মামণি দাস
কি ক’ব
খুজিছিলোঁ
নক’লোঁ
শুনিবলৈ
ব্যাকুল শ্ৰোতা এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন
ইমান
ঠাণ্ডাত জুই একুৰাৰ আগত
ধোঁৱা
ফুৱাই ফুৱাই
কোনেও
নুশুনিলেও এনেয়ে ক’লোঁ
এই ঘন
কুঁৱলীখিনি মোৰ অনীহা
নিজতকৈ
মুগ্ধ শ্ৰোতা কোনো নাই
তথাপি
পুহৰ এন্ধাৰত কল্পনাৰ খেলখন খেলি থকাৰ মাজত
বিৰক্ত হৈ
উঠোঁ
বিৰক্ত হওঁ
এই ভাবিয়েই যে
এই
মুহূৰ্তত ভাবি থকা কথাটো
নিজৰ লগত
খেলা আমোদজনক খেল এটাৰ বাদে একোৱেই নহয়
শ্ৰোতাহীন
কথাবোৰ কিয় আখজা
অলীক আৰু
অৰ্থহীন
কিছু দেৰিৰ
আগলৈকে মোৰ কাষত কোনো নাছিল
কোনো
নথকাটোৱেই বিচাৰিছিলোঁ
শুনিব
খোজা কোনোবা থকা হ’লেও মই চাগে কিছু জেদী হ’লোঁহেঁতেন
পুহৰ এই
কঁপি থকা জুইকুৰা
মোৰ
অস্থিৰতাৰ অনুবাদক ...
শীতৰ ছবি
এখন মনলৈ আহিলত
বিস্মৃতিত
ভোগা মানুহৰ থৰ চকুবোৰ
মনত পৰি
ক’ম বুলিও
নক’লোঁ
স্মৃতিত
ভুগি ভুগিয়ে মানুহ বিস্মৃতিত ভোগে
মই যেনিবা
স্মৃতিহীন কাঙাল ...
আঁতছিগা
কথা এগাল পাগুলি সেকি থকা
হাত দুখন
গালতে থৈ
শীতৰ ৰাতি
এটা কটাই দিছোঁ।
শ্ৰব্য ৰূপ