নৱনীতা ভট্টাচাৰ্য্য
(৪)
ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক খোৱা-লোৱাত সজাগ হ’বলৈ বৰকৈ কৈ আছে৷ সিদিনাখনলৈ স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত মাকে তাইক ফাগুন মাহৰ কথা কৈ ক’লে, “বতৰ লাহে লাহে শুকান হ’বলৈ ধৰিছে, ধূলিও বাঢ়িছে।” মাকে কথাষাৰ ক’বলৈহে পালে ৰিণিয়ে লগে লগে ক’বলৈ আৰম্ভ কৰিলে, “মই জানো জানো, তুমি চিন্তা নকৰিবা গেটেই বটল পানী শেষ কৰি খাই আহিম৷”
পিছে বতৰৰ লগে লগে সকলোবোৰ কিয় সলনি কৰিব লাগে তাকেহে তাই বুজি নাপালে৷ বতৰৰ এনে কি মহিমা আছে সকলো সলনি কৰি দিব পাৰে! এই কেইদিন মাকৰ মুখত বতৰ সম্পৰ্কে বহুতো কথাই তাই শুনিছে৷ তথাপি বতৰ শব্দটোৰ প্রতি তাইৰ কৌতূহল মাৰ নগ’ল৷ সেইবাবে তাই সিদিনাখন গধূলি মাকৰ ওচৰলৈ আহি বতৰ সম্পৰ্কে আৰু অলপ বহলাই ক’বলৈ অনুৰোধ কৰিলে৷ ৰিণিৰ কথা শুনি মাকে ক’লে, “আমাৰ জীৱনত বতৰৰ ভূমিকা কি তাক হয়তো তুমি উপলব্ধি কৰিব পাৰিছা৷ প্রকৃততে বতৰ বুলি ক’লে তোমাক বহুত কথাই ক’ব লাগিব। ইয়াৰ পৰিসৰ বহুত বহল৷ তোমাক মই আগতেও কৈছোঁ যে, এটা নিৰ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ প্রাকৃতিক অৱস্থাকে বতৰ বোলা হয় আৰু বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানক বতৰ বিজ্ঞান বোলা হয়৷ বতৰৰ বিষয়ে জানিবলৈ হ’লে আমি বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰাটো অতিকে আৱশ্যকীয়!”
“মা, বায়ুমণ্ডল কেনেকৈ সৃষ্টি হৈছে?”
“বায়ুমণ্ডলৰ বিষয়ে জানিবলৈ হ’লে প্রথমতে পৃথিৱীৰ বিষয়ে কিছু কথা জানিব লাগিব৷ তুমি হয়তো জানা আজিৰ পৰা কেইবাকোটি বছৰ আগতে পৃথিৱীৰ জন্ম হৈছিল৷ অৱশ্যে আদিতে পৃথিৱীৰ গঠন বা প্রকৃতি আজিৰ নিচিনা নাছিল৷ সেই সময়ত পৃথিৱীৰ অৱস্থা জীৱৰ বাবে বাসোপযোগী নাছিল৷ তেতিয়া পৃথিৱীখন গেছীয়, শিলাময় আৰু অত্যন্ত উত্তপ্ত আছিল৷ অহৰহ তাপ বিকিৰণৰ ফলত পৃথিৱীখন লাহে লাহে শীতল হ’বলৈ ধৰে৷ ফলত পৃথিৱীৰ উপৰিভাগখন টান হ’বলৈ ধৰে৷”
“তাৰমানে পৃথিৱীখন তেতিয়া শিশু হৈ আছিল আৰু এতিয়া প্ৰাপ্তবয়স্ক হৈ উঠিল?”
ৰিণিৰ সুন্দৰ ৰিজনি
শুনি মাকে মিচিকিয়াই হাঁহি ক’লে, “শৈশৱ অৱস্থাত পৃথিৱীখনত একোৱেই নাছিল৷ মাত্ৰ ওপৰৰ
কঠিন খোলাটো আৰু তলত গলিত পদাৰ্থ৷ এই গলিত পদাৰ্থৰ স্তৰসমূহ লৰচৰ কৰাৰ ফলত পৃথিৱীৰ
খোলাটোৰ ঠায়ে ঠায়ে ভাঁজ, চ্যুতি, ভূমিকম্প, আগ্নেয়গিৰি উদ্গীৰণ ইত্যাদিৰ সৃষ্টি হয়৷
ফলত পৃথিৱীৰ উপৰিভাগত পাহাৰ, পৰ্বত, সমভূমি, মালভূমি ইত্যাদি নানা ওখ-চাপৰ অঞ্চলৰ সৃষ্টি
হয়৷ কেইবা নিযুত বছৰৰ পাছত লাহে লাহে পৃথিৱীৰ উপৰিভাগ ক্ৰমশঃ অধিক শীতল হৈ অহাত বায়ুমণ্ডলীয়
জলীয় ভাপৰ ঘনীভৱন আৰম্ভ হয়৷ ফলত বৰষুণৰ হ’বলৈ ধৰে৷ এই বৰষুণৰ ফলত জলস্তৰৰ সৃষ্টি
হয়৷ এনেদৰে পৃথিৱীখনে শৈশৱৰ পৰা বাল্যকালত ভৰি দিয়ে৷”
“পৃথিৱীৰ আৰম্ভণি কিমান আমোদজনক নহয়নে মা?”
“হয় দিয়াঁ কথাবোৰ ভবিলে বৰ ভাল লাগে৷ এইখিনিতে মই তোমাক আৰু এটা আমোদজনক কথা কওঁ শুনা৷ আদিতে পৃথিৱীখন একক ভূখণ্ড আছিল আৰু ইয়াক চৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল৷ এই ভূখণ্ডটোক পেঞ্জিয়া (Pangea) আৰু চাৰিওফালৰ জলমণ্ডলক পান্থালাছা (Panthalassa) বুলি কোৱা হয়৷ মহাদেশীয় বিস্থাপন প্ৰক্ৰিয়াৰ ফলত এই ভূখণ্ড খণ্ড-বিখণ্ড হৈ ক্ৰমশঃ আঁতৰি আহি আজিৰ এই অৱস্থা পাইছে৷ এই ভূত্বকটো কেইখনমান গিৰিজনি ফলকেৰে গঠিত আৰু এই ফলকবোৰে ভিন ভিন দিশত বছৰি এটা নিৰ্দিষ্ট হাৰত গতি কৰি থাকে। ফলত কেতিয়াবা পৰস্পৰৰ ওচৰ চাপি আহে, কিছুমান আঁতৰি আহে আৰু কিছুমান সমান্তৰালভাৱে গতি কৰে৷ এই ফলকবোৰৰ মাজত হোৱা সংঘৰ্ষ, বিভাজন, ঘৰ্ষণ তথা প্রতিস্থাপনৰ ফলত গিৰিজনি, ভূ-আন্দোলন আৰু আগ্নেয়গিৰিৰ উদগীৰণ হয়। এনেদৰে বিভিন্ন মহাদেশ আৰু মহাসাগৰৰ সৃষ্টি হয়৷”
“তেনেহ’লে মা বায়ুমণ্ডলৰ
সৃষ্টি একেবাৰে শেষত হৈছে নেকি?
“ৰ’বা বায়ুমণ্ডলৰ
কথাও কৈ আছোঁ। বায়ুমণ্ডল হৈছে বিভিন্ন গেছৰ সমষ্টি৷ ই পৃথিৱীখনক ডাঠ চাদৰৰ দৰে আৱৰি
ধৰি সুৰক্ষা প্রদান কৰি আছে৷ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ুমণ্ডলক পৃথিৱীৰ কেন্দ্ৰৰ
ফালে টানি থাকে৷”
“মা, তাৰমানে বায়ুমণ্ডলৰ আৱৰণটো নাথাকিলে পৃথিৱীৰ জীৱৰ ওপৰত বেয়া বস্তুৰ বৰষুণ পৰিব নেকি? ”-ৰিণিয়ে সুধিলে।
“তুমি ঠিকেই কৈছা, বায়ুমণ্ডলটোৱে আমাক ছাতিৰ দৰে সুৰক্ষা প্রদান কৰি আহিছে৷ ছাতি এটাই যেনেকৈ আমাক ৰ’দ, বতাহ আদিৰ পৰা ৰক্ষা কৰে ঠিক সেইদৰে বায়ুমণ্ডলেও সূৰ্যৰ পৰা বিকিৰিত হোৱা ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি লয়, পৃথিৱীৰ পৰা বিকিৰিত হৈ অহা অৱলোহিত ৰশ্মিখিনি শোষণ কৰি অতিশয় শীতল হোৱাৰ পৰা পৃথিৱীখনক ৰক্ষা কৰে৷ বায়ুমণ্ডলে তাপ ধৰি ৰাখি পৃথিৱীৰ উপৰিভাগ উষ্ণ কৰি ৰাখে৷ বায়ুমণ্ডলৰ বাবেই দিন-ৰাতিৰ মাজত উষ্ণতাৰ তাৰতম্য ঘটে৷ বিভিন্ন ভূতাত্ত্বিক, ভৌতিক-ৰসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াসমূহৰ মাজেদি বায়ুমণ্ডল আৰু জীৱজগতে আহি আজিৰ অৱস্থা পাইছেহি৷ বায়ুমণ্ডলত ঘটি থকা প্রাকৃতিক চক্রবোৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে৷”
“মা! বায়ুমণ্ডলত গেছবোৰ ক’ৰ পৰা আহে?”- ৰিণিৰ আকৌ এটা প্রশ্ন৷
উত্তৰত মাকে ক’লে,
“উদ্ভদে সালোক-সংশ্লেষণৰ দ্বাৰা বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে আৰু কাৰ্বন-ডাই-অক্সাইড
গেছ শুহি লয়৷
বায়ুমণ্ডলত থকা কিছুমান অণুজীৱই নাইট্ৰ’জেন শোষণ কৰে৷ আকৌ গছ বা জীৱদেহ জহি-পমি গ’লে তাৰপৰা নাইট্ৰজেন গেছ নিৰ্গত হয়৷ এনেদৰে বহু বছৰ ধৰি এই প্ৰক্ৰিয়াবোৰ চলি থকাৰ ফলত বায়ুমণ্ডলৰ সৃষ্টি হৈছে৷
বায়ুমণ্ডল, স্থলমণ্ডল বা জলমণ্ডলৰ কোনো এঠাইত ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হ’লে সমগ্ৰ গ্ৰহটোৱে সন্তুলিত অৱস্থা লাভ কৰিবলৈ সচেতন হৈ পৰে৷ ইয়াৰ ফলত যি প্ৰতিক্ৰিয়া হয় সেই প্ৰতিক্ৰিয়াসমূহে প্রাকৃতিক পৰিঘটনাৰ সৃষ্টি কৰে৷ অৱশ্যে সকলো প্ৰাকৃতিক পৰিঘটনা আমাৰ চকুত নপৰে৷ যিবোৰ প্ৰতিক্ৰিয়া প্ৰলয়ংকৰী আৰু ভয়ানক হয় সেইবোৰহে আমাৰ চকুত পৰে৷ অৰ্থাৎ বতৰৰ বিভিন্ন প্রতিক্রিয়াসমূহ হৈছে প্ৰকৃতিক সন্তুলন ৰক্ষা কৰা প্রক্ৰিয়া মাথোঁ৷ সেইবাবে বতৰ সলনি হৈ থাকে৷ বতৰৰ লগত সমাযোজন ‘কৰিবৰ বাবে আমি আমাৰ খাদ্য, পোছাক ইত্যাদিও সলনি কৰিবলগীয়া হয়। কথাবোৰ বুজি পাইছানে?”
মাকৰ কথা শুনি ৰিণিয়ে
লাহেকৈ মূৰটো লৰাই মাকক সঁহাৰি জনাই ক’লে, “অঁ কথাবোৰ এতিয়াহে ভালদৰে বুজি পালোঁ৷”
ইমান সময়ে ৰিণিৰ
মনত খেলি-মেলি লগাই থকা কথাবোৰ সহজ হৈ পৰাই তাইৰ মুখত হাঁহি বিৰিঙি উঠিল৷
ঠিকনা :
বি. এন. শইকীয়া পথ
বেলতলা তিনিআলি
গুৱাহাটী - ২৮
ফোন : ৮৯৬৪২৩৩৩৫০