অন্যযুগ/


বানানৰ পদ্য

অনসূয়া বৰঠাকুৰ


ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি

          বানানৰ কিছু কথা,

 ভুলকৈ লিখা বানানে যে কিমান

          লগাব পাৰে লেঠা।

সেইবাবে ভাষাটো শিকোঁতে

       শুদ্ধকৈ শিকিবা বানান,

পাঠ্যপুথিৰ লগতে কাকতো চাবা,

      কিতাপো পঢ়িবা নানান।

ভুলমানে অশুদ্ধ, দোষ, ত্ৰুটি

    মোহিত হোৱাক কয় ভোল’,

‘মূলমানে আদি, আৰম্ভণি

     গুৰুত্ব বুজাক বোলে মোল

 ‘জুলহৈছে শক্তিৰ একক,

     আঞ্জাখনক কয় জোল,

উলমানে চুৱেটাৰ গোঁঠা সূতা

     কবি আৰু কচুটো -‘ওল

চুৰমানে হৈছে চুৰি কৰা কাৰ্য,

       চুৰ কৰাজন হচোৰ’,

মূৰমানে শিৰ, বস্তুৰ ওপৰভাগ

      নিজৰটোক কয় মোৰ

গুৰহৈছে পগোৱা কুঁহিয়াৰৰ ৰস,

     ভৰিৰে কৰা আঘাত-গোৰ’,

ঘূৰমানে ওভতা, পাক লোৱা

      তীব্ৰ বুজালে হঘোৰ

‘জুৰমানে হৈছে চেঁচা, শীতল

    বল বা শক্তিক কয় জোৰ’,

উৰমানে শূন্যত চলি ফুৰা

   শেষ বা অন্তক বোলে ওৰ

উচ্চাৰণৰ বাবেই ভুল হয় জানা

       এনেকুৱা বানানবোৰ,

সেয়ে শুদ্ধ উচ্চাৰণত গুৰুত্ব দিবা,

       ব্যকৰণতো দিবা জোৰ।

আজিলৈ ইমানতে সামৰিছোঁ দেই

        বাকীখিনি কম পাছত,

তোমালোকে কিন্তু সোঁৱৰাই দিবা

      যদি পাহৰোঁ কথাৰ লাচত॥

 

       ঠিকনা :

       ৰথাং, দক্ষিণ ছিকিম

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ