অন্যযুগ/


সময়

অংকুৰিতা ফুকন


‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে

বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে…

 

‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ

পিছে পথাৰত নামিলেহে পথৰুৱাৰ চিন…

 

‘য়’য়ে বোলে য়াকৰ শৰীৰ নোমেৰে আৱৰা

প্ৰকৃতিৰ মহিমা কেৱে বুজিব নোৱাৰা…

 

‘স’ ‘ম’ আৰু ‘য়’ মিলি সময়ৰ জোঁটনি হয়

অবাবত নকৰিবা এই ধন ক্ষয়।

               

ঠিকনা :

দেৰগাঁও

ankuritaphukan@gmail.com

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ