জ্যোতিশিখা দত্ত
সৰু মেঘৰ টুকুৰাবোৰেৰে
ডাঙৰ মেঘবোৰ হয়
ডাঙৰ মেঘৰ ভৰ বেছি হৈ
ধৰালৈ বাট লয় ৷
বৰষুণৰ লগত ঢেৰেকণি আহিলে
কলিজা কঁপি যায়
শিল বৰষুণ দিলে কিন্তু
মনে সন্তোষ পায়৷
বৰষুণৰ আন এটা নাম
জানানে বৃষ্টি বুলি?
বৰষা বুলিও যে কয়
বাইদেৱে ধৰিলে দাঙি ৷
বৰষুণৰ লগত প্ৰৱল বতাহক
‘ধুমুহা’ বুলি কয়
বৰষুণৰ মাত্ৰা বহু বেছি হ’লে
‘কলহৰ কাণে’ অহা বুলি জানো নকয়?
এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ
বৰষুণৰ মাত্ৰা বেছি থাকে
ছেপ্টেম্বৰৰ পৰা লাহে লাহে ধৰালৈ
বৃষ্টিৰ পৰিমাণ কমি আহে ৷
ধূলি আৰু গৰম অন্তত
জলবৃষ্টি কামনা কৰোঁ
ৰিমজিম এজাক বৰষুণৰ বাবে
বৰুণ দেৱতাক খাটনি ধৰোঁ ৷
ই-মেইল : jyotisikhadatta@gauhati.ac.in