অন্যযুগ/


বগলী

অৰুণ গগৈ

               

আবেলি বিয়লি বগলী

বিলৰ পাৰত পৰে

পানীৰ মাজৰ পুঠিমাছ

থাপ মাৰি ধৰে ৷

 

বহলাই বহে বৰপথাৰত

দাঙি এটা ঠেং

মুখৰ আগত পালেই খায়

সৰু সৰু বেং ৷

 

শুকুলা পাখি শুৱনি দেখি

আৰু দীঘল ঠোঁট

কোনেনো বাৰু বগলী বাইক

দিলে বগা ফোঁট !

 

দ-পথাৰত মিটিং পাতে

বাঁহৰ আগত ঘৰ

পুৱা হ’লে মাছ বিচাৰি

বিললৈ মাৰে লৰ ৷

 

ডেউকা কোবাই বেগাই

উৰে জাক পাতি

দিনৰ দিনটো ফুৰি-চাকি

শুই থাকে ৰাতি ৷

 

ঠিকনা : 

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ