অন্যযুগ/


ওমলা-পদ্য

 অৰুণ গগৈ

                    

ঔ গছত মৌ আছে
পাতি থৈছে টৌ
গছ বগাই ভালুকে
খাই আছে মৌ ৷

বাগৰ সলাই মলুৱাই
মাৰিছে টোপনি
গুণগুণাই ভোমোৰাই
কৰিছে আমনি ৷

মাছ নাপাই মেকুৰীয়ে
গিলিলে বৰলৰ টোপ
হাঁহ ধৰিবলৈ শিয়ালে
গঁড়ালত ল’লে চোপ ৷

জাক পাতি চৰি আছে
এপাল বলধ গৰু
চুৰুহা ৰান্ধিব চিলনীয়ে
বিচাৰি মলা চৰু।


ঠিকনা :
মৰিয়নী, যোৰহাট
ফোন : ৯৭০৭৩৯০৫৪০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ