অন্যযুগ/


ওমলা পদ্য

 অৰুণ গগৈ

 

ভেকুলী গৈছিল ভাওনা চাবলৈ

বাটতে ওলালে সাপ

সাপ দেখি জাপ  দিলে

মস্ত এটা ঢাপ ৷

 

বান্দৰী পেহীয়ে সুন্দৰী হৈ

পিন্ধি ললে চাদৰ

ডিঙিটো পিন্ধিল মণি এধাৰি

জিলিকি আছে বাখৰ। 

  

ৰংদৈ জেঠাইয়ে মংগলদৈত 

বিক্ৰী কৰিলে খালৈ

চেংদৈ পেহীয়ে জাকৈ মাৰি

ধৰিছে পুঠি কাৱৈ ৷

 

কণ লৰাই পাটি পাৰি বহলাই

পঢ়িছে কুঁহিপাঠ

নেওতা মাতিছে সংখ্যা গণিছে

ছয় সাত আঠ ৷

...

 

ঠিকনা :

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ