অন্যযুগ/


শামুকৰ মালা

অংকুৰ জ্যোতি বুঢ়াগোহাঁই
 
দ লৈ শুই আছে মানুহজন
তেওঁৰ চোলাটো
এটা শিলৰ ওপৰত শুকুৱাইছে!
 
শিলটোৰ কাষতে
মূৰ্চ্ছা গৈ পৰি আছে এখন নদী,
পাতগাভৰুহঁতে
শামুকৰ খোলাবোৰ বুটলি মালা গাঁঠিছে
 
বালিচৰত শামুকৰ মালাবোৰ
কিনিবলৈ মানুহবোৰৰ হেতা-ওপৰা,
অথচ কোনেও এবাৰো চোৱা নাই
শুই থকা সেই মানুহজন...।
----------------------------
 
কবিৰ ঠিকনা: 
তিতাবৰ বেবেজীয়া গাঁও
ডাকঘৰ: পুৰণা তিতাবৰ
জিলা: যোৰহাট
পিন: ৭৮৫৬৩২
মোবাইল: ৯০৮৫৮৭৭৫০১

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ