অন্যযুগ/


শিশুচিত্ৰ আৰু শিশুৰ বাবে অঁকা চিত্ৰ

দেৱকৃষ্ণ বৰুৱা

        শিশু এটিয়ে সাধাৰণতে তিনি বছৰমান বয়সৰ পৰাই কিতাপ, বহী, ঘৰৰ বেৰ, আচবাব আদিত আঁক-বাক কৰিবলৈ লয়৷ এইটো প্ৰায় সকলো শিশুৰে এটা সাধাৰণ আৰু স্বাভাৱিক প্ৰবৃত্তি৷ সেয়ে ৩ বছৰৰ পৰা ১০ বছৰ বয়সৰ লৰা-ছোৱালীয়ে স্বাভাৱিক প্ৰবৃত্তিৰে নিজৰ কল্পনা আৰু বাস্তৱ জগতৰ যোগেদি মনত ঠাই লোৱা ধাৰণাসমূহক যেতিয়া চিত্ৰৰ ৰূপ দিয়ে, তাকে শিশুচিত্ৰ বুলিব পাৰি৷ ইয়াত স্বাভাৱিক প্ৰবৃত্তি শব্দ দুটাত জোৰ দিয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছে৷ পৰিৱৰ্তিত সময় আৰু প্ৰতিযোগিতামূলক শিক্ষাব্যৱস্থাই শিশুসকলক এনে এটা পযাৰ্য়লৈ লৈ গৈছে যে বৰ্তমান শিশুৱে অঁকা সকলো ছবিকে প্ৰকৃতাৰ্থত শিশুচিত্ৰ বুলিব নোৱাৰি৷ প্ৰকৃততে আমি অভিভাৱক আৰু শিক্ষকসকলেই তেওঁলোকক এই খিতাপৰ পৰা বঞ্চিত কৰিছোঁ৷ এইখিনিতে দুটামান ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰিব খুজিছোঁ৷ মই নিজে এখন ব্যক্তিগত চিত্ৰকলা বিদ্যালয়ৰ শিক্ষক আৰু পৰিচালক৷ ৯৯ শতাংশ অভিভাৱকেই শিশুটিৰ নাম লগাবলৈ আহোঁতে কয় যে শিশুটি ছবি অঁকাত বেয়া, স্কুলৰ পৰীক্ষাত ছবি বিষয়ত কম নম্বৰ পোৱা বাবেই নম্বৰৰ শতকৰা হাৰ কমি যায়, হাতৰ আখৰ বেয়া ইত্যাদি৷ গতিকে শিশুটিক ভালকৈ ছবি শিকাই দিব লাগে৷ আজিকালি মোৰ ওচৰলৈ শিশু এটি লৈ কোনো লোক আহিলে তেওঁ কোৱাৰ আগতে মই কওঁ— “নামভৰ্তি কৰিব পাৰিব; কিন্তু দুমাহৰ পাছত আপুনি আহি মোক নকব যে সি এতিয়ালৈকে একো শিকা নাই৷ আমি বিদ্যালয়ত ছবি অঁকাৰ পৰিৱেশ এটা দিওঁ আৰু আমি সহায়ক হিচাপেহে‍ কাম কৰোঁ৷ তাকে চাই আপুনি যি ভাল দেখে৷বহুতৰ বাবে যুগবিৰোধী মোৰ এই মন্তব্যৰ বাবেই মোৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম৷ কব বিচৰা দ্বি‍তীয় কথাটো হআজিকালি সঘনে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাবিলাক৷ এনে প্ৰতিযোগিতাৰ বিচাৰক হিচাপে প্ৰায়ে নিমন্ত্ৰণ পাওঁ৷ প্ৰথমে গৈছিলোঁ যদিও আজিকালি যোৱা বন্ধ কৰিলোঁ৷ তাৰ কাৰণ প্ৰধানকৈ দুটা৷ প্ৰথম, প্ৰকৃত শিশুচিত্ৰক স্থান দিমনে ডাঙৰে পোনাই-পঁজৰাই দিয়া বয়স্ক শিল্পীৰ দৰে আঁকিবলৈ যত্ন কৰা বা মুখস্থ কৰি আহি ছবি এখন অঁকা শিশুটিক স্থান দিমএই লৈ মই বিপাঙত পৰোঁ৷ দ্বি‍তীয়তে, কেতিয়াবা ফলাফলৰ পাছত বিচাৰকতকৈ অতি বিচাৰকৰূপী অভিভাৱক কিছুমানৰ আবিভাৰ্ৱ হয়৷ এনে অপমান মোৰ সহ্য নহয়৷ তদুপৰি শিশুৱে অঁকা ছবিবোৰ তুলাচনীত তুলিবলগীয়া হলে মই কষ্ট পাওঁ৷ কাৰণ সেই তুলাচনীখন হল ব্যাকৰণ আৰু শিশুচিত্ৰৰ লগত ব্যাকৰণৰ কোনো সম্পৰ্ক নাই৷ সি যি কি নহওক, পিছৰ আলোচনাত এই কথাখিনি উল্লেখ কৰাৰ কাৰণ স্পষ্ট কৰিবলৈ চেষ্টা কৰা হব৷


ছবছৰীয়া শিশু অনসূয়া বৰুৱাই অঁকা চিত্ৰ


  
     আচলতে শিশুৱে নিজে যি দেখে, ভাবে বা কল্পনা কৰে তাৰ ভিত্তিত ছবি আঁকে৷ বাস্তৱত দেখা দৃশ্য বা ফৰ্মবোৰৰ হুবহু প্ৰতিৰূপ ছবিত তুলি ধৰিবলৈ তেওঁলোকে চেষ্টা নকৰে৷ তাৰ পৰিৱৰ্তে কিছুমান ইমেজ অংকন কৰিব বিচাৰে, যিবোৰে তেওঁলোকৰ মনৰ ভাবক সামগ্ৰিক ৰূপত দাঙি ধৰিব পাৰে৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে কাৰো হস্তক্ষেপ বা সহায় আশা নকৰে৷ তেওঁলোকে নিজৰ বাবে ছবি আঁকে; আনৰ ওপৰত আৰোপো নকৰে আৰু আনৰ ব্যাখ্যাও নিবিচাৰে৷ প্ৰয়োজনত নিজে নিজৰ ছবিৰ ব্যাখ্যা আগ বঢ়ায়৷ এনে ব্যাখ্যাই কেতিয়াবা আমাক আশ্চৰ্যান্বিত কৰি তোলে৷ তেতিয়াহে বুজা যায় যে আমি অসংলগ্ন বুলি ভবা সিহঁতৰ ছবিৰ ফৰ্মবোৰৰ কি যুক্তিপূৰ্ণ সংগতি থাকে৷ তেওঁলোকৰ ছবি চালে কেতিয়াবা মনত এক ছ্যুৰিয়েলিষ্টিক ধাৰণাই ভুমুকি মাৰে৷ ছবিবোৰ বাস্তৱ আৰু কল্পনাৰ বাহ্যিকভাৱে সংগতিহীন প্ৰকাশ বাবেই এনে লাগে৷ শিশুৱে এনে ধৰণৰ ইলিউন সৃষ্টি কৰিব পাৰে বাবেই ছবিবোৰ অভিব্যক্তিপূৰ্ণ আৰু নান্দনিক মূল্যসম্পন্ন হৈ পৰে। 

ছবছৰীয়া শিশু অনসূয়া বৰুৱাই অঁকা চিত্ৰ

        কবি, কলাসমালোচক নীলমণি ফুকনৰ ভাষাত— “সহজাত সংৱেদন শক্তি, আৱেগ-কল্পনা-অনুভূতি আৰু আনন্দৰ মাজেৰে বস্তুজগতখনক,— তাৰ বৈচিত্ৰ্যময় ৰূপ, বৰ্ণ, ৰেখা, আকাৰ, অৱয়ৱ, স্পৃশ্যগুণকযেনেকৈ দেখে তেনেকৈ নহয়, যেনেকৈ শিশুৰ মনে জানে তেনেকৈ আঁকে৷ অৰ্থাৎ শিশুৱে অঁকা যিকোনো এটা বস্তু বা মানুহটো দেখি হোৱা ধাৰণাৰ পৰাহে আঁকে৷ সেই কাৰণে শিশুৰ ছবিত মানুহটো বা ঘৰটো সিহঁতৰ স্বাভাৱিক, যথাদৃষ্ট ৰূপত আমি দেখা নাপাওঁ৷ মানুহটো বা ঘৰটোৱে শিশুৰ ছবিত বিমূৰ্ত, অৰ্ধ বিমূৰ্ত, ৰূপাৰোপিত (stylised) প্ৰতীকী ৰূপ এটাৰ মাজেৰেহে প্ৰকাশ লাভ কৰে৷

ছবছৰীয়া শিশু অনসূয়া বৰুৱাই অঁকা চিত্ৰ

        প্ৰকৃততে কোনো শিশুকেই ছবি শিকাব নোৱাৰি৷ সেয়ে কেতিয়াবা কোনো শিশু শিক্ষকৰো শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা যায়৷ শিশুক জোৰকৈ শিকাবলৈ গলে তেওঁলোক ৰ স্বাভাৱিক প্ৰতিভাত আঘাত পৰে আৰু ক্ৰমাৎ স্বাভাৱিক শিশুমনটো নিষ্ক্ৰিয় হৈ পৰে৷ বয়স্কসকলৰ বাবে অতি বিড়ম্বনাৰ কথাটো হল আমি সকলোৱে অতিক্ৰম কৰি অহা শৈশৱৰ ঘটনাৰাজি আংশিক স্মৰণ কৰিব পাৰিলেও সেই বয়সৰ আমাৰ মানসিকতা, কল্পনা, চিন্তাৰ স্বাধীনতা আদি কথাবোৰ পাহৰি যাওঁ৷ সেয়ে হয়তো আমি সিহঁতক আমাৰ দৰে ভাবিবলৈ, কৰিবলৈ বাধ্য কৰিব বিচাৰোঁ৷

ছবছৰীয়া শিশু অনসূয়া বৰুৱাই অঁকা চিত্ৰ

        শিশুসকলৰ মনত ঠাই লোৱা ইমেজবোৰ তেওঁলোকে নিসংকোচে,নিৰ্ভয়ে চিত্ৰপটত দাঙি ধৰে৷ একেখন ছবিতে অনেক উপাদান, অনেক দেহাৱয়ৱ অংকন কৰিবলৈও তেওঁলোক কুণ্ঠিত নহয়; কাৰণ তেওঁলোক পৰিপক্বতা আৰু ব্যাকৰণৰ প্ৰতি সজাগ বা অৱগত নহয়৷ আমি সজাগ আৰু অৱগত বাবেই ভয় কৰোঁ৷ আমি ভাবোঁইমানবোৰ উপাদান ব্যকৰণবিধি ৰক্ষা কৰি একেখন ছবিত উপস্থাপন কৰিব পাৰিম জানো? অপৈণত হাতৰ সৰল বা বিকৃত ৰূপ, তেনে অনেক ৰূপৰ আমি ভবাতকৈ সুকীয়া বিন্যাস আদিয়েই শিশুচিত্ৰৰ গুৰুত্ব আৰু সৌন্দৰ্য৷ এনে ৰচনাৰীতিয়ে দৰ্শকৰ মনত ইলিউন সৃষ্টি কৰি বিখন ভাবসঞ্চাৰী কৰি তোলে৷ কিন্তু আমি তেওঁলোকৰ ৰূপ আৰু তাৰ বিন্যাসৰ মাজত যুক্তিগত সম্পৰ্ক বিচাৰি থাকোঁ; অথাৰ্ৎ অৱচেতনভাৱেই আমি বয়স্কজনৰ ছবিৰ লগত শিশুচিত্ৰ এখনৰ তুলনা কৰি পেলাওঁ, যিটো একেবাৰে অযুক্তিকৰ কথা৷ গুৰুত্বপূৰ্ণ যে আমি অসংলগ্ন আৰু ভুল বুলি ভবা ছবি একোখনৰ ব্যাখ্যা বা তাৰ সপক্ষে শিশু এটিয়ে দাঙি ধৰা যুক্তি দেখি আচৰিত হব লাগে৷ মোৰ ছাত্ৰী এগৰাকীক এদিন এজোপা গছ আঁকিবলৈ দিছিলোঁ৷ তেওঁ গছজোপা আঁকি ৰং কৰি মোক দেখুৱালে৷ গছজোপাত অসংখ্য পকা আম লাগি আছে আৰু ফুলো ফুলি আছে৷ আমি ডাঙৰসকলে জানো যে আম ডাঙৰ হোৱাৰ পাছত গছত ফুল নাথাকে আৰু আমৰ ফুলো এপাহ এপাহকৈ আঁকিব পৰাকৈ ডাঙৰ নহয়৷ ছাত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এক অকাট্য যুক্তি দাঙি ধৰিলে— “তুমি একো নাজানা দেই৷ ফুল নোহোৱাকৈ আম কৰ পৰা আহিব৷বাস্তৱ অভিজ্ঞতা বা ডাঙৰৰ পৰা তেওঁ এই কথা শিকিছে যে ফুলৰ পৰা ফল হয়৷ গতিকে ফুল-ফলৰ এই অনুষংগইহে ছবিখনক পূৰ্ণতা দিব বুলি তেওঁ বিশ্বাস কৰে; ডাঙৰে ভবাৰ দৰে তেওঁ যুক্তিৰে কথাবোৰ বিচাৰ কৰি চাব নাজানে বা নিবিচাৰে৷ মই গছজোপাহে আঁকিবলৈ দিছিলোঁ; কিন্তু তেওঁ মনত গঢ় লোৱা গছজোপাৰ সাম্ভাৱ্য সামগ্ৰিক ৰূপ এটাৰ ধাৰণাটো দাঙি ধৰি তাক এক সংৰচনলৈ উন্নীত কৰিছে৷ এই কথাটোৱে ছবিখনক এক অতিবাস্তৱৰ শাৰীলৈ লৈ গৈছে৷ 

        শিশুসকল এক অনন্য সংৰচন ক্ষমতাৰ অধিকাৰী৷ ওপৰত কৈ অহাৰ দৰে তেওঁলোকে একেখন ছবিতে অনেক উপাদানৰ সমাহাৰ ঘটাব পাৰে৷ সাধাৰণতে যিকোনো এটা দৃশ্যৰ সমুখৰ ফালৰ পৰা দেখা নোপোৱা সম্ভাৱ্য উপাদানবোৰো একেখন চিত্ৰপটত দাঙি ধৰি স্থান-কাল-পাত্ৰৰ এক অপূৰ্ব সমন্বয় ঘটাব পাৰে শিশুশিল্পীয়ে৷ এই ক্ষেত্ৰত তেওঁলোকক বিংশ শতিকাৰ প্ৰথমভাগত ইটালিত জন্মলাভ কৰা ভৱিষ্যবাদীসকলৰ লগতহে তুলনা কৰিব পাৰি৷ ভৱিষ্যবাদীসকলে যেনেকৈ কোনো এটা প্ৰাণী বা বস্তুৰ গতিৰ বিভিন্ন ভংগীক কেনভাছত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল, তেনেকৈ কোনো এটা দৃশ্যৰ আকাশমাৰ্গৰ পৰা লক্ষ্য কৰাৰ দৰে চাৰিওফালৰ উপাদানবোৰ আনকি দৃশ্যটোৰ দৰ্শক পৰ্যন্ত (সাধাৰণতে দৃশ্য এটাৰ দৰ্শকজন ছবি বা ফটোত উপস্থিত নাথাকে) ছবিত তেওঁলোকে উপস্থাপন কৰিছিল৷ ইয়াৰ বাবে সকলো ব্যাকৰণবিধি অমান্য কৰা হৈছিল৷ শিশুৱে ব্যাকৰণবিধি উলংঘা কৰাৰ প্ৰশ্ন নাহে; কাৰণ তেওঁলোকৰ ব্যাকৰণৰ ধাৰণাই নাথাকে৷ কিন্তু শিশুৰ ৰূপবিন্যাস ভৱিষ্যবাদীসকলৰ দৰে বা কিছু ক্ষেত্ৰত ভৱিষ্যবাদীসকলৰ ৰূপবিন্যাস শিশুৰ দৰে বুলিব পাৰি৷ গছত ফুল, ফুলৰ পৰা ফলই ভৱিষ্যবাদী দৰ্শনৰে প্ৰতিফলন৷ কাৰণ ইয়াত এটা প্ৰক্ৰিয়াক একেটা মাধ্যমতে দাঙি ধৰা হৈছে৷ প্ৰাকৃতিক দৃশ্য এটা বা কোঠা এটাৰ অন্তভাৰ্গ অংকন কৰোঁতেও শিশুৱে পৰিপ্ৰেক্ষিতৰ কথা নাভাবে, তাত থাকিবলগীয়া উপাদানবোৰতহে শিশুৱে গুৰুত্ব দিয়ে৷ সেয়ে এনে ছবিত বয়স্ক শিল্পীয়ে সামৰিব নোৱৰা উপাদানবোৰো তেওঁলোকে সামৰিব পাৰে৷

        ৰূপতত্ত্বৰ ফালৰ পৰা শিশুচিত্ৰৰ আদিম গুহাচিত্ৰৰ লগত সাদৃশ্য আছে৷ আদিম মানুহে কোনো নন্দনতাত্ত্বিক মূল্যবোধ সৃষ্টিৰ বাবে ছবি অঁকা নাছিল৷ তেওঁলোকৰ চিত্ৰবোৰ আছিল এক প্ৰকাৰ উদ্দেশ্যধৰ্মী চিত্ৰ৷ তেওঁলোকৰ চিত্ৰবোৰত হয়তো কিছুমান বিশ্বাস জড়িত হৈ আছিল৷ চিকাৰজীৱী আদিম মানুহে চিকাৰৰ বাবে ছবিৰ যোগেদি হয়তো কিছুমান পৰিকল্পনা কৰিছিল৷ জন্তুবোৰ কি পদ্ধতিৰে, কেনে ৰণকৌশলেৰে বধ কৰিব, তাৰ এক পৰিকল্পনা হয়তো ছবিৰ যোগেদি দলৰ লোকসকলক বুজোৱা হৈছিল৷ তদুপৰি কোনো শক্তিশালী জন্তুক দমন বা বধ কৰা ছবিৰ যোগেদি তেওঁলোকে সাহস লাভ কৰিছিল আৰু তাৰ ভিত্তিত নিজৰ শক্তি বৃদ্ধি হোৱা আৰু জন্তুবোৰৰ শক্তি লাঘৱ হোৱাৰ এক বিশ্বাস গঢ়ি উঠিছিল৷ এনেবোৰ কাৰণতে যিহেতু তেওঁলোকে ছবি আঁকিছিল, সেয়ে তাত বাস্তৱানুগ ৰূপতত্ত্ব বা সংৰচন গুৰুত্বপূৰ্ণ কথা নাছিল৷ অৱশ্যে মানুহৰ মগজুৰ ক্ৰমবিকাশ, কৰ্মদক্ষতা, অভিজ্ঞতা আদি কথাও ইয়াত জড়িত হৈ আছে৷ সেইবাবে তেওঁলোকৰ ফৰ্মবিলাক খুব সৰল আছিল৷ ৰঙৰ ক্ষেত্ৰতো একেই কথা৷ তেওঁলোকে বলিষ্ঠ শকত ৰেখাবিলাকত প্ৰাথমিক ৰং ব্যৱহাৰ কৰিছিল৷ অৱয়ৱবোৰত ৰঙৰ মসৃণতাৰে ভলিউমৰ আভাস দিয়া বা ফিনিশ্বিং দিয়াত তেওঁলোকে গুৰুত্ব দিয়া নাছিল৷ শিশুচিত্ৰতো আদিম কলাৰ এইকেইটা বৈশিষ্ট্য পৰিলক্ষিত হয়৷ তেওঁলোকে ডাঠ ৰেখা আৰু প্ৰাথমিক ৰং ব্যৱহাৰ কৰি ভাল পায়; ভলিউম বা ফিনিশ্বিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়ে৷ হয়তো ৪০-৫০ হাজাৰ বছৰ আগৰ গুহাচিত্ৰকৰসকলৰ মগজুৰ বিকাশো বৰ্তমানৰ এজন শিশুৰ সমপৰ্যায়ৰ আছিল৷ এই ক্ষেত্ৰত কবি, কলাসমালোচক নীলমণি ফুকনদেৱে কৈছে— “আদিম শিল্পীৰ দৰে শিশুৱেও প্ৰত্যক্ষ পৰ্যৱেক্ষণৰ যোগেদি তেওঁৰ অজ্ঞাতেই যিকোনো এটা দৃশ্য বা বস্তুৰ মৌলিক উপাদানসমূহ সংগ্ৰহ কৰে৷ সজ্ঞা আৰু সহজাত উপলব্ধিৰে সিবোৰক আত্মসাৎ কৰে আৰু গাঢ়, উজ্জ্বল প্ৰাথমিক বৰ্ণ প্ৰয়োগ কৰিসেই বস্তু বা দৃশ্যক ব্যঞ্জনাময় ৰূপত প্ৰকাশ কৰে৷ 

        শৈশৱকালত মগজুৰ পূৰ্ণবিকাশ নোহোৱা বাবে ডাঙৰৰ কাম-কাজ আৰু আইডিয়াৰ লগত তেওঁলোক খাপ খাব নোৱাৰে৷ সেইবাবেই শিশুৰ এখন সুকীয়া জগত আছে, সুকীয়া মানসিকতা আছে আৰু আছে কাম কৰাৰ নিজৰ এক ষ্টাইল৷ ডাঙৰৰ হস্তক্ষেপে তেওঁলোকৰ সেই স্বকীয় ষ্টাইলত ব্যাঘাত জন্মায় আৰু শিশুৰ নিজৰ স্বাভাৱিক প্ৰতিভা বিনষ্ট হৈ পৰে৷ আমি অভিভাৱক তথা শিক্ষকসকলে শিশু এটিৰ মনস্তত্ত্ব বা কোনটো দিশত তেওঁ আগ্ৰহী আদি কথাবোৰ পৰ্যৱেক্ষণ নকৰাকৈ শিশুটিক শিল্পীবনাবলৈ লাগি যাওঁ৷ আনকি বহুতে দেখাক দেখি বা ব্যস্ত ৰাখিবৰ বাবে ছবি, সংগীত, নৃত্য, খেল আদি সকলো ক্ষেত্ৰতে টানি-আঁজুৰি লৈ ফুৰে৷ ফলত তেওঁ কোনো এটা ক্ষেত্ৰতে সফল হবগৈ নোৱাৰে৷ শিশুটিয়ে ছবি আঁকিলে বুলিয়েই বা তেওঁ চিত্ৰকলা বিদ্যালয়ত অধ্যয়ন কৰিলে বুলিয়েই তেওঁ যে ভৱিষ্যতে এজন শিল্পী হবগৈ পাৰিব বা লাগিব তাৰ কোনো মানে নাই৷ কিন্তু বহু শিক্ষকে অভিভাৱকৰ চাপৰ ফলতেই হওক বা শিশু মনস্তত্ত্বৰ জ্ঞানশূন্যতাৰ বাবেই হওক, শিশু এটিক ছবিৰ নানা কাৰিকৰী কৌশল শিকাই ডাঙৰৰ দৰে ছবি আঁকিবলৈ প্ৰৰোচিত কৰে৷ এনে কাৰণতে বহুতো শিশুৰ ছবিত নিজৰ স্বাভাৱিক, সাৱলীল আৰু মুক্ত প্ৰকাশভংগীৰ বিপৰীতে শিক্ষকে শিকাই দিয়া বিষয়বস্তু, ৰূপবিন্যাস আৰু বৰ্ণবিন্যাস দেখিবলৈ পোৱা যায়৷ এনে ক্ষেত্ৰত শিশুৱে নিজৰ সৃজনশক্তি হেৰুৱাই অনুকৰণ কৰাত ব্যস্ত হৈ পৰে৷ কাৰণ, এনে ছবিৰ যোগেদি তেওঁ প্ৰশংসা আৰু পুৰস্কাৰ দুয়োটাই লাভ কৰে; যিটো বহুতো মাক-দেউতাকৰো কাম্য৷ সাধাৰণ পাঠ্যক্ৰমৰ বিদ্যালয়সমূহৰ বহু শিক্ষকে শিশুচিত্ৰৰ মূল্যায়নৰ বেলিকা এক নেতিবাচক ভূমিকা পালন কৰা দেখা যায়৷ তেওঁলোকে চাৰি-পাঁচ বছৰীয়া শিশু এটিৰ ছবি এখন হয়তো বয়স্ক মানুহৰ ছবিৰ লগত তুলনা কৰি মূল্যায়ন কৰে; নহলে নম্বৰ দিয়াৰ বেলিকা ইমান কাৰ্পণ্য নকৰিলেহেঁতেন৷ তেওঁলোকে আচলতে শিশু মনস্তত্ত্ব বুজি নাপায় আৰু এবাৰো ভাবি নাচায় যে তেওঁ সেই বয়সত কেনে ধৰণৰ ছবি আঁকিছিল৷ আচলতে শিশু এটিক সৰুতেই জোৰকৈ পৈণত শিল্পী হিচাপে গঢ়ি তোলাৰ কুচকাৱা কৰাতকৈ শিশুটিৰ মুক্ত কল্পনা, মুক্ত প্ৰকাশভংগীৰ বাবে, তেওঁলোকক উৎসাহিত, অনুপ্ৰাণিত কৰিব পৰা এটা সুস্থ সৃষ্টিশীল পৰিৱেশ গঢ়ি তোলাটোহে আচল কথা৷

        সি যি কি নহওক শৈশৱ পাৰ হৈ কৈশোৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকৰ মগজুৰ পূৰ্ণবিকাশ আৰম্ভ হৈ যায়৷ তেতিয়া তেওঁলোকৰ শিশুমনটো ক্ৰমাৎ নিষ্ক্ৰিয় হৈ আহে আৰু ডাঙৰ মানুহৰ দৰে ভাবিলৈ আৰম্ভ কৰে৷ এই সময়ত আত্মসচেতনতা গঢ়ি উঠে আৰু সকলো ক্ষেত্ৰতে ডাঙৰক অনুসৰণ কৰিবলৈ ধৰে৷ কিন্তু সকলো বয়স্ক লোকৰ মাজতো শিশুমনটো লুকাই থাকে৷ কিন্তু আমি তাক ঢাকি ৰাখিবলৈ চেষ্টা কৰোঁ বা ভাও ধৰোঁ৷ নহলে আমি অবিশ্বাস্য বুলি জানিও শিশুৰ বাবে নিৰ্মিত কাৰ্টুন চিনেমাবোৰ নিজৰ অলক্ষিতে তন্ময় হৈ চাই নাথাকিলোঁহেঁতেন৷ এই একেটা কাৰণতে পৃথিৱীৰ বহু বিখ্যাত শিল্পীয়ে শিশুৰ দৰে ছবি অঁকাৰ উদাহৰণ পোৱা যায়৷ অৱশ্যে শিশুচিত্ৰৰ নিৰ্মল আৰু অনিবৰ্চনীয় অভিব্যক্তিৰ আকৰ্ষণো ইয়াৰ অন্যতম কাৰণ৷

**********


        শিশুৰ দৰে বয়স্ক শিল্পীয়ে কেতিয়াও ছবি আঁকিব নোৱাৰে যদিও বহু সময়ত শিশুসকলৰ বাবে বয়স্ক লোকে ছবি আঁকিবলগীয়া হয়৷ এনে চিত্ৰবোৰ আচলতে শিক্ষাব্যৱস্থাৰ এটা প্ৰধান অংগ৷ এই ব্যৱস্থাই পোনপটীয়া চিত্ৰকলা শিক্ষাৰ উপৰি অন্যান্য বিষয়ৰ শিক্ষা প্ৰদান আৰু পঠনতো শিশুক সহায় কৰি আহিছে৷ চিত্ৰকলা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত কোনো চিত্ৰ এখন আৰোপ নকৰিলেও তাৰ আৰ্হি অংকন কৰি দেখুৱাবলগীয়া হয়৷ তেনে কৰোঁতে ছাত্ৰ-ছাত্ৰীৰ বয়স আৰু মনস্তত্ত্বৰ প্ৰতি লক্ষ্য ৰখা উচিত৷ শিক্ষকৰ আৰ্হি দেখি শিশুৱে ছবিটো যেনেদৰে গ্ৰহণ কৰে তেনেদৰেই অংকন কৰে আৰু তেনে কৰিবলৈ তেওঁলোকক স্বাধীনতা দিয়াটোৱেই শিক্ষকৰ কৰ্তব্য৷

শিশুৰ বাবে অঁকা চিত্ৰ (শিল্পী : দুৰ্লভ ভট্টাচাৰ্য)

        দ্বিতীয়তে শিশুশিক্ষাৰ সাধাৰণ পাঠ্যপুথিতো বিভিন্ন চিত্ৰ সন্নিৱিষ্ট কৰা হয়৷ কাৰণ, শিশুৱে ছবি ভাল পায় আৰু কোনো এটা বিষয় ছবিৰ মাধ্যমেৰে শিশুৰ সহজে বোধগম্য হয়৷ ছবি এখনে শিশুৰ মনত কাহিনী বা বিষয় এটাৰ এক অৱধাৰণা গঢ়ি তোলে আৰু সেয়ে পাঠবিলাক পঠনৰ সময়ত বা শিক্ষকে পঢ়ুৱাওঁতে সেই ধাৰণা স্পষ্ট হৈ পৰে৷ ছপা মাধ্যমৰ উন্নতিৰ লগে লগে শিক্ষা ব্যৱস্থাত ছবিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ শিশুৰ কথা নকলেও ওপৰ শ্ৰেণীৰ বিজ্ঞান আদি বিষয়ৰ কিতাপতো ছবিৰ গুৰুত্ব অনস্বীকাৰ্য৷ বিভিন্ন বিষয়ৰ শিশুৰ পাঠ্যপুথিত সন্নিৱিষ্ট ছবিবোৰে বিষয়বস্তুৰ  ধাৰণা দান কৰাৰ উপৰি আনুষংগিক বহু উপাদান আৰু বস্তুৰ সৈতে শিশুক পৰিচয় কৰাই দিয়ে৷ উদাহৰণ স্বৰূপে জীৱ-জন্তুবিষয়ক কবিতা বা গল্প এটাৰ লগত সংলগ্ন ছবিবোৰে প্ৰাণীবিলাকৰ বৈশিষ্ট্যৰ চানেকি দিয়াৰ উপৰি সিবিলাকৰ গঢ়-গতি, ৰং আদিৰ সৈতেও পৰিচয় কৰাই দিয়ে৷ সেয়ে এনে ছবি অংকনৰ সময়ত শিল্পীজন সাৱধান হোৱা উচিত, যাতে শিশু এটিক তেওঁ বস্তুবোৰৰ এক শুদ্ধ ধাৰণা দিব পাৰে৷ লগতে শিশুৱে প্ৰাণীবোৰৰ কেনে ভংগী, বস্তুবোৰৰ কেনে ৰং ভাল পাব পাৰে, তেনে কথাৰ প্ৰতিও শিল্পীজনে মনোযোগ দিয়াৰ প্ৰয়োজন হয়৷ পাঠ্যপুথিত থকা এনে প্ৰাসংগিক ছবিবোৰে শিশুৰ মনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়৷ এতিয়াও আমি প্ৰথমমানত পঢ়া কুঁহিপাঠখনত সন্নিৱিষ্ট ছবিবোৰ মনত পৰি নাথাকেনে? আজিকালি ছপামাধ্যমৰ উন্নতিৰ বাবে এনে ছবিসমূহ ৰঙীন কৰাটোও সহজ হৈ পৰিছে৷ এই ক্ষেত্ৰত উদাহৰণ দিবৰ বাবে মই অসম জাতীয় বিদ্যালয়ে প্ৰথম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা আপোন পাঠশীৰ্ষক মাতৃভাষাৰ পাঠ্যপুথিখনৰ কথা কব খুজিছোঁ৷ পুথিখনৰ ছবিবোৰ আঁকিছে শিল্পী দুৰ্লভ ভট্টাচায্যৰ্ই৷ ছবিবোৰ খুব সুন্দৰ আৰু শিশু উপযোগীকৈ অঁকা হৈছে৷ ছবিবোৰত সকলো বস্তুৰে পৰিচয়সূচক বৈশিষ্ট্য ৰক্ষিত হোৱাৰ লগতে ইয়াত সন্নিৱিষ্ট শৰীৰাৱয়ৱবোৰ শিশুৱে ভাল পাব পৰা ধৰণে ব্যঞ্জনাময়। অভিব্যক্তিও জড়তাহীন আৰু প্ৰকাশভংগী বিষয়সাপেক্ষ তথা আকৰ্ষণীয়৷ ইয়াত সন্নিৱিষ্ট বিভিন্ন প্ৰাণী, যেনে জিঞা, বান্দৰ, শিয়াল, চিলনী, গৰু, হাতী, মাছ আদিৰ মূল বৈশিষ্ট্য অটুট ৰাখি আকৰ্ষণীয় ভংগীত অংকন কৰা হৈছে৷ মানুহৰ শৰীৰাৱয়ৱবোৰ কাৰ্টুনৰ অলপ ওচৰ চপাই আঁকিছে যদিও ইবোৰৰ মুখৰ প্ৰকাশভংগী একেবাৰে নিখুঁত আৰু ভাবসঞ্চাৰী৷ এই ক্ষেত্ৰত শিল্পীগৰাকীৰ অধ্যয়ন, বিষয়বস্তুৰ সৈতে একাত্মীয়তা প্ৰশংসনীয়৷ পুথিখনত দুটি শিশুৱে বৰশী বোৱাৰ এটা কাহিনী আছে৷ তাত বৰশী বোৱাৰ মগ্নতা, এটি শিশুৰ বৰশীত মাছ অহাত তাৰ মনৰ প্ৰফুল্লতা, আনটিৰ বিফলতা, দুয়োটাৰ কাজিয়া, পিছত চিলনী এজনীয়ে থাপ মাৰি মাছটো লৈ যোৱাত দুয়োৰে মুখত ফুটি উঠা ভাব ছবিকেইখনত ইমান সুন্দৰকৈ প্ৰকাশ পাইছে যে কোনো শিশু তাৰ প্ৰতি আকৰ্ষিত নহৈ নোৱাৰে৷ দৰাচলতে শিশুৰ বাবে অঁকা ছবি এনেকুৱাই হব লাগে৷

শিশুৰ বাবে অঁকা চিত্ৰ (শিল্পী : দুৰ্লভ ভট্টাচাৰ্য)

        পাঠ্যপুথিৰ উপৰি আমি সৰুৰে পৰা পঢ়ি অহা সাধু কিতাপবোৰত সন্নিৱিষ্ট ব্যাখ্যাচিত্ৰসমূহে সাধুবোৰৰ এক দৃশ্যমান সাঁচ একোটা আমাৰ মনত ৰোপণ কৰি আহিছে৷ আমি সৰুতে পঢ়া, চান্দমামা, অমৰ চিত্ৰকথা, ভাস্কৰ চিত্ৰকথাৰ কাহিনীবোৰৰ অন্তৰালত থকা চৰিত্ৰবোৰে আমাৰ মনত বাৰুকৈয়ে ৰেখাপাত কৰিছিল৷ ইয়াৰ মূলতে আছিল সিবোৰৰ নিখুঁত ব্যাখ্যাচিত্ৰবোৰ৷

শিশুৰ বাবে অঁকা চিত্ৰ (শিল্পী : দুৰ্লভ ভট্টাচাৰ্য)

        গতিকে কব পাৰি যে শিশুচিত্ৰসমূহে যেনেকৈ আমাক শিশুমনৰ অভ্যন্তৰলৈ লৈ গৈ তেওঁলোকৰ বিচিত্ৰ চিন্তাৰ সম্ভেদ দি আমাক অভিভূত, আলোড়িত কৰিব পাৰে, তেনেকৈ শিশুৰ বাবে অঁকা চিত্ৰয়ো শিশুক এক ৰোমাঞ্চকৰ অভিজ্ঞতা  দান কৰি তেওঁলোকক সমৃদ্ধ কৰিব পাৰে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ