আমি এখন পৃথিৱীত মজি থাকোঁ
য’ত অতি নিৰ্মম নীতিয়ে আমাক কাবু কৰে
আমাৰ সম্ভাৱনা
আমাৰ দুৰ্ভাৱনাক প্ৰতিপালন কৰে
জীৱন জটিলতাৰ বিষ পান কৰিব লাগে
অন্যথা প্ৰাচুৰ্যই স্বভাৱ বেয়া কৰে...
অপ্ৰাপ্তিৰ বোজা কঢ়িয়াব লাগে
কোনো নীড়হাৰাৰ আশ্বাস হ’বলৈকে
অসুখ এটা গজাই ল’ব লাগে বুকুত
চকুপানীৰ কাৰুণ্যই বিদ্ধ কৰাহ’লে বুকু
গেছ চেম্বাৰত নিৰ্দয়ভাৱে নমৰিলহেঁতেন মানুহ
অথবা ক্ৰুছবিদ্ধ নহ’লহেঁতেন যীশু...
স্বাধীন হ’ব পাৰি
স্বাধীন হ’বলৈকে যোদ্ধা হ’ব লাগে
বুকুৰ তেজে ধোৱা মাটিৰে লিখে ইতিহাস...
অথচ
সময়ৰ গতিত আমি পৰাজিত হৈ যাওঁ!
অথবা আম্বানিয়ে ভোকৰ শৰীৰ ঠিকেই চিনিছিল
কিন্তু পেটৰ জুই নুমালেই
আমি পাহৰি যাওঁ ভোকৰ বায়ৱীয় উপস্থিতি!