অন্যযুগ/


কণমানিৰ চিন্তা


 নিমিষা শইকীয়া


মোক বাৰু তুলি তালি 

মা দেউতাই কৰিলে ডাঙৰ

কেতিয়াবা  চিন্তা কৰোঁ

       পৃথিৱীৰ মাক দেউতাকনো কোন !!

       থাকে বাৰু ক'ত ?


মাক সোধোতে ক'লে

আকাশত থাকে বোলে

     পৃথিৱীৰ মাক

ওখ ওখ পাহাৰত থাকে 

     পৃথিৱীৰ দেউতাক

তেন্তে পৃথিৱীক সাধুবোৰ 

      কোনে বাৰু কয় ?

মোৰ দৰে ককাক আইতাক 

       আছে নে পৃথিৱীৰ?

মায়ে হাঁহি মাৰি কয়

     জোনবাই পৃথিৱীৰ আইতাক

      বেলি হৈছে পৃথিৱীৰ খঙাল ককাক

      তৰাবোৰ নাতি-নাতিনী

চাবাচোন জোনবাইৰ সাধু শুনি

তৰাবোৰে কেনেকৈ চিকমিক কৰি 

           থাকে হাঁহি হাঁহি 

আকৌ ভাবোঁ...

    বতাহ-বৰষুণে তৰাবোৰক

    নিদিয়েনে কষ্ট

    তিতি-বুৰি নহয় নে জ্বৰ!

মায়ে আহি সাউতকৈ দাঙি লৈ কয়

ঈশ্বৰৰ ওচৰত থাকিলে নহয় 

     নহয় কাৰো জ্বৰ ।


তেন্তে ঈশ্বৰনো কোন !

      আকৌ লাগিল চিন্তা ...


দৌৰ মাৰি ককাৰ কোলাত উঠি সুধিলোঁগৈ

      ককা অ' ককা

ঈশ্বৰনো কোন মোক 

       বুজাই দিয়াঁ একা!

ককায়ে মূৰত হাত ফুৰাই ক'লে

         'ঈশ্বৰ মানে নমো 

         ঈশ্বৰ থাকে 

নামঘৰ, মন্দিৰ, গীৰ্জা , মছজিদত

            তদুপৰি থাকে 

মানুহ , জীৱ জন্তু, গছ গছনি ,নদ নদীৰ

            বুকুৰ মাজত

ঈশ্বৰেই আদি, ঈশ্বৰেই অন্ত ।

       এতিয়া বাৰু কথাতো 

       বুজিলা নে তুমি!


বুজিলো ককা, এতিয়া আৰু 

         নকৰোঁ চিন্তা

পুৱা-গধূলি  ঈশ্বৰক কৰিম প্ৰাৰ্থনা 

***


ফোন : ৯৭০৬৬৬৭৯৬৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ