অন্যযুগ/


ওমলা পদ্য

অংকুৰিতা ফুকন

(১)
ধেই-তাওঁ মালি, বান্দৰ পোৱালি
খোৱানে মইনাহঁত সেউজীয়া পাচলি?

(২)
কণমানি গা-গছ লাহি লাহি পাত
শাকৰ লগত খোৱানে
গৰম গৰম ভাত ?

(৩)
ইকুট মিকুট চিকুট
কেনে লাগে কোৱাঁচোন
খাই ভজাবুট?

(৪)
এডিম চেদিম বাই
দেউতাৰ লগত কোন কোন
বজাৰলৈ যায়।

(৫)
জোনবাই এ মইনাহঁতক কোৱাঁ
ম’বাইল লৈ নেখেলিবা,
পঢ়া-শুনা কৰাঁ।
----

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ