অন্যযুগ/


খেলা-ধূলাৰ স্তৰসমূহ : শিশুৰ বিকাশ নিৰীক্ষণৰ মাপকাঠি

 ° ইন্দ্ৰানীৰেখা শইকীয়া

 

 

খেলা-ধূলা হৈছে শৈশৱৰ প্ৰকৃত কাম আৰু ইয়াৰ জৰিয়তেই শিশুৱে পৃথিৱীখনৰ বিষয়ে শিকে৷ বিভিন্ন ধৰণৰ খেলত লিপ্ত হৈ শিশুৱে গুৰুত্বপূৰ্ণ জ্ঞান বা বিদ্যা সম্বন্ধীয় (cognitive), শাৰীৰিক, সামাজিক আৰু আৱেগিক দক্ষতা গঢ়ি তোলে, যিবোৰে তেওঁলোকৰ সমগ্ৰ জীৱনৰ ভেঁটি হিচাপে কাম কৰে৷ বয়স বঢ়াৰ লগে লগে খেলাবস্তু, পৰিৱেশ আৰু সংগীৰ সৈতে তেওঁলোকৰ জড়িত হোৱাৰ ধৰণটোও এক নিৰ্দিষ্ট নিয়ম অনুসৰি সলনি হৈ যায়৷ শিশুৱে বিকাশৰ গুৰুত্বপূৰ্ণ স্তৰসমূহ অতিক্ৰম কৰিছে নে নাই, বা তেওঁলোকক অতিৰিক্ত সহায়ৰ প্ৰয়োজন আছে নেকিসেয়া মূল্যায়ন কৰিবলৈ পিতৃ-মাতৃ আৰু শিক্ষাবিদসকলৰ বাবে খেলৰ নিৰ্দিষ্ট পৰ্যায়সমূহ বুজি পোৱা আৰু তাৰ ওপৰত চকু ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ 

সমাজবিজ্ঞানী মিলড্ৰেড পাৰ্টেনে (Mildred Parten) শিশুৰ সামাজিক অংশগ্ৰহণৰ ওপৰত ভিত্তি কৰি খেলা-ধুলাৰ প্ৰাৰম্ভিক পৰ্যায়সমূহ চিনাক্ত কৰিছিল৷ পৰৱৰ্তী সময়ত পিয়াজে (Piaget) আৰু অন্যান্য তত্ত্ববিদসকলে ইয়াত জ্ঞান বা বিদ্যা সম্বন্ধীয় (cognitive) মাত্ৰা যোগ কৰে৷ এই সকলোবোৰ গাঁথনিয়ে একেলগে আমাক খেলা-ধুলা কেনেকৈ বিকশিত হয় তাৰ এক সামগ্ৰিক ছবি প্ৰদান কৰে৷ 

পাৰ্টেনৰ খেলৰ বিকাশৰ টা পৰ্যায় বা স্তৰ (The 6 Stages of Play Development ) 

) Unoccupied Play (অসংগঠিত খেল, জন্মৰ পৰা ৩ মাহ):

এয়া খেলা-ধুলাৰ আটাইতকৈ প্ৰাৰম্ভিক আৰু প্ৰাথমিক ৰূপ৷ এই সময়ত কেঁচুৱাই কোনো স্পষ্ট লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈয়ে কেৱল হাত-ভৰি লৰচৰ কৰা, মূৰ ঘূৰোৱা আদিৰ জৰিয়তে পৃথিৱীখন অন্বেষণ কৰে৷ ইয়াক  সংগঠিত খেল যেন নালাগে যদিও এই সঞ্চালনবোৰে কেঁচুৱাক নিজৰ স্থিতি বুজাত আৰু motor coordination বিকাশ কৰাত সহায় কৰে, শিশুটিয়ে ভৱিষ্যতৰ সকলো সঞ্চালন আৰু sensory অভিজ্ঞতাৰ বাবে এক স্নায়ৱিক ভেটি গঢ়ি তোলে৷ প্ৰতিটো অপৰিকল্পিত অংগ সঞ্চালনৰ দ্বাৰা মগজুৱে সমগ্ৰ শৰীৰটোৰ এক মানচিত্ৰ তৈয়াৰ কৰে৷

২) Solitary Play (এককভাৱে খেলা খেল,  ৩ মাহৰ পৰা ২ বছৰ) :

ইয়াক স্বাধীন খেল বুলিও জনা যায়৷ এই পৰ্যায়ত এটি শিশুৱে আনৰ সৈতে কোনো যোগাযোগ কৰাৰ চেষ্টা নকৰে আৰু নিজৰ কামত মগ্ন হৈ সম্পূৰ্ণ স্বতন্ত্ৰভাৱে খেলে৷ আন লৰা-ছোৱালীয়ে চাৰিওফালে খেলি থকা অৱস্থাতো এটি ১-২ বছৰীয়া শিশুৱে চুক এটাত বহি ব্লকসমূহ এটাৰ ওপৰত আনটো সজাই থকাটো ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ৷ শিশুটি নিজৰ পৃথিৱীতে সম্পূৰ্ণ মগ্ন হৈ থাকে৷ মনোযোগ বৃদ্ধি, কল্পনাশক্তি আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশৰ বাবে এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ৷এয়া সামাজিক দুৰ্বলতাৰ লক্ষণ নহয় বৰঞ্চ ই এক প্ৰয়োজনীয় আৰু সুস্থ বিকাশৰ পৰ্যায়৷ এই স্তৰত শিশুৱে নিজকে এজন সুকীয়া আৰু সক্ষম ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ শিকে৷

 

৩) Onlooker Play (দৰ্শক খেল - ২ বছৰ) :

শিশুৱে অতি আগ্ৰহেৰে আন শিশুৰ খেলা-ধূলা চাবলৈ আৰম্ভ কৰে, কিন্তু নিজে খেলত ভাগ নলয়৷ তেওঁলোকে খেলা লৰা-ছোৱালীবোৰৰ ওচৰত থিয় হব পাৰে, প্ৰশ্ন সুধিব পাৰে আৰু কথা পাতিব পাৰে, তথাপি তেওঁলোকে কেৱল দৰ্শক হৈয়েই ৰয়৷ ইয়াত স্পষ্ট সামাজিক কৌতূহল দেখা যায়, কিন্তু কোনো অংশগ্ৰহণ নাথাকে৷শিশুটিয়ে খেলত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱাৰ আগতেই পৰ্যবেক্ষণৰ জৰিয়তে খেলৰ নিয়ম, গতি আৰু সামাজিক দিশসমূহ শিকি লয়৷ ই আনৰ প্ৰতি থকা সজাগতাক প্ৰতিফলিত কৰে৷

 

৪) Parallel Play (সমান্তৰাল খেল : ২ ৰ পৰা ৩ বছৰ) :

এই পৰ্যায়ত শিশুৱে একে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি আন এক শিশুৰ ওচৰতে বঢ়ি একে ধৰণৰ খেলতেই লিপ্ত হয়, কিন্তু তেওঁলোকৰ মাজত কোনো পোনপটীয়া যোগাযোগ বা সমন্বয় নাথাকে৷ দুজন শিশুৱে ওচৰা-উচৰিকৈ বহি নিজৰ নিজৰ ব্লকৰ সংগ্ৰহ গঢ়ি তুলিব পাৰে, মাজে মাজে ইজনে সিজনলৈ চাব পাৰে, কিন্তু তেওঁলোকে একেলগে খেলি নাথাকে৷ যদিও ইয়াক অকলশৰীয়া যেন লাগে, তথাপি, শিশুসকল ইজনে সিজনৰ প্ৰতি তীব্ৰভাৱে সজাগ থাকে আৰু আচলতে তেওঁলোকে ইজনে সিজনক চাই বহু কথা শিকে৷ এই পৰ্যায়টোৱে সামাজিক খেলৰ এক সেতু হিচাপে কাম কৰে, যাৰ ফলত শিশুৱে আনৰ উপস্থিতিত আৰামদায়ক অনুভৱ কৰিবলৈ শিকে৷ই ভৱিষ্যতৰ সহযোগিতামূলক যোগাযোগৰ পথ প্ৰশস্ত কৰে৷

 

৫) Associative Play (সহযোগী খেল: ৩ ৰ পৰা ৪ বছৰ):

ই প্ৰকৃত সামাজিক যোগাযোগৰ প্ৰথম পৰ্যায়ক সূচায়৷ শিশুৱে এই খেলাৰ সময়ত ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে৷ তেওঁলোকে সামগ্ৰী ভগাই লয়, নিজে কি কৰিছে সেই বিষয়ে কথা পাতে আৰু ইজনে সিজনৰ কামৰ প্ৰতি আগ্ৰহ দেখুৱায়৷ তথাপিও, ইয়াত কোনো সংগঠিত লক্ষ্য, কামৰ ভাগ-বতৰা বা কোনো উমৈহতীয়া উদ্দেশ্য নাথাকে৷ এটা শিশুৱে আন এটাক ৰং পেঞ্চিল এডাল আগবঢ়াই দিব পাৰে আৰু ছবি অঁকাৰ সময়ত কথাও পাতিব পাৰে, কিন্তু তেতিয়াও প্ৰতিজনে নিজৰ নিজৰ ছবিতে ব্যস্ত থাকে৷ এই পৰ্যায়টো সামাজিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৷ শিশুৱে কথোপকথন, সামগ্ৰী ভগাই লোৱা আৰু নিজৰ পাল অহালৈ অপেক্ষা কৰাৰ অভ্যাস কৰে৷ প্ৰকৃত সহযোগিতাৰ বাবে প্ৰয়োজনীয় সামাজিক দক্ষতাসমূহ তেওঁলোকে ইয়াতেই গঢ়ি তোলে৷ এই সময়ছোৱাত কিছুমান মতানৈক্য বা সংঘাতৰো সৃষ্টি হব পাৰে, যাৰ ফলত এয়া বুজাবুজি আৰু আৱেগিক নিয়ন্ত্ৰণ শিকাৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় হৈ পৰে৷

 

৬) Cooperative Play (সহযোগিতামূলক খেল ৪ বছৰ আৰু তাৰ  ঊৰ্ধ্বত ) :

এয়া খেলা-ধূলাৰ আটাইতকৈ জটিল সামাজিক ৰূপ৷ শিশুসকলে এতিয়া এটা উমৈহতীয়া লক্ষ্য লৈ একেলগে খেলে৷ তেওঁলোকে নিজৰ নিজৰ ভূমিকা বা কাম ভগাই লয়, নিয়ম তৈয়াৰ কৰে, প্ৰচেষ্টাসমূহৰ মাজত সমন্বয় ৰাখে আৰু এটা দল হিচাপে কাম কৰে৷ ইয়াৰ উদাহৰণসমূহ হল নাট্যমূলক খেল (যেনে- “ঘৰ-ঘৰখেলা, সাধু অভিনয় কৰা), সংগঠিত খেল আৰু দলীয় কাৰ্যকলাপ৷এয়া সামাজিক খেলৰ সৰ্বোচ্চ স্তৰ, আৰু ইয়াৰ বাবে উন্নত যোগাযোগ, বুজাবুজি আৰু সংঘাত সমাধানৰ দক্ষতাৰ প্ৰয়োজন হয়৷ সহযোগিতামূলক খেল হৈছে মানুহৰ জীৱনত প্ৰয়োজন হোৱা প্ৰতিটো সামাজিক দক্ষতা যেনে নেতৃত্ব, অনুগামী হোৱা, সংঘাত সমাধান, সহানুভূতি, যোগাযোগ আৰু দলীয় কাৰ্যক্ষমতা আদি গঢ়ি তোলাৰ মুখ্য স্থান৷ ইয়াৰ উপৰিও ই পৰিকল্পনা, সমস্যা সমাধান আৰু সামাজিক প্ৰেক্ষাপটত কাৰ্য-কাৰণ সম্পৰ্ক বুজি পোৱাৰ দৰে জ্ঞানাত্মক দক্ষতাসমূহকো আগুৱাই লৈ যায়৷

 

পিয়াজেৰ খেলৰ বিকাশৰ টা পৰ্যায় বা স্তৰ :

জীঁ পিয়াজে (Jean Piaget) নামৰ প্ৰখ্যাত চুইছ মনোবিজ্ঞানীগৰাকীৰ মতে খেল শিশুৰ জ্ঞান বা বিদ্যা সম্বন্ধীয় বিকাশৰ (cognitive development) বাবে এক অপৰিহাৰ্য আহিলা৷ পিয়াজেই খেলক চাৰিটা বিশেষ পৰ্যায়ত ভাগ কৰিছে, যিবোৰে শিশুৰ মানসিক বিকাশৰ স্তৰসমূহক পোনপটীয়াকৈ প্ৰতিফলিত কৰে৷ শিশুৰ মগজুৰ বিকাশ ঘটাৰ লগে লগে তেওঁলোকৰ খেলাৰ ধৰণো সৰল শাৰীৰিক ক্ৰিয়া-কলাপৰ পৰা জটিল, নিয়ম-ভিত্তিক খেললৈ সলনি হয়৷

 

 ১) Sensorimotor Stage (জন্মৰ পৰা বছৰলৈ) :

এই প্ৰাৰম্ভিক পৰ্যায়ত, খেলসমূহ (Functional Play বা কাৰ্য্যকৰী খেল) সম্পূৰ্ণৰূপে ইন্দ্ৰিয়ৰ ব্যৱহাৰ আৰু শাৰীৰিক সঞ্চালনৰ ওপৰত কেন্দ্ৰিত হয়৷ কেঁচুৱা আৰু সৰু লৰা-ছোৱালীয়ে নিজৰ ইন্দ্ৰিয়সমূহ (দেখা, শুনা, স্পৰ্শ কৰা, সোৱাদ লোৱা) ব্যৱহাৰ কৰি আৰু শাৰীৰিক দক্ষতাৰ অনুশীলন কৰি পৃথিৱীখনৰ বিষয়ে শিকে৷ উদাহৰণ স্বৰূপে জুনুকা এটা জোকাৰি শব্দ কৰা, বস্তু এটা ওপৰৰ পৰা বাৰে বাৰে তলত পেলাই দি ইয়াৰ পৰিণাম পৰীক্ষা কৰা, গা ধোওঁতে পানীত চপচপাই থকা বা কোমল পুতলা এটা হেঁচি খেলা৷ ইয়াৰ দ্বাৰা শিশুৱে কাৰ্য্য আৰু কাৰণৰ সম্পৰ্ক (cause and effect) বুজি পায়, স্থান সম্পৰ্কীয় ধাৰণা গঢ়ি তোলে আৰু শাৰীৰিক নিয়ন্ত্ৰণ শিকে৷

 

 ২) Preoperational Stage ( পৰা বছৰলৈ:

এই পৰ্যায়টোৱে শিশুৰ মানসিক ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতিক সূচায়৷শিশুৱে প্ৰতীকী বা কাল্পনিক খেল (Symbolic / Dramatic Play) খেলিবলৈ আৰম্ভ কৰে৷ শিশুৱে কোনো এটা বস্তু, শব্দ বা ইংগিতক অন্য কোনো বস্তুৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিবলৈ শিকে৷ উদাহৰণ স্বৰূপে, এটা বাকচক মহাকাশযান বা কল এটাকে টেলিফোন বুলি কল্পনা কৰি খেলা, ডাক্তৰ, শিক্ষক বা ছুপাৰহিৰোৰ অভিনয় কৰা, পুতলাবোৰৰ মাজত বিভিন্ন কাল্পনিক পৰিস্থিতি সৃষ্টি কৰি কথা পতা ইত্যাদি৷ প্ৰতীকী খেলাই শিশুক বাস্তৱ জীৱনৰ অভিজ্ঞতাবোৰ বুজাত, ভাষাৰ দক্ষতা বৃদ্ধি কৰাত আৰু বিভিন্ন সামাজিক ভূমিকা আৰু আৱেগসমূহ অনুভৱ কৰাত সহায় কৰে৷

 

৩) Concrete Operational Stage ( পৰা ১১ বছৰলৈ):

এই পৰ্যায়ত তেওঁলোক কেৱল নিজক কেন্দ্ৰ কৰি খেলাৰ পৰা আঁতৰি আহি পূৰ্ব-নিৰ্ধাৰিত নিয়ম, পাল পাতি খেলা আৰু প্ৰতিযোগিতা থকা খেলৰ (Games with Rules) প্ৰতি আকৰ্ষিত হয়৷ এই পৰ্যায়টোৱে শিশুক সহযোগিতা, আলোচনা, পৰাজয় গ্ৰহণ কৰা আৰু সুস্থ প্ৰতিযোগিতাৰ বাবে যে নিয়মৰ প্ৰয়োজন, এনে ধৰণৰ  গুৰুত্বপূৰ্ণ জীৱন শৈলীসমূহ শিকায়৷

কেইটামান উদাহৰণ :

   * ব'ৰ্ড গেম (যেনে- লুডো, দবা) বা তাচ খেলা৷

   * সংগঠিত খেল-ধেমালি (যেনে- ফুটবল, ক্ৰিকেট, বাস্কেটবল)ত অংশগ্ৰহণ কৰা৷

   * জিকিবৰ বাবে বিশেষ নিয়ম মানি চলিবলগীয়া হোৱা ভিডিঅ' গেম খেলা৷

 

) Cross-Cutting Stage :

ওপৰৰ তিনিটা প্ৰধান পৰ্যায়ৰ উপৰি, পিয়াজেই আৰু এটা পৰ্যায়ৰ কথা কৈছে যি প্ৰতীকী খেল আৰু কাৰ্যকৰী খেলৰ মাজৰ এক সেতু হিচাপে উল্লেখ কৰিছে৷ এই খেল (Construction Play) গোটেই শৈশৱজুৰি, প্ৰায়েই প্ৰতীকী আৰু নিয়ম-ভিত্তিক খেলৰ সৈতে একেলগে চলে৷এই সময়ছোৱাত বাস্তৱিক চিন্তাৰ পৰা বিমূৰ্ত বা গভীৰ চিন্তালৈ পৰিৱৰ্তন ঘটে৷ ইয়াত বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি নতুন কিবা এটা তৈয়াৰ কৰা অন্তৰ্ভুক্ত কৰা যায়৷ ই সৰল কাম (যেনে- ব্লকবোৰ এটাৰ ওপৰত আনটো জাপি থোৱাৰ পৰা আৰম্ভ হৈ পিছলৈ জটিল ৰূপ লয় (যেনে- নিৰ্দেশনা চাই লেগ' (Lego) সজোৱা)৷ ই শিশুৰ সূক্ষ্ম পেশীৰ সঞ্চালন (fine motor skills) আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে৷ লগতে এটা পৰিকল্পনা কৰি তাক শেষলৈকে ৰূপায়ণ কৰাৰ দক্ষতা গঢ়ি তোলে৷

 

খেল-ধেমালি ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা

খেলা-ধূলাৰ পৰ্যায়সমূহ বুজি পোৱাটো এটা সমীকৰণৰ আধাহে৷ বাকী আধা অংশৰ গুৰুত্ব সমানেই বেছি৷  সেয়া হৈছে এটি শিশুৱে প্ৰতিটো পৰ্যায়ত কেনেকৈ অংশগ্ৰহণ কৰিছে তাৰ এক ধাৰাবাহিক আৰু সজাগ নিৰীক্ষণ৷ নিৰীক্ষণ কৰা মানে শিশুক বাৰে বাৰে বাধা দিয়াটো নুবুজায়; ইয়াৰ অৰ্থ হৈছে এক সচেতন, মনোযোগী আৰু তথ্যসমৃদ্ধ পৰ্যবেক্ষণ৷

খেলা-ধুলাৰ পৰ্যায়সমূহ নিৰীক্ষণ কৰাটো কিয় ইমান জৰুৰী, তাৰ এটা বিশ্লেষণ তলত আগবঢ়োৱা হল : 

. বিকাশৰ লেহেমীয়া গতি বা সমস্যাৰ আগতীয়া চিনাক্তকৰণ :

খেল পৰ্যবেক্ষণ কৰি, পিতৃ-মাতৃয়ে বয়স-উপযোগী আচৰণসমূহ মূল্যায়ন কৰিব পাৰে৷ উদাহৰণস্বৰূপ, এজন দুবছৰীয়া শিশুৱে সহযোগিতামূলকভাৱে খেলিব বুলি আশা কৰাটো অবাস্তৱ, কিন্তু যদি এজন পাঁচ বছৰীয়া শিশুৱে প্ৰধানকৈ একক খেলত মগ্ন থাকে, তেন্তে ই সামাজিক দক্ষতা বিকাশৰ ক্ষেত্ৰত অতিৰিক্ত সহায়ৰ প্ৰয়োজনীয়তাক সূচাব পাৰে৷ আকৌ শিশু এটাই যদি খেলনা গাড়ীখন চলোৱাৰ পৰিৱৰ্তে বা কাল্পনিকভাৱে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল ৰং মিলাই শাৰী পাতিহে থৈ দিয়ে, তেন্তে ই বিকাশৰ কোনো সমস্যাৰ ইংগিত দিব পাৰে আৰু ইয়াৰ বাবে পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হব পাৰে৷অস্বাভাৱিক খেলৰ ধৰণসমূহ প্ৰায়ে বিকাশজনিত সমস্যা, যেনে অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ (ASD), কথা কোৱা বা ভাষা বুজি পোৱাৰ সমস্যা, অথবা শাৰীৰিক সঞ্চালন ক্ষমতাৰ (motor skills) দুৰ্বলতাৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে৷

. জ্ঞানাত্মক আৰু বৌদ্ধিক বিকাশৰ মূল্যায়ন :

শিশুৰ মগজুৰ বিকাশৰ লগে লগে তেওঁলোকৰ খেলৰ ধৰণো সৰল সংৱেদী অন্বেষণৰ (sensory exploration) পৰা বিমূৰ্ত চিন্তাধাৰালৈ (abstract thinking) গতি কৰে৷ জীঁ পিয়াজেৰ (Jean Piaget) মতে খেলৰ স্তৰসমূহে শিশুৰ বৌদ্ধিক মাইলৰ খুঁটিসমূহক কেনেকৈ প্ৰতিফলিত কৰে, তাক ওপৰত উল্লেখ কৰা হৈছে৷ এই পৰিৱৰ্তনসমূহ পৰ্যবেক্ষণ কৰি অবিভাৱকসকলে নিশ্চিত কৰিব পাৰে যে শিশুৰ মগজুৰ বিকাশ সঠিক গতিত হৈছে নে নাই৷

. সামাজিক আৰু আৱেগিক পৰিপক্কতাৰ মূল্যায়ন :

ওপৰত উল্লেখ কৰা পাৰ্টেনৰ স্তৰসমূহ পৰ্যবেক্ষণ কৰিলে শিশুৱে ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় সামাজিক ভিত্তি গঢ়ি তুলিছে নে নাই তাক জানিব পাৰি৷ যদি শিশু এটাই কোনো স্তৰ এৰি থৈ যায় বা দলগত খেলত অংশ লবলৈ অসুবিধা পায়, তেন্তে ভৱিষ্যত শ্ৰেণীকোঠাৰ পৰিৱেশ আৰু বন্ধুত্ব ৰক্ষা কৰাত তেওঁলোকৰ সমস্যা হব পাৰে৷ পৰ্যবেক্ষণৰ জৰিয়তে ডাঙৰসকলে তেওঁলোকক এই সামাজিক অভিজ্ঞতাবোৰত লাহে লাহে সহায় কৰি দিব পাৰে৷ 

. বয়সোপযোগী পৰিৱেশ সৃষ্টি কৰাত সহায় :

খেলৰ স্তৰসমূহ পৰ্যবেক্ষণ কৰিলে বুজা যায় যে এটা শিশুক সেই সময়ছোৱাত কেনেধৰণৰ পৰিৱেশৰ বা কেনেধৰণৰ খেলৰ প্ৰয়োজন আৰু সেইমতেই সহায় আগবঢ়াব পৰা যায়৷উদাহৰণ স্বৰূপে, এজন সৰু শিশুক (toddler) কঠিন নিয়ম থকা বৰ্ড গেম (board game) খেলিবলৈ দিলে তেওঁ হতাশ হব, কাৰণ তেওঁলোকৰ মগজু এতিয়াও নিয়মবদ্ধ খেলৰ বাবে সাজু হোৱা নাই৷ তাৰ বিপৰীতে, এজন পাঁচ বছৰীয়া শিশুক কেৱল কাপ এটাৰ ওপৰত আন এটা কাপ থৈ খেলিবলৈ দিলে তেওঁ আমনি পাব, কাৰণ তেওঁৰ কল্পনাশক্তি এতিয়া বহুখিনি বাঢ়ি গৈছে আৰু তেওঁক অধিক সৃজনীমূলক সামগ্ৰীৰ প্ৰয়োজন৷ যেতিয়া আমি দেখো যে শিশুৰ এটা দলে কেৱল নিজৰ বস্তু ভগাই খেলিছে কিন্তু একেলগে একো কৰা নাই (Associative play), তেতিয়া বলা আমি সকলোৱে মিলি এটা ডাঙৰ দুৰ্গ সাজোবুলি কৈ তেওঁলোকক দলগত খেলৰ (Cooperative play) দিশলৈ আগবঢ়াই লৈ যাব পাৰো৷ 

. ভাষা আৰু যোগাযোগ দক্ষতাৰ বিকাশ : 

ভাষা আৰু খেলা-ধূলা এটা আনটোৰ সৈতে গভীৰভাৱে জড়িত৷ সমান্তৰাল খেলৰ সময়ত শিশুৱে নিজে নিজে কথা পাতিব পাৰে৷ কিন্তু সহযোগী আৰু দলগত খেললৈ যোৱাৰ লগে লগে ভাষা তেওঁলোকৰ বাবে আলোচনাৰ মাধ্যম হৈ পৰে (যেনে- “তুমি ডাক্তৰ হোৱা, মই ৰোগী হ'ম)৷ এই স্তৰসমূহ পৰ্যবেক্ষণ কৰি ডাঙৰসকলে নিজেও খেলৰ অংশীদাৰ হৈ শিশুৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰিব পাৰে৷ 

খেলা-ধুলাৰ সুস্থ বিকাশ কেনেকৈ সমৰ্থন কৰিব

পিতৃ-মাতৃ আৰু শিক্ষাবিদসকলে শিশুৰ বৰ্তমানৰ বিকাশৰ গতিধৰাক সন্মান জনাই এক অনুকূল পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ প্ৰগতিত সহায় কৰিব পাৰে৷ 

) মুক্ত-শৈলীৰ খেলৰ সামগ্ৰী (Open-ended toys) যোগান ধৰক :

এইবোৰ এনে কিছুমান খেলনা, যাৰ ব্যৱহাৰ কোনো নিৰ্দিষ্ট নিয়ম বা পদ্ধতিৰ মাজত সীমাৱদ্ধ নহয়৷ শিশুৱে নিজৰ ইচ্ছা আৰু কল্পনাশক্তি অনুসৰি ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে৷ যেনে, কাঠৰ ব্লক বা টুকুৰা (Building blocks), মাটি বা ক্লে (Clay), আৰু সাধাৰণ ডাঠ কাগজৰ বাকচ আদি৷এনে খেলৰ সজুলিবোৰে শিশুৰ সৃজনীমূলক চিন্তা, সমস্যা সমাধানৰ দক্ষতা আৰু স্বতন্ত্ৰতা বৃদ্ধি কৰাত সহায় কৰে৷ একেটা খেলা সামগ্ৰীৰে সিহঁতে কেতিয়াবা গাড়ী, কেতিয়াবা ঘৰ বা কেতিয়াবা এখন উৰাজাহাজো সাজি উলিয়াব পাৰে৷

) অসংগঠিত (unstructured ) খেলৰ বাবে সময় উলিয়াওক

আত্ম-নিৰ্দেশনা আৰু সমস্যা সমাধানৰ কৌশল আয়ত্ত কৰিবলৈ শিশুক নিয়ম নোহোৱাকৈ ধাৰাবাহিকভাৱে মুক্ত খেল (free play) প্ৰয়োজন হয়৷

প্ৰকৃতিক অন্তৰ্ভুক্ত কৰক (Incorporate Nature)

ঘৰৰ বাহিৰৰ বা প্ৰাকৃতিক পৰিৱেশে অতি উৎকৃষ্ট sensory বাৰ্তা বা সংকেত প্ৰদান কৰে আৰু সামাজিক খেলৰ সময়ত সহযোগিতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে বুলি প্ৰমাণিত হৈছে৷

সামাজিক আচৰণৰ আৰ্হি দেখুৱাওক (Model Social Behavior)

জোৰকৈ যোগাযোগ কৰোৱাৰ পৰিৱৰ্তে, অভিভাৱকসকলে খেলৰ পৰৱৰ্তী স্তৰ-ৰ আৰ্হি প্ৰদৰ্শন কৰিব পাৰে৷ 

নিৰীক্ষণ আৰু স্বাধীনতাৰ মাজত ভাৰসাম্য ৰক্ষা : 

নিৰীক্ষণ আৰু স্বাধীনতাৰ মাজত এক সঠিক ভাৰসাম্য ৰখাটো অতি প্ৰয়োজনীয়৷ অনবৰতে হস্তক্ষেপ কৰা, নিৰ্দেশ দিয়া বা শুধৰাই থকা কাৰ্যই শিশুৰ সৃষ্টিশীলতা ধ্বংস কৰিব পাৰে, তেওঁলোকৰ স্বতন্ত্ৰতাত বাধা দিব পাৰে আৰু সহনশীলতা গঢ়ি তোলাত বাধা দিব পাৰে৷ আনহাতে, একেবাৰে নিৰীক্ষণ নকৰিলে সমস্যাবোৰ ধৰা নপৰাকৈ থাকি যায়৷ আটাইতকৈ উপযুক্ত উপায়টো হল সঁহাৰিমূলক নিৰীক্ষণ (responsive monitoring)৷ উপস্থিত থাকি পৰ্যবেক্ষণ কৰা, কিন্তু শিশুক নিজৰ খেল নিজে পৰিচালনা কৰিবলৈ পৰ্যাপ্ত স্বাধীনতা দিয়া৷ যেতিয়া বিপদ, মানসিক কষ্ট, খেলৰ পৰা বৰ্জন বা ক্ৰমান্বয়ে বাঢ়ি অহা সংঘাত দেখা যায়, তেতিয়া হস্তক্ষেপ কৰক কিন্তু অন্যথা, খেলৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস ৰাখক আৰু ইয়াক নিজৰ গতিৰে আগবাঢ়িবলৈ দিয়ক৷ খেলা-ধুলাই হৈছে বৰ্ধিত শিশু এজনৰ প্ৰাথমিক শিক্ষক৷ খেলা-ধুলাৰ পৰ্যায়সমূহ কেৱল এটা পুথিগত তত্ত্ব নহয় এইবোৰ হৈছে শিশুৰ বিকাশৰ এক ব্যৱহাৰিক দিগদৰ্শক৷ প্ৰতিটো পৰ্যায় ইয়াৰ পূৰ্বৰ পৰ্যায়টোৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে, যিয়ে শিশুক জ্ঞানাত্মক, সামাজিক, আৱেগিক আৰু শাৰীৰিক সঁজুলিৰে সজ্জিত কৰে, যিবোৰ তেওঁলোকে প্ৰাপ্তবয়স্ক অৱস্থালৈকে কঢ়িয়াই লৈ যায়৷ খেলা-ধূলাৰ সাৰ্বজনীন পৰ্যায়সমূহ বুজি পায় আৰু শিশুৰ প্ৰগতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি, অভিভাৱকসকলে নিশ্চিত কৰিব পাৰে যে তেওঁলোকে শিশুটিক নিজৰ সম্পূৰ্ণ শাৰীৰিক, সামাজিক আৰু জ্ঞানাত্মক সম্ভাৱনা লাভ কৰিবলৈ প্ৰয়োজনীয় সহায় আগবঢ়াইছে৷ খেলৰ ধাৰাবাহিক আৰু চিন্তাশীল নিৰীক্ষণ কোনো বৈকল্পিক বা অতিৰিক্ত কাম নহয়; ই প্ৰতিজন অভিভাৱক আৰু শিক্ষাবিদৰ এক মৌলিক দায়িত্ব৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ