰা, আঘাত পাবা”
“দৌৰিবলৈ বন্ধ কৰা৷”
“তাৰ
ওপৰত নুঠিবা৷”
“সাৱধানে
থাকা৷”
“মল্লযুঁজ
কৰা বন্ধ কৰা৷”
“তোমালোকে
সদায় ইজনে সিজনক কিয় খেদি ফুৰা?”
ইত্যাদিবোৰ ৷
এজন প্ৰাপ্তবয়স্ক মানুহৰ চকুত এনে
খেল ভয়ংকৰ যেন লাগিব পাৰে৷ সাধাৰণভাৱে এইটো ধৰি লোৱা হয় যে শিশুসকলে শান্তভাৱে বহি
থাকিবলৈ শিকাটোৱে ভাল৷ অত্যধিক সতৰ্কতা, সুৰক্ষিত খেলপথাৰ আৰু প্ৰাপ্তবয়স্কৰ নিৰন্তৰ
তদাৰকৰ এই আধুনিক যুগত, শিশুৰ জীৱনৰ পৰা সকলো সম্ভাৱ্য বিপদ আঁতৰাই ৰখাটোৱেই আমাৰ সামাজিক
অভ্যাস হৈ পৰিছে৷ কিন্তু শিশুসকলে সদায় শান্ত হৈ থাকি আত্ম-নিয়ন্ত্ৰণৰ শিক্ষা লাভ
নকৰে৷ তেওঁলোকে শাৰিৰীক সঞ্চালন, উত্তেজনা, প্ৰত্যাহ্বান, হতাশা, আৰু পুনৰ স্বাভাৱিক
অৱস্থালৈ অহাৰ অভিজ্ঞতাৰ জৰিয়তে আৰু লাহে লাহে সেই অভিজ্ঞতাবোৰ কেনেকৈ পৰিচালনা কৰিব
লাগে সেয়া শিকিহে ইয়াৰ বিকাশ ঘটায়৷
শাৰীৰিক বা শৰীৰভিত্তিক
(physical play) তথা প্ৰত্যাহ্বানপূৰ্ণ বিপদজনক ক্ৰীড়া
(risky play) বুলিলে আমি কি বুজো?
শাৰীৰিক ক্ৰীড়াত দৌৰা আৰু বগাই যোৱাৰ
পৰা আৰম্ভ কৰি নাচ, খেদা-খেদি আদি সকলো অন্তৰ্ভুক্ত থাকে৷ ইয়াৰ কেইটামান উদাহৰণ হৈছে
জাঁপ মৰা, বগাই যোৱা, ভাৰসাম্য ৰক্ষা কৰা, পেটেৰে বগাই যোৱা (Crawling), বাগৰি যোৱা,
নৃত্য কৰা, বাধা-প্ৰতিবন্ধকতাৰ পথ অতিক্রম কৰা (Obstacle courses), দলিয়াই দিয়া আৰু ধৰা, ঠেলি দিয়া আৰু টানি অনা, ৰচী টনা
খেল (Tug-of-war), খেদা-খেদি খেল, জীৱ-জন্তুৰ দৰে খোজ
কঢ়া, খেলপথাৰত খেলা খেল, হুলস্থূলীয়া মল্লযুঁজমূলক খেল৷
খেদাখেদি, মল্লযুঁজ, আৰু বাগৰা বাগৰিৰ দৰে বিশৃঙ্খল ৰূপটোক সাধাৰণতে কোৱা হয় ‘ৰাফ-এণ্ড-টাম্বল’ (Rough-and-tumble play) খেল৷ যদিও এনে খেল কেতিয়াবা যুঁজ-বাগৰৰ দৰে দেখাব পাৰে, কিন্তু ই স্বয়ংক্ৰিয়ভাৱে আক্ৰমণাত্মক নহয়৷ ই পাৰস্পৰিক, ধেমেলীয়া, উপযুক্তভাৱে পৰ্যৱেক্ষিত আৰু স্পষ্ট নিয়মৰ দ্বাৰা আৱদ্ধ হয়৷
আনহাতে risky খেলক এনে কিছুমান ৰোমাঞ্চকৰ
আৰু উত্তেজিত খেল বুলি সংজ্ঞায়িত কৰা হয় য’ত অনিশ্চয়তা আৰু শাৰীৰিক আঘাতৰ সম্ভাৱনা থাকে৷ গৱেষকসকলে Risk আৰু
Hazard ৰ মাজত পাৰ্থক্য দেখুৱাইছে৷ risk হৈছে
এনে এক অনিশ্চিত পৰিস্থিতি যিটো এটা শিশুৱে বুজি পাব পাৰে আৰু নিজাববীয়াকৈ অংশগ্ৰহণ
কৰাৰ সিদ্ধান্ত ল’ব পাৰে৷ আনহাতে hazard হৈছে এনে এক নেদেখা বিপদ যিটো শিশুৱে অনুমান
কৰিব নোৱাৰে৷ গতিকে মন কৰিবলগীয়া যে, risky খেলৰ অৰ্থ শিশুক বিপদৰ সন্মুখীন কৰোৱা
নহয়৷ বৰঞ্চ, ইয়াৰ অৰ্থ হ’ল শিশুৱে নিজে বিচাৰি
লোৱা প্ৰত্যাহ্বানসমূহ স্বয়ংক্ৰিয়ভাৱে পৰিচালনা কৰাৰ স্বাধীনতা দিয়া৷
যিমানবাৰ এটা শিশুৱে গছৰ ওপৰৰ ডালটোলৈ
চাই খোজ দিবলৈ সাহস কৰে বা ৰৈ যায়, সি নিজৰ সক্ষমতা মূল্যাংকন কৰিবলৈ শিকে—যিটো অতি-সুৰক্ষিত খেলপথাৰে শিকাব নোৱাৰে৷
এগৰাকী গৱেষক ড° এলিন বিট হেনচেন
চেণ্ডচেটাৰে (Dr. Ellen Beate Hansen Sandseter) risky খেলক ছটা
মূল ভাগত বিভক্ত কৰিছে:
1. অত্যাধিক ওখ ঠাই (Great Heights) : গছ, বেলেঞ্চিং বিম,
বা ওখ গঠনত বগাই যোৱা, য’ত ওখ ঠাইৰ অনুভূতি
আৰু তললৈ পৰি যোৱাৰ বিপদ থাকে৷
2. তীব্ৰ গতি (High Speed) : অনিয়ন্ত্ৰিত গতিত
কৰা চলাচল—যেনে তীব্ৰ গতিত দোলনা দোল খোৱা, স্লেডিং
কৰা, বা থিয় পাহাৰ/দ’লৰ পৰা দৌৰি তললৈ
নামি অহা৷
3. বিপজ্জনক সঁজুলি (Dangerous Tools) : অভিভাৱকৰ তদাৰকৰ
মাজত কাম সম্পন্ন কৰিবলৈ সৰু কটাৰী, হাতুৰী বা সৰু কৰতৰ দৰে সঁজুলি ব্যৱহাৰ কৰা৷
4. বিপজ্জনক উপাদান (Dangerous Elements) : মুকলি পানী, জুই
বা থিয় গৰাৰ দৰে প্ৰাকৃতিক বিপদৰ ওচৰত খেলা-ধূলা কৰা৷
5. ৰাফ-এণ্ড-টাম্বল
খেল (Rough-and-Tumble Play) : মল্লযুদ্ধ অথবা খেদা-খেদি
খেল য’ত শিশুৱে নিজৰ শক্তি, সীমা আৰু শাৰীৰিক সামৰ্থ্য
পৰীক্ষা কৰে৷
6. আঁতৰি যোৱা / হেৰাই
যোৱা (Disappearing / Getting Lost) : বয়স্কৰ প্ৰত্যক্ষ
দৃষ্টিৰ বাহিৰত হাবিত বা ওচৰৰ পাৰ্কত ভ্ৰমণ কৰা, স্বায়ত্তশাসন আৰু স্বাধীনতাৰ অভিজ্ঞতা
লাভ কৰা৷
কিয় শাৰীৰিক, দৈহিক
বা শৰীৰভিত্তিক ক্ৰীড়া (Physical, embodied or body-based play) আৰু প্ৰত্যাহ্বানপূৰ্ণ ক্ৰীড়া (risky play)গুৰুত্বপূৰ্ণ
হৈ পৰে ?
মল্লযুঁজ/হুলস্থূলীয়া খেল (Rough-and-tumble play) আৰু শৰীৰভিত্তিক
অভিজ্ঞতাই আত্ম-নিয়ন্ত্ৰণ (Self-regulation), মটৰ দক্ষতাৰ বিকাশ (Motor development), মানসিক দৃঢ়তা (Resilience) আৰু সামাজিক-আৱেগ বৃদ্ধি
কৰে৷ প্ৰকৃত আক্ৰমণাত্মক আচৰণৰ বিপৰীতে, মল্লযুঁজ, খেদাখেদি আৰু শাৰীৰিক অংগ সঞ্চালনেৰে
কৰা খেলবোৰ শিশুৰ এটা মৌলিক জৈৱিক প্ৰয়োজন৷
এটা সৰু শিশুৰ শৰীৰে ক্ৰমাগতভাৱে শিকি
থাকে৷ যেতিয়া এটা শিশুৱে দৌৰে, তেওঁলোকে গতি আৰু থমকি ৰোৱাৰ বিষয়ে শিকে৷ যেতিয়া
তেওঁলোকে ওপৰলৈ বগায়, ভাৰসাম্য আৰু ওজন বিতৰণৰ বিষয়ে শিকে৷ যেতিয়া তেওঁলোকে জাঁপ
মাৰে, তেওঁলোকে বল (force) আৰু মাটিত পৰাৰ (landing) বিষয়ে শিকে৷ যেতিয়া তেওঁলোকে
মেজৰ তলত বগাই যায়, তেওঁলোকে স্থানৰ (Space) বিষয়ে শিকে৷ যেতিয়া
তেওঁলোকে কোনো বাধাৰ বিপৰীতে বল প্ৰয়োগ কৰে, তেওঁলোকে প্ৰচেষ্টাৰ বিষয়ে শিকে৷ যেতিয়া
তেওঁলোকে আন এটা শিশুক খেদি যায়, তেওঁলোকে সময় আৰু অনুমানৰ বিষয়ে শিকে৷ আৰু যেতিয়া
তেওঁলোকে পিতৃ-মাতৃৰ সৈতে মল্লযুঁজ কৰে, তেওঁলোকে অত্যধিক বল প্ৰয়োগ নকৰাকৈ শক্তি
কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকিব পাৰে৷ তেওঁলোকে পৰি যোৱা আৰু পুনৰ সুস্থ হোৱাৰ
জৰিয়তে ভাৰসাম্যৰ বিষয়ে শিকে৷ তেওঁলোকে “ৰবা”
শুনি সীমাৰ বিষয়ে শিকে৷ তেওঁলোকে হাৰি যোৱাৰ জৰিয়তে হতাশাৰ বিষয়ে শিকে৷ তেওঁলোকে
পুনৰ চেষ্টা কৰি অধ্যৱসায়ৰ বিষয়ে শিকে৷ তেওঁলোকে ইয়াৰ অভিজ্ঞতা লাভ কৰি উত্তেজনাৰ
বিষয়ে শিকে৷ আৰু তেওঁলোকে সক্ৰিয়তা, বিৰতি আৰু স্বাভাৱিক অৱস্থালৈ অহাৰ মাজত কেনেকৈ
লৰচৰ কৰিব লাগে সেয়া ক্ৰমান্বয়ে আৱিষ্কাৰ কৰি নিয়ন্ত্ৰণৰ বিষয়ে শিকে৷ সেয়েহে সকলো
শাৰীৰিক খেলেই পঢ়া, কথা-বাৰ্তা, কাল্পনিক খেল আৰু শান্ত কাৰ্যকলাপৰ কাষত স্থান পোৱাৰ
যোগ্য৷
এই অভিজ্ঞতাবোৰে শিশুসকলক গ্ৰছ মটৰ
দক্ষতা (Gross motor competence) আৰু শৰীৰৰ প্ৰতি
সচেতনতা গঢ়ি তুলিবলৈ সুযোগ প্ৰদান কৰে৷
শাৰীৰিক কাৰ্যকলাপৰ গৱেষণাই কাৰ্যবাহী
কাৰ্যপ্ৰণালী (Executive functions) যেনে- বাধা নিয়ন্ত্ৰণ (Inhibitory control), কাৰ্যকৰী স্মৃতিশক্তি (Working memory) আৰু জ্ঞানগত নমনীয়তাৰ (Cognitive flexibility) বাবে সম্ভাব্য লাভালাভৰ
পৰামৰ্শ দিয়ে, বিশেষকৈ যেতিয়া শাৰীৰিক কাৰ্যকলাপৰ বাবে শিশুৱে চিন্তা কৰা, প্ৰতিক্ৰিয়া
প্ৰকাশ কৰা, নিয়ম মনত ৰখা বা তেওঁলোকৰ গতিবিধি খাপ খুৱাবলগা হয়৷শাৰিৰীক খেলৰ উপকাৰিতা
তলত বিস্তাৰিত ভাবে আলোচনা কৰা হল৷
১. ই স্নায়ুতন্ত্ৰক
নিয়ন্ত্ৰণ কৰে:
শিশুৱে নিজৰ বিচাৰ-বিবেচনাৰে চিন্তা
কৰাৰ বহু পূৰ্বেই নিজৰ শৰীৰৰ মাধ্যমেৰে পৃথিৱীখন অনুভৱ কৰে৷ কায়িক খেল খেলিলে
শৰীৰৰ সঞ্চালনে পোনপটীয়াকৈ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়৷ যেতিয়া শিশুৱে খেদাখেদি
কৰে, বাগৰি পৰে আৰু মল্লযুঁজ কৰে, তেতিয়া তেওঁলোকৰ দুটা আৱশ্যকীয় সংবেদী তন্ত্ৰে,
প্ৰপ্ৰিয়’চেপ্টিক তন্ত্ৰ (The
Proprioceptive System) আৰু ভেষ্টিবুলাৰ তন্ত্ৰ (The Vestibular System) সক্ৰিয়
হৈ পৰে৷ যেতিয়া শিশুক শাৰীৰিক খেলৰ সুযোগ দিয়া নহয়, তেতিয়া তেওঁলোকৰ স্নায়ুতন্ত্ৰ
অনিয়ন্ত্ৰিত হৈ পৰিব পাৰে, যাৰ ফলত অতিৰিক্ত চঞ্চলতা (hyperactivity), উদ্বেগ বা খং উঠিব পাৰে৷ গধুৰ শাৰীৰিক পৰিশ্ৰম থকা খেলে মানসিক চাপ মুক্ত কৰে আৰু শিশুক শান্ত
হ’বলৈ সহায় কৰে৷ শাৰিৰীক খেল প্ৰকৃততে এক নিয়ন্ত্ৰিত মানসিক চাপ বা উত্তেজনাৰ অনুশীলন৷
শিশুসকল খেলৰ গোটেই সময়ছোৱা উত্তেজনাৰ এটা স্তৰতে নাথাকে৷ তেওঁলোক উত্তেজিত হয়, তেওঁলোক
শক্তিৰে পৰিপূৰ্ণ হয়, তেওঁলোক হতাশ হয়, তেওঁলোক ক্লান্ত হয়, তেওঁলোক পুনৰ শান্ত হৈ
পৰে৷ শাৰীৰিক খেলে শিশুসকলক সক্ৰিয়তাৰ বিভিন্ন অৱস্থাৰ মাজত স্থানান্তৰিত হোৱাৰ পুনৰাবৃত্তিমূলক
অভিজ্ঞতা প্ৰদান কৰিব পাৰে৷
কেইটামান সৰল খেল বিবেচনা কৰক:
দৌৰা → উত্তেজিত হোৱা → ৰোৱা → স্বাভাৱিক অৱস্থালৈ
অহা → পুনৰ দৌৰা৷
বা:
বগাই যোৱা → প্ৰত্যাহ্বান → ওপৰলৈ গৈ পোৱা → জিৰণি লোৱা → পুনৰ চেষ্টা কৰা৷
এই অভিজ্ঞতাবোৰে শিশুসকলক শাৰীৰিক সক্ৰিয়তাৰ বিভিন্ন স্তৰবোৰ কেনেকুৱা অনুভৱ হয় তাৰ
সৈতে পৰিচিত হ’বলৈ দিয়ে৷
২. ই আত্মনিয়ন্ত্ৰণ আৰু
আৱেগ নিয়ন্ত্ৰণৰ বিকাশ ঘটায়
ই শুনিবলৈ আচৰিত লাগিব পাৰে, মল্লযুঁজে
শিশুক কেনেকৈ আত্ম-নিয়ন্ত্ৰণ শিকাব পাৰে? প্ৰকৃততে, এনে খেল
হৈছে কাৰ্যবাহী কাৰ্য (executive
function) আৰু আৱেগ সম্বৰণৰ এক উৎকৃষ্ট শিক্ষা৷ যিবোৰ শিশুৱে নিয়মীয়াকৈ
এনে খেল খেলে, সিহঁতে সীমা ক’ত শেষ হয় সেয়া বুজি পায় কাৰণ সিহঁতে সীমা অতিক্ৰম কৰাৰ
ঠিক আগেয়ে ৰৈ যোৱাৰ অভ্যাস কৰে৷ মল্লযুঁজ বা খেদাখেদিৰ প্ৰতিটো পৰ্যায়ত, শিশুৱে নিজৰ
শক্তি নিয়ন্ত্ৰণ কৰিব লাগে, সংগীৰ সংকেত বুজিব লাগে আৰু যেতিয়া কোনো সংগীয়ে ৰ’বলৈ কয় বা অসন্তুষ্ট যেন লাগে তেতিয়া খেল বন্ধ
কৰিব লাগে৷ শিশুৱে শিকে যে তেওঁলোকৰ ব্যৱহাৰে আনক কেনেদৰে প্ৰভাৱিত কৰে — যিজনে সদায় নিজৰ কথা জাপি দিব বিচাৰে বা সংগীৰ অসুবিধাৰ
প্ৰতি গুৰুত্ব নিদিয়ে, তেওঁ প্ৰায়ে খেলৰ পৰা বাদ পৰে৷ এই স্বাভাৱিক সামাজিক পৰিণতিয়ে
প্ৰাপ্তবয়স্কৰ উপদেশতকৈ বহু বেছি ফলপ্ৰসূভাৱে সংযম শিকায়৷ যেতিয়া এজন শিশুৱে ভুলবশত
অতি জোৰে আঘাত কৰে আৰু বন্ধুজনৰ মুখখন শুকাই যোৱা দেখে, সেই তাৎক্ষণিক প্ৰতিক্ৰিয়াই “মৰমেৰে খেলিব লাগে” বুলি
দিয়া ভাষণতকৈ অধিক স্থায়ীভাৱে আবেগ নিয়ন্ত্ৰণ শিকায়৷ ধেমেলীয়া যুঁজখন বজাই ৰাখিবলৈ
শিশুৱে ধাৰাবাহিকভাৱে নিজৰ শাৰীৰিক শক্তি নিয়ন্ত্ৰণ কৰিব লাগে৷ ৩০ কেজি ওজনৰ শিশু
এটাই ২০ কেজি ওজনৰ ভায়েকৰ লগত মল্লযুঁজ কৰিলে নিজৰ শক্তি নিয়ন্ত্ৰণ কৰিব লাগে যাতে
ভায়েকে আঘাত নাপায়৷ যদি সিহঁতে অতিৰিক্ত জোৰ দিয়ে, সংগীজনে কান্দি দিয়ে, খেলখন
বন্ধ হৈ যায় আৰু আনন্দ শেষ হয়৷ খেলখন অব্যাহত ৰাখিবলৈ শিশুসকলে তলত দিয়াবোৰ শিকে:
১. নিজৰ শক্তি নিৰীক্ষণ
কৰা (আৱেগ নিয়ন্ত্ৰণ)
২. সামাজিক সংকেত পঢ়া
যেনে কান্দোন, হাঁহি, বা মুখৰ ভাষা বুজা (সামাজিক বোধশক্তি)
৩. বাস্তৱ সময়ত নিজৰ
আচৰণ সালসলনি কৰা (মানসিক নমনীয়তা)
উৎসাহজনক আৰু অলপ ভয় লগা খেলবোৰে
শিশুৰ বাবে একপ্ৰকাৰ প্ৰাকৃতিক exposure
therapy হিচাপে কাম কৰে৷ ই শিশুৰ স্নায়ুতন্ত্ৰক শিকায় যে অনিশ্চয়তাক
ভয় কৰাৰ পৰিৱৰ্তে তাক নিয়ন্ত্ৰণ আৰু সহ্য কৰিব পৰা যায়৷
৩. ই ডাঙৰ পেশীসমূহৰ
দক্ষতা (Gross Motor Skills) বৃদ্ধি কৰে
শাৰীৰিক খেলে গ্ৰছ মটৰ দক্ষতা
(Gross motor skills) বিকাশৰ বাবে এক প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰে৷ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত
থাকে: ভাৰসাম্য, সমন্বয় (Coordination), শক্তি, ক্ষিপ্ৰতা (Agility), লোকোমোটৰ দক্ষতা (Locomotor skills), স্থানিক সচেতনতা (Spatial awareness), শৰীৰ নিয়ন্ত্ৰণ,
দ্বিপাক্ষিক সমন্বয় (Bilateral
coordination), শৰীৰৰ ভংগীমা নিয়ন্ত্ৰণ (Postural control)৷
খেদা-খেদি খেলখন কেৱল “ইফালে সিফালে দৌৰি থকা” নহয়৷ এনে খেলত শিশুটোৱে একেৰাহে বিভিন্ন কাম
কৰি থাকে:
আনজন ব্যক্তি ক’ত আছে?
তেওঁলোক কিমান দ্ৰুতভাৱে গৈ আছে?
মই কোনফালে ঘুৰা উচিত?
মই নপৰাকৈ ৰ’ব পাৰিমনে?
মই দিশ সলাব পাৰিমনে?
মোৰ পথত কিবা বাধা আছে নেকি?
এনে ক্ষেত্ৰত মগজু আৰু শৰীৰে ধাৰাবাহিকভাৱে
একেলগে কাম কৰি থাকে৷ অসমান ভূমিত খেদাখেদি খেলা বা মল্লযুঁজত বাধা দিয়াৰ ফলত শৰীৰৰ
শক্তি বৃদ্ধি পায়৷ সুৰক্ষিতভাৱে কেনেকৈ পৰিব লাগে, আঘাট নোপোৱাকৈ কেনেকৈ বাগৰিব লাগে
সেয়া শিকিলে পিছলৈ ক্ৰীড়াত আঘাত পোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷ এই দক্ষতাবোৰে শাৰীৰিক
কাৰ্যক্ষমতাত অৰিহণা যোগায় আৰু শিশুসকলক দৈনন্দিন গতিবিধিত অধিক আত্মবিশ্বাসী অংশগ্ৰহণকাৰী
কৰি তুলিব পাৰে৷
আজিৰ যুগত য’ত শৈশৱ ক্ৰমান্বয়ে গৃহবন্দী আৰু স্ক্ৰীনৰ (মোবাইল/টিভি) ভিতৰত সীমাবদ্ধ
হৈ পৰিছে, তাত মৌলিক পেশী চালনা ক্ষমতা হ্ৰাস পাইছে৷ বাগৰি পৰা, উপৰলৈ উঠা, খেদাখেদি
কৰা আৰু মল্লযুঁজ কৰাই ক্ৰীড়া সক্ষমতা বৃদ্ধি কৰে৷ সমান গুৰুত্বপূৰ্ণ কথাটো হ’ল, শাৰীৰিক খেলে বিপদাশংকা মূল্যায়ণ কৰিবলৈ
শিকায়৷ যেতিয়া শিশুৱে অলপ ওখ ঠাইত বগায় বা অলপ ডাঙৰ সংগীৰ সৈতে মল্লযুঁজ কৰে, তেতিয়া
তেওঁলোকে স্বতন্ত্ৰভাৱে বিপদৰ মাত্ৰা অনুমান কৰিবলৈ শিকে৷ শিশুক এনে প্ৰত্যাহ্বানমূলক
খেলৰ পৰা বঞ্চিত কৰিলে ডাঙৰ হৈ সুৰক্ষাৰ বুজ লোৱাৰ ক্ষমতা হ্ৰাস পায়৷
৪. ই স্থিতিস্থাপকতা
গঢ়ি তোলে আৰু দুশ্চিন্তা হ্ৰাস কৰে
শেহতীয়া এক গৱেষণাত দেখা গৈছিল যে
যিসকল শিশুৱে দুঃসাহসিক, শাৰীৰিকভাৱে risky
খেলত অধিক সময় ব্যয় কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত এনে খেল নেখেলা শিশুসকলৰ তুলনাত
দুশ্চিন্তা আৰু হতাশাৰ লক্ষণ কম দেখা গৈছিল৷ ইয়াৰ প্ৰস্তাৱিত ক্ৰিয়াবিধি হ’ল ওপৰত
উল্লেখ কৰা স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণৰ ধাৰণাটো৷ মল্লযুঁজৰ সময়ত হৃদস্পন্দন দ্ৰুত হৈ
থকা অৱস্থাতো ধেমেলীয়া আৰু নিজকে নিয়ন্ত্ৰণত ৰখাৰ অভ্যাস কৰা এজন শিশুৱে প্ৰকৃত অৰ্থত
আৱেগিক স্থিতিস্থাপকতাৰ অভ্যাস কৰিছে৷
৫. ই সামাজিক দক্ষতা
গঢ়ি তোলে
শাৰিৰীক খেল এক সামাজিক পৰীক্ষাগাৰৰ
দৰেও৷ ইয়াৰ বাবে নিৰন্তৰ, প্ৰত্যক্ষ বুজাবুজিৰ প্ৰয়োজন৷ খেল আৰম্ভ কৰা, সংগীৰ সংকেত
বুজা, বল বা শক্তি নিয়ন্ত্ৰণ কৰা, বন্ধ কৰিবলৈ কোৱা আৰু ভূমিকা সলনি কৰা৷ এনে খেলত
পাকৈত শিশুসকল তেওঁলোকৰ সংগীসকলৰ মাজত জনপ্ৰিয় হোৱাৰ প্ৰৱণতা থাকে, কাৰণ মল্লযুঁজখন
ভালদৰে পৰিচালনা কৰিবলৈ হিংসাৰ পৰিৱৰ্তে প্ৰকৃত সামাজিক দক্ষতাৰ প্ৰয়োজন হয়৷
৬. শাৰীৰিক দক্ষতা তথা সচেতনতা
আৰু আঘাত প্ৰতিৰোধ
শিশুসকলক এনে খেলৰ যোগেদি শাৰীৰিক
সংবেদন অনুভৱ কৰাৰ সুযোগ লাভ কৰে৷ জোৰেৰে দৌৰি থকা এটা শিশুৱে শিকিব পাৰে যে “মোৰ হৃদস্পন্দন দ্ৰুত হৈছে৷” বগাই যোৱা এটা শিশুৱে লক্ষ্য কৰিব পাৰে
যে “মোৰ পেশীবোৰে ক্লান্ত অনুভৱ কৰিছে৷” পৰি যোৱা এটা শিশুৱে শিকিব পাৰে
যে “মই গতি কমাব লাগিব৷” খেলৰ সময়ত অতি উত্তেজিত হৈ পৰা শিশু এটাই অৱশেষত
অনুভৱ কৰিব পাৰে, “মোৰ
অলপ সময় ৰোৱা প্ৰয়োজন৷” আশ্চৰ্যজনক যেন লাগিলেও, risky খেল সীমিত কৰিলে শিশুৰ আঘাত
পোৱাৰ সম্ভাৱনা বৃদ্ধিহে পাব পাৰে৷ যিবোৰ শিশুৱে বগোৱা বা ভাৰসাম্য ৰক্ষাৰ অনুশীলন
নকৰে, তেওঁলোকৰ শৰীৰৰ ভাৰসাম্য ঠিকমতে গঢ়ি নুঠে৷
৭. মানসিক দৃঢ়তা (Resilience) গঢ়ি উঠে
মানসিক দৃঢ়তাৰ অৰ্থ এইটো নহয় যে
শিশুসকলক অপ্ৰয়োজনীয় বিপদ বা কষ্টৰ সন্মুখীন কৰোৱা উচিত৷ ইয়াৰ অৰ্থ হ’ল পৰিচালনা কৰিব পৰা প্ৰত্যাহ্বানসমূহ চম্ভালা
আৰু বিপৰ্যয়ৰ পৰা পুনৰ স্বাভাৱিক অৱস্থালৈ অহাৰ ক্ষমতা গঢ়ি তোলা৷
শাৰীৰিক খেলে স্বাভাৱিকতে সৰু সৰু
প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷
দৌৰাৰ সময়ত এটা শিশু পৰি যায়; পুনৰ
উঠি থিয় হয়৷
শিশুটিয়ে বাধাটো পাৰ হৈ যাব নোৱাৰে;
আন এটা পথ চেষ্টা কৰে৷
যেতিয়া মল্লযুঁজত হাৰি যায়; আন এটা
ৰাউণ্ডৰ বাবে অনুৰোধ কৰে৷
যেতিয়া অতি উত্তেজিত হৈ পৰে; অলপ ৰৈ
স্বাভাৱিক হয়৷
এই মুহূৰ্তবোৰে শিশুৰ বৰ্ধিত ভাৱনাত
অৰিহণা যোগাব পাৰে:
“মই
চেষ্টা কৰিব পাৰোঁ৷”
“মই
পুনৰ সুস্থ হ’ব পাৰোঁ৷”
“মই
কঠিন কাম কৰিব পাৰোঁ৷”
“মই
প্ৰথমবাৰতে সকলো সঠিকভাৱে কৰিব নালাগে৷”
মানসিক দৃঢ়তাৰ বাবে সেয়া এক গুৰুত্বপূৰ্ণ
ভেটি৷
৮. ই সিদ্ধান্ত লোৱাৰ দক্ষতা গঢ়ি
তোলে
কেৱল কি সুৰক্ষিত সেই কথা কৈ দিলে
শিশুটিৰ মাজত বিচাৰশক্তি গঢ়ি নুঠে৷ তেওঁলোকে সৰু সৰু সিদ্ধান্ত লৈ শিকে৷ কাৰ্যকলাপৰ
সময়ত নিজে চেষ্টা কৰা, বিৰতি লোৱা আৰু পুনৰ চেষ্টা কৰাৰ প্ৰক্ৰিয়াই নিৰীক্ষণ, পৰিকল্পনা
আৰু স্ব-নিয়ন্ত্ৰণৰ অভ্যাস গঢ়ি তোলে৷
কল্পনা কৰক এটা শিশু বগোৱা গাঁথনি
এটাৰ কাষলৈ আহিছে৷ লগে লগে “তাত
নবগাবা” বুলি কোৱাৰ পৰিৱৰ্তে, এজন প্ৰাপ্তবয়স্কই ৰৈ শিশুটিক নিৰীক্ষণ কৰিব পাৰে৷ শিশুটিয়ে
গাঁথনিটোলৈ চায়, প্ৰথমে এটা ভৰি দি চাই আৰু সিদ্ধান্ত লয় যে এইটো কঠিন৷ সি তললৈ নামি
আহে৷ পিছত, পুনৰ চেষ্টা কৰে৷ এই সাধাৰণ যেন লগা অভিজ্ঞতাটোত আচৰিত ধৰণৰ শিকনীয় বস্তু
সোমাই থাকে৷ শিশুটিয়ে নিৰীক্ষণ, পৰিকল্পনা, স্ব-মনোযোগ, ধাৰাবাহিকতা আৰু সিদ্ধান্ত
লোৱাৰ অনুশীলন কৰিছে৷ সময়ৰ লগে লগে, শিশুসকলে নিজৰ সীমা চিনাক্ত কৰাত অধিক পাকৈত হ’ব পাৰে৷ আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিকছে উল্লেখ
কৰিছে যে অপৰিচালিত খেলে শিশুক সিদ্ধান্ত ল’বলৈ, সমস্যা সমাধান কৰিবলৈ, আনৰ সৈতে বুজাবুজিলৈ
আহিবলৈ আৰু আত্ম-ওকালতিৰ দক্ষতা গঢ়ি তুলিবলৈ সুযোগ দিয়ে৷
পিতৃ-মাতৃয়ে কেনেকৈ
স্বাস্থ্যকৰ শাৰীৰিক খেলত সমৰ্থন কৰিব পাৰে
শাৰীৰিক খেল মানেই সীমাহীন শাৰীৰিক
তীব্ৰতাৰ অনুমতি দিয়া নুবুজায়৷ ভাল শাৰীৰিক খেলৰ সীমা থাকে৷ প্ৰাপ্তবয়স্কসকলে হস্তক্ষেপ
কৰা উচিত যেতিয়াই কোনোবাই ভয় খাইছে, কোনোবা প্ৰকৃততে ব্যথিত হৈছে, কোনোবাই এৰি যাব
বিচাৰে, “ৰ’বা” সংকেতক আওকাণ কৰা হৈছে, খেলখন ইচ্ছাকৃতভাৱে কষ্টদায়ক হৈ পৰিছে, তীব্ৰতা
ক্ৰমান্বয়ে বৃদ্ধি পাই আছে, অথবা শিশুসকলে মৌলিক সুৰক্ষা নিয়ম অনুসৰণ কৰিব পৰা নাই৷
প্ৰথমে প্ৰত্যক্ষ হস্তক্ষেপৰ সলনি নিৰীক্ষণ কৰা প্ৰয়োজনীয়৷ প্ৰতিটো ক্ষণতে বাধা দিয়াতকৈ অলপ
আঁতৰৰ পৰা লক্ষ্য কৰা উচিত৷ “নামি আহা” বুলি কোৱাৰ সলনি “তুমি কেনেকৈ
তললৈ নামিবা?” বুলি সুধিব পাৰি৷ ই শিশুটোক কেৱল প্ৰাপ্তবয়স্কৰ নিৰ্দেশৰ বাবে ৰৈ
থকাৰ পৰিৱৰ্তে পৰিস্থিতিটোলৈ চাই নিজেই চিন্তা কৰিবলৈ উৎসাহিত কৰে৷ প্ৰকৃত সঁজুলিৰ
ব্যৱহাৰ শিকা প্ৰয়োজন৷ সঠিক তত্ত্বাৱধানত কাম কৰিবলৈ দিলে তেওঁলোকৰ
দক্ষতা খৰটকীয়াকৈ বৃদ্ধি পায়৷ প্ৰাকৃতিক পৰিৱেশ বিচাৰি উলিয়াই
খেলিবলৈ নিব পাৰি৷ গছ-গছনি, মাটিৰ টিলা থকা উদ্যানবোৰে risky খেলৰ বাবে ভাল সুবিধা
দিয়ে৷
এনে খেলৰ বাবে পিতৃ-মাতৃক ব্যয়বহুল
সঁজুলিৰ প্ৰয়োজন নাই৷ কিছুমান ভাল শাৰীৰিক খেল উল্লেখযোগ্যভাৱে সৰল৷
কিছুমান শাৰিৰীক খেলৰ
ব্যৱহাৰিক উদাহৰণ
১)খেদা আৰু স্তব্ধ হোৱা (Chase and Freeze)
এজনে খেদি যায় আনহাতে আনজনে দৌৰে৷
যেতিয়া প্ৰাপ্তবয়স্কজনে “স্তব্ধ হ’বা” (Freeze) বুলি চিঞৰে, সকলো ৰৈ যায়৷
ই গতি, মনোযোগ আৰু বাধা নিয়ন্ত্ৰণক
একত্ৰিত কৰে৷
২)জীৱ-জন্তুৰ খোজ (Animal Walks)
bear walk , crab walk, frog jump, duck walk, penguin walk ইত্যাদিবোৰ অতিকৈ
উপযোগী খেল৷ এইবোৰে কল্পনা শক্তিৰো বৃদ্ধি কৰে৷
৩)বাধা-পথ (Obstacle Courses)
শিশুসকলে তলত বগাবলৈ, চাৰিওফালে খোজ
কাঢ়িবলৈ, ওপৰেৰে খোজ কাঢ়িবলৈ বা ভাৰসাম্য ৰাখিবলৈ সুৰক্ষিত, বয়স-উপযোগী বাধা ব্যৱহাৰ
কৰিব পাৰে৷
৪) ঠেলি দিয়া আৰু
টানি অনা খেল
উপযুক্ত ঠেলি দিয়া আৰু টানি অনা খেলে
শিশুসকলক নিয়ন্ত্ৰিত বল অনুভৱ কৰাত সহায় কৰিব পাৰে৷
৫) ৰচী টনা খেল (Tug-of-War): উপযুক্ত সঁজুলি, স্থান আৰু পৰ্যবেক্ষণৰ
সৈতে, ৰচী টনা খেলত শক্তি, ভাৰসাম্য, সমন্বয় আৰু সহযোগিতা অন্তৰ্ভুক্ত হ’ব পাৰে৷
৬) পিতৃ-মাতৃ-শিশুৰ
মল্লযুঁজ
যদি এটা শিশুৱে মল্লযুঁজ উপভোগ কৰে,
তেন্তে আগতীয়াকৈ নিয়ম প্ৰতিষ্ঠা কৰি খেলিব পাৰে৷ নিয়মসমূহ এনে হ’ব পাৰে, ৰ’বা বুলি
কোৱাৰ লগে লগে ৰৈ যোৱা, মাৰপিট নকৰা, উশাহ-নিশাহত বাধাৰ সৃষ্টি কৰা কোনো কাম নকৰা,
শৰীৰৰ দুৰ্বল স্থানসমূহ এৰাই চলা৷
এটুকুৰা উপযুক্ত ঠাই ব্যৱহাৰ কৰিব
পাৰি, যেনে গাদী থকা শোৱা কোঠা বা বাহিৰৰ ঘাঁহনি—য’ত এনে খেলৰ স্পষ্ট অনুমতি দিব পৰা যায়৷ ই শিশুৰ
খেলাৰ স্বাভাৱিক হেঁপাহটোক বাধা নিদিয়াকৈ এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰে৷ তীব্ৰতা
শিশুৰ বয়স আৰু সামৰ্থ্য অনুযায়ী উপযুক্ত কৰি ৰখা উচিত৷
৭) ভূমিকা ওলোটা কৰি খেদা-খেদি কৰা
খেল (Chasing Games With Role Reversal)
শিশুটোক কেতিয়াবা পিতৃ-মাতৃক খেদিবলৈ
দিব পাৰি নাইবা ভূমিকা সলনি কৰি শিশুসকলক খেদিব
পাৰি৷ তেনে কৰিলে খেদি যোৱা আৰু পলায়ন কৰা দুয়োটাৰে অভিজ্ঞতা লাভ কৰাৰ সুযোগ শিশুসকলে
পায়৷
৮) মানৱ কম্বল (The Human Blanket) : পাতল গাৰু বা অভিভাৱকৰ
শৰীৰৰ ওজনেৰে (কোমল চাপ ব্যৱহাৰ কৰি) শিশুটোক লাহেকৈ ধৰি ৰাখি তেওঁলোকক ওলাই যাবলৈ
নিৰ্দেশ দিব পাৰি৷
৯) খেদাখেদি খেল: ধেমেলীয়াভাৱে “দানৱ” হৈ খেদা মৰা খেল
খেলিব পাৰি য’ত শিশুটো অৱশেষত সাৰি যায় বা অভিভাৱকক হৰুৱাই দিয়ে৷
দৈনন্দিন জীৱনতো বহুতো নিয়ন্ত্ৰণযোগ্য
প্ৰত্যাহ্বানৰ সুযোগ সোমাই থাকে৷
কিছুমান সুস্থ প্ৰত্যাহ্বানৰ
ব্যৱহাৰিক উদাহৰণ :
কম বয়সীয়া শিশুৰ বাবে :
১) উপযুক্ত চাপৰ স্থানত ভাৰসাম্য ৰক্ষা কৰা;
২) কাষত প্ৰাপ্তবয়স্ক থকা অৱস্থাত অসমতল
বাহ্যিক ভূখণ্ডত খোজ কঢ়া;
৩) বালি, বোকা, পাত আৰু লাঠিৰ দৰে প্ৰাকৃতিক
সামগ্ৰী অন্বেষণ কৰা৷
৪) বয়সানুপাতিক খেলপথাৰৰ সঁজুলিত বগোৱা;
৫) সমনীয়াৰ সৈতে খেদা-খেদি আৰু অন্যান্য
সক্ৰিয় খেল খেলা;
ডাঙৰ শিশুৰ বাবে, সুযোগবোৰৰ ভিতৰত অন্তৰ্ভুক্ত
হ’ব পাৰে :
১) ক্ৰমান্বয়ে বৃদ্ধি পোৱা স্বাবলম্বিতাৰে
এটা চিনাকি বাহ্যিক পৰিৱেশত চলাচল কৰা;
২) বিকাশৰ দৃষ্টিৰে উপযুক্ত হ’লে অধিক প্ৰত্যাহ্বানজনক খেলপথাৰৰ সঁজুলি ব্যৱহাৰ
কৰা;
৩) সংগঠিত কাৰ্যকলাপৰ জৰিয়তে নতুন শাৰীৰিক
দক্ষতা শিকা;
৪) বাহিৰৰ খেলৰ সময়ত সমস্যা সমাধান কৰা;
৫) স্পষ্টভাৱে স্থিৰ কৰা সীমাৰ ভিতৰত প্ৰকৃতি
অন্বেষণ কৰা;
৬) শাৰীৰিক প্ৰত্যাহ্বান কেনেকৈ গ্ৰহণ কৰিব
লাগে সিদ্ধান্ত লোৱা আৰু কেতিয়া ৰ’ব লাগে সেইটো জনা৷
শৈশৱ হৈছে অভিজ্ঞতাৰে পৰিপূৰ্ণ এক যাত্ৰা৷
শিশুৱে শ্ৰেণীকোঠাত বহি অংক শিকা বা ৰচনা লিখাৰ বহু পূৰ্বেই, তেওঁলোকৰ মগজুৰ বিকাশ
হয় শাৰীৰিক চালনাৰ ওপৰত নিৰ্ভৰ কৰি৷ গতিকে
এতিয়াৰ পৰা যেতিয়া আপুনি আপোনাৰ সন্তানক চোতালত দৌৰি থকা, ঘাঁহনিত বাগৰি পৰা বা বিচনাত
খেলি থকা দেখিব, হস্তক্ষেপ কৰাৰ আগতে অলপ ৰওক৷ তেওঁলোকৰ মুখবোৰ লক্ষ্য কৰক৷ যদি তেওঁলোকে
হাঁহিছে, আনন্দ কৰিছে আৰু ইজনে আনজনৰ খবৰ লৈছে, তেন্তে অলপ পিছুৱাই যাওক আৰু তেওঁলোকক
খেলিবলৈ দিয়ক৷ তেওঁলোকে কেৱল হুলস্থুল কৰা নাই—তেওঁলোকে
তেওঁলোকৰ মগজুক আৱেগিক নিয়ন্ত্ৰণ, শক্তি, আত্মবিশ্বাস আৰু মানসিক দৃঢ়তাৰ বাবে প্ৰস্তুত
কৰিছে৷
