নিৰু দত্ত
কিন্কিনীয়া বৰষুণত মূৰত
জাপি লৈ
কেনকেনাই কলীয়া পথাৰ পালেগৈ ।
বাপেক আছিল দৰক মাৰি নাঙলৰ মুঠিত ধৰি
গহৰা গজা ঘাঁহ খাই বলধযোৰ আছিল চৰি ।
ছাগলি খেদা বৰষুণত নুসুমাবা কাপোৰ
ৰ'দচেৰেঙাই হাঁহি মাৰে আঁতৰায় ডাৱৰ।
বে বেকৈ ছাগলীজাকে ভিৰাই লৰ মাৰে
কাণত পানী সোমাই যদি থিতাতে পৰি মৰে।
ধাৰাসাৰে বৰষুণ দিলে খাল-ডোং ভৰে
পথাৰ-সমাৰ একাকাৰ ৰাইজৰ টোপনি হৰে।
বানপানীত গাঁও বুৰে বিলৈ-বিপত্তি
অপাৰ
মথাউৰি ভাঙে গঁৰা খহে নাই পাৰাপাৰ।
কলহৰ কাণে ঢলা জাক এপ্ৰিল-মে'ত পাবা
ন-পানীত উজানৰ মাছ ধৰিবলৈ যাবা।
হিলদল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ যায়
সপ্তাহৰ মূৰত ওভতে চকুলোৰে ওপচায়।
শিল-বৰষুণ আহুকলীয়া ঘৰৰ চাল ফুটে
ডবা-পিটা বৰষুণত কতনো ঘটনা ঘটে।
বতাহ ধুমুহাৰ লগতে যদি আহে হুৰহুৰাই
ডাঙৰ ডাঙৰ গছ উভালি
পৰে গিৰিসায়।
পেনপেনীয়া বৰষুণৰ নেৰানেপেৰা ধাৰ
গাঁৱৰ বাট বোকাময় চিন বাৰিষাৰ
।
বৰষুণৰ ৰেহ-ৰূপ গুণি কৰিবা নিজৰ কাম
আজিলৈ সামৰোঁ দেই ধৰোঁগৈ ৰাম নাম।
***
নিশান্ত
নিবাস
১নং পদুমণি
সৰুপথাৰ-
৭৮৫৬০১
৭০০২২৪১১৪৫
***