অন্যযুগ/


পদ্যৰে যোগ নেওতা

অনসূয়া বৰঠাকুৰ

 

       ১ + ১ = ২ (একে একে দুই)

আপডাল কৰিছানে গছপুলি ৰুই?

      ১ + ২ = ৩ (একে দুয়ে তিনি)

ৰামানুজনকনো কোনে নাপায় চিনি!

      ১ + ৩ = ৪ (একে তিনিয়ে চাৰি)

ঘৰত আছেনে শাক-পাচলিৰ বাৰী?

     ১ + ৪ = ৫ (একে চাৰিয়ে পাঁচ)

বিহু আহি পালেহি, কঁকাল ঘূৰাই নাচ।

      ১ + ৫ = ৬ (একে পাঁচে ছয়)

সত্যৰ জয় বুলি জ্ঞানীলোকে কয়।

      ১ + ৬ = ৭ (একে ছয়ে সাত)

নিমপাততকৈও তিতা কৰ্কশ মাত।

      ১ + ৭ = ৮ (একে সাতে আঠ

দুয়োবেলা মনপুতি নিতে পঢ়া পাঠ।

      ১ + ৮ = ৯ (একে আঠে ন)

গণিতলৈ কোনে, কিমান ভয় কৰ ক।

      ১ + ৯ = ১০ (একে নয়ে দহ)

সোনকালে শেষ কৰি ’-ৰ ভাগ পঢ়।

      ১  + ১০ = ১১ (একে দহে এঘাৰ)

দহটো লিখি কিয় বাৰে বাৰে মোহাৰ?

 

 ঠিকনা : 

      ৰথাং, দক্ষিণ ছিকিম

      ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫

      

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ