অন্যযুগ/


ৰ’দত কোনে কি কি কৰে

  ০ সঞ্চিতা বৰা

 

কাঁচিয়লি ৰদত ৰচকী পখিলাই মেলি পাখিযুৰি,

ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি।

 

চৌফলীয়া ৰদত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি,

নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি।

 

পকা ৰদত কপৌহালিয়ে ওমলেহি চোতালতে,

ভাল পায় খাই দুপৰৰ ভাত দিয়া যদি শাকে-পাতে।

 

টেৰটেৰীয়া ৰদত কাউৰীজনীয়েও থাকে ৰমলিয়াই,

মাটিকলহৰ পানী উলিয়াবলে শিলগুটি বিচাৰি চায়।

 

জিলমিল ৰদত ৰঙা জিঁয়াটিৰ যিহে সাজোন কাচোন,

পাখি দুখনেৰে বা বলাই ফুৰে গাত তত্ নাই দেখোন।

 

ৰান্ধনিৰ ৰদত কুটুৰুক কুটুৰুক মাতে হেঁটুলুকাটোৱে,

পশ্চিমত বেলি লুকাবৰ হল সকলোকে জাননী দিয়ে।

  

ঠিকনা : 

অধ্যাপিকা, নগাঁও ছোৱালী কলেজ

নগাঁও, ৭৮২০০২

ভ্ৰাম্যভাষ : ৯৪৩৫৩১৬৭০৪

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ