অন্যযুগ/


শিশু চলচ্চিত্ৰৰ সজ্ঞায়ণ আৰু মার্কিন শিশু চলচ্চিত্ৰ

বিতোপন বৰবৰা

শিশু-চলচ্চিত্ৰ বুলিলে আমি কি বুজোঁ? শিশুৰ বিষয়ে নির্মিত ছবি নে একান্তই শিশুৰ বাবে নির্মিত ছবি? এই আলোচনাৰ প্ৰাৰম্ভতেই আমি সেই বিষয়ে স্পষ্ট হৈ লোৱাটো উচিত হব৷ মূলতঃ শিশু-ছবি বুলিলে আমি দুই ধৰণৰ ছবিৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰে এবিধ হল শিশুসকলে অকলে চাব পৰা ছবি আৰু আনবিধ হল প্ৰাপ্তবয়স্কয়ো উপভোগ কৰিব পৰা কিন্তু শিশুক উৎফুল্লিত, উপকৃত বা বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পৰা আৰু লগতে জীৱনজুৰি মনত ৰাখিব পৰা ছবি৷ এইখিনি কথাকে সজ্ঞায়িত কৰি কবলৈ গলে যিবোৰ চিনেমা প্ৰাপ্তবয়স্কৰ লগতে শিশুৱেও একেলগে বা অকলে চাব পাৰে, যিবোৰ চিনেমা কেৱল শিশু দর্শকক উদ্দেশ্যিয়েই শিক্ষামূলক, নীতিশিক্ষামূলক, নিসর্গ আৰু মহৎ লোকৰ জীৱনৰ আধাৰত, ধর্মীয় বাণীমূলক, বাস্তৱিক বা হাস্যমধুৰ কাহিনী, সাধু, সাহিত্যকর্ম বা ৰূপকথাৰ আধাৰত, সাংগীতিক, দুঃসাহসিক, কল্পবিজ্ঞান বা সমৰকলামূলক কাহিনীৰে নির্মাণ কৰা হয় সেইবোৰেই মূলতঃ শিশু-চলচ্চিত্ৰ৷ এনে ছবিৰ ভিতৰত সম্পূর্ণ শিশু অভিনেতা অভিনীত ছবিৰ লগতে এনিমেশ্বন আৰু বিজ্ঞানভিত্তিক ছবিসমূহো পৰে৷ এইখিনিতে উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয়ভাৱে বাৰ বছৰ বয়সৰ তলৰখিনিকে শিশু বুলি গণ্য কৰা হয়৷

কিন্তু শিশু-চলচ্চিত্ৰৰ কিছুমান চৰিত্ৰ থকাটো বাঞ্ছনীয় বুলি গণ্য কৰা হয় আৰু প্ৰধানকৈ এনে ছবিৰ মনোৰঞ্জক গুণক অপৰিহার্য বুলি গণ্য কৰা হয় যাৰ অবি‍হনে হয়তো চঞ্চলমতি শিশুহঁতৰ মন ধৰি ৰখাটো সম্ভৱপৰ নহয়৷ বহু ক্ষেত্ৰত শিশু চলচ্চিত্ৰ সপৰিয়ালে চাব পৰা ছবিবোৰৰ (Family film) ওচৰ চপা, কিয়নো দুয়ো ধৰণৰ ছবিৰ ক্ষেত্ৰতে অত্যধিক হিংসা, নাৰী-পুৰুষৰ ঘনিষ্ঠতা আৰু যৌন সম্পর্ক, দেহা প্ৰদর্শনকাৰী সাজ-পাৰৰ পৰিধান, যিকোনো অত্যধিক ভীতিসঞ্চাৰী, ৰক্তক্ষয়ী দৃশ্যৰ প্ৰদর্শন, অশ্লীল কথা-বতৰা বা আপাততঃ শিশুৰ কোমল, সংবেদী মনক ক্ষুণ্ণ আৰু আহত নকৰি কোনো ধৰণৰ অবাঞ্ছিত প্ৰভাৱ পেলাব পৰা দৃশ্য বা ঘটনা বর্জন কৰাটোক এক অলিখিত নীতি বুলি গণ্য কৰা হয়৷ বহু সময়ত শিশু-চলচ্চিত্ৰই একোটা শুভবার্তা, আৰু নীতিপাঠ দিয়াৰ প্ৰয়াস কৰে আৰু আনহাতে দুষ্ট চৰিত্ৰ বা শক্তিৰ বিৰুদ্ধে শুভংকৰ চৰিত্ৰ আৰু শক্তিৰ বিজয়ো শিশু-চলচ্চিত্ৰৰ এটা সততে পৰিলক্ষিত চৰিত্ৰ৷ তদুপৰি শিশু-চলচ্চিত্ৰৰ যি বর্ণনাশৈলী সেয়া সততেই সহজবোধ্য আৰু সৰলৰৈখিক, অত্যধিক আৱে‍গবর্জিত আৰু আমোদজনক হোৱাটোও এটা প্ৰয়োজনীয় কথা৷

সুদীর্ঘ দিনৰ অধ্যয়নত এইটো পৰিলক্ষিত হৈছে যে দুবিধ চলচ্চিত্ৰৰ প্ৰতি শিশুৰ দুর্বাৰ আকর্ষণ৷ ইয়াৰে এবিধ হল কল্পনাশ্ৰয়ী চলচ্চিত্ৰ (Fantasy Film), যিবোৰৰ পটভূমি হয় সততে একোখন কল্পলোক, চৰিত্ৰবোৰ হয় বিধ্বংসী শক্তি আৰু মাৰণাস্ত্ৰৰে সবল কাল্পনিক অতিপ্ৰাকৃতিক জীৱ, যাৰ মাজৰ কিছুমান মানৱ-শিশুৰ শুভংকৰ বান্ধৱ বা ৰক্ষাকর্তা হয় আৰু আন কিছুমান হয় কিম্ভূত-কিমাকাৰ, শক্তিমান আৰু অপকাৰী, কিন্তু শেহত দৈৱ শক্তিৰে ধন্য শুভ চৰিত্ৰয়েই অশুভ চৰিত্ৰসমূহৰ ওপৰত বিজয় সাব্যস্ত কৰে৷

আৰু এবিধ ছবিৰ প্ৰতি শিশুৰ দুর্বাৰ আকর্ষণ আৰু সেইবোৰ অৱশ্যেই হৈছে এনিমেটেড ছবিবোৰ৷ এনিমেটেড চলচ্চিত্ৰসমূহ সুদীর্ঘ দিন ধৰি শিশু মনস্তত্ত্ব অধ্যয়ন কৰি বিশ্বৰ শীর্ষস্থানীয় প্ৰযোজনা সংস্থা আৰু ষ্টুডিঅসমূহে এনেদৰে নির্মাণ কৰে যিবোৰ হয় আদর্শবাদী, কল্পনাশ্ৰয়ী, তীব্ৰ উৎকণ্ঠাময়, হাস্যৰসাত্মক আৰু ৰসঘন, শ্ৰুতিমধুৰ সংগীত, আকর্ষণীয় চৰিত্ৰ আৰু দৃশ্য পৰিকল্পনাৰে ধন্য৷ শিশুহঁত এইবোৰ ছবিৰ প্ৰতি আকর্ষিত হয় এইবাবেই যে এইবোৰ হয় অত্যন্ত আমোদজনক আৰু চিত্তচাঞ্চল্যকাৰী৷ শিশুৰ কথাটো বাদেই বহু সময়ত এই ছবিবোৰ একে সময়তে কেঁচুৱা আৰু আনকি প্ৰাপ্তবয়স্কয়ো উপভোগ কৰা দেখা যায়৷

এনেবোৰ ছবিৰ গভীৰতালৈ দৃষ্টি দিলে আমি দেখোঁ এই ছবিসমূহত ৰূঢ় বাস্তৱৰ কষ্টকৰ, যাতনাময়, জটিল জীৱন সংগ্ৰামৰ পৰিৱর্তে এনে এক পাৰলৌকিক শান্তিধাম, সুখ-সমৃদ্ধিময় জগত বিচিত্ৰ আৱেগ আৰু নাটকীয়তাৰ মাজেৰে উন্মোচিত কৰি তোলা হয় যি শিশুমনক কল্পনাৰ জগত এখনত পৰমানন্দে বিচৰণৰ অৱকাশ দিয়ে৷ আজিকালিৰ এনিমেশ্বন ছবিসমূহ ধন্য হৈছে অপূর্ব স্পেচিয়েল এফেক্ট্ছৰে আৰু এই এফেক্টছ-ধন্য অকল্পনীয়, অভাৱনীয় কিন্তু অতি আকর্ষণীয় চৰিত্ৰৰ নির্মাণে, সেইবোৰক লৈ কৰা অতি আকর্ষণীয় কাহিনীৰ ৰচনাৰ লগতে চমৎকাৰ ছাউণ্ড এফেক্ট্‌ছ আৰু শ্ৰুতিমধুৰ সংগীতেও আজিৰ এনিমেশ্বন ছবিসমূহক এক পৃথক মাত্ৰা দিবলৈ সক্ষম হৈছে৷ এনেবোৰ ছবিৰ মুখ্য চৰিত্ৰসমূহ সততেই এক ধৰণৰ দৈব শক্তি বা ছুপাৰ পাৱাৰেৰে ধন্য হোৱা, তেওঁৰ হাতত সকলো সমস্যা আৰু প্ৰতিকূলতা নেওচাৰ অসীম ক্ষমতা থকা আৰু শেহত গৈ সকলো প্ৰতিকূলতাক জয় কৰি ছবিসমূহৰ যোগাত্মকভাৱে সামৰণি পৰাটোৱেও শিশুসকলক এক বিৰল তৃপ্তিৰে ধন্য কৰে৷

 

আমেৰিকাৰ শিশু চলচ্চিত্ৰ

লুমিয়েৰ ভ্ৰাতৃদ্বয়ৰ ৱাটাৰিং দ্য গার্ডেনাৰ আৰু ব্ৰেকফাষ্ট ৱি‍থ বেবি লগতে জগ্‌ছ মেলিয়েছৰ চিনড্ৰেলা, ‘লিট্‌ল ৰেড ৰাইডিং হুড, ‘দ্য এষ্ট্ৰনমার্ছ ড্ৰিম বা এ ট্ৰিপ টু মুন –জৰিয়তে ফ্ৰান্সতে প্ৰথম শিশু-চলচ্চিত্ৰৰ জন্ম হৈছিল বুলি নিঃসন্দেহে কব পাৰি৷ কিন্তু সেয়ে হলেও ১৯০৩ চনত ব্ৰিটিছ চলচ্চিত্ৰকাৰ চেচিল হেপ্‌ৱর্থে নির্মাণ কৰা ড্‌ভে‍ন্সাৰছ ইন ৱণ্ডাৰলেণ্ড ছবিখন কাহিনী চিত্ৰৰ অভিধাটোৰ অধিক ওচৰ চপা আছিল৷ আমেৰিকাতো আকৌ চলচ্চিত্ৰৰ ইতিহাসৰ প্ৰসিদ্ধ যুগদ্ৰষ্টা ডেভিড ৱার্কাৰ গ্ৰিফিথে নির্মাণ কৰা দ্য এডভেন্সাৰছ অৱ ডলি’ (১৯০৮) ছবিখনক শিশু চলচ্চিত্ৰ হিচাপে গণ্য কৰা হয় যত শিশু চৰিত্ৰ এটাক প্ৰথমবাৰৰ বাবে নিৰীহ-নিমাখিতৰূপে ৰূপায়িত কৰা হৈছিল৷ ইয়াৰ পূর্বে নির্মিত এডৱিন এর্টাৰৰ দ্য গ্ৰেট ট্ৰেইন ৰবাৰি’ (১৯০৩) চলচ্চিত্ৰৰ ইতিহাসৰ এখন গুৰুত্ব ছবি এই বাবেই যে ছবিখনত প্ৰথমবাৰৰ বাবে লকেশ্বন শ্বুটিং কৰাৰ লগতে সমান্তৰাল দুটা ঘটনাৰ যুগপৎ উন্মোচনত ক্ৰছ কাটিং সম্পাদনা ৰীতিৰ প্ৰয়োগ হৈছিল৷ কিন্তু ছবিখনত ট্ৰেইন ডকাইটিৰ দল এটাৰ গণনিগ্ৰহ সম্ভৱ কৰিছিল কণমানি ছোৱালী এজনীৰ তৎপৰতাই আৰু গুৰুত্বপূর্ণ নির্ণায়ক চৰিত্ৰত শিশুৰ অভিনয়েও চলচ্চিত্ৰখনক পৃথক তাৎপর্য প্ৰদান কৰিছিল৷

১৯১০ চনলৈ হলিউড চলচ্চিত্ৰ মাধ্যমৰ প্ৰতি শিশুৰ অপৰিসীম আকর্ষণ আৰু মাধ্যমটোৱেও শিশুসকলক পৰম আনন্দ প্ৰদান কৰাৰ দিশটোৰ প্ৰতি সচেতন হৈ পৰিছিল আৰু এই দর্শকচামৰ আগ্ৰহক বাণিজ্যিক স্বার্থত ব্যৱহাৰ কৰিবলৈ ১৯১৩ চনলৈ মেটিনি দর্শনী ক্ৰমে ব্যাপকভাৱে ব্যৱহৃত হব ধৰিছিল৷ আমেৰিকাৰ নেশ্বনেল বর্ড অৱ ৰিভিউ কমিটি‍ ফৰ ফিল্ম্‌ছ ফৰ য়াং পিপ্‌-এ মেটিনি দর্শনীকতো উদ্গনি দিছিলেই, লগতে বর্ডে ষ্টুডিঅবোৰকো শিশুৰ উপযোগী ছবি কৰিবলৈ অনুৰোধ কৰিছিল৷ পাছত মশ্বন পিক্সাৰ প্ৰডিউচার্ছ এণ্ড ডিষ্ট্ৰিবিউটৰছ এছচিয়েশ্বনে শিশুৰ উপযোগী ছবি চিনাক্ত কৰিবলৈ লৈ ১৯২৫ চনলৈ বহু ছবি ন-কৈ সম্পাদনা আৰু নামকৰণ কৰি ৫২টা মেটিনি দর্শনীৰ আয়োজন কৰিছিল৷ যদিও এছচিয়েশ্বনে এই মেটিনিৰ প্ৰদর্শনৰ উদ্যোগ চলাই নগ, হলিউডৰ ষ্টুডিঅবোৰে শিশু চলচ্চিত্ৰৰ সম্ভাৱনাৰ প্ৰতি সজাগ হৈ ক্ৰমে এই ধাৰাৰ ছবি নির্মাণত হাত দিবলৈ ধৰিলে৷ ১৯২১ চনত তেওঁৰ নিজৰ প্ৰথম কেঁচুৱাৰ মৃত্যুৰ পাছত চার্লি চেপলিনে নিজৰ প্ৰযোজনাৰে তেওঁৰ প্ৰথম ৬৮ মিনিট দৈর্ঘ্যৰ ছবি দ্য কিড  নির্মাণ কৰি উলিয়ায় যত তেওঁৰ নিজৰ দাৰিদ্ৰপীড়িত শৈশৱৰে অনেক দিশ প্ৰতিফলিত হৈছিল৷ মন কৰিবলগীয়া যে এই ছবিখনৰ গুৰুত্বপূর্ণ শিশু চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেই জেকি কুগান পাছলৈ শিশু তাৰকা অভিনেতা হৈ পৰিছিল৷ ১৯২২ চনত আকৌ অভাৱপীড়িত অঞ্চল এটাৰ এজাক শিশুৰ উৎপতীয়া কাণ্ডক লৈ আৱাৰ গেং নামৰ এটা চুটি ছবিৰ ছি‍ৰিজৰ আৰম্ভণি‍ হৈছিল আৰু বিভিন্ন সময়ত ভিন্ন প্ৰযোজক-পৰিচালকে এই ছি‍ৰিজৰ অন্তর্গত ২২০ খন চুটি ছবি আৰু এখন পূর্ণদৈর্ঘ্য ছবি ১৯৪৪ চনলৈ নির্মাণ কৰি উলিয়াইছিল৷ ইফালে হলিউডৰ ষ্টুডিঅই লিলিয়ান গিশ্ব, ৰিচার্ড বার্থেলমেছ আৰু মেৰি পিকফর্ডৰ দৰে কিশোৰসুলভ চেহেৰাৰ অভিনেতাক লৈ জনপ্ৰিয় কাহিনীৰ আধাৰত ১৯২০ চনত পলিয়ানা আৰু ১৯২৫ চনত লিটল আনি ৰুণী দৰে ছবি নির্মাণ কৰি উলিয়াইছিল৷ জেকি কুগানৰ উপৰি বেবি পেগি নামৰ আন এজন শিশু অভিনেতাক প্ৰাপ্তবয়স্কৰ সৈতে অভিনয় কৰিবলৈ দি হলিউডৰ ষ্টুডিঅই ছবিবোৰ আটাইৰে মাজত সমাদৰ লভাকৈ নির্মাণ কৰিছিল৷

শিশু-চলচ্চিত্ৰৰ এটা ভংগী (Genre) যিসময়ত ক্ৰমে গঢ় লবলৈ ধৰিছিল, সেই সময়ত ছবিসমূহত শিশু চৰিত্ৰৰ অংকন আৰু ৰূপায়ৰ ক্ষেত্ৰত তিনিটা চৰিত্ৰ লক্ষ্য কৰা হৈছিল৷ ইয়াৰে এবিধ ছবিত শিশু চৰিত্ৰ একোটাক বৰ উৎপতীয়াকৈ গঢ় দিয়া হৈছিল আৰু তেওঁক চম্ভালিবলৈ প্ৰাপ্তবয়স্কসকল গলদঘর্ম হৈ পৰা দেখা  গৈছিল৷ আনহাতে আনবিধ ছবিত শিশু চৰিত্ৰক নিৰীহ-নিমাখিত ৰূপত অংকিত কৰি তেওঁলোক নানা অপশক্তিৰ কবলত পৰা আৰু মূৰকত তেনে শক্তিৰ গ্ৰাসৰ কৰা কোনো শুভংকৰ শক্তিয়ে তেওঁলোকক নিস্তাৰ দিয়া পৰিলক্ষিত হৈছিল৷ তৃতীয়বিধ ছবিত আকৌ শিশু চৰিত্ৰ একোটাক অতি সাহসী, টেঙৰ আৰু উপস্থিত বুদ্ধিৰে ধন্যৰ ৰূপতো গঢ় দিয়া হৈছিল যি সকলো অপশক্তি আৰু প্ৰতিকূলতা অতিক্ৰমি যায় চমৎকাৰী বুদ্ধিৰ প্ৰয়োগেৰে৷

কোৱা বাহুল্য কুৰি-ত্ৰিছৰ দশকৰ চলচ্চিত্ৰত প্ৰধানতঃ হলিউডৰ ছবিত এই নিৰীহ শিশু চৰিত্ৰৰ লগতে অতি টেঙৰ চৰিত্ৰক লৈয়েই সৰহভাগ ছবি নির্মিত হৈছিল৷ এনে ধৰণৰ ছবিৰ মাজত আছিল দ্য ডার্লিং অৱ নিউৱর্ক’ (১৯২৩), ‘কেপ্টেইন জানুৱাৰি‍’ (১৯২৪) ,‘আংকল টম্‌ছ কেবিন’ (১৯২৭), ‘হার্ট টু হার্ট’ (১৯২৮), ‘স্কিপি’ (১৯৩১), আৰু দ্য চেম্প’ (১৯৩১)৷ এই ছবিবোৰৰ মাজেৰে আনহাতে প্ৰথম দুখন ছবিৰ অভিনেতা বেবি পেগি, তাৰ পাৰ দুখন ছবিৰ অভিনেত্ৰী ভার্জিনিয়া গ্ৰে আৰু শেহৰ দুখন ছবিৰ অভিনেতা জেকি কুপাৰ এক ধৰণৰ ষ্টাৰ অভিনেতাই হৈ পৰিছিল৷ উল্লেখযোগ্য যে ইয়াৰে কুপাৰ স্কিপি’-ত কৰা অভিনয়ৰ বাবে অস্কাৰ বঁটালৈ মনোনীত প্ৰথমজন আমেৰিকান শিশু অভিনেতা আছিল৷

ত্ৰিছৰ দশকৰ আমেৰিকাক আনহাতে কুৰি শতিকাৰ সবাতোকৈ গুৰুতৰ আৰু দীর্ঘম্যাদী গ্ৰেট ডিপ্ৰেছন বুলি বিখ্যাত অর্থনৈতিক মন্দাৱস্থাই জুৰুলা কৰি দিছিল৷ ১৯২৯ চনৰ চাৰি ছেপ্টেম্বৰত আমেৰিকাত ষ্টক মার্কেটৰ সূচকাংক বেয়াকৈ নিম্নগামী হোৱাৰ পৰা আৰম্ভ হৈ ২৯ অক্টোবৰত মার্কেটৰ সমূলি পতন ঘটিছিল (Crash), যিটো দিনক কোৱা হয় কৃষ্ণ মঙলবাৰ বুলি৷ পাছলৈ এই সংকট বিশ্বজুৰি বিয়পি পৰিছিল আৰু ১৯২৯ চনৰ পৰা ১৯৩২ চনৰ ভিতৰত বিশ্বজুৰি জিডিপিৰ পোন্ধৰ শতাংশ অৱনমিত হৈছিল৷ কুৰি শতকাৰ শেহলৈ ২০০৮-২০০৯ চনত বিশ্বজুৰি জিডিপি এক শতাংশ কমোতেই গ্ৰেট ৰিচেছন হোৱাৰ পৰাই গ্ৰেট ডিপ্ৰেছন’-এ সৃষ্টি কৰা গুৰুতৰ মন্দাৱস্থাৰ উমান পাব পাৰি যি অৱস্থা বর্তি আছিল ত্ৰিছৰ দশকৰ শেহভাগলৈ৷

এইখিনি সময়তে এই পৰিস্থিতিয়ে সৃষ্টি কৰা সামাজিক আৰু অর্থনৈতিক প্ৰতিকূলতাত উদ্বিগ্ন হৈ চার্লি চেপলিনে হলিউডৰ পৰা ওলাই গৈ ১৯৩১-১৯৩২ চনত ওঠৰ মাৰ বাবে য়ুৰোপৰ দেশসমূহ ভ্ৰমণ কৰিছিল৷ সেইখিনি সময়তে তেওঁ উগ্ৰ জাতীয়তাবাদৰ অভ্যুত্থান, ‘গ্ৰেট ডিপ্ৰেছন’-এ সৃষ্টি কৰা দুর্বহ সামাজিক পৰিস্থিতিৰ লগতে এহাতে কল-কাৰখানাৰ অটমেশ্বন আৰু আনহাতে ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাত অতিকৈ উদ্বিগ্ন হৈ পৰিছিল আৰু নিজেই অর্থনীতিৰ কিতাপ আদি পঢ়ি কেৱল সম্পদৰেই নহয় কামৰো সমবিতৰণ নিশ্চিত কৰাৰ পোষকতা কৰিছিল৷ এখন বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত চেপলিনে কৈছিল নিবনুৱা সমস্যাটোৱেই প্ৰধান বিষয়... যন্ত্ৰপাতিয়ে মানৱতাক উপকৃত কৰিব লাগে ঠিকেই কিন্তু ই বিপর্যয়ৰ সৃষ্টি কৰিব নালাগে আৰু মানুহক কর্মচ্যুত কৰিব নালাগে৷ (Unemployment is the vital question… Machinery should benefit mankind. It should not spell tragedy and throw it out of work.) পাছত হলিউদলৈ আহি চেপলিনে আহি এই অভিজ্ঞতা আৰু অনুভৱৰ ভিত্তিতে প্ৰখ্যাত মডাৰ্ন টাইম্‌ ছবিখন নিৰ্মাণ কৰিছিল আৰু তাত কাৰখানাৰ কর্মীৰ যাযাবৰ (Little tramp) চৰিত্ৰ এটাৰ নানা ক্ৰি‍য়া-কাণ্ডৰ যোগেদি ত্ৰিছৰ দশকৰ সমস্যা আৰু উদ্বেগসমূহ যথা দাৰিদ্ৰতা, সৎস্থানহীনতা, ধর্মঘট, ৰাজনৈতিক অসিহিষ্ণুতা, অর্থনৈতিক অসমতা, যন্ত্ৰৰ যথেচ্ছাচাৰ আৰু আনকি নিচাসক্তি আদি দিশ হাস্যৰসাত্মকভাৱে কিন্তু শাণিত ব্যংগৰে উপস্থাপন কৰি ছবিখনক এখন যাউতিযুগীয়া ছবি কৰি তুলিছিল৷

গতিকে এইখিনি সময়ৰ শিশু চলচ্চিত্ৰসমূহৰ বিষয়বস্তুতো গ্ৰেট ডিপ্ৰেছন’-ৰ প্ৰভাৱ পৰিছিল আৰু ছবিবোৰত শিশু চৰিত্ৰসমূহে দাৰিদ্ৰতা আৰু আন প্ৰতিকূলতাৰ বিৰুদ্ধে কৰিবলগীয়া হোৱা সংগ্ৰাম প্ৰতিফলিত হৈছিল আৰু আনহাতে আন কিছুমান ছবিত অনাথ শিশুক মুখ্য চৰিত্ৰ হিচাপে লৈ তেওঁলোকৰ দুখ-দুর্দশাৰ চিত্ৰায়ণ কৰাৰ লগতে আর্থিক সকাহৰ বাবে আঢ্যৱন্ত শ্ৰেণীৰ লোকৰ শিশুক অপহৰণক লৈ ছবি নির্মিত হৈছিল৷ এনে ধৰণৰ ছবিবোৰৰ ভিতৰত কেইখনমান আছিল লেট্ছিং এগেইন’ (১৯৩৬), ‘ৱান হাণ্ড্ৰে‍ড মেন এণ্ড গার্ল’ (১৯৩৭) , ‘বেব্‌ছ ইন আর্মছ’ (১৯৩৯)৷ এইখিনি সময়ত আনহাতে শিশু চৰিত্ৰ একোটাক পৰিয়ালৰ সুখ-দুখ লৈ উদ্বিগ্ন, কিন্তু একে সময়তে নিজৰ ৰং-ৰহইচৰো অন্বেষণৰতৰূপে চিত্ৰায়ণ কৰি মূৰকত তেওঁলোকে  বিপর্যয়ৰ মাজতো পৰিয়ালক হর্ষিত কৰি তোলা ধৰণৰ ছবিও নির্মিত হৈছিল আৰু ছবছৰ বয়সতে ছবিত অভিনয় কৰিবলৈ লোৱা শ্বিৰলি টেম্প্ল অভিনীত ছবিবোৰত এই দিশটো অধিক প্ৰতিফলিত হৈছিল৷ ১৯৩৪ চনত নির্মিত ষ্টেণ্ড আপ এণ্ড চিয়েৰ’- লগতে একে বছৰতে নির্মিত লিট্ল মিছ মার্কাৰ আৰু ব্ৰাইট আইজ আদি ছবিবোৰৰ মাজেৰে শ্বিৰলি পাৰিবাৰিক সংকটৰ সমাধান অনায়াসে কৰা চৰিত্ৰ এটালৈ পর্যবসিত হৈ পৰিছিল আৰু তেওঁ সমগ্ৰ ত্ৰিছৰ দশকতে এনে ধৰণৰ ছবিত কৰা অভিনয়ৰ মাজেৰে এক তাৰকা শিশু অভিনেতালৈ পৰিগণিত হৈছিল৷ আনহাতে ব্ৰাইট আইজ’-ৰ শ্বিৰলিৰ সৈতে অভিনয় কৰা জেন ৱিডার্ছ নামৰ আন এটি শিশু অভিনেতায়ো জিঞ্জাৰ’ (১৯৩৫) আৰু পিপাৰ’ (১৯৩৬) আদি ছবিৰে জনপ্ৰিয় হৈ পৰিছিল৷ তদুপৰি বেবি লেৰয় আৰু বেবি ছে‍ণ্ডি আদি শিশু অভিনেতাও চল্লিছৰ দশকৰ আৰম্ভণিলৈকে সক্ৰিয় আছিল৷ এইখিনি সময়ৰ আন এটি জনপ্ৰিয় শিশু চৰিত্ৰ মিকি ৰুনি‍ৰ সৈতে একেলগে অভনয় কৰা জুডি গার্লেণ্ড অভিনীত দ্য ৱিজার্ড অৱ অ’ (১৯৩৯) ত্ৰিছৰ দশকৰ সবাতোকৈ জনপ্ৰিয় ছবি আছিল৷

কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হলিউডৰ শিশু ষ্টাৰ অভিনেতাৰ সমাদৰ কমি আহিছিল৷ বিশেষকৈ বিশ্বযুদ্ধ-পৰৱর্তী আর্থিক দুৰৱস্থাই ষ্টুডিঅ ব্যৱস্থাৰ কামিহাড় ভাঙি দিয়াটো এই পৰিস্থিতিৰ প্ৰধান কাৰণ আছিল৷ ১৯৫০ চনৰ পাছৰ ছবিবোৰত সেয়ে সফলতাৰ মুখ দেখা শিশু অভিনেতা আৰু চলচ্চিত্ৰ খুব তাকৰ আছিল৷ কিন্তু তাৰ মাজতো এইখিনি সময়ৰ শিশু চলচ্চিত্ৰত কেতবোৰ জটিল বিষয়ত অৱলোকনৰ চেষ্টা কৰা হৈছিল৷  ১৯৫৬ চনত নির্মিত দ্য বেড ছি‍’- সৰু ছোৱালী এজনীক খলনায়িকা হিচাপে চৰিত্ৰায়ণ কৰি তাৰ অন্তৰালৰ কাৰণ জেনেটিক নেকি সেই বিষয়ে অন্বেষণৰ প্ৰয়াস কৰা হৈছিল৷  ১৯৬২ চনত নির্মিত দ্য মিৰাকল্ ৱর্কাৰ’-ত আনহাতে শৈশৱতে ৰোগাক্ৰান্ত হৈ কলা আৰু অন্ধ হোৱা প্ৰখ্যাত আমেৰিকান লেখিকা হেলেন কিলাৰৰ শৈশৱৰ উন্মোচনেৰে তেওঁৰ শাৰীৰি‍ক পংগুত্ব সত্ত্বেও এগৰাকী অক্লান্ত লেখিকা হিচাপে জীৱনটোক মহিমামণ্ডিত কৰাৰ দিশটো ফুটাই তোলা হৈছিল৷ ১৯৬৮ চনত নির্মিত অলিভাৰ আকৌ অলিভাৰ টুইষ্টৰ কাহিনীৰ আধাৰত নির্মিত সাংগিতীক ছবি আছিল৷ মন কৰিবলগীয়া যে এই কালছোৱাত ডিজনীয়েও কিছু বিৰতি সাপেক্ষে ছবি নির্মাণ অব্যাহত ৰাখিছিল৷

সত্তৰৰ দশকত হলিউদৰ কেতবোৰ ছবিত কেতবোৰ পৃথক বিষয়ো উন্মোচিত হৈছিল৷  তাৰ মাজৰ এখন আছিল ১৯৭৩ চনত নির্মিত পেপাৰ মুন, ত প্ৰৱঞ্চক যুটি‍ এটাৰ অন্যতম শিশু চৰিত্ৰ এডিৰ ভূমিকাত অৱতীর্ণ হৈ ন বছৰীয়া টাতুম অনীলে অস্কাৰ বঁটা বিজয়ী হৈছিল৷ ১৯৭৩ চনতে নির্মিত দ্য এক্সৰচিষ্ট’- বাৰ বছৰীয়া ৰিগান মেকনিল দানৱীয় শক্তিৰ কৱলত পৰাৰ পাছত দুজন পুৰোহিতে  জৰা-ফুঁকাৰে সেই শক্তিৰ পৰা মুক্ত কৰিবলৈ লওঁতে কনমাণিটোৱে সন্মুখীন হোৱা অবর্ণনীয় পৰিস্থিতিৰ উন্মোচনেও সেই সময়ত বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এই সময়ছোৱাৰ অনেক নিৰীহ-নিমাখিত শিশু চৰিত্ৰৰ আর্কিটাইপৰ পৰিৱর্তে বিভিন্ন সামাজিক কাৰকে শিশুৰ চৰিত্ৰত পেলোৱা কু-প্ৰভাৱৰ আধাৰতো ছবি কৰিবলৈ লৈছিল আৰু বহু সময়ত সেইবোৰ আৰু শিশু-উপযোগী ছবি হৈ থকা নাছিল৷ এনে ধৰণৰ দুখন ছবি আছিল মার্টিন স্কৰচেছিৰ টেক্সি ড্ৰাইভাৰ’ (১৯৭৬) আৰু লুই মালেৰ প্ৰেটি বেবী (১৯৭৮) আৰু দুয়োখন ছবিতে গণিকাৰ ৰূপত কিশোৰীৰ চৰিত্ৰই সেই সময়ত তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি কৰিছিল৷ কিন্তু মূলতঃ শিশু দর্শকক উদ্দেশ্যিয়েই ষ্টুডিঅসমূহে ছবি কৰিয়েই আছিল আৰু তেনে ধৰণৰ ছবি কেইখনমান আছিল ৱাল্ট ডিজনীৰ এস্কেপ টু ৱি‍ট্শ্ব মাউণ্টেইন’ (১৯৭৫), ষ্টেন্‌লি আৰ জাফেৰ দ্য বেড নিউজ বিয়েৰছ’ (১৯৭৬), মেলভিন ছাইমন প্ৰডাক্সনৰ মাই বডিগার্ড’ (১৯৮০), ৰে ষ্টার্কৰ এনি’ (১৯৮২) আৰু আশীৰ দশকৰ সবাতোকৈ চর্চিত ছবি  য়ুনির্ভাছেল পিক্সার্ছৰ ষ্টিভেন স্পিলবার্গ পৰিচালিত ই টি- দ্য এক্সট্ৰা টেৰেষ্ট্ৰিয়েল’ (১৯৮২)৷ এই ছবিবোৰৰ ভালেখিনি আছিল বাস্তৱিক কাহিনীৰ আধাৰিত যথা পশ্চিমীয়া সমাজত সততে পৰিলক্ষিত বিবাহ বিচ্ছেদ বা আন কাৰণত সাংসাৰিক ভাঙোনে‍ শিশুৰ জীৱনলৈ নমাই অনা অবর্ণনীয় দুর্ভোগ আৰু দুর্যোগৰ চিত্ৰায়ণ৷ আন কোনোখনত আকৌ যুদ্ধ-বিগ্ৰহত নিঠৰুৱা হোৱা শিশুৰ লগতে অত্যাচাৰী বা মদপী পিতৃৰ অত্যাচাৰত পীড়িত হোৱা শিশু, দাৰিদ্ৰপীড়িত শিশু অথবা ড্ৰাগাসক্ত বা অপৰাধপ্ৰৱ শিশুৰ জীৱনৰো চিত্ৰায়ণ হৈছিল৷ আশীৰ দশকৰ শেহৰ ফালে এনে ধৰণৰ বাস্তৱানুগ বিষয় আধাৰিত ছবি বেছিকৈ নির্মিত হব ধৰিছিল কিয়নো সেই সময়ত ষ্টুডিঅই একান্তই শিশু চলচ্চিত্ৰ নির্মাণৰ পৰিৱর্তে কিশোৰ-কিশোৰীৰ জীৱন আধাৰিত ছবিৰ ফালে অধিক ঢাল খাইছিল কিয়নো সেইবোৰত কৈশোৰ প্ৰেমৰ পৰা আৰম্ভ কৰি বেপৰোৱা যৌৱন-কাল, অপৰাধপ্ৰৱতা, যৌনতা, নৈশ জীৱন আদিৰ সমাহাৰ ঘটাই অধিক ব্যৱসায়-উপযোগী ছবি নির্মাণ কৰিব পাৰিছিল৷ এইখিনি সময়ত আনহাতে ছেগা-চোৰোকাকৈ যিবোৰ শিশু চলচ্চিত্ৰ ছবি নির্মিত হব ধৰিছিল, সেইবোৰক শিশু চৰিত্ৰক অত্যন্ত তীখৰ, বুদ্ধিদীপ্ত ৰূপত গঢ় দি প্ৰাপ্তবয়স্কসকলৰ মূৰৰ কামোৰণি হোৱা এলানি ঘটনাৰে ছবিবোৰক অতি উৎকণ্ঠাময়, হাস্যমধুৰ আৰু উপভোগ্য কৰি তোলা হৈছিল৷ এনে ধৰণৰ কেইখনমান ছবি আছিল প্ৰব্লেম চাইল্ড’ (১৯৯০), ‘ম এল’ (১৯৯০), ‘ডেনিছ দ্য মেনেছ’ (১৯৯৩), ‘ৰিছি ৰিশ্ব’ (১৯৯৪), ‘ফার্ষ্ট কিড’ (১৯৯৬), ‘লিভ ইট টু বিভাৰ’ (১৯৯৭) আৰু দ্য পেৰেণ্ট ট্ৰেপ’ (১৯৯৮)৷ কিন্তু আনহাতে ১৯৯১ চনৰ লিট্ল মেন টেট’, ১৯৯৩ চনৰ ফ্ৰি উিইলি’, ২০০০ চনৰ পে ইট ফৰৱার্ড আৰু ২০০১ চনৰ আই এম ছা’ (২০০১) আদিত আনহাতে প্ৰাপ্তবয়স্কৰ জীৱনত শিশু চৰিত্ৰই লোৱা গুৰুত্বপূর্ণ ভূমিকাৰ চিত্ৰায়ণ ঘটিছিল৷ সেয়ে হলেও হলিউদৰ চিনেমাত শিশুক ক্ৰমে এখন কল্পলোকৰ অংশ কৰি অদ্ভু, অভাৱনীয় চৰিত্ৰৰ নির্মাণেৰে, চৰিত্ৰসমূহৰ অলৌকিক শক্তি আৰু ক্ৰি‍য়া-কাণ্ডৰ উন্মোচনেৰে, চমৎকাৰ ছে’ট নির্মাণ আৰু স্পেচিয়েল এফেক্ট্‌ছৰ অকুঞ্চন প্ৰয়োগেৰে বিপুল বাজেটৰ ছবি নির্মাণৰ ধাৰা এটাহে ক্ৰমে প্ৰৱল হৈ উঠিছিল৷ এনেবোৰ ছবিৰ মাজত আছিল হেৰি পটাৰ ছি‍ৰিজ (২০০১-২০১১), স্পাই কিড ছি‍ৰিজ (২০০১-২০০৩), ‘টাক এভাৰলাষ্টিং’ (২০০২), ‘দ্য কেট ইন দ্য হেট’ (২০০৩), ‘কেচ্ছ ডেট কিড (২০০৪), লেমনি স্নিকেটৰ ছি‍ৰিজ অৱ আনফৰচুনেট ইভেণ্টছ’ (২০০৪) আৰু হাইড এণ্ড চিক’ (২০০৫) আদি৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ