অন্যযুগ/


ওমলা-পদ্য

অৰুণ গগৈ                   

 

হেঙুলী পুৱাতে উঠি ঊষাই

হাতত লৈছে উঘা,

মাহীদেৱে গোঁসাই ঘৰত

পঢ়িছে নামঘোষা।

 

বাৰণ্ডাতে বহি বৰমাই

ঘূৰাই আছে যঁতৰ,

বৰদেউতাই খুহুটীয়া কথাৰে

কৰি আছে ৰগৰ ৷

 

বগলী সূতাৰ মহুৰা ফুৰাই

বৈছে বিহুৱান,

ৰঙা ফুলৰ গামোচাখনি

অসমীয়াৰ স্বাভিমান ৷

  ---

ঠিকনা :

মৰিয়নি, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ