অন্যযুগ/


জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব

 মৃণালকান্তি মহন


 

কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী জাহ্নু বৰুৱাদেৱৰ জন্ম হৈছিল ১৯৫২ চনৰ ১৭ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাৰ বকতাত৷ তেওঁৰ পিতৃৰ নাম আছিল দেৱেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম গুণৱতী বৰুৱা৷ 

জাহ্নু বৰুৱাদেৱে স্কুলীয়া শিক্ষা বকতা নেমুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, বৰপথাৰ হাইস্কুল আৰু মৰাণৰ বৰডবা হাইস্কুলত গ্ৰহণ কৰে৷ তাৰ পাছত তেওঁ শিৱসাগৰ কলেজত পঢ়াৰ উপৰি শ্বিলঙতো কিছুদিন পঢ়ি তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লয়৷ পাছলৈ তেওঁ ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউট, পুণেত ছবি পৰিচালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ 

১৯৮৯ চনত তেওঁ গায়ত্ৰী বৰুৱাৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়৷ তেওঁলোকৰ একমাত্ৰ সন্তানটিৰ নাম হল অজু বৰুৱা৷ 

আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় চিনেমা পৰিচালক জাহ্নু বৰুৱাদেৱে অসমীয়াৰ লগতে হিন্দী ভাষাতো কুৰিখনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমীয়া আৰু ভাৰতীয় চলচ্চিত্ৰ জগতলৈ উল্লেখনীয় অৱদান আগ বঢ়াইছে৷

তেওঁ নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্ৰ হ’ল ‘অপৰূপা’৷ ১৯৮২ চনত নিৰ্মাণ কৰা এই চিনেমাখনে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰি শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে ভাৰতীয় পেন’ৰামালৈও নিৰ্বাচিত হয়৷ তেওঁৰ অন্য এখন চলচ্চিত্ৰ হ’ল ‘পাপৰি’ (১৯৮৬)৷ এইখন চলচ্চিত্ৰও ভাৰতীয় পেন’ৰামালৈ নিৰ্বাচিত হৈছিল৷ 

‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৮৭) তেওঁৰ আন এখন উল্লেখযোগ্য চলচ্চিত্ৰ৷ এইখন চলচ্চিত্ৰই শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, স্বৰ্ণকমল বঁটা লাভ কৰাৰ উপৰি লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এমিয়েন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ এইখন ছবিও ভাৰতীয় পেন’ৰামালৈ নিৰ্বাচিত হৈছিল৷ 

জাহ্নু বৰুৱাৰ নিৰ্মিত ‘বনানি’ (১৯৯০) চলচ্চিত্ৰখনে শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰি ভাৰতীয় পেন’ৰামালৈ নিৰ্বাচিত হয়৷  ফিৰিঙতি (১৯৯২)  নামৰ আন এখন চিনেমায়ো দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি ভাৰতীয় পেন’ৰামালৈও নিৰ্বাচিত হয়৷ 

‘সাগৰলৈ বহু দূৰ’ (১৯৯৫) জাহ্নু বৰুৱাদেৱৰ এক অন্যতম কৃতিত্ব৷ এই মননশীল ছবিখনে ১৯৯৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, ৩১তম চিকাগো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত গেটজ্ পুৰস্কাৰ, নণ্টছ ফিল্ম ফেষ্টিভেল ফ্ৰান্সত প্ৰি ডুঁ পাব্লিক এৱাৰ্ড লগতে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা, স্বৰ্ণকমল বঁটা, FIPRESCI বঁটা(ছিংগাপুৰ)-ৰ  লগতে আন কেইবাটাও শিতানত বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ 

বৰুৱাদেৱে নিৰ্মাণ কৰা প্ৰতিখন চিনেমা যেন গৌৰৱৰ ধ্বজাবাহক৷ তেওঁৰ প্ৰতিখন চিনেমাই দেশে- বিদেশে প্ৰদৰ্শিত হৈ বিভিন্ন বঁটা-সন্মান লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

১৯৯৮ চনত নিৰ্মাণ কৰা ‘কুশল’ তেনে এখন চিনেমা৷ এই ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ)পোৱাৰ উপৰি ৬৪ তম ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা লণ্ডনৰ নেহৰু ষ্টেডিয়াম, চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় কেৰেলা চলচ্চিত্ৰ মহোৎসৱ ১৯৯৯, ৪০ তম পেৰিছ শীত মহোৎসৱ ২০১১ আদিত প্ৰদৰ্শিত হৈ ভাৰতীয় পেন’ৰামালৈও নিৰ্বাচিত হয়৷ ২০০০ চনত নিৰ্মাণ কৰা ‘পখী’ চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ ভাৰতীয় পেন’ৰামালৈও ‘পখী’ নিৰ্বাচিত হয়৷ ২০০৩ চনত ‘কণিকাৰ ৰামধেনু’ চলচ্চিত্ৰখন ভাৰতীয় পেন’ৰামালৈ নিৰ্বাচিত হোৱাৰ লগতে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ ২০০৪ চনত ‘তৰা’ চিনেমা খনে শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷

২০০৫ চনত হিন্দী ভাষাৰ নিৰ্মাণ কৰা ‘মেইনে গান্ধী কো নেহী মাৰা’ ছবিৰ বাবে ফুকোকো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত কোডাক ভিজন এৱাৰ্ড আৰু মুম্বাই ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত ইণ্টাৰনেশ্বনেল ফিপৰেস্কি এৱাৰ্ড লাভ কৰে৷

 ২০১০ চনত জাহ্নু বৰুৱাদেৱে নিৰ্মাণ কৰে মুম্বাই কাটিং

 তেওঁ ২০১২ চনত নিৰ্মাণ কৰা ‘বান্ধোন’ নামৰ চিনমাখনে ২০১২ চনৰ বেংগালুৰু চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বোলছবি বঁটা, ২০১৩ চনত ঘোষিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া বোলছবিৰ সন্মানৰ লগতে ছবিখনৰ অভিনেতা বিষ্ণু খাৰঘৰীয়াই বিচাৰকমণ্ডলীৰ বিশেষ বঁটা লাভ কৰে৷ ২০১৪ চনত নিৰ্মাণ কৰা ‘অজেয়’ চিনেমাখনে ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা লাভ কৰে৷ তেওঁ ২০১৮ চনত নিৰ্মাণ কৰে ‘ভগা খিৰিকী’ নামৰ আন এখন ছবি৷

উপৰি উক্ত ছবিসমূহৰ উপৰি তেওঁ নিৰ্মাণ কৰা অন্যান্য উল্লেখযোগ্য ছবি হৈছে ক্ৰমে হৰপলহ’মিং পিজিয়নছ্আনৰিড পেছেজবাটাৰফ্লাই ছেচপাৰ ৰিংহিণ্ডোল আদি৷ ‘দ্য গাষ্টি মৰ্ণিং তেওঁৰ এখন চুটি ছবি৷

এইদৰে চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলোৰে সুপৰিচিত আমাৰ অতি শ্ৰদ্ধাৰ জাহ্নু বৰুৱাদেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আগন্তুক দিনবিলাকতো তেওঁ আৰু নতুন নতুন আংগিকৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনক এয়ে আমাৰ কামনা৷

***

ঠিকনা :

অষ্টম শ্ৰেণী

ডবা আদৰ্শ জাতীয় বিদ্যালয়

চৰাইদেউ ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ