অৰুণ গগৈ
অসমী আই মোৰ
চিৰ সেউজীয়া
ইয়াতেই ডাঙৰ হৈ
ৰচিছো সপোন সুৰীয়া
৷
ৰূপহী অসমী আই
অতি মৰমৰ,
লভিলো ইয়াতেই
প্ৰথম পোহৰ ৷
জিৰি-জিৰি জুৰিটি
ইমান ধুনীয়া,
অসমী আইৰ শোভা
মন মুহি নিয়া ৷
সহজ, সৰল মন
মৌ সনা মাত,
নাই ক’তো খতিয়ান
চেনেহৰ হাট ৷
অসমী আইৰ হকে
মই বান্ধি ল’লো
মন,
মাতৃভূমিৰ সকলোটি
মোৰ আপোনজন ৷
গাঁও: মৰিয়নী নগাঁও
ডাক : নাগাজাংকা
জিলা : যোৰহাট
ডাক সূচাংক : ৭৮৫৬৩৪
ফোন : ৯৭০৭৩৯০৫৪০