অন্যযুগ/


ওমলা-পদ্য

স্বপ্নালী কলিতা

 

তিলক খুৰাৰ তপা মূৰ,

চাহৰ লগত লাগে গুৰ৷

 

কনকৰ ককাকৰ নৰীয়া টান,

ৰমেনে পাৰিছে মদাৰৰ পাণ৷

 

নগেন দদাইৰ ভগা চাইকেল,

ঘেৰেক্ ঘেৰেক্ বজাই ছাইৰেন৷

 

আহোম বগৰী নিমখ এজেবা

ৰাণীহঁত বহিছে দুপৰ বেলিকা

 

দীপুৰ বৰশীত লাগিছে ৰৌ

সৰিয়হ বটাদি ৰান্ধিবি বৌ৷

 

গিৰ্ গিৰ্‌কৈ আহিছে আকাশ

ভিতৰ সোমাহঁত  হ’ব সৰ্বনাশ৷

 

ৰাণীহঁতৰ বিদেশী কুকুৰ জপনা মুখত বান্ধে,

হৰেন ককা চুৰিয়া কোঁচাই ভিৰাই লৰ ধৰে৷

 

মৌ ভনীটিৰ মুখ বৰপাচি লজেঞ্চ গুটি লাগে,

বৰদেউতাকৰ বৰমোনা দেখি মুখৰ বৰপাচি ভাগে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ