অন্যযুগ/


আলসুৱা পখিলা

পূৰৱী তালুকদাৰ


 লা বগা হালধীয়া

             ৰং-বিৰঙৰ পখিলা,

ধুনীয়া পাখি দুখনি সেয়া

             সৰু ফুটফুটীয়া ।


উলাহেৰে উৰি আহে

       লাহি পাখি মেলি,

ফুলৰ মৌ চুহি খায়

            ফুলে ফুলে বহি ।

পখিলা ধৰিবলৈ মন

              আমাৰ মইনাহঁতৰ,

সিহঁত কিন্তু উৰি যায়

              পালেগৈ ওচৰ।

তাকে দেখি আইতাকে

       'লে অতি মৰমেৰে,

ভাল ল'ৰাই কাহানিও

       কাকো আমনি নকৰে। 

নধৰিবা পখিলাবোৰ

          সিহঁতক উৰিবলৈ দিয়াঁ,

টানকৈ ধৰিলে ছিগিব পাৰে 

          পাখি দুখনি আলসুৱা।

উৰণীয়া প্ৰাণী সিটি

             উৰিয়েই ভাল পায়,

বৰ কষ্ট পাব  যদি

         বান্ধি থয় কোনোবাই।

মইনাহঁত দূৰলৈ গ'

       আইতাকৰ কথা বুজি,

এটি দুটিকৈ পখিলা

         পৰিল ফুলবোৰত আহি।

 

ঠিকনা :

বি-১১৫, সন্বি সঙ্কল্পম

নাগোন্দানাহালি

হোৱাইটফেড

বাঙ্গালোৰ, কৰ্নাটক-৫৬০০৬৭

বাইল : ৮৯৫১৮১৯২৬৭

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ