ভাৰতী চক্ৰৱৰ্তী
ওপৰে উৰিছে বগাকৈ বগলী
শৰতৰ বতৰা লৈ
কোনফালে যোৱা অ’ বগলী
কাক কি কোৱাগৈ
নদীৰ পাৰত কঁহুৱা হালিছে
বগা ডাৱৰ যেন
লাগে
জুৰ বতাহে খাইছে চুমা
কঁহুৱাৰ
গালে-মুখে
টোপটোপকৈ নিয়ৰ সৰিছে
মুকুতা মণিৰ দৰে
দুবৰিৰ বুকু শুৱাই তুলিবলৈ
পূৱাতে আহি পৰে
শৰত কালতে পূজা আহে
মনত লাগে ৰং
দোকানত খাওঁ মিঠাই বহুত
ককায়ে নকৰে খং
কাহিলি পুৱাতে শেৱালি তুলি লৈ
দিওঁগৈ পূজাৰ
বেদীত
ধূপ-ধুনাৰে পূজোঁ আমি
দশভূজা দেৱীক
পূজিছোঁ তোমাক হে দশভূজা
মনৰ কথা কৈ
চাৰিওফালে ইমান দুখ
শুনি যোৱাচোন ৰৈ
দেশত বানপানী বেমাৰ-আজাৰ
দেখি চকুলো সৰে
শেষ কৰিবানে মানুহৰ দুখ
ইমান মানুহ মৰে
***
ভ্ৰাম্যভাষ : ৯৯৫৪৬২৩৯৬৬
