অন্যযুগ/


শিশুৰ কাল্পনিক জগতখন

 ড০ ইন্দ্ৰাণীৰেখা শইকীয়া

 

ৰাতিৰ ভাতসাজ খোৱাৰ সময় হৈছে আৰু ইফালে আপোনাৰ পাকঘৰখন এখন পশু চিকিৎসালয়লৈ ৰূপান্তৰিত হৈছে৷ আপোনাৰ তিনিবছৰীয়া জীয়াৰীয়ে মূৰত এখন চালনি “ডাক্তৰৰ টুপী” হিচাপে পিন্ধি এটা কাপোৰৰ শহাপহুৰ ভৰিত সযতনে এখন গামোচা মেৰিয়াই আছে৷ “একো নহয়, নাকান্দিবা,” তাই গুণগুণাইছে, “বেজীটোৱে অলপহে বিষাব৷” কোঠাটোৰ আনফালে, তাইৰ ককায়েকে ভাবি লৈছে যে ছোফাৰ গাদীবোৰ এখন ডুব যাব ধৰা জলদস্যুৰ জাহাজ, আৰু সি এটা অদৃশ্য দলক চিঞৰি চিঞৰি যুজিবলৈ সাহস দি আছে৷ ৰাতিৰ আহাৰলৈ বাট চাই থকা ভাগৰুৱা পিতৃ-মাতৃৰ বাবে, এয়া কেৱল এক সুন্দৰ খেল যেন লাগিব পাৰে, অলপ মৰম লগা, হয়তো অলপ বিশৃঙ্খল, কিন্তু মূলতঃ শুবলৈ যোৱাৰ আগতে কেৱল “সময় পাৰ কৰা” এটা মাধ্যম৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ শিশুটিৰ বিকশিত হৈ থকা মনটিৰ বাবে এই ক্লিনিকখন বা জলদস্যুৰ জাহাজখনে আপুনি ভবাতকৈ বহু বেছি কাম কৰি আছে৷

 

স্বাভাৱিকতে এনেদৰে ভবা হয় যে কাল্পনিক খেলবোৰ হৈছে শিশুৰ অন্য বিকাশমূলক কামবোৰৰ (যেনে: আখৰ শিকা, গণনা কৰা, নিয়ম মনা) মাজৰ সময়ছোৱাত কৰা এক ধেমালি৷ কিন্তু দশক দশক ধৰি চলি অহা শিশু বিকাশৰ গৱেষণাই বাৰে বাৰে কি প্ৰমাণ কৰিছে জানেনে? যেতিয়া আপোনাৰ সন্তানটি এজন পশু চিকিৎসক, এখন জাহাজৰ অধিনায়ক, এটা ড্ৰেগন বা কফি অৰ্ডাৰ লোৱা বৰিষ্টা (barista) লৈ ৰূপান্তৰিত হয়, তেতিয়া শিশুটিয়ে আচলতে সমগ্ৰ জীৱন নিৰ্ভৰ কৰিবলগীয়া বৌদ্ধিক, আৱেগিক আৰু সামাজিক গাঠনিসমুহ নিৰ্মাণ কৰি থাকে৷

 

এই ধৰণৰ কল্পনামূলক, ভূমিকা-ভিত্তিক (role based) খেলসমূহক সাধাৰণতে imaginative play, pretend play, dramatic play (নাটকীয় খেল) বা symbolic play (প্ৰতীকী খেল) আৰু কেতিয়াবা role play বুলিও কোৱা হয়৷ বাস্তৱত নঘটা কথা এটাক প্ৰতিনিধিত্ব কৰিবলৈ ল’ৰা-ছোৱালীয়ে বিভিন্ন বস্তু, কাৰ্য, ভাষা আৰু চৰিত্ৰৰ ব্যৱহাৰ কৰিলে এই কাল্পনিক খেলৰ সৃষ্টি হয়৷

 

ই প্ৰাৰম্ভিক শৈশৱৰ স্বাস্থ্যকৰ বিকাশৰ অন্যতম ধাৰাবাহিক বৈশিষ্ট্য, যি প্ৰায় ২ ৰ পৰা ৭ বছৰ বয়সৰ ভিতৰত সকলো সংস্কৃতিতে আশ্চৰ্যজনকভাৱে একে ৰূপত দেখা যায়৷ এই খেল কেতবোৰ চিনাক্তযোগ্য পৰ্যায়ত বিকশিত হয়৷ শিশু ডাঙৰ হৈ অহাৰ লগে লগে সৰল অনুকৰণৰ পৰা জটিল, বিমূৰ্ত আৰু সামাজিক পৰিৱেশলৈ ক্ৰমান্বয়ে বিকাশ হয়৷

 

১. নিজৰ সৈতে খেলা (self pretend): শিশুৱে কেৱল নিজৰ ওপৰতে আধাৰিত একক, পৰিচিত কিছুমান কাল্পনিক কাম কৰে৷

উদাহৰণ: এটা খালী বাটি বা কাপৰ পৰা পানী খোৱাৰ অভিনয় কৰা, মূৰত গাৰু দি শুৱাৰ ভাও ধৰা, বা খালী চামুচেৰে খোৱাৰ অভিনয় কৰা৷ ইয়াত প্ৰকৃত বস্তুবোৰ ব্যৱহাৰ কৰা হয় আৰু এই ভাও কেৱল শিশুটিৰ নিজৰ শৰীৰৰ মাজতে সীমিত থাকে৷

২. আনৰ সৈতে বা পুতলাৰ সৈতে খেলা (pretending with others): শিশুৱে নিজৰ এই অভিনয়বোৰ আন মানুহ বা খেলা বস্তুৰ (যেনে কাপোৰৰ পুতলা) ৰ প্ৰতি সম্প্ৰসাৰিত কৰে৷

উদাহৰণ: চামুচেৰে পুতলাটোক খুৱাই দিয়া, চুলি ফণিয়াই দিয়া৷ ইয়াত সাধাৰণতে ডাঙৰসকলে কৰা লালন-পালনৰ কামবোৰ অনুকৰণ কৰে৷

৩. ক্ৰম অনুসৰণ (early Action Sequences): লাহে লাহে শিশুৱে একাধিক সম্পৰ্কীয় কাম একেলগ কৰি এটা ছুটি, যুক্তিপূৰ্ণ ক্ৰম বা সৰু কাহিনীৰ সৃষ্টি কৰে৷

উদাহৰণ: এখন কাপোৰ আনি পুতলাটোক শুৱাই দিয়া আৰু তাৰ পিছত নিচুকাই গাত হাত ফুৰাই দিয়া৷ বিষয়বস্তুটো আগবঢ়াই নিবলৈ এতিয়াও প্ৰকৃত খেলনা বা একে ধৰণৰ বস্তুৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰা হয়৷

৪. বস্তু সলনি কৰা আৰু ভূমিকা লোৱা (Object Substitution and Role-Playing): শিশুৱে এটা বস্তুক আন এটা সম্পূৰ্ণ বেলেগ বস্তু হিচাপে ব্যৱহাৰ কৰিবলৈ নিজৰ কল্পনাশক্তি ব্যৱহাৰ কৰে (প্ৰতীকী চিন্তা) আৰু সৰু-সুৰা চৰিত্ৰৰ ভূমিকা ল’বলৈ আৰম্ভ কৰে৷

উদাহৰণ: কাঠৰ টুকুৰা এটাক মোবাইল ফোন হিচাপে ব্যৱহাৰ কৰা, কল এটাক টেলিফোন কৰা, বা ডাক্তৰ/ড্ৰাইভাৰ হোৱাৰ ভাও ধৰা৷

৫. সামাজিক-নাটকীয় আৰু জটিল খেল (Sociodramatic and Complex Play): প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিশুসকলে দলবদ্ধভাৱে খেলে, ইজনে সিজনক নিৰ্দিষ্ট ভূমিকা দিয়ে, আৰু আৰম্ভণি, মাজভাগ আৰু শেষ থকা জটিল কাল্পনিক পৰিস্থিতিৰ অভিনয় কৰে৷

উদাহৰণ: গ্ৰাহক আৰু পৰিৱেশনকাৰীৰ ভূমিকা লৈ হোটেল-ৰেষ্টুৰেণ্টৰ খেল খেলা, বা যাদুকৰ, ছুপাৰহিৰো, মহাকাশচাৰী আদিৰ দৰে জটিল কল্পনানিৰ্ভৰ কাহিনী অভিনয় কৰা৷

এনে খেলে এনে এক ক্ষুদ্ৰ জগতৰ সৃষ্টি কৰে য’ত ল’ৰা-ছোৱালীয়ে নতুন ধাৰণা, সম্পৰ্ক, নিয়ম, আৱেগ আৰু সম্ভাৱনাবোৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে৷ তেওঁলোকে অন্য কাৰোবাৰ ৰূপ লোৱাৰ অভ্যাস কৰিব পাৰে, সমস্যা আৰু সমাধানৰ উদ্ভাৱন কৰিব পাৰে, সংগীসকলৰ সৈতে বুজাপৰা কৰিব পাৰে আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাবোৰক সাধুলৈ ৰূপান্তৰ কৰিব পাৰে৷

 

যেতিয়া শিশুৱে কোনো চৰিত্ৰৰ ভাও লয়, বস্তুসমূহক নতুন অৰ্থ দিয়ে, আৰু নতুন কল্পলোকৰ সৃষ্টি কৰে, তেতিয়া তেওঁলোকে আচলতে সকলোতকৈ জটিল জ্ঞানীয় অনুশীলনসমূহহে সম্পাদন কৰে৷ শৈশৱৰ প্ৰাৰম্ভিক সময়ছোৱাত, মগজুৱে প্ৰতি ছেকেণ্ডত এক নিযুততকৈও অধিক নতুন স্নায়ৱিক সংযোগ (neural connections) গঢ়ি তোলে৷ এই ধৰণৰ ধেমালিয়ে এই নিৰ্মাণৰ মূল ইঞ্জিন হিচাপে কাম কৰে৷ যেতিয়া ল’ৰা-ছোৱালীয়ে কাল্পনিক খেলত লিপ্ত হয়, তেতিয়া তেওঁলোকে গোটেই জীৱন শিকাৰ বাবে প্ৰয়োজন হোৱা জটিল স্নায়ৱিক নেটৱৰ্কসমূহ সক্ৰিয় কৰি তোলে৷

সেই কল্পনাত প্ৰকৃততে কি ঘটি আছে

ভাও-জুৰি খেলা খেলে একেলগে কেইবাটাও বিকাশশীল ক্ষমতাক একত্ৰিত কৰে৷ শিশুটোৱে এখন কাল্পনিক পৰিস্থিতি মনত ৰাখিব লাগে, বিভিন্ন চৰিত্ৰই কি কৰাৰ কথা আছিল মনত পেলাব লাগে, কাহিনীটো প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰিব লাগে, হঠাতে কিবা অপ্ৰত্যাশিত ঘটিলে তাৰ সৈতে খাপ খুৱাব লাগে, আৰু কেতিয়াবা খেলখনত ব্যাঘাত জন্মাব পৰা কোনো ভাবাবেগ নিয়ন্ত্ৰণ কৰিব লাগে৷

ৰেষ্টোৰেণ্টৰ খেল খেলি থকা দুটা শিশুৰ কথা চিন্তা কৰক৷

এজনে কয়, “মই ৰান্ধনী৷” ইজনে ঘোষণা কৰে, “মই গ্ৰাহক৷”এতিয়া গ্ৰাহকে কল্পিত আহাৰৰ বাবে অপেক্ষা কৰিব লাগিব৷ ৰান্ধনীয়ে অৰ্ডাৰটো মনত ৰাখিব লাগিব৷ যদি শিশু দুটাই ইয়াৰ পিছত কি হ’ব সেই সম্পৰ্কে সন্মত নহয়, তেন্তে তেওঁলোকে বুজাপৰা কৰিব লাগিব৷ সেয়েহে যিটো এটা সাধাৰণ খেল যেন লাগে, তাত কাৰ্যকৰী স্মৃতিশক্তি (working memory), বাধা নিয়ন্ত্ৰণ (inhibitory control), বৌদ্ধিক নমনীয়তা (cognitive flexibility), ভাষা, সামাজিক যোগাযোগ আৰু আৱেগিক নিয়ন্ত্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে৷ ক্ৰমান্বয়ে জটিল হৈ পৰা খেলে শিশুসকলক তেওঁলোকৰ মনোযোগ, আচৰণ, ভাষা আৰু আৱেগৰ বিকাশ ঘটাবলৈ বাৰে বাৰে অনুশীলন কৰাৰ সুবিধা দিয়ে৷ তলত চমুকৈ আলোচনা কৰা হল৷

১. ই কাৰ্যবাহী কাৰ্যক্ষমতা (Executive Function) আৰু আত্ম-নিয়ন্ত্ৰণ গঢ়ি তোলে

Executive Function শব্দটি শুনাত কঠিন যেন লাগে, কিন্তু ই শিশুৱে প্ৰতিদিনে ব্যৱহাৰ কৰা কিছুমান অতি প্ৰাথমিক দক্ষতাক বুজায়৷ এইবোৰৰ ভিতৰত আছে– মনত  তথ্য সংৰক্ষণ কৰি ৰখা, আৱেগ আৰু তাড়নাক নিয়ন্ত্ৰণ কৰা, মনোযোগ দিয়া, ধাৰণাবোৰৰ মাজত সালসলনি কৰা (নমনীয়তা বা flexibility), ইয়াৰ পিছত কি কৰিব লাগে পৰিকল্পনা কৰা, লক্ষ্যত স্থিৰ হৈ থকা ইত্যাদি৷ এনে খেলত শিশুৱে সদায় তেওঁলোকৰ গড় বয়সতকৈ ওপৰৰ আচৰণ প্ৰদৰ্শন কৰে৷ যেতিয়া আপোনাৰ সন্তানে ক্লিনিকত অপেক্ষা কৰি থকা এজন ৰোগীৰ ভাও লয়, তেতিয়া তেওঁলোকে সক্ৰিয়ভাৱে আত্ম-নিয়ন্ত্ৰণ আৰু আৱেগ নিয়ন্ত্ৰণৰ অনুশীলন কৰে৷

৫ বছৰীয়া শিশুটোৱে “বিমানবন্দৰ” খেলি থকাৰ কথা কল্পনা কৰক৷ তেওঁলোকে সিদ্ধান্ত লয় যে ছফাখনেই হ’ল উৰাজাহাজ৷ কুশ্বনবোৰ হৈছে আসন, এটা পুতলা পাইলট আৰু ভাই-ভনীজন যাত্ৰী৷ এতিয়া তেওঁলোকে নিজৰ কাহিনীটো মনত ৰাখিব লাগিব৷ নিজৰ চৰিত্ৰত থাকিব লাগিব৷ কোনোবাই কথা পাতি থকা সময়ত তেওঁলোকে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে৷ আৰু যেতিয়া তেওঁলোকৰ সৰু ভাই-ভনীজনে হঠাতে ঘোষণা কৰে “উৰাজাহাজখন চন্দ্ৰলৈ গৈ আছে!”, তেতিয়া তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে নতুন ধাৰণাটো কাহিনীটোত খাপ খাব নে নাই৷ এইটোৱেই হৈছে বৌদ্ধিক নমনীয়তা (cognitive flexibility)৷

ৰাছিয়ান মনোবিজ্ঞানী লেভ ভিগোটস্কি (Lev Vygotsky), যাৰ প্ৰতীকী খেলৰ তত্ত্ব শিশু বিকাশ বিজ্ঞানত এতিয়াও মৌলিক হিচাপে গণ্য কৰা হয়, তেওঁ যুক্তি দিছিল যে কাল্পনিক-খেলত শিশুসকলে স্বইচ্ছাই এনে কিছুমান নিয়ম মানি চলে যিবোৰ দৈনন্দিন জীৱনত সিহঁতৰ ওপৰত জাপি দিয়া নিয়মতকৈ বহু বেছি কঠোৰ৷ “শুবলৈ যোৱা” খেল খেলা শিশু এটিয়ে কেৱল মনে মনে থাকিবলৈ কোৱাতকৈ বহু বেছি সময় শান্ত হৈ শুই থাকিব৷ “ৱেটাৰ”ৰ ভাও লোৱা শিশু এটাই নিজৰ পাললৈ অপেক্ষা কৰিব লাগে, “অৰ্ডাৰটো” মনত ৰাখিব লাগে আৰু চৰিত্ৰটোত থাকিব লাগে৷ গৱেষকসকলে পাইছে যে, যিসকল শিশুৱে গাঠনিগত আৰু দীৰ্ঘ সময়ৰ বাবে কাল্পনিক খেলত লিপ্ত হয়, তেওঁলোকে পৰম্পৰাগত, শিক্ষক-পৰিচালিত শ্ৰেণীকোঠাত সমনীয়াৰ তুলনাত আত্ম-নিয়ন্ত্ৰণত লক্ষণীয় অগ্ৰগতি দেখুৱায়৷

২. ই ভাষা আৰু বৰ্ণনামূলক দক্ষতাক দ্ৰুতগতি প্ৰদান কৰে (Language development & Narrative Mastery):

কাল্পনিক খেলসমূহ সাধাৰণতে কথোপকথনমূলক৷ শিশুৱে চৰিত্ৰসমূহ নিৰ্ধাৰণ কৰিব লাগে (“মই দোকানী হ’ম, তুমি গ্ৰাহক হ’বা”), বস্তুক অৰ্থ দিব লাগে (“এই ছফাখন এখন নাও”), আৰু বৰ্ণনামূলক শব্দকোষ ব্যৱহাৰ কৰিব লাগে৷ এটা কাহিনী বৰ্ণনা কৰা, ভূমিকা আৱণ্টন কৰা, পটভূমিৰ আলোচনা কৰা, আৰু অদৃশ্য বস্তুবোৰ বৰ্ণনা কৰা (“গাখীৰখিনি বহুত গৰম, ফুঁ মাৰি দিয়া”) — এই সকলোবোৰৰ বাবে শব্দকোষ আৰু বাক্যৰীতিৰ প্ৰয়োজন৷ শিশুসকলে সাধাৰণ দৈনন্দিন কথোপকথনত ব্যৱহাৰ কৰাতকৈ অধিক জটিল বাক্য গঠন আৰু বহল পৰিসৰৰ শব্দ ব্যৱহাৰ কৰে৷ এনে খেলে শিশুসকলক এটা সাধুৰ মৌলিক ৰূপৰ সৈতেও চিনাকি কৰাই দিয়ে — এটা আৰম্ভণি, এটা সমস্যা আৰু এটা সমাধান — যিটো পৰৱৰ্তী সময়ত সিহঁতে পঢ়া আৰু লিখা সাধুবোৰৰ ভেটি হৈ পৰে৷ ধৰি লওক এটি শিশুৱে কৈছে “ডাইন’ছৰটো দোকানলৈ গ’ল” তেওঁ ইতিমধ্যে এটা কাহিনী বনোৱা আৰম্ভ কৰিছে৷ এটা অধিক উন্নত কাহিনী এনেকুৱা হ’ব পাৰে যে ডাইন’ছৰটো দোকানলৈ গৈছিল কাৰণ তাৰ খাদ্যৰ প্ৰয়োজন আছিল, কিন্তু দোকানখন বন্ধ আছিল, গতিকে সি খাবলৈ আন এখন ঠাই বিচাৰিব লগা হ’ল৷ এইবোৰত আমি এটা চৰিত্ৰ, এটা লক্ষ্য, এটা সমস্যা, ঘটনাৰ ক্ৰম, আৰু এটা সমাধান শুনিবলৈ পাওঁ৷ এইটোৱেই হ’ল গদ্য বা কাহিনী ভিত্তিক চিন্তা (narrative thinking)৷

৩. ই সহানুভূতি আৰু সামাজিক-আৱেগিক বুদ্ধিমত্তা বৃদ্ধি কৰে

যেতিয়া আপোনাৰ সন্তানটিয়ে কেঁচুৱাটোৰ বাইদেউ, ভয় খোৱা ৰোগী বা আন কাৰোবাৰ—অভিভাৱক, অগ্নিনিয়ন্ত্ৰক, বা খঙাল ড্ৰেগনৰ—ভাও ল’বলৈ যায়, তেতিয়া শিশুৱে নিজৰ দৃষ্টিভংগীৰ পৰা বাহিৰ ওলাই আহিব লাগিব আৰু আন কাৰোবাৰ মানসিক আৰু আৱেগিক অভিজ্ঞতাত প্ৰৱেশ কৰিব লাগিব৷ শিশুটিৱে এইটো উপলব্ধি কৰিব যে আন মানুহৰো মনত পৃথক চিন্তা, অনুভূতি আৰু দৃষ্টিভংগী থাকিব পাৰে৷ ৰোল-প্লে বা ভাও জোৰা খেলত সঘনাই অংশগ্ৰহণ কৰিলে শিশুৰ সহানুভূতি আৰু সামাজিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ ক্ষমতা দ্ৰুতগতিত বৃদ্ধি পায়৷ এই ভূমিকা-পালনে শিশুসকলক আনৰ দৃষ্টিভংগী বুজি পোৱাৰ বাবে কিছুমান বিপদহীন অনুশীলনৰ সুযোগ দিয়ে: পুতলা কেঁচুৱাটোক কি লাগে? পলম হোৱাৰ বাবে “গ্ৰাহক”জন কিয় অসন্তুষ্ট? খেদি পঠোৱাৰ পিছত ড্ৰেগনটোৰ কেনে অনুভৱ হৈছে?

একেদৰে আন কাৰোবাৰ ভাও লোৱাই সামাজিক বুজাবুজিৰ বৃদ্ধি কৰিব পাৰে৷” তুমি কেঁচুৱাটো হোৱা আৰু মই মা৷” “নহয়, মইহে মা!” “মই ডাক্তৰ হ’ব বিচাৰোঁ!” আমি প্ৰায়েই শিশুসকলকৰ মাজত এনেধৰণৰ চৰিত্ৰ বা ভাও বিতৰণ কৰোঁতে কিছুমান বাক-বিতণ্ডা বা বুজাপৰা দেখিবলৈ পাওঁ৷ কিন্তু এইটো বিকাশৰে এক অংশ৷ যৌথ নাটকীয় খেলত অংশগ্ৰহণ কৰিবলৈ, শিশুসকলে আন এজন ব্যক্তিয়ে কি কৰিছে, তেওঁলোকে কি বিচাৰে আৰু তেওঁলোকৰ কাৰ্যই খেলখনত কেনেকৈ প্ৰভাৱ পেলায় সেই বিষয়ে ভাবিব লাগিব৷ “শিক্ষক” খেলি থকা শিশু এটাই শিক্ষকে কি কয় তাৰ অনুকৰণ কৰিব পাৰে; “দোকানী” খেলি থকা শিশুটোৱে এজন গ্ৰাহকে কি বিচাৰে সেই বিষয়ে ভাবিব লাগে৷

৪. ই সৃষ্টিশীলতা, সমস্যা সমাধান আৰু বৌদ্ধিক নমনীয়তাক উৎসাহিত কৰে (Creative Problem-Solving)

এডাল ডাঙৰ কাঠৰ খৰি যাদুৰ দণ্ড হৈ পৰে৷ এটা কাৰ্ডব’ৰ্ডৰ বাকচ জাহাজ, তাৰ পিছত ছাবমেৰিন, তাৰ পিছত বেকাৰী হৈ পৰে৷ যেতিয়া কাল্পনিক কাৰ্ডব’ৰ্ডৰ নাওখনত কাল্পনিক পানী সোমাই পৰে তেতিয়া কি হয়? এই ধৰণৰ প্ৰতীকী উপস্থাপন মানে এটা বস্তুক সম্পূৰ্ণ বেলেগ কিবা এটা বুজাবলৈ ব্যৱহাৰ কৰাক বৌদ্ধিক নমনীয়তাৰ (cognitive flexibility) বাবে এটা প্ৰত্যক্ষ অনুশীলন বুলি ধৰিব পাৰো৷ এটা বস্তুক আন এটা বস্তু হিচাপে ব্যৱহাৰ কৰাৰ এই দক্ষতাক প্ৰতীকী চিন্তা (symbolic thinking) বুলি জনা যায়৷

এনে ধেমালিয়ে শিশুক বিমূৰ্ত ধাৰণাবোৰ পৰিচালনা কৰিবলৈ বাধ্য কৰে যিটো পিছৰ জীৱনত উন্নত গণিত, বিজ্ঞান আৰু সৃষ্টিশীল যুক্তিৰ আঁৰৰ শক্তি৷ এনে খেলে এনে এক মানসিক দক্ষতা দিয়ে, যি আমাক আমাৰ চিন্তাধাৰা সলনি কৰিবলৈ, একাধিক সমাধান বিবেচনা কৰিবলৈ আৰু সমস্যা এটা চোৱাৰ বিভিন্ন উপায় চিন্তা কৰিবলৈ দিয়ে (divergent thinking)৷ এটা “শুদ্ধ” উত্তৰৰ পৰিৱৰ্তে বহুতো সম্ভাৱ্য সমাধান সৃষ্টি কৰা অনুশীলনে শিশুসকলক আন সকলো স্থানতে সিহঁতৰ চিন্তাধাৰাক অধিক সহজে নমনীয় কৰাত সহায় কৰিব পাৰে৷

পিতৃ-মাতৃৰ বাবে ব্যৱহাৰিক খেলৰ ধাৰণা

পিতৃ-মাতৃয়ে সদায়েই এনে ধৰণৰ খেলা ধূলাৰ বাবে নিজৰ শিশুটিক উদগনি দিয়াতো অত্যন্ত প্ৰয়োজন৷ ইয়াৰ বাবে কোনো অতি আকৰ্ষণীয় বা ব্যয়বহুল পুতলাৰ প্ৰয়োজন নাই৷  ইয়াত চেষ্টা কৰি চাব পৰা কেইটামান সহজ উপায় দিয়া হ’ল৷

১. কাৰ্ডব’ৰ্ডৰ বাকচ

এটা ডাঙৰ বাকচ গাড়ী, নাও, ৰকেট, গুহা বা দোকানৰ কাউণ্টাৰ হ’ব পাৰে৷ ষ্টেয়াৰিং হুইলৰ বাবে এটা ফুট কৰক বা এনেকৈয়ে ৰাখি আপোনাৰ সন্তানক আজি ই কি হয় নিৰ্ধাৰণ কৰিবলৈ দিয়ক৷ ডাঙৰ বাকচ এটাত এখন দুৱাৰ কাটি দিয়ক আৰু আপোনাৰ সন্তানৰ বাবে, এয়া এটা ৰাজপ্ৰাসাদ, মহাকাশ কেন্দ্ৰ, বা এটা গুহা৷

      

২. পাকঘৰৰ ৰেষ্টুৰেণ্ট

পাকঘৰৰ প্ৰকৃত সঁজুলিবোৰ যেনে কাপ, খালী (পৰিষ্কাৰ) খাদ্যৰ টেমা, কেইখনমান চামুচ, সৰু প্লেট, লগতে “মেনু” আৰু “অৰ্ডাৰ”ৰ বাবে কাগজ আৰু ক্ৰেয়ন ৰাখক৷ আপোনাৰ সন্তানক চেফ, পৰিৱেশনকাৰী বা গ্ৰাহক হ’বলৈ দিয়ক৷

৩. কাপোৰ ভৰ্তি খৰাহি

পুৰণি স্কাৰ্ফ, সৰু হৈ যোৱা চোলা, টুপী আৰু জোতাৰে এটা খৰাহি ভৰাই ৰাখক৷ কোনো পোছাক  একেবাৰে  সঠিক হোৱাৰ প্ৰয়োজন নাই — গা-ধোৱা চোলা (bathrobe) এখন ৰজাৰ কাপোৰখনো হব পাৰে, ছুপাৰহিৰোৰ চোলাও হ’ব পাৰে৷

৪. পশু চিকিৎসালয়

কাপোৰৰ জন্তু, কিছুমান পুৰণি কাপোৰ বা টিছু-পেপাৰ, এদাল দীঘলীয়া ৰচী বা ফিটাৰ stethoscope, আৰু এটা জোতাৰ বাকচৰ “এম্বুলেন্স”ই পশু চিকিৎসক বা ডাক্তৰ খেলৰ বাবে মঞ্চ সাজু কৰে৷

৫. গেলামালৰ দোকান

খালী খাদ্যৰ বাকচ আৰু টেমা, কাগজৰ “টকা” থকা এটা সৰু বাকচ, এখন দোকানৰ বাবে যথেষ্ট৷ এই খেল গণনা কৰা, শ্ৰেণীভুক্ত কৰা, আৰু সম্ভাষণ জনোৱা তথা ধন্যবাদ জনোৱাৰ দৰে সামাজিক নিয়মসমূহ অনুশীলন কৰাৰ বাবে সুন্দৰ৷

৬. ডাকঘৰ: ফুঁটা থকা এটা জোতাৰ বাকচ, অলাগতিয়াল চিঠি, কাগজ আৰু “ষ্টেম্প”ৰ বাবে ষ্টিকাৰ সাজু কৰক৷ ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ সদস্য বা পুতলাবোৰলৈ চিঠি লিখিব, যিয়ে প্ৰাক-সাক্ষৰতাৰ দক্ষতা বৃদ্ধি কৰে৷

 

অংশগ্ৰহণ কৰাৰ সময়ত মনত ৰাখিবলগীয়া কথা:

এনে খেলত পিতৃ-মাতৃৰ কাম হৈছে শিশুটিক অনুসৰণ কৰা (followership)৷ গোটেই খেলখনৰ নিয়ন্ত্ৰণ নিজে নলৈ সন্তানক খেলৰ কাহিনী নিৰ্দেশ কৰিবলৈ দিয়ক, ভূমিকা নিৰ্ধাৰণ কৰিবলৈ দিয়ক আৰু নিয়ম সৃষ্টি কৰিবলৈ দিয়ক৷ মাজে মাজে কাহিনীটোৰ ভিতৰত থকা প্ৰশ্ন সুধিব পাৰে৷ (যেনে “গ্ৰাহকজনে কি সোৱাদৰ চুপ বিচাৰে?”)৷ যদি শিশুটিয়ে খেললৈ নিমন্ত্ৰণ কৰে, আপোনাৰ নিৰ্ধাৰিত ভূমিকাটো সম্পূৰ্ণভাৱে পালন কৰক আৰু আপোনাৰ সন্তানে আপোনাক শুধৰণি বা মাৰ্গদৰ্শন কৰিবলৈ দিয়ক৷ তেওঁলোকৰ কথা অনুসৰণ কৰক: গল্পৰ দিশ নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে সোধক, “মই কাৰ ভাও ল’ম?” সদায়ে বৰ্ণনা কৰিবলৈ যত্ন কৰক, নিৰ্দেশ নিদিব৷ আপোনাৰ শিশুটোক কেনেকৈ খেলিব লাগে তাক কৈ দিয়াতকৈ, তেওঁলোকক এটা সৰু সমস্যা থকা পৰিস্থিতি দিয়ক:

“ৰেষ্টোৰেণ্টত pizza শেষ হৈ গ’ল৷ এতিয়া আমি কি কৰা উচিত?”এতিয়া শিশুটোৱে কাল্পনিক জগতখনৰ ভিতৰতে পৰিকল্পনা কৰা, খাপ খুওৱা আৰু সমস্যা সমাধান কৰাৰ সুযোগ পাব৷ যদি আপোনাৰ সন্তানটিয়ে flash কাৰ্ড অনুশীলন কৰাৰ পৰিৱৰ্তে সমগ্ৰ বিয়লিটো এটা কাপোৰৰ ডাইন’ছৰক কল্পনামূলক পেনকেক খুৱাই পাৰ কৰিলে, শিশুটিয়ে শিকাৰ সুযোগ হেৰুৱাই পেলোৱা নাই ৷

অত্যাধিক স্ক্ৰীন আৰু পূৰ্বে প্ৰগ্ৰাম কৰা স্ক্ৰিপ্টেড খেলাবস্তুবোৰে কল্পনাক কম সুযোগ দিয়ে কাৰণ সিহঁতে শিশুটিৰ বাবে বিষয়বস্তু যোগান ধৰে৷ পিতৃ-মাতৃ হিচাপে অপোনাৰ শিশুটিৰ গঠনহীন সময়খিনিক সুৰক্ষিত কৰক, open ended খেলাৰ সামগ্ৰী আগবঢ়াওক, আৰু শিশুটিক নিজেই কাহিনীটোৰ লেখক হ’বলৈ দিয়ক৷

 

 

 

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ